জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
য়াছমিন লাফিত্তে
য়াছমিন লাফিত্তে (আৰবী: ياسمين لافيت) এগৰাকী ফৰাচী-মৰক্কোৰ প্ৰাক্তন পৰ্ণগ্ৰাফিক অভিনেত্ৰী, যিয়ে কেৱল য়াছমিন নামেৰে অভিনয় কৰিছিল।
-
য়ান নিং
য়ান নিং (চীনা: 颜宁; জন্ম ২১ নৱেম্বৰ ১৯৭৭; নিয়েং য়ান বুলিও জনা যায়) এগৰাকী চীনা গাঁথনিগত জীৱবিজ্ঞানী। ২০২২ চনৰ ডিচেম্বৰৰ পৰা তেওঁ ছিংহুয়া বিশ্ববিদ্যালয়ত জীৱন বিজ্ঞানৰ অধ্যাপিকা হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
-
য়ানুং জামোহ লেগো
য়ানুং জামোহ লেগো ( Yanung Jamoh Lego; জন্ম: ৯ জুলাই ১৯৬৩) ভাৰতৰ অৰুণাচল প্ৰদেশৰ এজন বনৌষধি বিশেষজ্ঞ। তেওঁ ডায়েবেটিছ, কেন্সাৰ আৰু উচ্চ ৰক্তচাপৰ দৰে জীৱন সংকটজনক অৱস্থাৰ পৰা ১০,০০০ৰো অধিক লোকক সুস্থ কৰাৰ বাবে পৰিচিত।
-
য়ামিন হাজৰিকা
য়ামিন হাজৰিকা (Yamin Hazarika, ১৯৫৬ - ২৫ জুলাই ১৯৯৯) এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আছিল। তেওঁ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মহিলা আইপিএছ বিষয়া। তেওঁক ১৯৭৯ চনত তেওঁ দিল্লী আন্দামান নিকোবৰ দ্বীপপুঞ্জ কেডাৰৰ আৰক্ষী সেৱাৰ বিষয়া হিচাপে নিযুক্ত হৈছিল।
-
য়ায়ই কুচামা
য়ায়ই কুচামা (草間 彌生, Yayoi Kusama, জন্ম ২২ মাৰ্চ ১৯২৯) এগৰাকী জাপানী সমসাময়িক শিল্পী যি মুখ্যতঃ ভাস্কৰ্য আৰু ইনষ্টলেচনৰ কাম কৰে। তেওঁ চিত্ৰাংকন (পেইণ্টিং), পাৰ্ফমেঞ্চ, ভিডিঅ’ কলা, ফেশ্বন, কবিতা, কল্পকাহিনী আৰু অন্যান্য কলাতো সক্ৰিয়।
-
য়িয়ুন লি
য়িয়ুন লি (Yiyun Li, জন্ম:৪ নৱেম্বৰ, ১৯৭২) হৈছে আমেৰিকাত অধ্যাপনা কৰি থকা চীনত জন্মা এগৰাকী লেখক। অলেখ পুৰস্কাৰ আৰু প্ৰশংসাৰে তেওঁৰ গল্প আৰু উপন্যাসে ইতিমধ্যে স্বীকৃতি লাভ কৰিছে।
-
য়িলিন ঝং
য়িলিন ঝং (চীনা: 钟宜霖 / 鍾宜霖) হৈছে এগৰাকী ব্ৰিটিছ-চীনা সাংবাদিক, চিত্ৰনাট্যকাৰ আৰু সৰ্বাধিক বিক্ৰী হোৱা ঔপন্যাসিক। তেওঁ ওঠৰখন উপন্যাস, দুখন চলচ্চিত্ৰৰ চিত্ৰনাট্য, দহখন গ্ৰন্থ আৰু বহুতো কবিতা, সাহিত্য সমালোচনা আদি ৰচনা কৰিছে। তেওঁ বৰ্তমান লণ্ডনত বাস কৰে।
-
য়ু জুয়ান
য়ু জুয়ান (ইংৰাজী: Yu Juan; জন্ম: ১৯৭৯ – ১৯ এপ্ৰিল, ২০১১) চীনৰ ফুডান বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰখ্যাত শিক্ষয়িত্ৰী আৰু এন আনফিনিশ্বড লাইফ (অসমীয়া অৰ্থ: এক অসম্পূৰ্ণ জীৱন; মূল চীনা শিৰোনাম: 此生未完成) নামৰ গ্ৰন্থখনৰ লেখিকা আছিল। মাত্ৰ ৩০ বছৰ বয়সতে য়ু জুয়ানৰ দেহত স্তন কেন্সাৰ ধৰা পৰিছিল।
