জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মৰিন চাৰুণী
মৰিন চাৰুণী (ইংৰাজী: Maureen Charuni; জন্ম: ১৯ ছেপ্টেম্বৰ, ১৯৬৩), সম্পূৰ্ণ নাম কুৰুকুলাসূৰ্য মৰিন অ’হাৰা পেৰা, শ্ৰীলংকান চলচ্চিত্ৰ, মঞ্চ আৰু দূৰদৰ্শনৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী।
-
মৰিয়ম কাছিম
মৰিয়ম কাছিম (ছোমালি: মৰিয়াম কাছিম আক্সমেদ, আৰবী: مريم قاسم) এগৰাকী ছোমালি ৰাজনীতিবিদ। ২০১২ চনৰ নৱেম্বৰৰ পৰা ২০১৪ চনৰ জানুৱাৰীলৈকে ছোমালিয়াৰ মানৱ উন্নয়ন আৰু জনসেৱা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ টায়ো ৰাজনৈতিক দলৰ অধ্যক্ষও।
-
মৰিয়ম ঘনী
মৰিয়ম ঘনী (পশতু/দাৰি: مریم غنی; জন্ম: ১৯৭৮) এগৰাকী আমেৰিকান দৃশ্য শিল্পী, ফটোগ্ৰাফাৰ, চলচ্চিত্ৰ নিৰ্মাতা আৰু সমাজকৰ্মী। বেনিংটন কলেজৰ ভিজুৱেল আৰ্টছ ফেকাল্টিৰ এগৰাকী সদস্য ঘনী হ’ল চিত্ৰা গণেশৰ সহযোগী তথা অংশীদাৰ আৰু ৰিয়ান লী গেলেৰীয়ে তেওঁক প্ৰতিনিধিত্ব কৰে।
-
মৰিয়ম ছাইদ
মৰিয়ম ছাইদ (ইংৰাজী: Mariyam Saeed; ২৭ মাৰ্চ ১৯৩৩ – ২৬ এপ্ৰিল ২০১৮) মালদ্বীপৰ এগৰাকী কবি আছিল। তেওঁ মালদ্বীপৰ ৰাষ্ট্ৰপতি ইব্ৰাহিম নাছিৰৰ দ্বিতীয় পত্নী হিচাপে ১৯৬৮ চনৰ নৱেম্বৰৰ পৰা ১৯৬৯ চনৰ মে' মাহলৈকে মালদ্বীপৰ 'ফাৰ্ষ্ট লেডী' আছিল।
-
মৰিয়ম জাকাৰিয়া
মৰিয়ম জাকাৰিয়া হৈছে ইৰানত জন্মগ্ৰহণ কৰা এগৰাকী অভিনেত্ৰী আৰু মডেল, যিয়ে প্ৰধানকৈ ভাৰতীয় চলচ্চিত্ৰত কাম কৰে। তেওঁ হিন্দী, তেলেগু আৰু তামিল ভাষাৰ বোলছবিত অভিনয় কৰিছে। তেওঁ বিশেষকৈ মদথা কাজা, এজেণ্ট বিনোদ আৰু গ্ৰেণ্ড মাষ্টি দৰে বোলছবিত কৰা অভিনয়ৰ বাবে জনাজাত।
-
মৰিয়ম মিৰবাগেৰী
মৰিয়ম মিৰবাগেৰী (ফাৰ্চী: مریم میرباقری; জন্ম ১৮ ফেব্ৰুৱাৰী), তেওঁৰ পেছাদাৰী নাম মাৰিয়ামা হিচাপে বেছি জনাজাত। তেওঁ লছ এঞ্জেলছত বসবাস কৰা এগৰাকী ইৰানী-আমেৰিকান সংগীতজ্ঞ, সংগীত প্ৰবন্ধক আৰু উদ্যোগী।
-
মৰিয়ম ৰায়েদ
মৰিয়ম ৰায়েদ (Maryam Rayed) হৈছে মানৱ অধিকাৰৰ এগৰাকী আফগান সমৰ্থক৷ আফগানিস্তানৰ মহিলা আৰু যুৱক-যুৱতীসকলৰ সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি শান্তি, স্বাধীনতা আৰু সমতাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁ পৰিচিত।
-
মৰিয়াম আৰ্ছাকি আছলামাজিয়ান
