অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লক্ষ্মী এন মেনন

লক্ষ্মী এন মেনন ( Lakshmi N. Menon; ২৯ মাৰ্চ ১৮৯৯ – ৩০ নৱেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু ৰাজনীতিবিদ আছিল। ১৯৬২ চনৰ পৰা ১৯৬৬ চনলৈকে তেওঁ ৰাজ্যিক মন্ত্ৰী আছিল।

হালনাগাদ: ৫ মাৰ্চ ২০২৫ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

লক্ষ্মী এন মেনন ( Lakshmi N. Menon; ২৯ মাৰ্চ ১৮৯৯১ – ৩০ নৱেম্বৰ ১৯৯৪) এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী২ আৰু ৰাজনীতিবিদ আছিল। ১৯৬২ চনৰ পৰা ১৯৬৬ চনলৈকে তেওঁ ৰাজ্যিক মন্ত্ৰী আছিল।৩ ১৯৪৮ চনৰ ডিচেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত এগৰাকী প্ৰতিনিধি হিচাপে তেওঁ মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাৰ আদৰণি জনাই ভাষণ দিছিল।৪

কৰ্মজীৱন

১৯৫২ চনৰ পৰা ১৯৬৬ চনলৈকে তেওঁ ৰাজ্যসভাৰ সদস্য আছিল।৫ তেওঁ ১৯৫২ চনৰ পৰা ১৯৫৭ চনলৈকে তেওঁ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ত সংসদীয় সচিব হিচাপে, ১৯৫৭ চনৰ পৰা ১৯৬২ চনলৈকে উপ-মন্ত্ৰী হিচাপে আৰু ১৯৬৬ চনলৈকে ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৬৭ চনত ৰাজনৈতিক সেৱাৰ পৰা অৱসৰ গ্ৰহণ কৰি তেওঁ সামাজিক কাম আৰু লগতে লিখাৰ প্ৰতি আগবাঢ়ে। তেওঁ অন্যান্য বিষয়ৰ লগতে অক্সফৰ্ড ইউনিভাৰ্চিটি প্ৰেছৰ দ্বাৰা প্ৰকাশিত অক্সফৰ্ড পেম্ফ্লেটছ অন ইণ্ডিয়ান এফেয়াৰ্ছ ছিৰিজৰ বাবে ভাৰতীয় মহিলাৰ ওপৰত এখন কিতাপ ৰচনা কৰে। তেওঁ ভাৰতৰ বিশ্ববিদ্যালয় মহিলা ফেডাৰেচন প্ৰতিষ্ঠা কৰাত সহায় কৰিছিল।৬ তেওঁৰ সেৱাৰ স্বীকৃতি স্বৰূপে ১৯৫৭ চনত পদ্মভূষণ বঁটা লাভ কৰে আৰু এই বঁটা লাভ কৰা তেওঁ দ্বিতীয় মালয়ালী ব্যক্তি।৭

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Unsung Heroes Detail, Ministry of Culture
  2. ↑ Lakshmi, C.S. (2 March 2000). Strong voice, solid ideas. দ্য হিন্দু
  3. ↑ Adami, Rebecca. (2019). Women and the Universal Declaration of Human Rights. Routledge. পৃ. 146. ISBN 9780429437939
  4. ↑ University of Kerala, Thiruvananthapuram. way2universities.com
  5. ↑ Women Members of the Rajya Sabha. Rajya Sabha Secretariat. New Delhi, 2003
  6. ↑ Bālā, U.; Sharma, A. (1986). Indian Women Freedom Fighters, 1857–1947. Manohar. পৃ. 74. ISBN 9788185054131
  7. ↑ (2015). Padma Awards. Ministry of Home Affairs, Government of India

সম্পৰ্কিত শ্ৰেণী

ৰাজ্যসভাৰ সাংসদভাৰতীয় ৰাজনীতিবিদপদ্মভূষণ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লক্ষ্মী এন মেনন” প্ৰবন্ধৰ সংশোধন ৪৮৭১০৮ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।