অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ললিতা ৰায়

ললিতা ৰায় (Lolita Roy, ১৮৬৫ - অজ্ঞাত) এগৰাকী ভাৰতীয় নাৰীবাদী, সমাজ সংস্কাৰক আৰু মহিলা ভোটাধিকাৰ কৰ্মী আছিল। শ্ৰীমতী পি. এল. ৰায় বুলিও জনাজাত ললিতা ৰায়ে লণ্ডনত ভাৰতীয়সকলৰ সামাজিক জীৱনত সক্ৰিয় ভূমিকা পালন কৰিছিল।

হালনাগাদ: ৭ নৱেম্বৰ ২০২৩ ৫১৮ শব্দ · ৩ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ললিতা ৰায় (Lolita Roy, ১৮৬৫ - অজ্ঞাত) এগৰাকী ভাৰতীয় নাৰীবাদী, সমাজ সংস্কাৰক আৰু মহিলা ভোটাধিকাৰ কৰ্মী আছিল। শ্ৰীমতী পি. এল. ৰায় বুলিও জনাজাত ললিতা ৰায়ে লণ্ডনত ভাৰতীয়সকলৰ সামাজিক জীৱনত সক্ৰিয় ভূমিকা পালন কৰিছিল। ইয়াৰ লগতে তেওঁ ব্ৰিটেইন আৰু ভাৰতত মহিলাৰ ভোটাধিকাৰৰ বাবে প্ৰচাৰ আৰু সজাগতা সৃষ্টি কৰিছিল।১ ১৯১১ চনৰ 'দ্য ভোট' আলোচনীত তেওঁক ভাৰতীয় মহিলাসকলৰ ভিতৰত আটাইতকৈ মুক্ত বুলি বৰ্ণনা কৰা হৈছিল।২

প্ৰাৰম্ভিক জীৱন

১৮৬৫ চনত ব্ৰিটিছ ৰাজৰ অন্তৰ্ভুক্ত বেংগল প্ৰেচিডেন্সিৰ কলিকতাত ললিতা ৰায়ৰ জন্ম হৈছিল। তেওঁ প্ৰায় ১৮৮৬ চনত কলিকতাত এগৰাকী বেৰিষ্টাৰ আৰু ৰাজহুৱা গোচৰৰ সঞ্চালক পিয়েৰা লাল ৰায়ৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।৩ দম্পতীহালৰ ছয় গৰাকী সন্তান আৰু তেওঁলোক হ'ল: লেইলাৱতী, মীৰাৱতী, পৰেশ লাল, হীৰাৱতী, ইন্দ্ৰ লাল আৰু ললিত কুমাৰ। ১৯০০ চনলৈ ৰায় তেওঁৰ সন্তানসকলৰ সৈতে একেলগে পশ্চিম লণ্ডনত বাস কৰিছিল।

কৰ্মজীৱন

লণ্ডনত ললিতায়ে ভাৰতীয়সকলৰ বাবে একাধিক সামাজিক আৰু কৰ্মী সংগঠনত সক্ৰিয় সদস্য হিচাপে জড়িত আছিল। ইয়াৰে ভিতৰত উল্লেখযোগ্য সমূহ হৈছে লণ্ডন ইণ্ডিয়ান ইউনিয়ন ছ'চাইটিৰ সভাপতি৪ আৰু ১৮৭০ চনত মেৰী কাৰপেণ্টাৰৰ দ্বাৰা প্ৰতিষ্ঠা কৰা নেচনেল ইণ্ডিয়ান এছ'চিয়েশ্যনৰ সমিতিৰ সদস্য। লণ্ডন ইউনিয়ন ছ'চাইটিয়ে লণ্ডনত ভাৰতীয় বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলক সমৰ্থন কৰাত সহায় কৰিছিল। এই সমাজে তেতিয়া প্ৰায় ৭০০জন ভাৰতীয় শিক্ষাৰ্থীক লণ্ডনত পঢ়িবলৈ আৰ্থিক সাহায্য প্ৰদান কৰিছিল। ১৯০৯ চনত তেওঁ ভাৰতীয় মহিলা শিক্ষা সংস্থা স্থাপন কৰে। এই সংগঠনে ভাৰতীয় মহিলাসকলক শিক্ষক হিচাপে প্ৰশিক্ষণ দিবলৈ ব্ৰিটেইনলৈ অনাৰ বাবে পুঁজি সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছিল।