মৰিয়াম আৰ্ছাকি আচলামাজিয়ান; ২০ অক্টোবৰ ১৯০৭ – ১৬ জুলাই ২০০৬ এগৰাকী ছোভিয়েট আৰ্মেনিয়ান চিত্ৰশিল্পী আছিল আৰু আৰ্মেনিয়ান এছ এছ আৰৰ পিপলছ আৰ্টিষ্ট (১৯৬৫) আৰু ছোভিয়েট ইউনিয়নৰ পিপলছ আৰ্টিষ্ট (১৯৯০) হিচাপে স্বীকৃতি লাভ কৰিছিল।
-
মৰিয়াম চাবি তলাতা
মাৰিয়াম চাবি তালাতা জিমে ইয়েৰিমা (জন্ম ৭ জুলাই ১৯৬৩), বেনিনৰ এগৰাকী ৰাজনীতিবিদ যিয়ে ২০২১ চনৰ পৰা বেনিনৰ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। উপ-সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ পূৰ্বে তেওঁ ৰাষ্ট্ৰীয় বিধানসভাৰ সদস্য আৰু পাৰাকৌৰ পৌৰসভাৰ কাউন্সিলাৰ আছিল।
-
মৰিষ্কা পোখৰেল
মৰিষ্কা পোখৰেল (मरिष्का पोखरेल) এগৰাকী নেপালী চলচ্চিত্ৰ অভিনেত্ৰী, মডেল আৰু চিত্ৰশিল্পী। ‘মৰিষ্কা’ নামটো তেওঁৰ পৰিয়াল প্ৰদত্ত নাম। এই হিব্ৰু ভাষাৰ নামটোৰ অৰ্থ হৈছে জলপৰী বা সাগৰৰ দেৱী। ২০১৬ চনত, আকাশ অধিকাৰীৰ পৰিচালনাত নিৰ্মিত কে ম তিম্ৰো হৈন ৰ নামৰ ছবিখনত অভিনয়েৰে তেওঁ চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰে।
-
ম’য়া কেনন
ম’য়া কেনন ( Moya Cannon; জন্ম: ১৯৫৬) এগৰাকী আইৰিছ লেখিকা আৰু কবি আৰু তেওঁৰ সাতখন প্ৰকাশিত সংকলন আছে, শেহতীয়াকৈ মানচেষ্টাৰৰ Carcanet Pressৰ পৰা ২০২১ চনত কবিতা সংকলন প্ৰকাশ পায়।
-
যতীন্দ্ৰনাথ দাস
যতীন্দ্ৰনাথ দাস (২৭ অক্টোবৰ ১৯০৪ – ১৩ ছেপ্টেম্বৰ ১৯২৯), “যতীন দাস" নামেৰে অধিক পৰিচিত, এগৰাকী ভাৰতীয় স্বাধীনতা সংগ্ৰামী আৰু বিপ্লৱী আছিল। দেশৰ স্বাধীনতাৰ লক্ষ্যত তেওঁ ব্ৰিটিছ ৰাজৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল আৰু হিন্দুস্থান ছ'চিয়েলিষ্ট ৰিপাব্লিকান এচ’চিয়েচনৰ সদস্য আছিল।
-
যমুনা দেৱী
যমুনা দেৱী (Jamuna Devi, ১৯২৯ চনৰ ১৯ নৱেম্বৰ – ২০১০ চনৰ ২৪ ছেপ্টেম্বৰ) মধ্যপ্ৰদেশৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এগৰাকী নেত্ৰী আছিল। মধ্যপ্ৰদেশ বিধানসভাৰ তেওঁ সদস্য আছিল৷ লগতে তেওঁ বিৰোধীৰ নেত্ৰী আৰু ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
যমুনা শৰণ সিং
যমুনা শৰণ সিং (Jamuna Sharan Singh; জন্ম ১৯৪১) এগৰাকী ভাৰতীয় পৰিৱেশ বিজ্ঞানী, শিক্ষাবিদ আৰু বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান আৰু পৰিৱেশ বিজ্ঞানৰ প্ৰাক্তন প্ৰাধ্যাপক।
-
যমুনাবাই ৱাইকৰ
যমুনাবাই ৱাইকৰ (ইংৰাজী: Yamunabai Waikar; ৩১ ডিচেম্বৰ ১৯১৫ – ১৫ মে' ২০১৮), সংগীত আৰু নৃত্যৰ সৈতে জড়িত মাৰাঠী লোক পৰম্পৰা লাৱনী আৰু তামাছা লোকশিল্পৰ বিশেষজ্ঞতাৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় লোকশিল্পী।
