জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
লংকাম টেৰণ
লংকাম টেৰণ অসমৰ কাৰ্বি জনগোষ্ঠীৰ এগৰাকী লেখক। তেওঁক কাৰ্বি আৰু অসমীয়া ভাষা-সাহিত্যলৈ প্ৰভুত বৰঙণি আগবঢ়োৱা সকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। কাৰ্বি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা টেৰণে অসমীয়া আৰু কাৰ্বি উভয় ভাষাতে সাহিত্য চৰ্চা…
-
লকেট চেটাৰ্জী
লকেট চেটাৰ্জী (Locket Chatterjee; জন্ম: ৪ ডিচেম্বৰ ১৯৭৪) ভাৰতৰ পশ্চিম বংগৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী, ৰাজনীতিবিদ আৰু হুগলী (লোকসভা সমষ্টি)ৰ প্ৰাক্তন সংসদ সদস্য। তেওঁ এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পীও।
-
লক্ষী হাজৰিকা
লক্ষী হাজৰিকা ( Lakhkhi Hajarika)ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আৰু বিয়াল্লিছৰ গণ-আন্দোলনৰ এগৰাকী শ্বহীদ৷ তেওঁৰ জন্ম ১৯০৭ চনৰ ৯ জুন তাৰিখে নগাঁও জিলাৰ শিঙিয়া পোটনি মৌজাৰ বঢ়মপুৰ হাজৰিকা চুকত৷ পিতৃৰ নাম আছিল ধনাই হাজৰিকা আৰু মাতৃৰ নাম আছিল জানেকী হাজৰিকা৷ আনুষ্ঠানিক শিক্ষা হিচাপে…
-
লক্ষ্মী আগৰৱাল
লক্ষ্মী আগৰৱাল (জন্ম ১ জুন ১৯৯০) এছিডৰ বিক্ৰী নিষিদ্ধ কৰাৰ বাবে লোৱা "ষ্টপ ছেল এছিড" অভিযানৰ প্ৰচাৰক আৰু এগৰাকী দূৰদৰ্শন অনুষ্ঠানৰ আয়োজক। মাত্ৰ ১৫ বছৰ বয়সতে তেওঁ এছিড আক্ৰমণৰ সন্মুখীন হৈ কোনোমতে মৃত্যুৰ পৰা ৰক্ষা পৰিছিল। সম্প্ৰতি তেওঁ এছিড আক্ৰমণৰ বলি হোৱা লোকসকলৰ অধিকাৰৰ হকে মাত মাতি আহিছে।
-
লক্ষ্মী ইন্দিৰা পাণ্ডা
লক্ষ্মী ইন্দিৰা পাণ্ডা লক্ষ্মী ইন্দিৰা পাণ্ডা এগৰাকী ভাৰতীয় বিপ্লৱী মহিলা আছিল আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ ভাৰতীয় জাতীয় সেনাৰ অন্যতম কনিষ্ঠ সদস্য আছিল। আইএনএত সেৱা আগবঢ়োৱা পাণ্ডা একমাত্ৰ ওড়িয়া মহিলা আছিল। পাণ্ডাই ঝান্সি ৰেজিমেণ্টৰ ৰাণীত ভাৰতীয় ৰাষ্ট্ৰীয় সেনাত (আইএনএ) যোগদান কৰিছিল।
-
লক্ষ্মী এন মেনন
লক্ষ্মী এন মেনন ( Lakshmi N. Menon; ২৯ মাৰ্চ ১৮৯৯ – ৩০ নৱেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ আছিল। ১৯৬২ চনৰ পৰা ১৯৬৬ চনলৈকে তেওঁ ৰাজ্যিক মন্ত্ৰী আছিল।
-
লক্ষ্মী গিৰি
লক্ষ্মী গিৰি (ইংৰাজী: Laxmi Giri; জন্ম: ১২ ছেপ্টেম্বৰ ১৯৬৪) এগৰাকী নেপালী অভিনেত্ৰী যাৰ কেৰিয়াৰ ৩৫ বছৰতকৈও অধিক সময়জুৰি বিস্তৃত। তেওঁ মঞ্চ, টেলিভিছনৰ লগতে নেপালী, নেৱাৰী, মৈথিলী, তামাং আৰু ভোজপুৰী ভাষাৰ পূৰ্ণদৈৰ্ঘ্য ছবিত কাম কৰিছে।
-