-
য়ুন ঝু
য়ুন ঝু (ইংৰাজী: Yun Zhu; জন্ম: ২৯ জুলাই ১৭১১ – ১ জুন ১৮৩৩), যাক ৱাংলান য়ুন ঝু বা 'লেটাচ লেকৰ পাৰ্গত' (Adept of the Lotus Lake) বুলিও জনা যায়, চীনৰ চিং ৰাজবংশৰ এগৰাকী প্ৰখ্যাত কবি, চিত্ৰশিল্পী আৰু নৈতিকতাবাদী আছিল। তেওঁ শ শ মহিলাই লিখা হাজাৰ হাজাৰ কবিতা সংগ্ৰহ কৰি একত্ৰিত কৰিছিল।
-
য়ুন বো-মি
য়ুন বো-মি (ইংৰাজী: Yoon Bo-mi; কোৰিয়ান: 윤보미; জন্ম: ১৩ আগষ্ট, ১৯৯৩, বোমি নামেৰে জনাজাত) এগৰাকী দক্ষিণ কোৰিয়ান গায়িকা আৰু অভিনেত্ৰী। দক্ষিণ কোৰিয়াৰ গাৰ্ল গ্ৰুপ এপিংকৰ সদস্য হিচাপে তেওঁ বেছিকৈ পৰিচিত৷ ২০১২ চনৰ টেলিভিছন ধাৰাবাহিক ৰিপ্লাই ১৯৯৭ত কেমিঅ' চৰিত্ৰত অভিনয় কৰি য়ুনে অভিনয়ত আত্মপ্ৰকাশ…
-
য়ুয়ানয়ুয়ান ঝৌ
য়ুয়ানয়ুয়ান (YY) ঝৌ এগৰাকী চীনা আৰু আমেৰিকান কম্পিউটাৰ বিজ্ঞানী আৰু উদ্যোগী। তেওঁ ছান ডিয়েগোৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ অধ্যাপিকা। তেওঁ ম'বাইল কম্পিউটিঙত কোৱালকম এনডাউড চেয়াৰ পদ লাভ কৰিছে।
-
য়ুৰেই নাগাচিমা
য়ুৰেই নাগাচিমা (Yurie Nagashima, 長島 有里枝, জন্ম ১৯৭৩) এগৰাকী জাপানী ফটোগ্ৰাফাৰ, সমসাময়িক শিল্পী আৰু লেখিকা যি আত্ম-প্ৰতিকৃতি (self-portraiture), প্ৰতিকৃতি (portraiture), ষ্ট্ৰীট ফটোগ্ৰাফী, ইনষ্ট’লেচন, গৱেষণা-আধাৰিত আৰু ষ্টিল-লাইফ শৈলীত কাম কৰে।
-
য়ুৱিকা চৌধুৰী
য়ুৱিকা চৌধুৰী (ইংৰাজী: Yuvika Chaudhary; জন্ম: ২ আগষ্ট ১৯৮৩) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে ওম্ শান্তি ঔম, চামাৰ ২০০৭ আৰু তো বাত পক্বী! ৰ দৰে হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে। ২০০৯ চনত তেওঁ কন্নড় ছবি মলেয়ালি জথেয়ালিত গণেশৰ বিপৰীতে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল।
-
য়ে চিঅ’লুয়ান
য়ে চিঅ’লুয়ান (ইংৰাজী: Ye Xiaoluan; জন্ম: ১৬১৬ – ১৬৩২) চীনৰ মিং ৰাজবংশৰ এগৰাকী অত্যন্ত প্ৰতিভাশালী কিশোৰী কবি আছিল। তেওঁৰ জন্ম চীনৰ জিয়াংচু প্ৰদেশৰ ৱুজিয়াং কাউণ্টিৰ ফেন হ্ৰদৰ ওচৰত হৈছিল।
-
যামিনী ৰেড্ডী
