অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লংকাম টেৰণ

লংকাম টেৰণ অসমৰ কাৰ্বি জনগোষ্ঠীৰ এগৰাকী লেখক। তেওঁক কাৰ্বি আৰু অসমীয়া ভাষা-সাহিত্যলৈ প্ৰভুত বৰঙণি আগবঢ়োৱা সকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। কাৰ্বি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা টেৰণে অসমীয়া আৰু কাৰ্বি উভয় ভাষাতে সাহিত্য চৰ্চা…

হালনাগাদ: ৬ জানুৱাৰী ২০২২ ১৫৮ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

লংকাম টেৰণ অসমৰ কাৰ্বি জনগোষ্ঠীৰ এগৰাকী লেখক। তেওঁক কাৰ্বি আৰু অসমীয়া ভাষা-সাহিত্যলৈ প্ৰভুত বৰঙণি আগবঢ়োৱা সকলৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। কাৰ্বি সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা টেৰণে অসমীয়া আৰু কাৰ্বি উভয় ভাষাতে সাহিত্য চৰ্চা আৰু স্কুলীয়া পাঠ্যপুথিও প্ৰণয়ন কৰিছিল।

কৰ্মজীৱন

লংকাম টেৰণে প্ৰধান শিক্ষক ৰূপে কৰ্মজীৱন আৰম্ভ কৰি বিভিন্ন পদত কাৰ্যনিৰ্বাহ কৰি কাৰ্বি আংলং জিলাৰ পৰিষদৰ অধীনস্থ কাৰ্বি পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগমৰ অধ্যক্ষ পদত আসীন হৈ চৰকাৰী কৰ্মজীৱনৰ সামৰণি মাৰে। সৰ্বমুঠ আঠাইশখন মৌলিক গ্ৰন্থ আৰু পাঁচখন সম্পাদিত গ্ৰন্থকে ধৰি বহুসংখ্যক স্কুলীয়া পাঠ্যপুথিৰ ৰচনা কৰিছে।১

উল্লেখযোগ্য গ্ৰন্থ

  1. ‘কাৰ্বি জনগোষ্ঠী’
  2. ‘অবিসংবাদী জননেতা খৰচিং তেৰাং’
  3. ‘ছাৰ লামথে’
  4. ‘কাৰ্বি লামলিৰ আচিলি
  5. ‘ফিচাৰ্পি আত’ম’
  6. ‘কাৰ্বি লোকগীত’
  7. ‘লাম-কীৰ্তন’
  8. ‘কাৰ্বি সংস্কৃতিৰ উৎস’,
  9. ‘কাৰ্বি লামতাচাম’
  10. ‘কাৰ্বি লামমাৰজং কিমি’
  11. ‘ফি-ফু আত’ম’
  12. ‘সহজ কাৰ্বি শিক্ষা’
  13. ‘কাৰ্বি ভাষাৰ চমু পৰিচয়’
  14. 'কাৰবি আংলং জিলাৰ ভূগোল পৰিচয়'(১৯৮০)

উল্লেখযোগ্য সন্মান

লংকাম টেৰণ “কাৰ্বি লাম্মেত আমেই”ৰ (কাৰ্বি সাহিত্য সভা) প্ৰতিষ্ঠাপক সভাপতি (১৯৬৬ চন), অসম সাহিত্য সভাৰ উপ-সভাপতি(১৯৮৮ চন) হোৱাৰ উপৰি অসম চৰকাৰৰ দ্বাৰা সাহিত্যিক পেন্সনাৰ ৰূপে স্বীকৃত।

তথ্যসূত্ৰ

  1. ↑ বৰুৱা, বিদুল. লংকাম টেৰণৰ সান্নিধ্য আৰু কাৰ্বি লোক-সংস্কৃতিৰ কিছু কথা. https://xahitya.org/article/

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লংকাম টেৰণ” প্ৰবন্ধৰ সংশোধন ৩১০৩৩১ (৬ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।