১৯১১ চনৰ ১৭ জুনত মহিলা সামাজিক আৰু ৰাজনৈতিক সংঘই৫ ভোটৰ দাবীত ৰজা পঞ্চম জৰ্জৰ ৰাজ্যাভিষেক ব্যৱহাৰ কৰি মহিলাৰ ৰাজ্যাভিষেক শোভাযাত্ৰাৰ আয়োজন কৰিছিল।৬ জেন কবডেন আৰু ৰায়ে শোভাযাত্ৰাৰ আগতীয়াকৈ এক সৰু ভাৰতীয় দল একত্ৰিত কৰিছিল। এই দলে 'ইম্পেৰিয়েল দল'ৰ অংশ গঠন কৰিছিল আৰু সমগ্ৰ ব্ৰিটিছ সাম্ৰাজ্যত মহিলাৰ ভোটাধিকাৰৰ প্ৰতি সমৰ্থনৰ শক্তি প্ৰদৰ্শন কৰাৰ উদ্দেশ্য আগত প্ৰকাশ কৰিছিল। শোভাযাত্ৰাৰ এখন আলোকচিত্ৰত ললিতা ৰায়, শ্ৰীমতী ভাগৱতী ভোলা নাথ, আৰু ৰায়ৰ জীয়াৰী শ্ৰীমতী লেইলাৱতী মুখাৰ্জীক দেখা গৈছে। বহু বছৰৰ পিছত পদযাত্ৰাত তেওঁলোকৰ উপস্থিতিৰ বিষয়ে লিখি ভাৰতীয় ৰাজনীতিবিদ সুষমা সেনে স্মৰণ কৰিছিল:

এই সময়ত তেওঁলোকৰ ভোটৰ বাবে যুঁজ দি থকা মহিলা ৰক্ষী আন্দোলন ইয়াৰ চৰম পৰ্যায়ত আছিল। সেই দিনবোৰত লণ্ডনত মাত্ৰ কেইগৰাকীমান ভাৰতীয় মহিলা আছিল। মোৰ কথা শুনি তেওঁলোকে মোক পিকাডিলি চাৰ্কাছত তেওঁলোকৰ প্ৰদৰ্শনত যোগদান কৰিবলৈ আৰু শ্ৰীমতী পাংকহাৰ্ষ্টৰ নেতৃত্বত তেওঁলোকৰ সৈতে সংসদ ভৱনলৈ যাত্ৰা কৰিবলৈ আমন্ত্ৰণ পঠিয়াইছিল... এইটো মোৰ বাবে এক মহান অভিজ্ঞতা আছিল, একে সময়তে শোভাযাত্ৰাৰ মাজত এগৰাকী অকলশৰীয়া ভাৰতীয় মহিলাৰ বাবে এয়া এক নতুন দৃশ্য আছিল, আৰু মই ৰাইজৰ দৃষ্টিৰ বিষয় আছিলোঁ।৬

এক্টিভিষ্ট আৰু থিওচোফিষ্ট এনি বেচাণ্টেও ভাৰতীয় মহিলাৰ ভোটাধিকাৰ কৰ্মীসকলৰ সৈতে পদযাত্ৰা কৰিছিল। ১৯১২ আৰু ১৯১৩ চনত ৰায়ে লণ্ডন আৰু কেমব্ৰিজত মঞ্চস্থ হোৱা কেইবাখনো ভাৰতীয় নাটক নিৰ্মাণত সহায় কৰে আৰু উপদেষ্টা হিচাপে পৰামৰ্শ আগবঢ়ায়। ইয়াৰ লগতে তেওঁ পাগুৰি আৰু শাৰীৰ দৰে পৰম্পৰাগত পোছাকৰ সৈতে প্ৰদৰ্শনকাৰীসকলক সহায় কৰে।১