লক্ষ্মী গৌতম (অধ্যাপিকা)
লক্ষ্মী গৌতম (Laxmi Gautam; জন্ম প্ৰায় ১৯৬৩) এগৰাকী ভাৰতীয় শিক্ষাবিদ। তেওঁ সমাজৰ পৰা উৎসৃষ্ট বিধৱাসকলৰ যত্ন লোৱাৰ বাবে নিজৰ সময় উচৰ্গা কৰে। তেওঁক "বৃন্দাবনৰ পৰী" বুলি কোৱা হৈছে। ২০১৫ চনত তেওঁ এই সেৱাৰ স্বীকৃতি স্বৰূপে নাৰী শক্তিৰ সন্মান লাভ কৰে।
-
লক্ষ্মী চান্দ জৈন
লক্ষ্মী চান্দ জৈন (Lakshmi Chand Jain; জন্ম:১৯২৫-মৃত্যু:২০১০) এগৰাকী ৰাজনৈতিক এক্টিভিষ্ট আৰু লেখক। পিছলৈ বিভিন্ন সময়ত তেওঁ পৰিকল্পনা আয়োগৰ সদস্য হিচাপে, দক্ষিণ আফ্ৰিকাত ভাৰতীয় উচ্চায়ুক্ত হিচাপে, বান্ধ সম্পৰ্কীয় বিশ্ব আয়োগৰ (WCD) সদস্য হিচাপে আৰু ভাৰতীয় সমবায় সংঘ আৰু সৰ্বভাৰতীয় হস্তশিল্প…
-
লক্ষ্মী দেৱী (অভিনেত্ৰী)
লক্ষ্মী দেৱী (ইংৰাজী: Lakshmi Devy; জন্ম: ) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু চিত্ৰনাট্যকাৰ যিয়ে ইংৰাজী, তামিল আৰু মালয়ালম ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। ২০২১ চনত তেওঁ নিজৰ চিনেমা ৱেন দ্য মিউজিক চেইঞ্জছৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ ৰেমী বঁটা লাভ কৰিছিল।
-
লক্ষ্মী পামুণ্টজাক
লক্ষ্মী পামুণ্টজাক (জন্ম ১৯৭১) এগৰাকী ইণ্ডোনেছিয়ান ঔপন্যাসিক, কবি, সাংবাদিক আৰু খাদ্য সমালোচক। তেওঁ জাকাৰ্টাত বসবাস কৰে। ২০১৬ চনত, তেওঁৰ প্ৰথমখন উপন্যাস আম্বা/দ্য কুৱেশ্বন অৱ ৰেডৰ জাৰ্মান অনুবাদৰ বাবে লিবেৰাটুৰপ্ৰাইছ লাভ কৰে।
-
লক্ষ্মী মিত্তল
লক্ষ্মী নিৱাস মিত্তল ( জন্ম ১৫ জুন ১৯৫০) যুক্তৰাজ্যত বাস কৰা এজন ভাৰতীয় তীখাৰ ব্যৱসায়ী। তেওঁ বিশ্বৰ দ্বিতীয় বৃহত্তম ষ্টীল কোম্পানী আৰ্চেলৰমিটালৰ কাৰ্যবাহী অধ্যক্ষ আৰু ষ্টেইনলেছ ষ্টীল নিৰ্মাতা কোম্পানী আপেৰামৰ অধ্যক্ষ।
-
লক্ষ্মী মুৰ্দেশ্বৰ পুৰী
লক্ষ্মী মুৰ্দেশ্বৰ পুৰী (: Lakshmi Murdeshwar Puri জন্ম ১৯৫২) ৰাষ্ট্ৰসংঘৰ এগৰাকী প্ৰাক্তন সহকাৰী প্ৰধান সচিব আৰু ৰাষ্ট্ৰসংঘৰ মহিলাৰ প্ৰাক্তন উপ-কাৰ্যবাহী সঞ্চালিকা। ৰাষ্ট্ৰসংঘত ১৫ বছৰীয়া কাৰ্যকালৰ পূৰ্বে ২৮ বছৰ ভাৰতীয় কূটনীতিবিদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
লক্ষ্য সেন
লক্ষ্য সেন (Lakshya Sen; জন্ম: ১৬ আগষ্ট ২০০১) এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। সেন এজন প্ৰাক্তন বিশ্ব জুনিয়ৰ ১ নং খেলুৱৈ। তেওঁ ২০১৮ চনৰ এছিয়ান জুনিয়ৰ চেম্পিয়নশ্বিপত ল’ৰাৰ একক আৰু গ্ৰীষ্মকালীন যুৱ অলিম্পিকত মিক্সড টিম ইভেণ্টত সোণৰ পদক লাভ কৰিছে।
-