-
যমুনালাল বাজাজ
যমুনালাল কানিৰাম বাজাজ জন্ম হৈছিল ৪ নৱেম্বৰ ১৮৮৯ চনত –মৃত্যু ১১ ফেব্ৰুৱাৰী ১৯৪২ চন। যমুনালাল বাজাজ আছিল এজন ভাৰতীয় ব্যৱসায়ী আৰু ৰাজনীতিবিদ। ১৯২০ চনত তেওঁ বাজাজ গ্ৰুপ অৱ কোম্পানী প্ৰতিষ্ঠা কৰে আৰু বৰ্তমান এই গোটৰ ২৪টা কোম্পানী আছে। ইয়াৰে ছটা কোম্পানী বৰ্চত তালিকাভুক্ত কৰা হৈছে।
-
যশপাল
যশপাল সিং আছিল হিন্দী ভাষাৰ, একাধাৰে এগৰাকী লেখক, প্ৰবন্ধকাৰ, ৰাজনৈতিক বিশ্লেষক, সমাজবাদী আদৰ্শত বিশ্বাসী লোক। যশপালৰ জন্ম হৈছিল ১৯০৩ চনৰ ৩ ডিচেম্বৰত আৰু মৃত্যু হৈছিল ১৯৭৬ চনৰ ২৬ ডিচেম্বৰত।
-
যশস্বী জয়ছোৱাল
যশস্বী ভূপেন্দ্ৰ কুমাৰ জয়ছোৱাল (Yashasvi Jaiswal, জন্ম ২৮ ডিচেম্বৰ ২০০১) ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটাৰ যি ভাৰতীয় ক্ৰিকেট দলৰ হৈ টেষ্ট আৰু টি-২০ত খেলে।
-
যশিকা আনন্দ
যশিকা আনন্দ (ইংৰাজী: Yashika Aannand; জন্ম: ৪ আগষ্ট ১৯৯৯) এগৰাকী ভাৰতীয় অভিনেত্ৰী, মডেল আৰু টেলিভিছন ব্যক্তিত্ব, যিয়ে মূলতঃ তামিল চলচ্চিত্ৰ আৰু টেলিভিছন অনুষ্ঠানত কাম কৰে।
-
যশোদা বিমলধৰ্ম
যশোদা বিমলধৰ্ম (යශෝධා විමලධර්ම) হৈছে শ্ৰীলংকান চলচ্চিত্ৰ, মঞ্চ নাটক আৰু টেলিভিছনৰ এগৰাকী অভিনেত্ৰী। প্ৰায়ে "সৰু পৰ্দাৰ নিৰ্দোষী" বুলি অভিহিত বিমলধৰ্মই তিনি দশকৰো অধিক সময়ৰ কেৰিয়াৰত চিনেমা, টেলিভিছন আৰু থিয়েটাৰত পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে।
-
যশোদাবেন মোদী
যশোদাবেন নৰেন্দ্ৰভাই মোদী (জন্ম নাম: চিমনলাল মোডী; জন্ম ১৯৫২) এগৰাকী ভাৰতীয় প্ৰাক্তন বিদ্যালয় শিক্ষক আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিচ্ছিন্ন পত্নী। ১৯৬৮ চনত তেওঁৰ বয়স ১৬/১৭ আৰু মোদীৰ বয়স ১৮ বছৰত তেওঁলোকৰ বিবাহ হয়। বিয়াৰ দুবছৰমানৰ পাছত তেওঁৰ স্বামী নৰেন্দ্ৰ মোদীয়ে তেওঁক পৰিত্যাগ কৰে।
-
যশোধৰা বাগচী
যশোধৰা বাগচী ( Jasodhara Bagchi; ১৯৩৭-৯ জানুৱাৰী ২০১৫) আছিল এগৰাকী আগশাৰীৰ ভাৰতীয় নাৰীবাদী অধ্যাপিকা, লেখিকা, সমালোচক আৰু কৰ্মী। তেওঁ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ স্কুল অফ ৱুমেনছ্ ষ্টাডিজৰ প্ৰতিষ্ঠাপক আৰু সঞ্চালক আছিল।
-
যশোধৰা ৰাজে সিন্ধিয়া
