অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লতিকা সৰকাৰ

লতিকা সৰকাৰ (Lotika Sarkar, ৪ জানুৱাৰী ১৯২৩ – ২৩ ফেব্ৰুৱাৰী ২০১৩) ভাৰতৰ এগৰাকী উল্লেখনীয় নাৰীবাদী, সমাজকৰ্মী, শিক্ষাবিদ আৰু অধিবক্তা আছিল, যি ভাৰতৰ নাৰী অধ্যয়ন আৰু মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল৷ ১৯৮০ চনত স্থাপিত দিল্লীৰ চেণ্টাৰ ফৰ ৱমেনছ ডেভেলপমেণ্ট ষ্টাডিজ (চি ডব্লিউ ডি এছ)…

হালনাগাদ: ৫ মাৰ্চ ২০২৫ ২৬৮ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

লতিকা সৰকাৰ (Lotika Sarkar, ৪ জানুৱাৰী ১৯২৩ – ২৩ ফেব্ৰুৱাৰী ২০১৩) ভাৰতৰ এগৰাকী উল্লেখনীয় নাৰীবাদী, সমাজকৰ্মী, শিক্ষাবিদ আৰু অধিবক্তা আছিল, যি ভাৰতৰ নাৰী অধ্যয়ন আৰু মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল৷ ১৯৮০ চনত স্থাপিত দিল্লীৰ চেণ্টাৰ ফৰ ৱমেনছ ডেভেলপমেণ্ট ষ্টাডিজ (চি ডব্লিউ ডি এছ) আৰু ১৯৮২ চনত স্থাপিত ইণ্ডিয়ান এছ’চিয়েশ্যন ফৰ ৱমেন ষ্টাডিজৰ প্ৰতিষ্ঠাপক সদস্য হিচাপে ১৯৫১ চনৰ পৰা ১৯৮৩ চনলৈকে দিল্লী বিশ্ববিদ্যালয়ৰ তেওঁ আইন অনুষদত আইন অধ্যাপনা কৰিছিল আৰু লগতে আইন অনুষদৰ মুৰব্বীও আছিল৷ ইয়াৰ পিছত তেওঁ ভাৰতীয় আইন শিক্ষানুষ্ঠানত অধ্যাপনা কৰে। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা তেওঁ প্ৰথমগৰাকী ভাৰতীয় মহিলা৷ তেওঁ পিছলৈ ১৯৫১ চনত বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়ত পি এইচ ডি ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলাও হয়।

প্ৰাথমিক জীৱন আৰু শিক্ষা

১৯২৩ চনত জন্মগ্ৰহণ কৰা তেখেতে পশ্চিম বংগৰ এটা অভিজাত পৰিয়ালত ডাঙৰ-দীঘল হৈছিল, য'ত তেওঁৰ পিতৃ ছাৰ ধীৰেন মিত্ৰ ভাৰতৰ আগশাৰীৰ অধিবক্তা আছিল।.১

ৰকাৰে কেম্ব্ৰিজৰ নিউনহাম কলেজত আইন অধ্যয়ন কৰিছিল আৰু অধ্যয়ন কৰা আৰু তাৰ পিছত বিশ্ববিদ্যালয়খনৰ পৰাও স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে পৰিগণিত হৈছিল।২৩৪ পিছলৈ তেওঁ আইন বিষয়ত পি এইচ ডিত লাভ কৰে৷ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত ১৯৫১ চনত এই ডিগ্ৰী তেওঁক প্ৰদান কৰা হয়।৫৬ ইয়াৰ পিছত ১৯৬০ চনত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত তেওঁ আন্তঃৰাষ্ট্ৰীয় আইন অধ্যয়ন কৰে, য'ত তেওঁ চাৰিগৰাকী ভাৰতীয় ছাত্ৰীৰ ভিতৰত অন্যতম আছিল৷ ১৯৬১ চনত সৰকাৰ ভাৰতলৈ উভতি আহে।৬

