ললিতা ৰামকৃষ্ণন (: Lalita Ramakrishnan; জন্ম ১৯৫৯) ভাৰতত জন্মগ্ৰহণ কৰা আমেৰিকান অণুজীৱবিজ্ঞানী যি গৰাকী যক্ষ্মাৰ জীৱবৈজ্ঞানিক প্ৰক্ৰিয়া বুজি উলিয়াবলৈ দিয়া অৱদানৰ বাবে পৰিচিত।১২৩ ২০১৯ চনৰ পৰা তেওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত ইমিউন'লজী আৰু সংক্ৰামক ৰোগৰ অধ্যাপিকা হিচাপে কাম কৰে, য'ত তেওঁ ৱেলকাম ট্ৰাষ্টৰ প্ৰধান গৱেষক ফেলো আৰু এগৰাকী প্ৰশিক্ষিত চিকিৎসকও।৪ তেওঁৰ গৱেষণা এম আৰ চি লেবৰেটৰী অৱ মলিকুলাৰ বায়’লজী (এম আৰ চি এল এম বি)ত কৰা হয়, য’ত তেওঁ এম আৰ চি এল এম বিত এম্বেডেড চিকিৎসা বিভাগৰ মলিকুলাৰ ইমিউনিটি ইউনিটৰ মুৰব্বী হিচাপে কাম কৰে। ষ্টেনলি ফালক'ৰ সৈতে ষ্টেনফৰ্ডত কাম কৰি তেওঁ মাইকোবেক্টেৰিয়াম মেৰিনাম সংক্ৰমণক যক্ষ্মা ৰোগৰ আৰ্হি হিচাপে ব্যৱহাৰ কৰাৰ কৌশল প্ৰস্তুত কৰে।৪ তেওঁৰ কাম বিজ্ঞান, প্ৰকৃতি আৰু কোষকে ধৰি কেইবাখনো আলোচনীত প্ৰকাশ পাইছে।২ ২০১৮ আৰু ২০১৯ চনত ৰামকৃষ্ণনে ব্ৰিটিছ মেডিকেল জাৰ্নেল (BMJ)ত দুখন প্ৰভাৱশালী গৱেষণা পত্ৰ সহ-লেখক হিচাপে লিখিছিল৫ তেওঁৰ বিবাহ মাৰ্ক ট্ৰল নামৰ এজন ভৌত ৰসায়নবিদৰ সৈতে হয়।৬৭৮
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৫৯ চনত ৰামকৃষ্ণনে বৰোদা (বৰ্তমান বদোদৰা)ত জন্মগ্ৰহণ কৰে ৯ আৰু তাতেই ডাঙৰ-দীঘল হয়।১০ তেওঁৰ পিতৃ-মাতৃ দুয়োজনেই বিজ্ঞানী আছিল আৰু ভাতৃ নোবেল বিজয়ী ভেংকি ৰামকৃষ্ণনও বিজ্ঞানী আছিল। ৰামকৃষ্ণনৰ সৰুতে তেওঁৰ মাকৰ তিনিবাৰকৈ মেৰুদণ্ডৰ যক্ষ্মা ৰোগত আক্ৰান্ত হৈছিল।১
হাইস্কুলীয়া ছাত্ৰ হিচাপে ৰামকৃষ্ণনে গণিত আৰু পদাৰ্থ বিজ্ঞানত পাৰদৰ্শিতা দেখুৱাইছিল।১ ৰামকৃষ্ণনে ১৭ বছৰ বয়সৰ পৰাই মেডিকেল স্কুলত পঢ়িবলৈ আৰম্ভ কৰে, যিটো "ভাৰতত এট'পিকেল নহয়, য'ত হাইস্কুলৰ কিছু সময়ৰ পিছতে বিশেষ প্ৰশিক্ষণ আৰম্ভ হয়।" ১৯৮৩ চনত তেওঁ বড়োদা মেডিকেল কলেজৰ পৰা ১১ মেডিচিনত স্নাতক ডিগ্ৰী লাভ কৰে।১২
উন্নত ইমিউন’লজীৰ ঐচ্ছিক পাঠ্যক্ৰম গ্ৰহণ কৰাৰ পিছত ৰামকৃষ্ণনে ইমিউন’লজী অধ্যয়ন কৰাৰ সিদ্ধান্ত লয়। ১৯৯০ চনত টাফ্টছ বিশ্ববিদ্যালয়ৰ পৰা ইমিউন'লজীত পি এইচ ডি ডিগ্ৰী লাভ কৰে।১১ তাৰ পিছত তেওঁ টাফ্টছ-নিউ ইংলেণ্ড মেডিকেল চেণ্টাৰৰ মেডিকেল ৰেচিডেন্সি প্ৰগ্ৰেমৰ প্ৰথম বিদেশী স্নাতক হয়।