অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লাইলা খান

লাইলা খান এগৰাকী পাকিস্তানী প্লেবেক গায়িকা। তেওঁৰ জন্ম হৈছিল ১৪ জুন ১৯৯৭ চনত।

হালনাগাদ: ২৮ অক্টোবৰ ২০২৫ ২৩০ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

লাইলা খান এগৰাকী পাকিস্তানী প্লেবেক গায়িকা। তেওঁৰ জন্ম হৈছিল ১৪ জুন ১৯৯৭ চনত।১২

প্ৰাথমিক জীৱন আৰু কেৰিয়াৰ

২০১৩ চনত খানে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, তেওঁৰ বেছিভাগ কামেই আছিল পাষ্টো ভাষাত প্ৰযোজনা কৰা। তেওঁৰ আন আন ৰচনাসমূহৰ ভিতৰত আৰবী আৰু উৰ্দু কবিতাও আছিল। তেওঁ মূলতঃ লেটুন প্ৰডাকচনৰ সৈতে কাম কৰিছে।৩

জা লাইলা ইয়ামা গীতেৰে তেওঁ প্ৰথমবাৰৰ বাবে সংগীত জীৱন আৰম্ভ কৰে। ২০১৫ চনত তেওঁ খবৰা দা পখতু দা আৰু ধীৰে ধীৰে ছে মেৰি জিন্দাগী মে আনা নামৰ গীতসমূহ প্ৰযোজনা কৰে যিবোৰ পাকিস্তান ছুপাৰ লীগ ক্ৰিকেট দল পেছাৱাৰ জালমীৰ বাবে ৰেকৰ্ডিং কৰা হয়। তেওঁ পলিউড চলচ্চিত্ৰ জগততো কাম কৰি আহিছে।

২০১৫ চনৰ জানুৱাৰী মাহত ২০১৪ চনৰ পেছাৱাৰ স্কুলৰ হত্যাকাণ্ডত প্ৰাণ হেৰুৱাই পেলোৱাসকলৰ স্মৃতিত লাইক জাদা লাইক (Laiq Zada Laiq) নামৰ পাষ্টো কবিয়ে লিখা আমান গীতটোৰ অন্যতম গায়ক আছিল খান।৪ ২০১৬ চনৰ মে’ মাহলৈকে খানে লেটুন প্ৰডাকচনৰ মালিক ফাৱাদ খানৰ সৈতে তেওঁৰ শেহতীয়া পাষ্টো এলবাম সম্পূৰ্ণ কৰাৰ কাম কৰি আছিল, যিটো এলবাম আৰ্মি পাব্লিক স্কুল পেছাৱাৰৰ ছাত্ৰ-ছাত্ৰী আৰু ২০১৪ চনৰ পেছাৱাৰ স্কুল হত্যাকাণ্ডত মৃত্যু হোৱা সকলোকে কেন্দ্ৰ কৰি আছিল। এই এলবামৰ দুটা গীত ইতিমধ্যে মুক্তি পাইছে।৩

২০১৬ চনত খান আন বিশ্বব্যাপী গায়কৰ সৈতে টিউনিছিয়াত একাধিক আন্তঃৰাষ্ট্ৰীয় কনচাৰ্টত অনুষ্ঠান পৰিৱেশন কৰিবলৈ পাকিস্তানৰ পৰা নিৰ্বাচিত প্ৰতিনিধি আছিল।৫৬৭৮ টিউনিছিয়াৰ সংগীত কনচাৰ্টত খানৰ অংশগ্ৰহণ "পাঁচ বছৰৰ আগতে আৰম্ভ হোৱা উগ্ৰপন্থী বিদ্ৰোহৰ দ্বাৰা প্ৰভাৱিত অঞ্চলত শান্তিৰ প্ৰসাৰ"ৰ ওপৰত কেন্দ্ৰিত বুলি কোৱা হয়। }৩৯ তেওঁ ফিউজন গীতৰ বাবেও পৰিচিত, যিটো তেওঁ পাষ্টো, উৰ্দু, ফৰাচী, ইংৰাজী আৰু দাৰী আদি পাঁচটা ভাষাত পৰিবেশন কৰিছিল।১০ ২০১৬ চনৰ মে' মাহলৈকে তেওঁ পাঁচটা কনচাৰ্টত অনুষ্ঠান পৰিৱেশন কৰিছে, ২৫টা অতিৰিক্ত কনচাৰ্টৰ পৰিকল্পনা কৰা হৈছে বুলি বাতৰি প্ৰকাশ পাইছে।৩

তথ্যসূত্ৰ

  1. ↑ (November 2015). Walk down memory lane: Musical show honours senior Pashto musicians, singers – The Express Tribune. The Express Tribune
  2. ↑ (July 2015). Drones will tear us apart: Pakistani pop's war fixation. Agence France-Presse
  3. ↑ (May 2016). Singing for a cause: Laila Khan to use her voice for peace in Tunisia, Africa. The Express Tribune
  4. ↑ (January 2015). 'Amann', a Pushto anthem for APS tragedy – The Express Tribune. The Express Tribune
  5. ↑ "پشاور گلوکار لیلی خان انٹرنیشنل کنسرٹ میں انجام دینے کے لئے مقرر" ("Peshawar singer Laila Khan appointed to perform in international concert"). Channel 24. May 2016. Retrieved 25 September 2016
  6. ↑ "پاکستان کا اعزاز" ("Pakistan's respect"). Samaa TV. May 2016. Retrieved 25 September 2016
  7. ↑ "News report on Laila Khan's Africa tour". Geo News. May 2016. Retrieved 25 September 2016
  8. ↑ "میلوڈی زر" ("Melody of gold"); "Laila Khan feature interview with Khalida Yasmen". Sabaoon TV. Retrieved 25 September 2016
  9. ↑ (January 2016). AVT channels launches musical Web TV. Khyber News
  10. ↑ (April 2016). Hunar-e-Hawwa awards conferred on excelling women. The News International

সম্পৰ্কিত শ্ৰেণী

পাকিস্তানৰ ব্যক্তিপাকিস্তানৰ কণ্ঠশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাইলা খান” প্ৰবন্ধৰ সংশোধন ৫৪৫৮৩৭ (২৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।