যামিনী ৰেড্ডী ভাৰতৰ এগৰাকী কুচিপুড়ী নৃত্যশিল্পী, শিক্ষয়িত্ৰী, নৃত্য পৰিচালক আৰু কুচিপুড়ীৰ পাঠদানৰ বাবে নিবেদিত বিদ্যালয় “নাট্য তৰংগিণী’’ৰ সঞ্চালক। এওঁ ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বিদেশৰো বহু ঠাইত নৃত্য পৰিৱেশন কৰিছে।
-
যুক্তি থৰেজা
যুক্তি থৰেজা (ইংৰাজী: Yukti Thareja; জন্ম: ৫ জানুৱাৰী ২০০২) এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। ২০১৯ চনত তেওঁ এমটিভি ছুপাৰমডেল অফ দ্য য়েৰ নামৰ ৰিয়েলিটি শ্ব’ত অংশগ্ৰহণ কৰিছিল। ইয়াৰ উপৰি তেওঁ ৰংগাবলী (২০২৩) আৰু মাৰ্কো (২০২৪) বোলছবিত অভিনয় কৰিছে।
-
যুদ্ধত মহিলা (১৫০০-১৬৯৯)
মহিলাসকলে সক্ৰিয় যুদ্ধত আগশাৰীৰ ভূমিকা পালন কৰিছে। নিম্নলিখিতবোৰ হৈছে যুদ্ধত যোগদান কৰা বিশিষ্ট মহিলাসকলৰ তালিকা আৰু প্ৰায় ১৫০০ চনৰ পৰা প্ৰায় ১৬৯৯ চনলৈকে তেওঁলোকৰ কাৰ্য্যকলাপ।
-
যৈন হক
মহম্মদ যৈন উল হক (Mohammad Zain Ul Haq; জন্ম: ১৭ জানুৱাৰী, ২০০১) এজন জলবায়ু পৰিৱৰ্তন কৰ্মী, যিয়ে জলবায়ু সংকটৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবীত কেইবাটাও অভিযানৰ বাবে কানাডাৰ ভেংকুৱাৰত বিশেষ পৰিচিতি লাভ কৰিছিল।
-
যোগিতা ভায়ানা
যোগিতা ভায়ানা ভাৰতৰ এগৰাকী সুপৰিচিত ধৰ্ষণ বিৰোধী কৰ্মী, যিয়ে ধৰ্ষণৰ পৰা ৰক্ষা পোৱা লোকসকলক সমৰ্থন আৰু ন্যায় লাভ কৰাত সহায় কৰা সংস্থা পিপল এগেইনষ্ট ৰেপ ইন ইণ্ডিয়া (PARI)ৰ নেতৃত্ব দিয়ে।
-
যোগীন মা
যোগীন মা (১৬ জানুৱাৰী ১৮৫১ - ৪ জুন ১৯২৪) বা সম্পূৰ্ণকৈ যোগীন্দ্ৰ মোহিনী বিশ্বাস হিন্দু ৰহস্যবাদী সাধক ৰামকৃষ্ণৰ পত্নী তথা আধ্যাত্মিক পত্নী সাৰদা দেৱীৰ অন্যতম প্ৰধান নাৰী শিষ্য। গোলাপ মাৰ সৈতে মিলি ৰামকৃষ্ণৰ মঠৰ পবিত্ৰ মাতৃ হিচাপে তেওঁ সাৰদা দেৱীৰ সংগী আছিল।
-
যোগীৰাজ বসু
যোগীৰাজ বসু (YOGIRAJ BASU) হৈছে এগৰাকী সংস্কৃত পণ্ডিত। তেওঁ ১৯৩৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা কলা বিভাগৰ সকলো বিষয়ৰ ভিতৰত সৰ্বাধিক নম্বৰৰ সৈতে আৰু তিনিটাকৈ সোণৰ পদকসহ সংস্কৃতৰ বেদান্ত শাখাত এম.এ উপাধি লাভ কৰে।
-
যোগেন তামুলী
যোগেন তামুলী (১৯৬৯-২০১৯) তেখেত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক। এতিয়ালৈকে ভালেকেইখন গ্ৰন্থ সম্পাদনা কৰাৰ লগেত নিজেও গ্ৰন্থ প্ৰকাশ কৰিছে। তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। সেইখন বিশ্ববিদ্যালয়তে তেওঁ আলোচনী শাখাৰ সম্পাদক আছিল।
