লাইলা হাভিলিঅ’ ( Laila Havilio; জন্ম: ১৯৬০) চিলিৰ চেণ্টিয়াগোৰ এগৰাকী ভাস্কৰ্য শিল্পী।
তেওঁ কাঠ, শিল, ব্ৰঞ্জ, চিমেণ্ট, চিৰামিক আদিৰ ওপৰত কাম কৰা চিলিৰ এগৰাকী ভাস্কৰ্য্যশিল্পী। ১৯৬০ চনৰ এপ্ৰিল মাহত চিলিৰ ৰেকোলেটাত জন্মগ্ৰহণ কৰা লাইলাই ১০ বছৰ বয়সত বুয়েনছ আয়াৰ্ছ আৰ্জেণ্টিনালৈ গুচি যায়। ১৯৮০ চনৰ পৰা ১৯৮৩ চনলৈকে তেওঁ ভাস্কৰ্য শিল্পী ইংগেবৰ্গ ৰিংগাৰৰ ওচৰত চিৰামিক শিল্প অধ্যয়ন কৰে।১ ১৯৯৩ চনত ভাস্কৰ্য্য শিল্পী ভিভিয়ান চেভেৰনৰ অধীনত উচ্চ উষ্ণতাৰ মৃৎশিল্পৰ ভাস্কৰ্য্য শিল্পৰ আনুষ্ঠানিক শিক্ষা অব্যাহত ৰাখিবলৈ ফ্ৰান্সৰ পেৰিছলৈ গুচি যায়। ১৯৯৫ চনত তেওঁ চিলিলৈ উভতি যায় আৰু তাত তেওঁ চিলিৰ পণ্টিফিকেল কেথলিক বিশ্ববিদ্যালয়ত পঢ়ি কাঠ আৰু শিলকে ধৰি অন্যান্য মাধ্যমত কাম কৰা শিকে।২ একে সময়তে তেওঁ "লা ওব্ৰা" নামৰ প্ৰতিষ্ঠিত ধাতুৰ ভাস্কৰ্য্য ফাউণ্ড্ৰিত এপ্ৰেণ্টিছ হৈছিল। তাতেই তেওঁ লষ্ট-ৱাক্স কাষ্টিং পদ্ধতি শিকি ব্ৰঞ্জ আৰু অন্যান্য ধাতুৰে ভাস্কৰ্য্য নিৰ্মাণ কৰিবলৈ সক্ষম হয়। ২০০১ চনত হাভিলিঅ’ই চিলিৰ গেলেৰিয়া দে আৰ্টে ছান ফ্ৰান্সিস্কোত প্ৰদৰ্শনী প্ৰদৰ্শন কৰে আৰু এইদৰ তেওঁ নিজৰ নাম উজলাইছিল। দুবছৰৰ পাছত ২০০৩ চনত ৱাশ্বিংটন ডি চিৰ আন্তঃআমেৰিকান ডেভেলপমেণ্ট বেংক, (আই ডি বি)য়ে তেওঁলোকৰ শিল্প সংগ্ৰহত চিলিক প্ৰতিনিধিত্ব কৰিবলৈ হাভিলিঅ’ক নিৰ্বাচিত কৰে। ইফালে শিল্পীজনৰ অন্যান্য ভাস্কৰ্য্যসমূহ ৱাশ্বিংটন ডি চিৰ চিলিৰ দূতাবাসত প্ৰদৰ্শিত হয়।৩ তেতিয়াৰ পৰাই হাভিলিঅ’ই চিলিৰ বাতৰি কাকত, টেলিভিছন আৰু ৰেডিঅ’ত তেওঁৰ কামৰ বিষয়ে সঘনাই প্ৰকাশ পাই আছে।
তথ্যসূত্ৰ
- ↑ Gámez, Verónica. Laila Havilio. Laila Havilio
- ↑ LAILA HAVILIO. Laila.cl/Antecedentes
- ↑ Salas, Rodrigo. (24 November 2006). Laila Havilio y su "Testimonio". Austral Temuco
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লাইলা হাভিলিঅ’” প্ৰবন্ধৰ সংশোধন ৪৯৬২১০ (২৩ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।