জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
লিওনা লিচয়
লিওনা লিচয় (ইংৰাজী: Leona Lishoy; জন্ম: ২৬ এপ্ৰিল ১৯৯১) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ মালয়ালম চলচ্চিত্ৰত কাম কৰে। তেওঁ মালয়ালম অভিনেতা লিচয়ৰ কন্যা।
-
লিচা হেডন
এলিজাবেথ মেৰী হেডন, লিচা হেডন লালভানী নামেৰে বেছি পৰিচিত (জন্ম ১৭ জুন ১৯৮৬), এগৰাকী ভাৰতীয়-অষ্ট্ৰেলিয়ান অভিনেত্ৰী, টিভি উপস্থাপক আৰু মডেল, যিয়ে মূলতঃ হিন্দী চলচ্চিত্ৰত অভিনয় কৰে।
-
লিচি
লিচি (ইংৰাজী: Lissy) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ মালয়ালম চলচ্চিত্ৰৰ লগতে কেইখনমান তেলুগু, হিন্দী, তামিল আৰু কন্নড় ছবিত অভিনয় কৰিছে। ১৯৮২ চনত ইথিৰি নেৰাম ওথিৰি কাৰ্যম ছবিৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।
-
লিছা আৰু লেনা
লিছা আৰু লেনা মাণ্টলাৰ (জন্ম ১৭ জুন ২০০২), যিসকলক সামূহিকভাৱে লিছা আৰু লেনা বুলি জনা যায়, জাৰ্মান ইণ্টাৰনেট চেলিব্ৰিটি যিসকলে কিশোৰী অৱস্থাত ভিডিঅ’ শ্বেয়াৰিং এপ্লিকেচন Musical.ly (বৰ্তমান টিকটক)ত জনপ্ৰিয়তা লাভ কৰে।
-
লিছা এম ডায়মণ্ড
লিছা এম ডায়মণ্ড (ইংৰাজী: Lisa M. Diamond) এগৰাকী আমেৰিকান মনোবিজ্ঞানী আৰু নাৰীবাদী। তেওঁ ইউটাহ বিশ্ববিদ্যালয়ৰ বিকাশমূলক মনোবিজ্ঞান, স্বাস্থ্য মনোবিজ্ঞান আৰু লিংগ অধ্যয়ন বিভাগৰ এগৰাকী অধ্যাপক। তেওঁৰ গৱেষণাৰ মূল বিষয় হৈছে যৌন অভিমুখিতাৰ বিকাশ, যৌন পৰিচয় আৰু মানৱীয় সম্পৰ্ক।
-
লিছা গ্ৰাউমলিচ
লিছা জে. গ্ৰাউমলিচ (Lisa J. Graumlich; জন্ম: ১৯৫২) এগৰাকী আমেৰিকান পেলিঅ’ক্লাইমেট’লজিষ্ট (পুৰাকলীয় জলবায়ু বিজ্ঞানী), যিয়ে জলবায়ু, পৰিৱেশ তন্ত্ৰ আৰু মানুহৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰে। তেওঁ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ কলেজ অৱ দ্য এনভাইৰনমেণ্টৰ প্ৰথমগৰাকী ডিন।
-
লিছা ছুৰিহানি
লিছা চুৰিহানী মোহাম্মদ (জন্ম: ২৩ মাৰ্চ ১৯৮৬) এগৰাকী মালয়েছিয়ান অভিনেত্ৰী, মডেল, টেলিভিছন উপস্থাপিকা আৰু বিজ্ঞাপন শিল্পী। ১১ বছৰ বয়সতেই ১৯৯৭ চনত তেওঁ মনোৰঞ্জন জগতত প্ৰৱেশ কৰে। তেওঁ বহু মালয় ভাষাৰ চলচ্চিত্ৰ, টেলিভিছন ধাৰাবাহিক আৰু বিজ্ঞাপনত অভিনয় কৰিছে।
-
লিছা ৰেণ্ডল
লিছা ৰেণ্ডল (জন্ম জুন ১৮, ১৯৬২) এজন আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানীআৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক। তেওঁৰ গৱেষণাৰ ক্ষেত্ৰত প্ৰকৃতিৰ মৌলিক বলসমূহ আৰু মহাকাশৰ মাত্ৰা সম্পৰ্কীয় বিষয়সমূহ অন্তৰ্ভুক্ত।