যশোধৰা ৰাজে সিন্ধিয়া (জন্ম-১৯ জুন ১৯৫৪) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ৷ তেওঁ শিৱৰাজ সিং চৌহানৰ অধীনত মধ্যপ্ৰদেশৰ ক্ৰীড়া আৰু যুৱ কল্যাণ, কাৰিকৰী শিক্ষা, দক্ষতা বিকাশ আৰু নিয়োগ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মধ্যপ্ৰদেশ চৰকাৰৰ বাণিজ্য, উদ্যোগ আৰু নিয়োগ বিভাগৰো তেওঁ প্ৰাক্তন মন্ত্ৰী।
-
যশোধৰা ৰায়চৌধুৰী
যশোধৰা ৰায়চৌধুৰী (জন্ম: ১৯৬৫) এগৰাকী ভাৰতীয় কবি। তেওঁ কেইবাখনো বাংলা কবিতা সংকলন ৰচনা কৰিছে। ১৯৯৮ চনত তেওঁক কৃত্তিবাস পত্ৰিকাৰ তৰফৰপৰা কৃত্তিবাস পুৰস্কাৰ প্ৰদান কৰা হৈছিল। যশোধৰা মূল ফৰাচী ভাষাৰপৰা বাংলালৈ অনুবাদ কৰা এগৰাকী অনুবাদকো।
-
যশৱন্ত সিং
যশৱন্ত সিং (; ৩ জানুৱাৰী ১৯৩৮ – ২৭ ছেপ্টেম্বৰ ২০২০) আছিল ভাৰতীয় সেনাৰ এজন বিষয়া আৰু কেন্দ্ৰীয় চৰকাৰৰ এজন কেবিনেট মন্ত্ৰী। তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ (বিজেপি) অন্যতম প্ৰতিষ্ঠাপক সদস্য আছিল আৰু ভাৰতৰ আটাইতকৈ দীঘলীয়া সময়লৈকে কাৰ্যনিৰ্বাহ কৰা সাংসদসকলৰ ভিতৰত এজন আছিল।
-
য়'ক' টাৱাডা
য়'ক' টাৱাডা (多和田葉子 Tawada Yōko,, জন্ম ২৩ মাৰ্চ, ১৯৬০) বৰ্তমান জাৰ্মানীৰ বাৰ্লিনত বাস কৰা এগৰাকী জাপানী লেখক। তেওঁ জাপানী আৰু জাৰ্মান দুয়োটা ভাষাতে লিখে।
-
য়'হান ৱল্ফগাং ফন গ্যটে
য়’হান ৱল্ফগাং ফন গ্যটে (Johann Wolfgang von Goethe,; ২৮ আগষ্ট ১৭৪৯ – ২২ মাৰ্চ ১৮৩২) আছিল এজন জাৰ্মান কবি, ঔপন্যাসিক, নাট্যকাৰ, বিজ্ঞানী আৰু চিন্তাবিদ। তেওঁ ইউৰোপৰ সাহিত্য, দৰ্শন, আৰু বিজ্ঞানৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছিল।
-
য়নমি পাৰ্ক
য়নমি পাৰ্ক (কোৰিয়ান: 박연미; জন্ম ৪ অক্টোবৰ ১৯৯৩) হৈছে এগৰাকী উত্তৰ কোৰিয়াৰ পলাতক, ইউটিউবাৰ, লেখিকা আৰু আমেৰিকান ৰক্ষণশীল সক্ৰিয়বাদী, যাক "বিশ্বৰ আটাইতকৈ প্ৰসিদ্ধ উত্তৰ কোৰিয়াৰ পলাতকসকলৰ অন্যতম" বুলি বৰ্ণনা কৰা হৈছে।
-
য়াং লিং-ফু
য়াং লিং-ফু (ইংৰাজী: Yang Ling-fu; জন্ম: ১৬ ডিচেম্বৰ, ১৮৮৯ – ৪ ছেপ্টেম্বৰ, ১৯৭৮) এগৰাকী চীনা শিল্পী আছিল।
-
য়াকুব মেমন
য়াকুব আব্দুল ৰাজ্জাক মেমন মুম্বাইৰ অপৰাধ জগতৰ এজন কুখ্যাত ব্যক্তি যাক ১৯৯৩ চনৰ ১২ মাৰ্চ শুক্ৰবাৰে বোম্বাই (এতিয়া মুম্বাই) মহানগৰৰ বিভিন্ন স্থানত সংঘটিত হোৱা এলানি বোমা বিস্ফোৰণৰ অপৰাধিক ষড়যন্ত্ৰত জড়িত বুলি দোষী সাব্যস্ত কৰি ২০০৭ চনৰ ২৭ জুলাইত মুম্বাইৰ এখন বিশেষ টাডা আদালতে মৃত্যুদণ্ডৰ হুকুম…