প্ৰথম বিশ্বযুদ্ধৰ সময়ত ৰায়ৰ দুজন পুত্ৰই সক্ৰিয় কৰ্তব্যৰত আছিল। তেওঁৰ জ্যেষ্ঠ পৰেশ লাল ৰায়ে যুদ্ধৰ সময়ছোৱাত সন্মানীয় আৰ্টিলাৰী কোম্পানীত সেৱা আগবঢ়াইছিল। ১৯২০ৰ দশকত ভাৰতলৈ উভতি অহাৰ পিছত তেওঁ বক্সিং খেলক জনপ্ৰিয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ মাজু পুত্ৰ ইন্দ্ৰ লাল ৰয়ে (১৮৯৮-১৯১৮) ৰয়েল ফ্লাইং কৰ্পছত যোগদান কৰে আৰু কৰ্তব্যৰত অৱস্থাত নিহত হয়। ললিতা ৰায়ে ভাৰতীয় সৈনিকসকলক কাপোৰ, খাদ্য আৰু অন্যান্য সামগ্ৰী প্ৰদান কৰি ভাৰতীয় সৈনিক পুঁজিৰ বাবে পুঁজি সংগ্ৰহৰ বাবে প্ৰতিষ্ঠা কৰা ইষ্টাৰ্ণ লীগৰ সন্মানীয় সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯১৬ চনত অন্যান্য মহিলা ভোটাধিকাৰ কৰ্মীসকলৰ সৈতে ৰায়ে 'লেডিজ ডে' আয়োজন কৰাত সহায় কৰিছিল। লণ্ডনৰ হেমাৰ্কেটত ইয়াৰ বাবে ধন সংগ্ৰহ কৰিবলৈ সামগ্ৰী বিক্ৰী কৰা হৈছিল।

পৰৱৰ্তী জীৱন

ব্ৰিটেইনত ভোটাধিকাৰৰ বাবে তেওঁৰ কামৰ লগতে তেওঁ ভাৰততো মহিলাৰ ভোটদানৰ অধিকাৰৰ বাবে সক্ৰিয়ভাৱে কাম কৰিছিল। ইয়াৰ ভিতৰত ব্ৰিটিছ চৰকাৰক আৱেদন কৰা, ভাৰতৰ ৰাজ্যিক সচিবৰ ওচৰত এক প্ৰতিনিধিত্বত অংশগ্ৰহণ কৰা, হাউচ অফ কমন্সত এখন সভাত অংশগ্ৰহণ কৰা, আৰু ভাৰতীয় মহিলা ভোটাধিকাৰৰ সমৰ্থনত ৰাজহুৱা ভাৱে ভাষণ দিয়া উল্লেখযোগ্য। ১৯২০ৰ দশকজুৰি তেওঁ ভাৰতত ভোটাধিকাৰৰ বাবে কাম কৰি গৈছিল। সৰ্বভাৰতীয় মহিলা সন্মিলনৰ যোগেদিও তেওঁ এই উদ্দেশ্য আগত ৰাখি কাম-কাজ চলাই নিছিল।১