লতা দেশাই
লতা দেশাই (ডাঃ লতাবেন অনিলভাই দেশাই নামেৰেও পৰিচিত) (জন্ম ৮ আগষ্ট ১৯৪১) ভাৰতীয় গুজৰাট ৰাজ্যৰ এগৰাকী চিকিৎসক যিয়ে ১৯৮০ চনত স্বামী ডাঃ অনিল দেশাই আৰু কেইজনমান বন্ধুৰ সৈতে দক্ষিণ গুজৰাটৰ জনজাতীয় অঞ্চলত স্বাস্থ্য আৰু উন্নয়নমূলক কাম-কাজৰ বাবে নিবেদিত স্বেচ্ছাসেৱী সংস্থা ছ'চাইটি ফৰ এডুকেচন ৱেলফেয়াৰ…
-
লতা ৰজনীকান্ত
লতা ৰজনীকান্ত (জন্ম নাম লতা ৰঙাচাৰী; ২ মাৰ্চ ১৯৫৮) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ প্ৰযোজক আৰু প্লেবেক গায়িকা। তেওঁ অভিনেতা ৰজনীকান্তৰ পত্নী আৰু ঐশ্বৰ্যা ৰজনীকান্ত আৰু সৌন্দৰ্য ৰজনীকান্তৰ মাতৃ।
-
লতিকা ঠুকৰাল
লতিকা ঠুকৰাল (Latika Thukral; জন্ম ) এগৰাকী ভাৰতীয় বেংকাৰ।তেওঁ, তেওঁৰ চহৰখনক ৰূপান্তৰিত কৰিছিল, বিশেষকৈ গুৰগাঁৱৰ আৰাৱলী জৈৱ বৈচিত্ৰ্য উদ্যান উল্লেখযোগ্য। য'ত #IAmGurgaon গোটৰ দ্বাৰা একলাখ থলুৱা গছ ৰোপণ কৰা হয়। ২০১৫ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নাৰী শক্তি বঁটাৰে তেওঁক সন্মানিত কৰিছিল।
-
লতিকা সৰকাৰ
লতিকা সৰকাৰ (Lotika Sarkar, ৪ জানুৱাৰী ১৯২৩ – ২৩ ফেব্ৰুৱাৰী ২০১৩) ভাৰতৰ এগৰাকী উল্লেখনীয় নাৰীবাদী, সমাজকৰ্মী, শিক্ষাবিদ আৰু অধিবক্তা আছিল, যি ভাৰতৰ নাৰী অধ্যয়ন আৰু মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল৷ ১৯৮০ চনত স্থাপিত দিল্লীৰ চেণ্টাৰ ফৰ ৱমেনছ ডেভেলপমেণ্ট ষ্টাডিজ (চি ডব্লিউ ডি এছ)…
-
লতিকা সৰণ
লতিকা সৰণ (ইংৰাজী: Letika Saran) ভাৰতৰ তামিলনাডুৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান। ইয়াৰ পূৰ্বে চেন্নাইত ৩৬ নং আৰক্ষী আয়ুক্ত হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতৰ মহানগৰ আৰক্ষী সংগঠনৰ নেতৃত্ব দিয়া তেওঁ একমাত্ৰ মহিলা। ইয়াৰ আগতে তেওঁ এগৰাকী অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (ADGP) আছিল।
-
লথা হেগডে
লথা হেগডে ( ইংৰাজী: Latha Hegde ) হৈছে ভাৰতত জন্মগ্ৰহণ কৰা নিউজিলেণ্ডৰ এগৰাকী অভিনেত্ৰী যিয়ে মূলতঃ কানাড়া ভাষাত কাম কৰে যদিও তেলেগু আৰু তামিল ছবিতো কাম কৰে। হেগডে ২০১৬ চনত নাৰা ৰোহিতৰ সৈতে প্ৰথম ছবি টুন্তৰী নিৰ্মাণ কৰিছিল।
-
ললিত কুমাৰ বৰুৱা
ললিত কুমাৰ বৰুৱা অসমৰ এগৰাকী চিকিৎসক, সাহিত্যিক আৰু সমাজহিতৈষী ব্যক্তি আছিল। তেখেতৰ নিজৰ গ্ৰন্থ প্ৰকাশন আৰু ফাৰ্মাচী আছিল। বৰুৱাৰ প্ৰকাশনটোৰ নাম- ‘বিজয় প্ৰকাশ ভৱন’ আৰু ফাৰ্মাচীখনৰ নাম আছিল- ‘মাধৱদেৱ মেডিকেল হ’ল’। তেখেতেই নেতৃত্ব বহন কৰি নগাঁৱত হলধৰ ভূঞা সমন্বিতে শ্ৰীমন্ত শঙ্কৰ মিশ্যনৰ জন্ম দিয়ে।
