অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লক্ষ্মী আগৰৱাল

লক্ষ্মী আগৰৱাল (জন্ম ১ জুন ১৯৯০) এছিডৰ বিক্ৰী নিষিদ্ধ কৰাৰ বাবে লোৱা "ষ্টপ ছেল এছিড" অভিযানৰ প্ৰচাৰক আৰু এগৰাকী দূৰদৰ্শন অনুষ্ঠানৰ আয়োজক। মাত্ৰ ১৫ বছৰ বয়সতে তেওঁ এছিড আক্ৰমণৰ সন্মুখীন হৈ কোনোমতে মৃত্যুৰ পৰা ৰক্ষা পৰিছিল। সম্প্ৰতি তেওঁ এছিড আক্ৰমণৰ বলি হোৱা লোকসকলৰ অধিকাৰৰ হকে মাত মাতি আহিছে।

হালনাগাদ: ২৪ ছেপ্তেম্বৰ ২০২৬ ২৬৬ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

লক্ষ্মী আগৰৱাল (জন্ম ১ জুন ১৯৯০) এছিডৰ বিক্ৰী নিষিদ্ধ কৰাৰ বাবে লোৱা "ষ্টপ ছেল এছিড" অভিযানৰ প্ৰচাৰক আৰু এগৰাকী দূৰদৰ্শন অনুষ্ঠানৰ আয়োজক।১ মাত্ৰ ১৫ বছৰ বয়সতে তেওঁ এছিড আক্ৰমণৰ সন্মুখীন হৈ কোনোমতে মৃত্যুৰ পৰা ৰক্ষা পৰিছিল। সম্প্ৰতি তেওঁ এছিড আক্ৰমণৰ বলি হোৱা লোকসকলৰ অধিকাৰৰ হকে মাত মাতি আহিছে। ২০০৫ চনত সেই সময়ৰ ১৫বছৰীয়া লক্ষ্মীক ৩২ বছৰীয়া গুড্ডা ওৰফে নাদিম আলিয়াছে এছিড আক্ৰমণ কৰিছিল। কাৰণটো আছিল যে তেওঁ নাদিমে আগবঢ়োৱা বিয়াৰ প্ৰস্তাৱ বাৰে বাৰে অস্বীকাৰ কৰি আহিছিল।১২৩ এছিড আক্ৰমণৰ বলি হোৱা লোকসকলৰ বিষয়ে হিন্দুষ্টান টাইমছত প্ৰচাৰিত শৃংখল এটাত লক্ষ্মীৰ কাহিনীয়েও ঠাই পাইছিল।৪ এছিড বিক্ৰী বন্ধ কৰিবলৈ লোৱা আৱেদন এখনৰ বাবে তেওঁ প্ৰায় ২৭০০০ লোকৰ পৰা স্বাক্ষৰ সংগ্ৰহ কৰিছিল। পিছত সেই পত্ৰখন ভাৰতৰ উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল। এই আৱেদনখনৰ ভিত্তিতে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰসমূহক এছিডৰ বিক্ৰী নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ দিছিল। আনকি সংসদতো এছিড আক্ৰমণকাৰীৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ আইন প্ৰণয়ন কৰা হৈছিল।১

