অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লতা দেশাই

লতা দেশাই (ডাঃ লতাবেন অনিলভাই দেশাই নামেৰেও পৰিচিত) (জন্ম ৮ আগষ্ট ১৯৪১) ভাৰতীয় গুজৰাট ৰাজ্যৰ এগৰাকী চিকিৎসক যিয়ে ১৯৮০ চনত স্বামী ডাঃ অনিল দেশাই আৰু কেইজনমান বন্ধুৰ সৈতে দক্ষিণ গুজৰাটৰ জনজাতীয় অঞ্চলত স্বাস্থ্য আৰু উন্নয়নমূলক কাম-কাজৰ বাবে নিবেদিত স্বেচ্ছাসেৱী সংস্থা ছ'চাইটি ফৰ এডুকেচন ৱেলফেয়াৰ…

হালনাগাদ: ২১ মাৰ্চ ২০২৫ ৩২৫ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

লতা দেশাই (ডাঃ লতাবেন অনিলভাই দেশাই নামেৰেও পৰিচিত) (জন্ম ৮ আগষ্ট ১৯৪১) ভাৰতীয় গুজৰাট ৰাজ্যৰ এগৰাকী চিকিৎসক যিয়ে ১৯৮০ চনত স্বামী ডাঃ অনিল দেশাই আৰু কেইজনমান বন্ধুৰ সৈতে দক্ষিণ গুজৰাটৰ জনজাতীয় অঞ্চলত স্বাস্থ্য আৰু উন্নয়নমূলক কাম-কাজৰ বাবে নিবেদিত স্বেচ্ছাসেৱী সংস্থা ছ'চাইটি ফৰ এডুকেচন ৱেলফেয়াৰ এণ্ড একচন - ৰুৰেল (SEWA Rural) প্ৰতিষ্ঠা কৰে।১

শিক্ষা আৰু কেৰিয়াৰ

৬০ৰ দশকৰ আৰম্ভণিতে গুজৰাটৰ গান্ধীনগৰৰ বি জে মেডিকেল কলেজত চিকিৎসা বিজ্ঞানৰ মৌলিক শিক্ষা সম্পূৰ্ণ কৰি ১৯৬৮ চনত বিবাহপাশত আবদ্ধ হোৱাৰ পিছত ১৯৭২ চনত লতা দেশাই আৰু তেওঁৰ স্বামীয়ে উচ্চ অধ্যয়নৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গুচি যায়। আমেৰিকাত লতা দেশাই শিশু চিকিৎসা আৰু অনিল দেশাই অস্ত্ৰোপচাৰত বিশেষজ্ঞ আছিল। পঢ়া-শুনা সম্পূৰ্ণ কৰাৰ পিছত তেওঁলোকে আমেৰিকাত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। কিন্তু কেইবছৰমানৰ পাছত মোহনদাস কৰমচান্দ গান্ধী আৰু স্বামী বিবেকানন্দৰ জীৱন আৰু কৰ্মৰ পৰা অনুপ্ৰাণিত হৈ তেওঁলোকে কেইজনমান বন্ধুৰ সৈতে ভাৰতলৈ উভতি আহি গুজৰাটৰ ভাৰুচ জিলাৰ ঝাগদিয়াত অলাভজনক SEWA Rural স্থাপন কৰে।২

SEWA Rural-এ প্ৰদান কৰা সেৱাসমূহৰ ভিতৰত আছে:৩

  • কস্তুৰবা হাস্পতালে যিয়ে ২৪ ঘণ্টাই জৰুৰীকালীন সেৱা, মহিলা আৰু শিশু আৰু চকুৰ ৰোগত আক্ৰান্ত লোকৰ বাবে বিশেষ যত্ন, যক্ষ্মা, ডায়েবেটিছ, আৰু বন্ধ্যাত্ব আৰু চিকেল চেল ৰোগৰ বাবে পৃথক ক্লিনিক প্ৰদান কৰে।
  • গুজৰাটৰ ঝাগদিয়া অঞ্চলৰ জনজাতীয় গাঁও, অঞ্চলত মহিলা, যুৱক-যুৱতী আৰু শিশুৰ উন্নয়নৰ দিশত কাম কৰি ২০০২ চনত শাৰদা মহিলা বিকাশ সমিতি প্ৰতিষ্ঠা কৰা হৈছিল।
  • সামূহিক স্বাস্থ্যৰ বাবে প্ৰশিক্ষণ কেন্দ্ৰ।
  • মহিলাৰ বাবে বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰ।
  • কিশোৰ-কিশোৰী সজাগতা কাৰ্যসূচী যিটোৰ লক্ষ্য হৈছে ৰক্তহীনতা হ্ৰাস কৰা, ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা ব্যৱস্থাপনা উন্নত কৰা, প্ৰজনন স্বাস্থ্য সজাগতা সৃষ্টি কৰা
  • সামূহিক স্বাস্থ্য প্ৰকল্প।
  • চকুৰ যত্নৰ বিস্তৃত প্ৰকল্প।
  • বিবেকানন্দ গ্ৰামীন টেকনিকি কেন্দ্ৰ যিটো এটা বৃত্তিমূলক প্ৰশিক্ষণ কেন্দ্ৰ ১৯৮৭ চনত আৰম্ভ হৈছিল।

স্বীকৃতি: পদ্মশ্ৰী

  • ২০২২ চনত ভাৰত চৰকাৰে চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত কৰা বিশিষ্ট সেৱাৰ বাবে লতা দেশাইক পদ্ম শৃংখলাৰ তৃতীয় সৰ্বোচ্চ বঁটা পদ্মশ্ৰী প্ৰদান কৰে।৪ "পাঁচ দশকৰো অধিক সময় ধৰি গুজৰাটৰ জনজাতীয় সম্প্ৰদায়সমূহক স্বাস্থ্য সেৱা প্ৰদান কৰা চিকিৎসক আৰু সমাজকৰ্মী" হিচাপে তেওঁৰ সেৱাৰ স্বীকৃতি স্বৰূপে এই বঁটা প্ৰদান কৰা হৈছে।৫

অতিৰিক্ত

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (25 February 2022). Gujarat: Padma Shri Dr. Lata Desai felicitated by IIPH-Gandhi. Times of India
  2. ↑ Moneylife Digital Team. Tribals Benefit from Scientific Approach and Spiritual Outlook. Moneylife
  3. ↑ What we do. SEWA Rural
  4. ↑ Padma Awards 2022. Padma Awards. Ministry of Home Affairs, Govt of India
  5. ↑ Padma Awards 2022. Padma Awards. Ministry of Home Affairs, Govt of India

সম্পৰ্কিত শ্ৰেণী

চিকিৎসকভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানপদ্মশ্ৰী বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লতা দেশাই” প্ৰবন্ধৰ সংশোধন ৪৯৫১৬৫ (২১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।