-
লিজা কোশী
এলিজাবেথ শাইলা কোশী (ইংৰাজী: Elizabeth Shaila Koshy; জন্ম: ৩১ মাৰ্চ, ১৯৯৬) এগৰাকী আমেৰিকান ইউটিউবাৰ আৰু অভিনেত্ৰী। তেওঁ চাৰিটাকৈ ষ্ট্ৰীমি বঁটা, চাৰিটা টিন চয়েছ এৱাৰ্ড আৰু এটা কিডছ চয়েছ এৱাৰ্ড লাভ কৰিছে। কোশীয়ে ২০১৩ চনত ইউটিউব চেনেল আৰম্ভ কৰাৰ আগতে 'ভাইন'ৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
-
লিজা ছ’বেৰানো
হোপ এলিজাবেথ ছ'বেৰানো (ইংৰাজী: Hope Elizabeth Soberano; জন্ম: ৪ জানুৱাৰী, ১৯৯৮) এগৰাকী ফিলিপাইনছ আৰু আমেৰিকান অভিনেত্ৰী। কিশোৰী অৱস্থাত নাটক আৰু কমেডীত সহায়ক চৰিত্ৰত অভিনয় কৰাৰ বাবে তেওঁ পৰিচিত। তেতিয়াৰপৰাই তেওঁ টেলিভিছন আৰু চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ নিজৰ ৰেপাৰ্টৰী সম্প্ৰসাৰণ কৰে।
-
লিজা ফাত্তাহ
লিজা ফাত্তাহ (১৯৪১-১৯৯২) আছিল এগৰাকী জাৰ্মান-ছুইডেনৰ শিল্পী যিয়ে জীৱনৰ বেছিভাগ সময় ইৰাকত কটায়। তেওঁৰ ৰচনাসমূহে প্ৰায়ে তেওঁৰ ক্ষোভ প্ৰকাশভংগীমূলক শৈলীত প্ৰকাশ কৰে যিটো সেই সময়ত ইৰাকৰ বাবে অস্বাভাৱিক আছিল।
-
লিজা ভেণ্ডাৰপাম্প
লিজা জেন ভেণ্ডাৰপাম্প (জন্ম ১৫ ছেপ্টেম্বৰ ১৯৬০) এগৰাকী ইংৰাজ ব্যৱসায়ী আৰু টেলিভিছন ব্যক্তিত্ব। তেওঁ প্ৰথমে দ্য ৰিয়েল হাউছৱাইভছ অৱ বেভাৰলী হিলছ অনুষ্ঠানৰ মুখ্য সদস্য হিচাপে ২০১০ চনৰপৰা ২০১৯ চনলৈ খ্যাতি লাভ কৰে।
-
লিজা মেকিনাৰ্নি
লিজা মেকিনাৰ্নি (ইংৰাজী: Lisa McInerney) এগৰাকী আইৰিছ ঔপন্যাসিক, চুটিগল্প লেখিকা, প্ৰবন্ধকাৰ, সম্পাদক আৰু চিত্ৰনাট্যকাৰ। তেওঁ তেওঁৰ উপন্যাস দ্য গ্ল’ৰিয়াছ হেৰেছিছৰ বাবে আটাইতকৈ বেছি পৰিচিত, যিখন ২০১৬ চনৰ বেইলিছ ৱমেনছ প্ৰাইজ ফৰ ফিকচনৰ বিজয়ী আছিল।
-
লিজা ষ্টেলেকাৰ
লিজা কাৰ্প্ৰিনি ষ্টেলেকাৰ (Lisa Carprini Sthalekar) (জন্ম: ১৩ আগষ্ট ১৯৭৯) এগৰাকী অষ্ট্ৰেলিয়ান ক্ৰিকেট মন্তব্যকাৰী আৰু প্ৰাক্তন ক্ৰিকেটাৰ আৰু অষ্ট্ৰেলিয়া মহিলা ৰাষ্ট্ৰীয় ক্ৰিকেট দলৰ অধিনায়ক। ঘৰুৱা ক্ৰিকেটত তেওঁ নিউ চাউথ ৱেলছক প্ৰতিনিধিত্ব কৰিছিল।
-
লিজা হান্না
লিজা ৰেনে শান্তি হান্না (Lisa Rene Shanti Hanna; জন্ম: ২০ আগষ্ট ১৯৭৫) এগৰাকী জামাইকাৰ ৰাজনীতিবিদ আৰু সৌন্দৰ্য্য ৰাণী যি ১৯৯৩ চনৰ বিশ্বসুন্দৰীৰ মুকুট পিন্ধিছিল আৰু এই খিতাপ দখল কৰা তৃতীয়জন জামাইকান হিচাপে পৰিগণিত হৈছিল।
-
লিজা ৰিন্না