এছিড আক্ৰমণ প্ৰতিৰোধ আৰু ইয়াৰ বিক্ৰী নিষিদ্ধ কৰিবলৈ তেওঁ "ষ্টপ এছিড ছেল" নামেৰে প্ৰচাৰকাৰ্য্যৰ আৰম্ভ কৰিছিল। তেওঁ #StopSaleAcid শিৰোনামেৰে এই প্ৰচাৰৰ আৰম্ভ কৰি সমগ্ৰ দেশৰ পৰাই সমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছিল। লক্ষ্মীৰ এই কাৰ্য্যসূচীৰ বাবেই তেওঁ আই. ডব্লিউ. ই. এছ., মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়, খোৱাপানী আৰু অনাময় মন্ত্ৰণালয় আৰু ইউনিছেফৰ পৰা "ইণ্টাৰনেশ্বনেল ৱিমেন এম্পাৱাৰমেণ্ট এৱাৰ্ড ২০১৯" লাভ কৰিছিল।৫ তেওঁ "ছাব ফাউণ্ডেছন" নামৰ ভাৰতত এছিড আক্ৰমণৰ বলি হোৱা লোকসকলৰ হকে কাম কৰা এন. জি. অ'. এটাৰো প্ৰাক্তন সঞ্চালক আছিল।৬ ২০১৪ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট্ লেডী মিছেল ওবামাৰ পৰা "ইণ্টাৰনেশ্বনেল ৱিমেন অৱ্ কাৰেজ" বঁটা লাভ কৰিছিল।১ একেটা বছৰতে এন. ডি. টি. ভি. চেনেলটোৱে তেওঁক বছৰটোৰ ভাৰতীয় হিচাপে নিৰ্বাচন কৰিছিল।৭ এছিড আক্ৰমণৰ বলি হৈয়ো চলি থকা লক্ষ্মীৰ জীৱন সংগ্ৰামৰ ওপৰত এখন চলচ্চিত্ৰ নিৰ্মাণ কৰি থকা হৈছে। ছবিখনত লক্ষ্মীৰ ভূমিকা লৈছে অভিনেত্ৰী দীপিকা পাডুকনে।৮

প্ৰাৰম্ভিক জীৱন

নতুন দিল্লীৰ এটা মধ্যবিত্ত পৰিয়ালত লক্ষ্মীৰ জন্ম হৈছিল।৩ মাত্ৰ ১৫ বছৰ বয়সতে তেওঁ এছিড আক্ৰমণৰ বলি হৈছিল।

কেৰিয়াৰ

এছিড আক্ৰমণ প্ৰতিৰোধৰ হকে প্ৰচাৰ চলায়েই লক্ষ্মীয়ে তেওঁৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। প্ৰথমতে তেওঁ এই প্ৰচাৰ কাৰ্য্যসূচীৰ ব্যৱস্থাপকৰ দায়িত্ব লৈছিল। কম সময়ৰ ভিতৰতে তেওঁ বিশ্বৰ এছিড আক্ৰমণৰ বলি লোকসকলৰ কণ্ঠ হৈ উঠিল। এছিডৰ বিক্ৰী প্ৰতিৰোধ আৰু এছিড আক্ৰমণৰ বলি দুৰ্ভগীয়া লোকসকলৰ সংস্থাপনৰ হকে সবলভাৱে মাত মাতি অহা বাবে তেওঁ ভাৰতৰ কেইবাটাও পুৰস্কাৰ লাভ কৰিছে। এতিয়া তেওঁ নিজাকৈ "ষ্টপছেলএছিড" শীৰ্ষক প্ৰচাৰ অভিযানৰ দায়িত্ব লৈছে।

২০১৪ চনৰ জুন মাহলৈ পোৱা তথ্য অনুসৰি লক্ষ্মীয়ে এতিয়া "নিউজএক্সপ্ৰেছ"ত প্ৰচাৰিত "উড়ান" নামৰ দূৰদৰ্শন অনুষ্ঠান এটা অনুষ্ঠিত কৰি আহিছে।৭

