লক্ষী হাজৰিকা ( Lakhkhi Hajarika)ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আৰু বিয়াল্লিছৰ গণ-আন্দোলনৰ এগৰাকী শ্বহীদ৷ তেওঁৰ জন্ম ১৯০৭ চনৰ ৯ জুন তাৰিখে নগাঁও জিলাৰ শিঙিয়া পোটনি মৌজাৰ বঢ়মপুৰ হাজৰিকা চুকত৷ পিতৃৰ নাম আছিল ধনাই হাজৰিকা আৰু মাতৃৰ নাম আছিল জানেকী হাজৰিকা৷ আনুষ্ঠানিক শিক্ষা হিচাপে তেওঁ “হালোৱা গাঁও প্ৰাথমিক বিদ্যালয়’’ৰ পৰা উত্তীৰ্ণ হৈ “ননৈ মজলীয়া স্কুল’’ৰ শেষ পৰীক্ষাত উত্তীৰ্ণ হয়৷ পিছলৈ তেওঁ কৃষক আৰু এগৰাকী ভাল বাঢ়ৈ হিচাপে সুখ্যাতি লভিছিল৷ ১৯৩২ চনত তেওঁ চলচলি বিৰহী গাঁৱৰ চেনিমাই হাজৰিকাক বিয়া কৰায়৷ তেওঁলোকৰ তিনিজন পুত্ৰ আৰু এগৰাকী কন্যা সন্তান আছিল৷ ১
স্বাধীনতা সংগ্ৰাম
বিয়াল্লিছৰ গণ-আন্দোলনৰপ্ৰস্তুতি কালতেই নগাঁৱত হলধৰ ভূঞা, পূৰ্ণচন্দ্ৰ শৰ্মা আদিৰ নেতৃত্বত স্বেচ্ছাসেৱক বাহিনী গঠন কৰি যুদ্ধৰ প্ৰস্তুতি কৰা হৈছিল৷ বিয়াল্লিছৰ ১০ আগষ্টৰ দিনা হলধৰ ভূঞাই বঢ়মপুৰৰ কংগ্ৰেছৰ কাৰ্যালয়ৰ সম্মুখতে এখন বিশাল সভাত ভাষণ দি ৰাইজক আন্দোলনত জঁপিয়াই পৰিবলৈ আহ্বান জনাইছিল৷ এই ঘটনাৰ পিছদিনাই আৰক্ষীয়ে ভূঞাক গ্ৰেপ্তাৰ কৰে আৰু কংগ্ৰেছৰ কাৰ্যালয়ত তলা ওলোমাই দিয়ে৷ তাৰপাছত ১৬ আগষ্টৰ দিনা “তিলক ডেকা, ক’লাই কোছ, গুণাভি বৰদলৈ, হেমৰাম বৰা আৰু হেমৰাম পাটৰ’’ৰ স্মৃতিত পালন কৰা পঞ্চবীৰ শ্বহীদ দিৱসৰ বাবে প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি ৰাখিলেও ৰাইজে বলপুৰ্বক বঢ়মপুৰ কংগ্ৰেছৰ কাৰ্যালয়ৰ তলা খুলি মুকলি কৰে৷ এই কামত আগভাগ লয় লক্ষী হাজৰিকাই৷ ১৮ আগষ্টৰ দিনা অঞ্চলটোৰ ৰাইজে মিলি ভোজ খোৱাৰ উদ্দেশ্যে মিলিত হয় আৰু প্ৰশাসনে বলৱৎ হৈ থকা ১৪৪ ধাৰা আইন ভংগৰ পোটক তুলিবলৈ পুলিচ-প্ৰশাসন লৈ অতৰ্কিতে উপস্থিত হয় আৰু নিৰ্বিচাৰে লাঠীচালনা কৰাৰ উপৰি গুলীচালনাও কৰে৷ এই গুলীচালনাত লক্ষী হাজৰিকা, বলো সুত আৰু ঠগী সুত আঘাতপ্ৰাপ্ত হৈ ঢলি পৰে৷২ সেইদিনা ভোগেশ্বৰী ফুকননী আৰু ৰত্না ফুকনৰ কংগ্ৰেছৰ পতাকাখন লৈ পুলিচ-মিলিটাৰীৰ সৈতে হোৱা টনা-আঁজোৰাত ভোগেশ্বৰী ফুকননী গুলীৰ আঘাতত ঢলি পৰাত লক্ষী হাজৰিকাই পুলিচক আগভেটি ধৰিছিল৷৩ ইয়াৰ ফলতেই লক্ষী হাজৰিকাৰ ডিঙিত গুলী লাগিছিল৷ মৃত্যুৰ আগমুহূৰ্তত তেওঁ তেওঁৰ জেপত থকা “ছয় পইচা’’ ধন দেশসেৱাৰ বাবে আগবঢ়াই থৈ যায়৷ এই ঘটনাত ভোগেশ্বৰী ফুকননীও গুৰুতৰভাবে আহত হয় আৰু তেওঁক ততাতৈয়াকৈ ঘৰলৈ লৈ যায়৷ তিনিজন শ্বহীদ লক্ষী হাজৰিকা, বলো সুত আৰু ঠগী সুতৰ মৃতদেহ লৈ শোভাযাত্ৰা কৰি ৰাতিটো কংগ্ৰেছ কাৰ্যালয়ৰ আগতে ৰাখি পিছদিনা পুৱা শেষ কৃত্য সম্পন্ন কৰা হয়৷১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লক্ষী হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৩৭৫৭১৭ (২৬ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।