২ ছান ফ্ৰান্সিস্কো জেনেৰেল হাস্পতাল (বৰ্তমান জুকাৰবাৰ্গ ছান ফ্ৰান্সিস্কো জেনেৰেল হাস্পতাল আৰু ট্ৰমা চেণ্টাৰ)কে ধৰি কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ছান ফ্ৰান্সিস্কো চিকিৎসালয়ত সংক্ৰামক ৰোগত ফেল'শ্বিপ সম্পূৰ্ণ কৰাৰ পিছত,১৩ ৰামকৃষ্ণনে ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ ষ্টেনলি ফালকোৰ লেবত ডক্টৰেট ডিগ্ৰীৰ পিছৰ কাম সম্পূৰ্ণ কৰে, য'ত তেওঁ জেব্ৰাফিছৰ মাইকোবেক্টেৰিয়াম মেৰিনাম সংক্ৰমণক যক্ষ্মা ৰোগৰ আৰ্হি হিচাপে ব্যৱহাৰ কৰাৰ কৌশল প্ৰস্তুত কৰে।৪
তথ্যসূত্ৰ
- ↑ Anon. (2013). An interview with Lalita Ramakrishnan. Trends in Pharmacological Sciences. পৃ. 197
- ↑ Awardee Profile - Lalita Ramakrishnan · Burroughs Wellcome Fund. bwfund.org
- ↑ Principal Research Fellows. wellcome.ac.uk. Wellcome Trust
- ↑ Sheffield, University of. Professor Lalita Ramakrishnan - Faculty Events - Faculty of Medicine, Dentistry and Health - Faculties - The University of Sheffield. sheffield.ac.uk
- ↑ Behr, Marcel A.; Edelstein, Paul H.; Ramakrishnan, Lalita. (2019-10-24). Is Mycobacterium tuberculosis infection life long?. BMJ. পৃ. l5770
- ↑ The Nobel Prize in Chemistry 2009. NobelPrize.org
- ↑ Cohen, Fiona. (2009-11-25). A Nobel goes to a member of a Seattle scientific family. Seattle Post-Intelligencer
- ↑ Chidan, Rajghatta. (Oct 9, 2009). Venkatraman Ramakrishnan: Science bonds Nobel winner Venky's family. timesofindia.indiatimes.com. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ Venkatraman Ramakrishnan - Biographical. www.nobelprize.org
- ↑ Northwest Association for Biomedical Research
- ↑ About · Lalita Ramakrishnan Lab. depts.washington.edu
- ↑ - BSI Inflammation Affinity Group Speakers Bio - Lalita Ramakrishnan - British Society for Immunology. immunology.org
- ↑ Zuckerberg San Francisco General Hospital and Trauma Center (ZSFG) · San Francisco Level 1 Trauma Center. zuckerbergsanfranciscogeneral.org. Zuckerberg San Francisco General
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ললিতা ৰামকৃষ্ণন” প্ৰবন্ধৰ সংশোধন ৪৯৭৩৪৩ (২৬ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।