লকেট চেটাৰ্জী (Locket Chatterjee; জন্ম: ৪ ডিচেম্বৰ ১৯৭৪) ভাৰতৰ পশ্চিম বংগৰ এগৰাকী ভাৰতীয় অভিনেত্ৰী, ৰাজনীতিবিদ আৰু হুগলী (লোকসভা সমষ্টি)ৰ প্ৰাক্তন সংসদ সদস্য। তেওঁ এগৰাকী শাস্ত্ৰীয় নৃত্যশিল্পীও। তেওঁ ভাৰত নাট্যম, কথাকলি, মণিপুৰী আৰু সৃজনীমূলক ১ ত প্ৰশিক্ষণ সম্পূৰ্ণ কৰিছিল৷ তেওঁ টলিউদত অভিনেত্ৰী হিচাপে বেছি পৰিচিত। ইয়াৰ পূৰ্বে তেওঁ পশ্চিম বংগৰ ভাৰতীয় জনতা পাৰ্টীৰ মহিলা শাখা বিজেপি মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আছিল।২ এতিয়া তেওঁ পশ্চিমবংগৰ ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সম্পাদিকা।
প্ৰাৰম্ভিক জীৱন
চেটাৰ্জীৰ পিতৃ অনিল চেটাৰ্জী দক্ষিণেশ্বৰ কালী মন্দিৰৰ পুৰোহিত আছিল৷ তেওঁ ককাকো একেই কামৰ লগতে জড়িত হৈছিল। মাকে লকেট চেটাৰ্জীক নৃত্যৰ বিদ্যালয়লৈ লৈ গৈছিল। চেটাৰ্জীয়ে অষ্টম শ্ৰেণীৰ ছাত্ৰী হৈ থাকোঁতে মমতা শংকৰ বেলেট দলৰ সৈতে বিদেশলৈ গৈছিল।৩ কলিকতাৰ দক্ষিণেশ্বৰ অঞ্চলৰ উত্তৰ প্ৰান্তত মা গংগা (হুগলী নামেৰে জনপ্ৰিয়)ৰ কাষত তেওঁ ডাঙৰ-দীঘল হৈছিল।৪
পিছলৈ তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ সৈতে জড়িত যোগমায়া দেৱী মহাবিদ্যালয়ত অধ্যয়ন কৰে।৫
বঁটা
- কলাকাৰ বঁটা
- শ্ৰেষ্ঠ অভিনেত্ৰী সহযোগী চৰিত্ৰৰ বাবে ফিল্মফেয়াৰ বঁটা (মহিলা) – বাংলা ছবি নায়িকা ছংবাদৰ বাবে ৬
ৰাজনৈতিক জীৱন
চেটাৰ্জীয়ে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সদস্য হিচাপে ৰাজনীতিত ভৰি থয়৷৭ তৃণমূল কংগ্ৰেছৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন কৰি ২০১৫ চনত তেওঁ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।৮ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত পশ্চিমবংগৰ ময়ুৰেশ্বৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও তৃণমূল কংগ্ৰেছৰ অভিজিৎ ৰায়ৰ হাতত পৰাস্ত হৈছিল। ২০১৭ চনত ৰূপা গাংগুলীৰ ঠাইত পশ্চিম বংগৰ বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।
সংসদৰ সদস্য
২০১৯ চনৰ লোকসভা নিৰ্বাচনত হুগলী লোকসভাৰ আসনৰ পৰা ৰত্ন দেৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু ৬,৭১,৪৪৮ (৪৬.০৬%) ভোট লাভ কৰি জয়ী হৈছিল।৯ ২০১৯ চনৰ ১৩ ছেপ্টেম্বৰত তথ্য প্ৰযুক্তিৰ স্থায়ী সমিতিৰ সদস্য হিচাপে নিৰ্বাচিত হয় আৰু ২০১৯ চনৰ ৯ অক্টোবৰৰ পৰা কাৰ্যকাললৈকে মহিলা সবলীকৰণ সমিতিৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰে। সাংসদ হোৱাৰ পিছতো ২০২১ চনৰ পশ্চিম বংগ বিধানসভাৰ নিৰ্বাচনত চুচুৰা বিধানসভাৰ আসনৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছিল আৰু তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী অসিত মজুমদাৰৰ হাতত ১৮,৮৭৯ টা ভোটত পৰাস্ত হৈছিল।
ইয়াৰ পিছত তেওঁ নিজৰ সমষ্টি পুনৰ লাভ কৰাত ব্যৰ্থ হয় আৰু ২০২৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত নিৰ্বাচনী ৰাজনীতিলৈ নতুনকৈ অহা সহযোগী অভিনেত্ৰী তৃণমূল কংগ্ৰেছৰ ৰচনা বেনাৰ্জীৰ হাতত ৭৬,৮৫৩ ৰ ব্যৱধানত পৰাস্ত হয়।১০১১
তথ্যসূত্ৰ
- ↑ Locket Chatterjee biography. itimes
- ↑ PTI. Locket Chatterjee replaces Roopa Ganguly as WB BJP Mahila Morcha president. The Economic Times
- ↑ (21 February 2011). At 16, I got married: Locket. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ (25 November 2008). Birthday Girl. Telegraph Kolkata
- ↑ History of the College - Jogamaya Devi College, Kolkata, INDIA. jogamayadevicollege.org
- ↑ Kalakar award winners. Kalakar website
- ↑ (5 February 2015). Bengali actor Locket Chatterjee joins BJP. The Economic Times. PTI
- ↑ (6 February 2015). 'Suffocated' Locket Chatterjee quits Trinamool, joins BJP. The Indian Express
- ↑ (23 May 2019). West Bengal: BJP's Locket Chatterjee leads from Hooghly, Mamata's anti-land acquisition launch pad. দ্য টাইম্ছ অৱ ইণ্ডিয়া
- ↑ General Election to Parliamentary Constituencies: Trends & Results June-2024 Parliamentary Constituency 28 - Hooghly (West Bengal). Election Commission of India
- ↑ (4 June 2024). Rachana Banerjee wins the Hooghly seat in Lok Sabha elections 2024; Defeats Locket Chatterjee. The Times of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লকেট চেটাৰ্জী” প্ৰবন্ধৰ সংশোধন ৪৭৫৪৮২ (১১ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।