ললিতা ৰায়ৰ মৃত্যুৰ তাৰিখ অজ্ঞাত।১

উত্তৰাধিকাৰ

শেহতীয়াকৈ ব্ৰিটিছ বুৰঞ্জীবিদ আৰু কৰ্মীসকলে ললিতা ৰায়কে ধৰি ব্ৰিটিছ ভোটাধিকাৰ আন্দোলনৰ ভিতৰত বিদেশী মূলৰ লোকসকলৰ অৱদানক অধিক স্বীকৃতি দিবলৈ আৰম্ভ কৰিছে।৭ ব্ৰিটিছ সাম্ৰাজ্য আৰু ভাৰতীয় উপমহাদেশৰ ইতিহাসবিদ ড° সুমিতা মুখাৰ্জীয়ে 'ভোটাধিকাৰ আন্দোলনক লৈ পূৰ্ব-বিদ্যমান ধাৰণাসমূহক প্ৰত্যাহ্বান জনাইছে। তেওঁ বিশেষকৈ জনপ্ৰতিনিধিত্ব আইনৰ শতবাৰ্ষিকীত ২০১৮ চনত ৰাজহুৱা স্মৰণীয় অনুষ্ঠানৰ সন্দৰ্ভত যিয়ে ১৯১৮ চনত কিছুসংখ্যক মহিলাক যুক্তৰাজ্যত ভোটদানৰ অধিকাৰ প্ৰদান কৰিছিল'। তেওঁ যুক্তি দিছিল যে 'পশ্চিমীয়া জনবিশ্বাসে এই পৰিৱৰ্তন অনাত বৰ্ণময় (অনা শ্বেতাঙ্গ) মহিলাৰ ভূমিকাক মুখ্যতঃ উপেক্ষা কৰিছে'। মুখাৰ্জীৰ গৱেষণাই ভাৰতীয় ভোটাধিকাৰ প্ৰচাৰকসকলৰ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে, 'প্ৰকাশ কৰিছে যে ভাৰতীয় উপমহাদেশত এক সমৃদ্ধ ভোটাধিকাৰ আন্দোলন হৈছিল আৰু এই মহিলাসকলে অন্যান্য ভোটাধিকাৰ প্ৰচাৰকসকলৰ সৈতে আন্তঃৰাষ্ট্ৰীয় ভাৱে গোলকীয় আন্তঃৰ্জাল গঢ়ি তুলিছিল'।৮

২০১৮ চনৰ এপ্ৰিল মাহত সংসদ স্কোৱেৰৰ মিলিচেণ্ট ফছেট প্ৰতিমূৰ্তিৰ তলত এক মূৰ্তি নিৰ্মাণ কৰা হৈছিল। ইয়াত ভাৰতীয় মূলৰ দুগৰাকী মহিলাৰ প্ৰতিৰূপ আছিল: ৰাণী ভিক্টোৰিয়াৰ নৰফোকত জন্মগ্ৰহণ কৰা গডডটাৰ চফিয়া দিলীপ সিং আৰু ললিতা ৰায়। একে বছৰতে হেমাৰস্মিথ টাউন হলত ভোটাধিকাৰ আন্দোলনত ৰায়ৰ অৱদান উদযাপন কৰা এটা শিল্পকৰ্ম ৰখা এখন প্ৰদৰ্শনী মঞ্চস্থ কৰা হয়।৯১০

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Roy, Lolita (known as Mrs P. L. Roy) (b. 1865), social reformer and suffragist. Oxford Dictionary of National Biography
  2. ↑ Hoque, Nikhat. (2019-02-03). Meet 7 Indian Suffragettes Of The British Suffrage Movement. Feminism In India
  3. ↑ Bloomsbury Collections - Suffrage and the Arts - Visual Culture, Politics and Enterprise. www.bloomsburycollections.com
  4. ↑ (2017-07-24). Suffrage Stories: Black And Minority Ethnic Women: Is There A ‘Hidden History’?. Woman and her Sphere
  5. ↑ Lolita Roy and Indian Suffragettes, Coronation Procession - Museum of London. Google Arts & Culture
  6. ↑ Black History Month: Diversity and the British female Suffrage movement. Fawcett Society
  7. ↑ Science, London School of Economics and Political. Unearthed photograph highlights important role of Indian suffragettes. London School of Economics and Political Science
  8. ↑ Indian Suffragettes: Changing Public Understanding of Suffrage Histories. University of Bristol
  9. ↑ (2018-10-17). New town hall exhibition celebrates a pioneering Indian suffragette from Hammersmith. LBHF
  10. ↑ (2018-10-03). Visit LDN WMN: a series of free public artworks. London City Hall

সম্পৰ্কিত শ্ৰেণী

পশ্চিমবঙ্গৰ ব্যক্তিভাৰতীয় নাৰীবাদীসমাজ সংস্কাৰক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ললিতা ৰায়” প্ৰবন্ধৰ সংশোধন ৩৯০৬৭০ (৭ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।