ললিত কুমাৰ বৰুৱা অসমৰ এগৰাকী চিকিৎসক, সাহিত্যিক আৰু সমাজহিতৈষী ব্যক্তি আছিল। তেখেতৰ নিজৰ গ্ৰন্থ প্ৰকাশন আৰু ফাৰ্মাচী আছিল। বৰুৱাৰ প্ৰকাশনটোৰ নাম- ‘বিজয় প্ৰকাশ ভৱন’ আৰু ফাৰ্মাচীখনৰ নাম আছিল- ‘মাধৱদেৱ মেডিকেল হ’ল’। তেখেতেই নেতৃত্ব বহন কৰি নগাঁৱত হলধৰ ভূঞা সমন্বিতে শ্ৰীমন্ত শঙ্কৰ মিশ্যনৰ জন্ম দিয়ে। বৰুৱাৰ ‘ইলা ভনীটিলৈ মুকলি চিঠি’ শীৰ্ষক তিনিটা খণ্ডৰ যৌনবিজ্ঞান বিষয়ক গ্ৰন্থকেইখন ললিত কুমাৰ বৰুৱাৰ শ্ৰেষ্ঠ সাহিত্যকৃতি।১ তদুপৰি তেখেতে ইলা বৰুৱা ছদ্মনামতো সাহিত্য ৰচনা কৰিছিল।২
প্ৰাৰম্ভিক জীৱন
তেখেতৰ জন্ম হয় ১৮৯০ চনৰ নৱেম্বৰ মাহৰ ২ তাৰিখে পুৰণি গুডাম অঞ্চলৰ কৰ্হালৰ চুকত। পিতৃৰ নাম বিজয়ৰাম বৰুৱা৷ ললিত কুমাৰ বৰুৱাৰ ভাতৃ-ভগ্নী ৬জন। তেওঁলোক হ’ল- প্ৰিয়বালা, সুশীল কুমাৰ, বিৰিঞ্চি কুমাৰ, ক্ষীৰোদ কুমাৰ লাবণ্য প্ৰভা আৰু প্ৰহ্লাদ কুমাৰ।২
তেখেতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে নগাঁও জিলা মিডল ভাৰ্নেকুলাৰ স্কুলৰপৰা। এইখন বঙলা ভাষাৰ স্কুল আছিল। ১৯৯৯ চনত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হয়। প্ৰথম বছৰ পৰীক্ষাত অনুতীৰ্ণ হয় যদিও পৰৱৰ্তী বৰ্ষত তেখেতে পৰীক্ষাত উত্তীৰ্ণ হয়। ইয়াৰ পাছত তেখেতে ১৯২০ চনত ডিব্ৰুগড়স্থিত বেৰী হুৱাইট মেডিকেল স্কুলত পঢ়িবলৈ লয় আৰু ১৯২৪ চনত ডাক্টৰ ডিগ্ৰী লাভ কৰে। ১৯২৫ চনত তেখেতে লাইচেঞ্চিয়েট মেডিকেল প্ৰেকটিশ্যনাৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে।১
পৰৱৰ্তী জীৱন
১৯২৭ চনত তেখেতৰ বিবাহ সম্পন্ন হয়। পত্নীৰ নাম কুসুম কুমাৰী। তেখেতে ১৯৫৫ চনত পোৱাল চন্দ্ৰ দুৱৰাৰ সৈতে ইউৰোপ ভ্ৰমণ কৰিবলৈ যাত্ৰা কৰে। তেখেতে নগাঁৱত মাধৱদেৱ মেডিকেল হ’ল নামেৰে এখন ফাৰ্মাচী খুলি কৰ্মজীৱনৰ আৰম্ভ কৰে। এইখনেই নগাঁৱৰ প্ৰথম ফাৰ্মেচী। তেখেতৰ মৃত্যু হয় ১৯৬০ চনৰ ২৭ জুনত।১
ৰচনাৰাজি
- স্বাস্থ্যৰ বিষয়ে আষাৰ চেৰেক কথা
- মাতৃ-মংগল
- শিশু-মংগল
- প্ৰৱেশিকা স্বাস্থ্য বিজ্ঞান (এই গ্ৰন্থখন ১৯৩৮ চনত কলিকতা বিশ্ববিদ্যালয়ে মেট্ৰিকুলেশ্যন পৰীক্ষাৰ পাঠ্যপুথি হিচাপে স্বীকৃতি দিয়ে)
- অহা মানুহ পিয়লত অসমীয়াৰ কৰ্তব্য (পুস্তিকা, ১৯৪০)
- ইউৰোপৰ বাটত (১৯৫৬)
- ইলা ভনীটিলৈ মুকলি চিঠি, তিনিটা খণ্ড
- ককাইদেউলৈ মকুলি চিঠি (ইলা বৰুৱা ছদ্মনামত, ১৯৪৬)
- প্ৰাথমিক প্ৰতিবিধান
- চকুৰ ৰোগ আৰু তাৰ প্ৰতিকাৰ
- যক্ষ্মাৰেগ আৰু তাৰ প্ৰতিকাৰ
- সমাজ্য কল্যাণৰ ক-খ
- ধাত্ৰী শিক্ষা
- অসম আৰু অসমৰ সমস্যা
- বিদ্ৰোহী অসম
- গীতা প্ৰৱেশ
- সন্তানৰ মনোবিকাশ
- Whither Assam
- মহাপুৰুষ মাধৱদেৱ
- স্বামী বিবেকানন্দ
- বাপুজীৰ আত্মকথা
- দিল্লী ডায়েৰী (বাপুজীৰ প্ৰাৰ্থনা সভাৰ কথা)
- ল’ৰাৰ জৱাহৰলাল
- মহামুনি বুদ্ধ
- শঙ্কৰদেৱৰ প্ৰতিচ্ছবি আমাক লাগেনে?
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ললিত কুমাৰ বৰুৱা” প্ৰবন্ধৰ সংশোধন ৩৭৮৪১১ (১৭ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।