কৰ্মজীৱন

৯৫৩ চনত যেতিয়া সৰকাৰে দিল্লী বিশ্ববিদ্যালয়ৰ আইন অনুষদত অধ্যাপনা আৰম্ভ কৰিছিল তেতিয়া তেওঁ অনুষদৰ প্ৰথমগৰাকী মহিলা প্ৰবক্তা আছিল। আইন এতিয়াও মহিলাৰ বাবে এটা নতুন ক্ষেত্ৰ আছিল৷ প্ৰথম অৱস্থাত এই পাঠ্যক্ৰমত মাত্ৰ ১০ গৰাকী ছোৱালী আছিল, যিটো সংখ্যা ১৯৬০ চনৰ ভিতৰত ৮০–১০০ লৈ বৃদ্ধি পাইছিল।১৬ ১৯৮৩ চনলৈকে তেওঁ ইয়াত অধ্যাপনা কৰিছিল আৰু বিশিষ্ট আইনবিদ আৰু উকীলসকলক পঢ়ুৱাইছিল৷ তেওঁ ডন বিশ্ববিদ্যালয়তো আইন অনুষদৰ মুৰব্বী হৈছিল।৫২৭

১৯৮০ চনত বিনা মজুমদাৰে প্ৰতিষ্ঠা কৰা চেণ্টাৰ ফৰ ৱমেনছ ডেভেলপমেণ্ট ষ্টাডিজ (CWDS), দিল্লীৰ প্ৰতিষ্ঠাপক সদস্য হয়৷ এই অনুষ্ঠানটোৱে ভাৰতৰ মহিলাৰ অধ্যয়নৰ গতিপথত প্ৰভাৱ পেলোৱা এক প্ৰভাৱশালী প্ৰতিষ্ঠানলৈ পৰিণত হয়।৮ ১৯৮০ আৰু '৯০ দশকৰ ভিতৰত তেওঁ দিল্লীৰ ভাৰতীয় আইন প্ৰতিষ্ঠানত অপৰাধমূলক আইন অধ্যাপনা কৰিছিল।১৫ ১৯৮২ চনত তেওঁ স্থাপিত ইণ্ডিয়ান এছ'চিয়েচন ফৰ ৱমেনছ ষ্টাডিজৰ প্ৰতিষ্ঠাপক সদস্যও হৈছিল।৯

ব্যক্তিগত জীৱন

কেম্ব্ৰিজত পঢ়ি থকাৰ সময়তে ১৯৫১ চনত লতিকা সৰকাৰে চঞ্চল চৰকাৰক লগ পায়৷ ১৯৫৭ চনত তেওঁলোকৰ বিবাহ হয়।৬ চাঞ্চল চৰকাৰে ১৯৬৩ চনত এজন বিশিষ্ট সাংবাদিক, দ্য ষ্টেটছমেনৰ সহকাৰী সম্পাদক আৰু প্ৰেছ ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ প্ৰতিষ্ঠাপক সঞ্চালক হিচাপে পৰিগণিত হয়৷ ২০০৫ চনৰ ১০ অক্টোবৰত দিল্লীত তেওঁৰ মৃত্যু হয়।১০১১ তেওঁলোকৰ কোনো সন্তান নাছিল৷১২

তথ্যসূত্ৰ

  1. ↑ (8 April 2013). In Remembrance: Professor Lotika Sarkar (1923–2013). Bar and Bench
  2. ↑ Indu Agnihotri. (18 May 2013). Remembering Lotika Sarkar (1923–2013). Economic and Political Weekly
  3. ↑ (25 February 2013). In memoriam: Lotika Sarkar 1923 – 2013. feministsindia.com
  4. ↑ Malini Chib. (11 January 2011). One Little Finger. SAGE Publications. পৃ. 7. ISBN 978-81-321-0671-5
  5. ↑ (24 February 2013). Latika Sarkar, former head of DU law faculty, no more. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  6. ↑ (26 July 1961). Lawyer Here From India. The Age, Australia
  7. ↑ (27 March 2009). Lotika's friends meet Prez to seek justice. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  8. ↑ Nagarajan, Rema. (8 March 2010). Educated middle class women are selfish. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  9. ↑ Founding Members. Indian Association for Women's Studies
  10. ↑ (11 October 2005). Chanchal Sarkar dead. দ্য হিন্দু
  11. ↑ (17 October 2005). OBITUARY: Chanchal Sarkar (1926–2005). The Telegraph
  12. ↑ (15 January 2009). Latika hasn't run out of options. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় অধিবক্তানাৰীবাদীঅধিবক্তাভাৰতৰ নাৰীসমাজকৰ্মীভাৰতৰ মহিলা সমাজকৰ্মীশিক্ষাবিদভাৰতীয় ব্যক্তিবিংশ শতিকাৰ ভাৰতীয় মহিলা বিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লতিকা সৰকাৰ” প্ৰবন্ধৰ সংশোধন ৪৮৭১০৯ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।