লিজা ৰিন্না (জন্ম ১১ জুলাই, ১৯৬৩) এগৰাকী আমেৰিকান অভিনেত্ৰী, টেলিভিছন ব্যক্তিত্ব আৰু মডেল। তেওঁ এনবিচিৰ দিনকালীন ছ’প অপেৰা ডেজ অৱ আৱাৰ লাইভছত বিলি ৰিড আৰু ফক্সৰ টেলিভিছন নাটক মেলৰ'জ প্লেচত টেইলৰ মেকব্ৰাইডৰ চৰিত্ৰত অভিনয় কৰিছিল।
-
লিজি এণ্টনি
লিজি এণ্টনি হৈছে তামিল চলচ্চিত্ৰ উদ্যোগত কৰ্মৰত এজন ভাৰতীয় অভিনেত্ৰী, যিয়ে বেছিভাগে সহ-অভিনেত্ৰী হিচাপে অভিনয় কৰে। তেওঁ থাঙ্গা মীনকাল (২০১৩) আৰু তাৰামানি (২০১৭) চলচ্চিত্ৰত অভিনয় কৰাৰ বাবে বিশেষভাৱে জনাজাত। চলচ্চিত্ৰৰ উপৰিও, তেওঁ বিজ্ঞাপন, চুটি চলচ্চিত্ৰ আৰু ৱেব শৃংখলাতো অভিনয় কৰিছে।
-
লিজিমল ফিলিপোজ পামাদিকান্দাথিল
লিজিমল ফিলিপোজ পামাদিকান্দাথিল: Lizymol Philipose Pamadykandathil এগৰাকী ভাৰতীয় দন্ত চিকিৎসাৰ বিজ্ঞানী। তেওঁৰ এই কামক ভাৰতৰ মহিলাসকলৰ বাবে সৰ্বোচ্চ অসামৰিক সন্মান, নাৰী শক্তিৰ সন্মানেৰে স্বীকৃতি দিয়া হৈছে যিটো কেৱল।
-
লিডিয়া ব্ৰেডী
লিডিয়া পৌনামু ব্ৰেডী অ ন জে এম (Lydia Pounamu Brady ONZM; জন্ম: ৯ অক্টোবৰ ১৯৬১) নিউজিলেণ্ডৰ এগৰাকী পৰ্বতাৰোহী। ১৯৮৮ চনত পৰিপূৰক অক্সিজেন নোহোৱাকৈ মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়। তেওঁ মুঠ ছবাৰ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰিছে।
-
লিডিয়া মাৰিয়া চাইল্ড
লিডিয়া মাৰিয়া চাইল্ড (Lydia Maria Child) এগৰাকী আমেৰিকীয় বিলোপবাদী, মহিলা অধিকাৰ কৰ্মী, থলুৱা অধিকাৰ কৰ্মী, ঔপন্যাসিকা, সাংবাদিক আৰু আমেৰিকাৰ সম্প্ৰসাৰণবাদৰ বিৰোধী আছিল৷ তেওঁৰ কল্পকাহিনী আৰু ঘৰুৱা মেনুৱেলসমূহ ১৮২০ চনৰ পৰা ১৮৫০ চনলৈকে বহল পৰিসৰৰ দৰ্শকৰ মাজলৈ গৈছিল।
-
লিণ্ডচে বাৰ্জেছ
লিণ্ডচে বাৰ্জেছ ( Lindsey Burgess) জন্ম: ২১ জুলাই, ১৯৯৯ চন, ব্ৰিটিছ কলম্বিয়াৰ উইলিয়ামছ লেক, আলবাৰ্টাৰ এডমণ্টনৰ এজন কানাডাৰ কাৰ্লাৰ। বৰ্তমান তেওঁ টিম চেৰেনা গ্ৰে-উইথাৰ্ছত দ্বিতীয় স্থানত আছে।
-
লিণ্ডছে লোহান
লিণ্ডছে ডি লোহান (ইংৰাজী: Lindsay Dee Lohan; জন্ম ২ জুলাই, ১৯৮৬) এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু গীতিকাৰ। মাত্ৰ তিনি বছৰ বয়সতে তেওঁ 'ফৰ্ড মডেলছ'ৰ সৈতে চুক্তিবদ্ধ হৈছিল আৰু শিশু অভিনেত্ৰী হিচাপে গাইডিং লাইট (১৯৯৩) আৰু এনাডাৰ ৱৰ্ল্ড (১৯৯৬–১৯৯৭) নামৰ ধাৰাবাহিকৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰিছিল।
-
লিণ্ডা কৰ্বʼল্ড
উইং কমাণ্ডাৰ লিণ্ডা মেৰী কৰ্ব'ল্ড,: Linda Mary Corbould;অ'এএম (জন্ম ১৯৬২ বা ১৯৬৩) ৰয়েল অষ্ট্ৰেলিয়ান এয়াৰ ফৰ্চৰ (আৰ এ এ এফ) অৱসৰপ্ৰাপ্ত বিষয়া, যিয়ে আৰ এ এফৰ ফ্লাইং স্কোয়াড্ৰনৰ কমাণ্ড কৰা প্ৰথমগৰাকী মহিলা আছিল।