-
ললিত কুমাৰ মংগোত্ৰ
ললিত কুমাৰ মংগোত্ৰ ( ইংৰাজী: Lalit Kumar Mangotra; জন্ম: ১৪ এপ্ৰিল ১৯৪৪) এজন ভাৰতীয় ডগৰিভাষী লেখক আৰু পদাৰ্থ বিজ্ঞানৰ প্ৰাক্তন অধ্যাপক। তেখেতে চুটিগল্প, নাটক, কবিতা, ৰচনা, সাহিত্য সমালোচনাকে ধৰি বিভিন্ন সাহিত্যৰ ৰচনা প্ৰকাশ কৰিছে।
-
ললিত জে. ৰাও
ললিত জে. ৰাও (: Lalith J. Rao;জন্ম: ৬ নৱেম্বৰ ১৯৪২) হৈছে ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ এগৰাকী গায়িকা আৰু আগ্ৰা ঘৰানাৰ এগৰাকী প্ৰতিনিধি।
-
ললিতা ৰামকৃষ্ণন
ললিতা ৰামকৃষ্ণন (: Lalita Ramakrishnan; জন্ম ১৯৫৯) ভাৰতত জন্মগ্ৰহণ কৰা আমেৰিকান অণুজীৱবিজ্ঞানী যি গৰাকী যক্ষ্মা ৰোগৰ জীৱবৈজ্ঞানিক প্ৰক্ৰিয়া বুজি উলিয়াবলৈ দিয়া অৱদানৰ বাবে পৰিচিত।
-
ললিতা ৰায়
ললিতা ৰায় (Lolita Roy, ১৮৬৫ - অজ্ঞাত) এগৰাকী ভাৰতীয় নাৰীবাদী, সমাজ সংস্কাৰক আৰু মহিলা ভোটাধিকাৰ কৰ্মী আছিল। শ্ৰীমতী পি. এল. ৰায় বুলিও জনাজাত ললিতা ৰায়ে লণ্ডনত ভাৰতীয়সকলৰ সামাজিক জীৱনত সক্ৰিয় ভূমিকা পালন কৰিছিল।
-
লাইলা খান
লাইলা খান এগৰাকী পাকিস্তানী প্লেবেক গায়িকা। তেওঁৰ জন্ম হৈছিল ১৪ জুন ১৯৯৭ চনত।
-
লাইলা তয়বজী
লাইলা তয়বজী ( Laila Tyabji; জন্ম: ২ মে' ১৯৪৭) এগৰাকী ভাৰতীয় সমাজকৰ্মী, ডিজাইনাৰ, লেখিকা আৰু শিল্পকৰ্মী। ভাৰতত পৰম্পৰাগত শিল্পকৰ্মৰ পুনৰুজ্জীৱনৰ বাবে কাম কৰা দিল্লীস্থিত বেচৰকাৰী সংস্থা দস্তকাৰ ৰ অন্যতম প্ৰতিষ্ঠাপক। ২০১২ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী ভাৰতীয় অসামৰিক বঁটাৰে সন্মানিত কৰে।
-
লাইলা শ্বাহজাদা
লাইলা শ্বাহজাদা ( Laila Shahzada; ১৯২৬ – ২০ জুলাই ১৯৯৪) এগৰাকী পাকিস্তানী বিমূৰ্ত চিত্ৰশিল্পী আছিল, যিয়ে পাকিস্তানৰ কৰাচীত বাস কৰিছিল আৰু কাম কৰিছিল।
-
লাইলা হাভিলিঅ’
লাইলা হাভিলিঅ’ ( Laila Havilio; জন্ম: ১৯৬০) চিলিৰ চেণ্টিয়াগোৰ এগৰাকী ভাস্কৰ্য শিল্পী। তেওঁ কাঠ, শিল, ব্ৰঞ্জ, চিমেণ্ট, চিৰামিক আদিৰ ওপৰত কাম কৰা চিলিৰ এগৰাকী ভাস্কৰ্য্যশিল্পী। ১৯৬০ চনৰ এপ্ৰিল মাহত চিলিৰ ৰেকোলেটাত জন্মগ্ৰহণ কৰা লাইলাই ১০ বছৰ বয়সত বুয়েনছ আয়াৰ্ছ আৰ্জেণ্টিনালৈ গুচি যায়।
-
লাইশ্ৰাম মনিকা দেৱী
লাইশ্ৰাম মনিকা দেৱী (Laishram Monika Devi, জন্ম ১ মাৰ্চ ১৯৮৩) মণিপুৰৰ এগৰাকী ভাৰতীয় ভাৰোত্তোলক। তেওঁ ২০০৬ চনৰ কমনৱেলথ গেমছত মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।