ব্যক্তিগত জীৱন

২০১৪ চনৰ জানুৱাৰীৰ তথ্য অনুসৰি লক্ষ্মীৰ সৈতে সমাজ কৰ্মী আলোক দীক্ষিতৰ প্ৰেমৰ সম্পৰ্ক আছে।৪ তেওঁলোক দুয়োৱে বিয়াত বহাৰ সলনি কেৱল সম্পৰ্কত থাকিয়েই সহবাসে থকাৰ সিদ্ধান্ত লৈছে। লক্ষ্মীয়ে কৈছিল- "মৃত্যুপৰ্য্যন্ত আমি একেলগে থকাৰ সিদ্ধান্ত লৈছোঁ। কিন্তু বিয়াত নবহি আমি সমাজখনক প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ। মই নিবিচাৰোঁ যে কোনোবাই আমাৰ বিয়া খাবলৈ আহি মোৰ সৌন্দৰ্য্যৰ ওপৰত মন্তব্য দিয়ক। মানুহৰ বাবে কইনাজনী দেখিবলৈ কেনে, সেইটোৱে আটাইতকৈ ডাঙৰ কথা। সেইবাবে আমি কোনোধৰণৰ অনুষ্ঠান আয়োজন নকৰাৰে সিদ্ধান্ত লৈছোঁ"।৯ তেওঁলোকৰ পৰিয়ালেও তেওঁলোকৰ সম্পৰ্কটোক স্বীকাৰ কৰি লৈছে আৰু বিবাহ অনুষ্ঠানৰ আয়োজন নকৰাৰ সিদ্ধান্তকো মানি লৈছে।১০ এতিয়া দুয়োৰে পিহু নামৰ এজনী কন্যা সন্তান আছে।

অনশন আৰু এছিড আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ

লক্ষ্মী আৰু আন কেইগৰাকীমান এছিড আক্ৰমণৰ বলি হোৱা লোকে তেনে লোকসকলৰ তাৎক্ষণিক ন্যায় আৰু সংস্থাপনৰ দাবীৰে অনশনত বহি প্ৰতিবাদ কৰিছিল।১১ তেওঁ জীৱনত কেনেধৰণৰ অৱস্থা পাৰ কৰিবলগীয়া হৈ আহিছে, তাৰ বৰ্ণনাৰে এটা কবিতাও লিখিছিল।২

ছপাক চলচ্চিত্ৰ

লক্ষ্মীৰ জীৱনৰ আধাৰত ছপাক (Chhapaak) শীৰ্ষক এখন ছবি নিৰ্মাণ হৈছে; যিখন ২০২০ৰ ১০ জানুৱাৰীত মুক্তি পাইছে। ছবিখনত দীপিকা পাড়ুকনে লক্ষ্মীৰ চৰিত্ৰত অভিনয় কৰিছে আৰু পৰিচালনা কৰিছে মেঘনা গুলজাৰে।১২১৩

তথ্যসূত্ৰ

  1. ↑ Bios of 2014 Award Winners. state.gov
  2. ↑ Acid attack survivor now TV anchor. The Times of India
  3. ↑ Don't stare at me, I am human too: acid attack survivor Laxmi. hindustantimes.com/
  4. ↑ Acid attack survivor Laxmi's spirit wins her a partner for life. hindustantimes.com/
  5. ↑ (2019-02-13). लक्ष्मी को मिला अंतर्राष्‍ट्रीय महिला सशक्तिकरण सम्मान
  6. ↑ Sharma, Vibha. (2015-01-04). Sheroes, the stars with acid scars. tribuneindia.com
  7. ↑ SANGEETA BAROOAH PISHAROTY. (2014-06-11). Tea with Laxmi. The Hindu
  8. ↑ (2018-12-19). Vikrant Massey to work with Deepika Padukone in Meghna Gulzar’s film on acid attack survivor
  9. ↑ (6 Mar 2014). Indian Acid Attack Survivor Finds Love – and a Job as a TV News Anchor
  10. ↑ (8 Jan 2014). Acid attack survivor Laxmi's spirit wins her a partner for life
  11. ↑ Hunger strike by acid attack victims. The Times of India
  12. ↑ Kaushal, Ruchi. (2018-10-17). I won’t judge Deepika Padukone for my biopic, says acid-attack survivor Laxmi Agarwal - bollywood
  13. ↑ DelhiJune 6, India Today Web Desk New; June 6, 2019UPDATED:; Ist, 2019 14:30. Meghna Gulzar shares pics from last day of Chhapaak, Deepika Padukone looks unrecognisable. India Today

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীভাৰতীয় মহিলা কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লক্ষ্মী আগৰৱাল” প্ৰবন্ধৰ সংশোধন ৬৩৭৭০০ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।