অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লাইশ্ৰাম মনিকা দেৱী

লাইশ্ৰাম মনিকা দেৱী (Laishram Monika Devi, জন্ম ১ মাৰ্চ ১৯৮৩) মণিপুৰৰ এগৰাকী ভাৰতীয় ভাৰোত্তোলক। তেওঁ ২০০৬ চনৰ কমনৱেলথ গেমছত মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৩৪০ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

লাইশ্ৰাম মনিকা দেৱী (Laishram Monika Devi, জন্ম ১ মাৰ্চ ১৯৮৩) মণিপুৰৰ এগৰাকী ভাৰতীয় ভাৰোত্তোলক। তেওঁ ২০০৬ চনৰ কমনৱেলথ গেমছত মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। মনিকা মূলতঃ মহিলাৰ ৬৮ কিলোগ্ৰাম শাখাত ২০০৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ বাবে ভাৰতীয় দলৰ অংশ হিচাপে আছিল কিন্তু ভাৰোত্তোলন ফেডাৰেচনে তেওঁৰ ড'প পৰীক্ষাত ইতিবাচক ফলাফল লাভ কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁক প্ৰতিযোগিতাত অংশগ্ৰহণৰ তালিকাৰ পৰা বহিষ্কাৰ কৰা হৈছিল। অৱশ্যে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ফেডাৰেচনটোৰ এই সিদ্ধান্তক অগ্ৰাহ্য কৰে। যিহেতু অংশগ্ৰহণকাৰীসকলৰ চূড়ান্ত তালিকা ইতিমধ্যে অলিম্পিকৰ বিষয়াসকলৰ ওচৰত দাখিল কৰা হৈছিল সেয়ে প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সিদ্ধান্তৰ পিছতো মনিকাই ২০০৮ৰ গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণ কৰিব নোৱাৰিলে।

২০১০ কমনৱেলথ গেমছ

ড'পিং বিতৰ্কৰ পৰা মুক্ত হোৱাৰ পিছত, মনিকাই ২০১০ চনৰ কমনৱেলথ গেমছত মহিলাৰ ৬৯ কিলোগ্ৰাম শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু উক্ত শাখাত তেওঁ ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়।

ড'পিং বিতৰ্ক

ভাৰতীয় ভাৰোত্তোলন ফেডাৰেচনে অভিযোগ উত্থাপন কৰি জনাইছিল যে অলিম্পিকত অংশগ্ৰহণৰ পূৰ্বে ভাৰতত অনুষ্ঠিত ড'প পৰীক্ষাত মনিকাৰ 'বি' নমুনাই ইতিবাচক ফলাফল প্ৰদৰ্শন কৰিছিল আৰু এয়া গ্ৰহণযোগ্য নহয়। ফলত পৰৱৰ্তী সময়ত, তেওঁক বেইজিংত ২০০৮ চনৰ গ্ৰীষ্মকালীন অলিম্পিকত অংশগ্ৰহণৰ বাবে ভাৰতীয় দলৰ পৰা বাদ দিয়া হয়। তেওঁ ফেডাৰেচনটোৰ এনে সিদ্ধান্তৰ প্ৰতিবাদ কৰি কয় যে বিষয়াসকলে প্ৰকৃততে আন এজন ভাৰোত্তোলক শৈলজা পূজাৰীৰ পক্ষ লৈ তেওঁক বৰ্জন কৰিবলৈ চেষ্টা কৰিছিল।১ ফেডাৰেচনৰ বিবৃতিত বিশ্বাসযোগ্যতাৰ অভাৱ থকাৰ বাবে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে উক্ত বিষয়টোত হস্তক্ষেপ কৰি মনিকাক অলিম্পিকত অংশগ্ৰহণৰ অনুমোদন জনাইছিল, কিন্তু ইতিমধ্যে অলিম্পিক কৰ্তৃপক্ষৰ ওচৰত ভাৰতীয় অংশগ্ৰহণকাৰীৰ তালিকাৰ দাখিল কৰা হোৱা বাবে মনিকাই অলিম্পিকত অংশগ্ৰহণ কৰিব নোৱাৰিলে।২ সেয়েহে, তেওঁ অলিম্পিকৰ উক্ত ভাৰতীয় দলটোৰ পৰা বাদ পৰি ৰয়।

২০০৯ চনৰ মাৰ্চ মাহত, প্ৰেছ ট্ৰাষ্ট অৱ ইণ্ডিয়াই (পিটিআই) প্ৰতিবেদন দাখিল কৰি জনাইছিল যে টকিঅ'ৰ ডব্লিউএডিএ-স্বীকৃত পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা মনিকাৰ 'বি' নমুনায়েও ইতিবাচক ফলাফল দেখুৱাইছিল।৩ এই প্ৰতিবেদনখনে উক্ত বিষয়টোৰ পৰিপ্ৰেক্ষিতত এই ইংগিত প্ৰদৰ্শন কৰিছিল যে তেওঁক হয়তো ভাৰতীয় দলৰ পৰা দুবছৰৰ বাবে নিষিদ্ধ কৰা হ'ব পাৰে। মনিকাই এই বাতৰিটোৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল যে তেওঁ এই ধৰণৰ কোনো কাম কৰা নাছিল। তেওঁ অভিযোগ কৰি কয় যে তেওঁৰ ক্ৰীড়া কেৰিয়াৰ অকালতে সমাপ্ত কৰাৰ এক বৃহৎ ষড়যন্ত্ৰ চলিছে।৪ পিছত, তেওঁৰ পৰিয়ালে পিটিআইৰ বিৰুদ্ধে 'বি' নমুনাৰ ফলাফল সম্পৰ্কে ভুল তথ্য জনোৱাৰ অভিযোগ উত্থাপন কৰে। পৰিয়ালৰ এজন সদস্যই এই ক্ষেত্ৰত অভিযোগ তুলি জনাইছিল যে মনিকাই এতিয়ালৈকে তেনে কোনো প্ৰতিবেদন পোৱা নাই।৫

তথ্যসূত্ৰ

  1. ↑ Gulf Times – Qatar’s top-selling English daily newspaper - Sport. Gulf-times.com
  2. ↑ (2008-06-06). India Challenge - India@Beijing - Beijing 2008 Olympics - The Times Of India. Olympics.timesofindia.indiatimes.com
  3. ↑ (2009-03-28). The Telegraph - Calcutta (Kolkata) | Northeast | Monika’s B sample tests positive. Telegraphindia.com
  4. ↑ (2009-03-28). Lifter Monika Devi Claims No Wrongdoing | TopNews. Topnews.in
  5. ↑ (2009-03-30). Monika hasn’t received report, says family - Sport - DNA. Dnaindia.com

সম্পৰ্কিত শ্ৰেণী

মণিপুৰৰ ব্যক্তিভাৰতৰ ভাৰোত্তোলক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাইশ্ৰাম মনিকা দেৱী” প্ৰবন্ধৰ সংশোধন ৩৮২৮৩৪ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।