-
যোছেফিনা এগুইলাৰ
যোছেফিনা এগুইলাৰ (ইংৰাজী: Josefina Aguilar; জন্ম ১৯৪৫) মেক্সিকোৰ ওৱাহাকাৰ ওকোটলান ডি মৰেলোছৰ এগৰাকী লোককলা শিল্পী। এগুইলাৰ পৰিয়ালৰ সদস্য হিচাপে তেওঁ তেওঁৰ সৰু মাটিৰ পুতলাবোৰৰ বাবে সৰ্বাধিক পৰিচিত, যিবোৰক মেক্সিকান ভাষাত মুনেকাছ (muñecas) বুলি কোৱা হয়। এই শিল্পকলা তেওঁ মাকৰপৰা শিকিছিল।
-
যৱন মেটচ্
যৱন মেটচ্ আছিল কাশ্মীৰৰ শ্বেখ নূৰ-উদ্দিন ৱালীৰ এগৰাকী মহিলা শিষ্য। এগৰাকী সুন্দৰী নৃত্যশিল্পী, এগৰাকী কৰ্টেছান, যৱন মেটচ্ চতুৰ্দশ শতিকাৰ শেষৰফালে আৰু পোন্ধৰ শতিকাৰ আৰম্ভণিতে কাশ্মীৰৰ উচ্চ সমাজত বিখ্যাত আছিল।
-
ল'ৰা গঞ্জালেছ
ল'ৰা গঞ্জালেছ অছপিনা (ইংৰাজী: Laura González; জন্ম: ২২ ফেব্ৰুৱাৰী ১৯৯৫), যাক ল'ৰা বাৰজুম নামেৰেও জনা যায়, এগৰাকী কলম্বিয়ান অভিনেত্ৰী, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী।
-
ল'ৰা বাসুকি
ল'ৰা বাসুকি (জন্ম: ৯ জানুৱাৰী ১৯৮৮) এগৰাকী ইণ্ডোনেছিয়ান মডেল আৰু অভিনেত্ৰী। তেওঁ জাভানীজ, চীনা আৰু ভিয়েটনামীজ বংশৰ সৈতে সম্পৰ্কিত।
-
ল'ৰা বেনাণ্টি
ল'ৰা আইলিন বেনাণ্টি (পূৰ্বনাম বিদনোভিচ; জন্ম ১৫ জুলাই, ১৯৭৯) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। বেনাণ্টিয়ে ১৯৯৮ চনত ব্ৰডৱেৰ পুনৰুজ্জীৱিত প্ৰযোজনা দ্য ছাউণ্ড অৱ মিউজিক-ত প্ৰথমে এনছেম্বল সদস্য হিচাপে আৰু পিছত মাৰিয়া ফন ট্ৰাপৰ ভূমিকাত অভিনয় কৰি আত্মপ্ৰকাশ কৰে।
-
ল'ৰা ভাণ্ডাৰভৰ্ট
ল’ৰা ডায়েন ভাণ্ডাৰভৰ্ট (জন্ম: ২২ ছেপ্টেম্বৰ, ১৯৮৪) ইয়াৰ উপৰি তেওঁ চিটিভিৰ টিন ড্ৰামা ধাৰাবাহিক ইনষ্টেণ্ট ষ্টাৰত চেডি হেৰিছন, ছিফিৰ অতিপ্ৰাকৃতিক ড্ৰামা ধাৰাবাহিক হেভেনত আৰ্লা ক’গান আৰু দ্য চিডব্লিউৰ ধাৰাবাহিক স্মলভিলত কাৰা জোৰ-এল (ছুপাৰগাৰ্ল) চৰিত্ৰৰ বাবে জনাজাত।
-
লʼৰা বেটছ
ল’ৰা কেৰলিন বেটছ BEM FRSL (: Laura Bates, জন্ম ২৭ আগষ্ট ১৯৮৬ )
-
লংকা বন্দৰনায়কে
লংকা বন্দৰনায়কে (ইংৰাজী: Lanka Bandaranayake, জন্ম: ২১ মে', ১৯৮২) হৈছে এগৰাকী শ্ৰীলংকান চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক, চিত্ৰনাট্যকাৰ, অভিনেতা আৰু থিয়েটাৰ শিল্পী, যিয়ে মূলতঃ শ্ৰীলংকাৰ চিনামাত কাম কৰে। ট্ৰেডিচন (২০১৬) নামৰ চুটি ছবিখনৰ বাবে তেওঁ পৰিচিত।