লতিকা সৰণ (ইংৰাজী: Letika Saran) ভাৰতৰ তামিলনাডুৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান। ইয়াৰ পূৰ্বে চেন্নাইত ৩৬ নং আৰক্ষী আয়ুক্ত হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। ভাৰতৰ মহানগৰ আৰক্ষী সংগঠনৰ নেতৃত্ব দিয়া তেওঁ একমাত্ৰ মহিলা। ইয়াৰ আগতে তেওঁ এগৰাকী অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (ADGP) আছিল।১২
প্ৰাৰম্ভিক জীৱন
১৯৫২ চনৰ ৩১ মাৰ্চত কেৰালাৰ ইড্ডুকি জিলাত লতিকা সাৰণৰ জন্ম হৈছিল। তেওঁৰ দেউতাকৰ নাম এন. এছ. ধৰ। তেওঁ জেমছ ফিনলে এণ্ড কো. প্ৰথম প্ৰতিস্থাতা আছিল, যিটো পিছলৈ টাটা টিলৈ পৰিণত হয়। মাতৃৰ নাম বিজয়লক্ষ্মী ধৰ। সাৰণে ১৯৭৬ চনত ভৰ্তি হোৱা প্ৰথম দুগৰাকী মহিলাৰ ভিতৰত এগৰাকী হিচাপে তামিলনাডু ভাৰতীয় আৰক্ষী সেৱাত যোগদান কৰে, আনগৰাকী আছিল থিলাগাৱতী।৩
কৰ্মজীৱন
লতিকা সাৰণে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান, তামিলনাডু আৰক্ষী একাডেমীৰ প্ৰশিক্ষণ আৰু প্ৰকল্প সঞ্চালক, আৰক্ষী মহাপৰিদৰ্শক, সতৰ্কতা আৰু দুৰ্নীতি নিবাৰক সঞ্চালকালয় (ডিভিএচি) আদি পদবীত নিযুক্ত আছিল। ২০০৬ চনৰ ২০ এপ্ৰিলত বৃহত্তৰ চেন্নাইৰ আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰে।
২০১০ চনৰ ৮ জানুৱাৰীত তামিলনাডুৰ আৰক্ষী সঞ্চালক প্ৰধান (ডিজিপি) হিচাপে নিযুক্তি লাভ কৰি ভাৰতৰ এখন ৰাজ্যৰ দ্বিতীয়গৰাকী মহিলা ডিজিপি আৰু তামিলনাডুৰ বাবে প্ৰথমগৰাকী মহিলা ডিজিপি হিচাপে পৰিগণিত হয়।
তথ্যসূত্ৰ
- ↑ Wilson, Subajayanthi. (16 August 2003). Stride for stride. The Hindu
- ↑ (21 April 2006). Chennai gets its first woman Police Commissioner. The Hindu
- ↑ Selvaraj, A. (31 March 2012). Letika Saran, city's first woman top cop, retires today. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লতিকা সৰণ” প্ৰবন্ধৰ সংশোধন ৫০৬৫৮১ (৮ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।