-
লিণ্ডা মাঞ্জ
লিণ্ডা এন মাঞ্জ (ইংৰাজী: Linda Ann Manz; জন্ম: ২০ আগষ্ট, ১৯৬১ – মৃত্যু: ১৪ আগষ্ট, ২০২০) এগৰাকী আমেৰিকান অভিনেত্ৰী আছিল। তেওঁ ১৫ বছৰ বয়সত টেৰেন্স মালিকেৰ ঐতিহাসিক ড্ৰামা ছবি ডেজ অৱ হেভেনৰ (১৯৭৮) জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল।
-
লিন ই-নিং
লিন ই-নিং (ইংৰাজী: Lin Yining; চীনা: 林以寧; ১৬৫৫ – প্ৰায় ১৭৩০), যাৰ শৈলীগত নাম আছিল য়াকিং (Yaqing; 亞清), চিং ৰাজবংশৰ এগৰাকী প্ৰখ্যাত চীনা কবি আছিল। তেওঁ বিখ্যাত 'বানানা গাৰ্ডেন পয়েট্ৰি ক্লাব'ৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য হোৱাৰ লগতে এগৰাকী নিপুণ চিত্ৰশিল্পী আৰু সুৰকাৰো আছিল।
-
লিন কৰ্ক’ৰান
লিন মেৰী কৰ্ক’ৰান এগৰাকী আমেৰিকান–অষ্ট্ৰেলিয়ান ইমিউন’লজিষ্ট যি ৱালটাৰ এণ্ড এলিজা হল ইনষ্টিটিউটৰ ইমিউন’লজীৰ অধ্যাপিকা। তেওঁৰ গৱেষণাই কেন্সাৰ, পেৰাচাইট’লজী আৰু ইমিউন’লজীৰ কথা বিবেচনা কৰে, বি কোষ জীৱবিজ্ঞানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ২০১৩ চনত তেওঁক ভিক্টোৰিয়া চৰকাৰৰ অনাৰ ৰোলত অন্তৰ্ভুক্ত কৰা হৈছিল।
-
লিন লাইশ্ৰাম
লিনথোইঙাম্বী লাইশ্ৰাম (Linthoingambi Laishram; জন্ম: ১৯ ডিচেম্বৰ, ১৯৮৫) যাক সচৰাচৰ লিন লাইশ্ৰাম বুলি জনা যায়, এগৰাকী ভাৰতীয় মডেল, অভিনেত্ৰী আৰু এগৰাকী উদ্যোগী। তেওঁ পাৰিপাৰ্শ্বিক অনুকূল গহনা ব্ৰেণ্ড শামু ছানাৰ প্ৰতিষ্ঠাপক আৰু পৰিচালন সঞ্চালক।
-
লিনা টিঅ'
লিনা টিঅ' পিক লিম (ইংৰাজী: Lina Teoh Pick Lim; জন্ম: ৭ জুলাই ১৯৭৬) এগৰাকী মালয়েছিয়ান অভিনেত্ৰী, টেলিভিছন ঘোষিকা, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী যিয়ে মিছ মালয়েছিয়া ৱৰ্ল্ড ১৯৯৮ ৰ মুকুট লাভ কৰিছিল।
-
লিনোৰ আবাৰগিল
লিনোৰ আবাৰগিল (Linor Abargil; জন্ম: ১৭ ফেব্ৰুৱাৰী, ১৯৮০) এগৰাকী ইজৰাইলী অধিবক্তা, অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য্য ৰাণী যি ধৰ্ষিতা হোৱাৰ কিছু দিনৰ পিছতে ১৯৯৮ চনৰ মিছ ৱৰ্ল্ড বঁটা লাভ কৰে। তেতিয়াৰ পৰাই তেওঁ যৌন হিংসাৰ বিৰুদ্ধে যুঁজি বিশ্বব্যাপী বহু লোকৰ সমৰ্থন আদায় কৰে।
-
লিবাৰ্টিনা আমাথিলা
লিবাৰটিনা ইনাভিপোছা আমাথিলা ( Libertina Inaviposa Amathila; জন্ম: ১০ ডিচেম্বৰ ১৯৪০) এগৰাকী নামিবিয়ান চিকিৎসক আৰু ৰাজনীতিবিদ। তেওঁ ৰাষ্ট্ৰীয় পৰিষদ আৰু ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ২০০৫ চনৰ মাৰ্চৰ পৰা ২০১০ চনৰ মাৰ্চলৈকে নামিবিয়াৰ উপ-প্ৰধানমন্ত্ৰী আছিল।