অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লতিকা ঠুকৰাল

লতিকা ঠুকৰাল (Latika Thukral; জন্ম ) এগৰাকী ভাৰতীয় বেংকাৰ।তেওঁ, তেওঁৰ চহৰখনক ৰূপান্তৰিত কৰিছিল, বিশেষকৈ গুৰগাঁৱৰ আৰাৱলী জৈৱ বৈচিত্ৰ্য উদ্যান উল্লেখযোগ্য। য'ত #IAmGurgaon গোটৰ দ্বাৰা একলাখ থলুৱা গছ ৰোপণ কৰা হয়। ২০১৫ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নাৰী শক্তি বঁটাৰে তেওঁক সন্মানিত কৰিছিল।

হালনাগাদ: ১৪ ফেব্ৰুৱাৰী ২০২৫ ২৫৭ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

লতিকা ঠুকৰাল (Latika Thukral; জন্ম ) এগৰাকী ভাৰতীয় বেংকাৰ।তেওঁ, তেওঁৰ চহৰখনক ৰূপান্তৰিত কৰিছিল, বিশেষকৈ গুৰগাঁৱৰ আৰাৱলী জৈৱ বৈচিত্ৰ্য উদ্যান উল্লেখযোগ্য। য'ত #IAmGurgaon গোটৰ দ্বাৰা একলাখ থলুৱা গছ ৰোপণ কৰা হয়। ২০১৫ চনত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে নাৰী শক্তি বঁটাৰে তেওঁক সন্মানিত কৰিছিল।

জীৱন

ঠুকৰালৰ জন্ম হৈছিল প্ৰায় ১৯৬৭ চনত ১ আৰু তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বিপণন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল। আইটিচি হোটেলৰ সৈতে দুবছৰ কাম কৰাৰ পিছত চিটিবেংকত ১৮ বছৰীয়া কেৰিয়াৰ আৰম্ভ কৰে আৰু জ্যেষ্ঠ উপ-সভানেত্ৰী হিচাপে উন্নীত হয়।

ৰাষ্ট্ৰপতিৰ পৰা লতিকা ঠুকৰালে নাৰী শক্তি বঁটা গ্ৰহণ কৰা মুহূৰ্ত
ৰাষ্ট্ৰপতিৰ পৰা লতিকা ঠুকৰালে নাৰী শক্তি বঁটা গ্ৰহণ কৰা মুহূৰ্তছবি: @PIB_India Press Information Bureau. Nodal agency for communicating to media on · CC BY-SA 4.0

গুৰগাঁও চহৰত তেওঁ সকলোৰে দৃষ্টিগোচৰ হৈছিল। ১৯৯৬ চনত তেওঁ গুৰগাৱলৈ গুচি আহে। সৰু চহৰখনে লাহেলাহে বিকাশৰ মুখ দেখা পাইছিল যদিও ডিজাইন বা পৰিকল্পনা অবিহনেই এনে হৈছিল। ২ তেওঁ মধ্যবিত্তীয় লোকৰ অঞ্চলত বাস কৰিছিল যদিও কন্টিনিউত থকা এখন পাৰ্কে তেওঁৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ১৯৯৯ চনত তেওঁ #IamGurgaon অভিযান প্ৰতিষ্ঠা কৰিছিল ৩ আৰু আন স্বেচ্ছাসেৱককো এই কাৰ্যৰ প্ৰতি আকৰ্ষণ কৰিছিল। তেওঁলোকে নিজৰ চহৰত এক লাখ থলুৱা গছ ৰোপণৰ সিদ্ধান্ত লয়। ৪

হাৰিয়ানা চৰকাৰে, ২০১০ চনৰ গণৰাজ্য দিৱসত তেওঁক প্ৰশংসাসূচক বঁটা প্ৰদান কৰিছিল। ‘আইএমগুৰগাঁও’ই স্থানীয় চৰকাৰৰ সৈতে কাম কৰি আহিছে আৰু তেওঁলোকৰ প্ৰকল্পসমূহে কৰ্পৰেট কোম্পানীসমূহৰ সমৰ্থনো আকৰ্ষণ কৰিছিল। ৫

২০১৫ চনত নেতৃত্ব আৰু কৃতিত্বৰ বাবে তেওঁ প্ৰথম আঠটা নাৰী শক্তি বঁটাৰ ভিতৰত অন্যতম বঁটা লাভ কৰে। ৬ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা ভাৰতৰ তদানীন্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে এই বঁটা প্ৰদান কৰে ৷ ৭

২০২০ চনত কৰ'না ভাইৰাছৰ সংক্ৰমণৰ সময়ত #IamGurgaon মহানগৰীৰ দৰিদ্ৰ পৰিয়ালক ৰন্ধা খাদ্য যোগান ধৰাৰ কামৰ সৈতে অত্যন্ত জড়িত আছিল। কিছুমান অঞ্চলত ওচৰৰ কনডোমিনিয়ামেও সহায় কৰিছিল। ঠুকৰালে এপ্ৰিল মাহত অনুমান কৰিছিল যে তেওঁলোকে কমেও দুমাহৰ বাবে খাদ্য যোগান ধৰিব লাগিব আৰু ইয়াৰ বাবে প্ৰতিটো পৰিয়ালত, প্ৰতিমাহে ৩,২৫০ টকা খৰচ হ’ব। পোন্ধৰৰ পৰা বিশ হাজাৰ পৰিয়াল এই সাহায্যৰ অন্তৰ্ভুক্ত হৈছিল। ৮

তথ্যসূত্ৰ

  1. ↑ (7 March 2013). She's every woman... India Today
  2. ↑ Latika Thukral. BD Foundation · Beyond Diversity
  3. ↑ (7 March 2013). She's every woman... India Today
  4. ↑ (2019-03-09). Turning the city green, a million trees at a time. Hindustan Times
  5. ↑ Latika Thukral. Adventure Nation
  6. ↑ (9 March 2015). Stree Shakti Puraskar and Nari Shakti Puraskar presented to 6 and 8 Indian women respectively. India Today
  7. ↑ (9 March 2017). Nari Shakti Puraskar awardees full list. Best Current Affairs
  8. ↑ (2020-04-05). Gurugram civic body identifies 250 clusters for supply of essentials. Hindustan Times

সম্পৰ্কিত শ্ৰেণী

নাৰী শক্তি পুৰস্কাৰ বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লতিকা ঠুকৰাল” প্ৰবন্ধৰ সংশোধন ৪৭৭২৬৫ (১৪ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।