ললিত কুমাৰ মংগোত্ৰ ( ইংৰাজী: Lalit Kumar Mangotra; জন্ম: ১৪ এপ্ৰিল ১৯৪৪) এজন ভাৰতীয় ডগৰিভাষী লেখক আৰু পদাৰ্থ বিজ্ঞানৰ প্ৰাক্তন অধ্যাপক।১ তেখেতে চুটিগল্প, নাটক, কবিতা, ৰচনা, সাহিত্য সমালোচনাকে ধৰি বিভিন্ন সাহিত্যৰ ৰচনা প্ৰকাশ কৰিছে। ২০২৫ চনত ভাৰত চৰকাৰে তেওঁক সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী প্ৰদান কৰে।২৩৪
প্ৰাথমিক জীৱন আৰু শৈক্ষিক জীৱন
মংগোত্ৰাই ১৯৬৮ চনত জম্মু-কাশ্মীৰ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ ১৯৭৪ চনত জম্মু বিশ্ববিদ্যালয়ৰ পৰা উচ্চ শক্তি পদাৰ্থ বিজ্ঞানত দৰ্শনত ডক্টৰেট ডিগ্ৰী লাভ কৰে।১
তেওঁ ২০০৪ চনত অৱসৰ লোৱালৈকে জম্মু বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ অধ্যাপক হিচাপে কাম কৰিছিল।শৈক্ষিক জীৱনৰ সময়ছোৱাত তেওঁ ৩০০ৰো অধিক বৈজ্ঞানিক গৱেষণা পত্ৰ লিখিছিল।৫
সাহিত্যিক জীৱন
১৯৭৬ চনত মংগোত্ৰাই তেওঁৰ প্ৰথম ডগৰী চুটিগল্প প্ৰকাশ কৰে।৬ চুটিগল্প, কবিতা, ৰচনা, সাহিত্য সমালোচনা আদিক সামৰি তেৰখন গ্ৰন্থ লিখিছে। তেওঁৰ কেইবাখনো প্ৰকাশন ডগৰি সাহিত্যৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে।৭ মংগোত্ৰাই ত্ৰিশ বছৰ ধৰি জম্মু-কাশ্মীৰৰ সাহিত্য সংগঠন ডগৰি সন্থাৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এই ভূমিকাত তেওঁ ডগৰি ভাষাক প্ৰযুক্তিৰ সৈতে একত্ৰিত কৰাত অৰিহণা যোগাইছিল। তেওঁৰ প্ৰচেষ্টাৰ ভিতৰত আছিল এঘাৰটা কম্পিউটাৰ চফটৱেৰ সঁজুলি ডগৰিৰ লগত খাপ খুৱাই লোৱা, অনলাইন ডগৰি-ইংৰাজী অভিধান তৈয়াৰ কৰা, ডগৰি ভাষীসকলৰ বাবে কম্পিউটাৰ ধাৰণা সম্পৰ্কীয় পাঠ্যক্ৰম প্ৰস্তুত কৰা।১
বঁটা আৰু প্ৰশাসন
২০১১ চনত মংগোত্ৰাই সাহিত্য অকাডেমি বঁটা আৰু ২০০৯ চনত ডগৰি সাহিত্যলৈ অসাধাৰণ অৱদানৰ বাবে জম্মু-কাশ্মীৰ ৰাজ্যিক বঁটা লাভ কৰিছিল।৮৯ জম্মু-কাশ্মীৰ একাডেমী অৱ আৰ্ট, কালচাৰ এণ্ড লেংগুৱেজে ২০০০ আৰু ২০১০ চনত তেওঁক ‘শ্ৰেষ্ঠ গ্ৰন্থ বঁটা’ৰে সন্মানিত কৰে।ইয়াৰ উপৰিও তেওঁ পৰ্যটন আৰু সংস্কৃতি মন্ত্ৰালয়ৰ পৰা সাহিত্যৰ জ্যেষ্ঠ ফেল’শ্বিপ আৰু ২০২৪ চনত ‘কুঁৱৰ বিযোগী জীৱনজোৰা কৃতিত্ব বঁটা লাভ কৰে।১
তেওঁ কেইবাটাও ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ব’ৰ্ডত প্ৰশাসনিক পদত অধিষ্ঠিত হৈ আহিছে। তেওঁ দুবাৰকৈ ভাৰতীয় প্ৰেছ কাউন্সিলৰ সদস্য আছিল। ২০০৩ চনৰ পৰা ২০০৭ চনলৈ আৰু পুনৰ ২০১৩ চনৰ পৰা ২০১৭ চনলৈ সাহিত্য অকাডেমিৰ কাৰ্যবাহী মণ্ডলীতো কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ জম্মুৰ গভৰ্ণমেণ্ট কলেজ ফৰ উইমেন পেৰেড গ্ৰাউণ্ডৰ গভৰ্নিং ব'ৰ্ডৰ অধ্যক্ষ, মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় ভাষা প্ৰসাৰ পৰিষদৰ সদস্য আৰু সৰস্বতী সন্মানৰ বাবে উত্তৰ মণ্ডল নিৰ্বাচন সমিতিৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।১০ তেওঁ চীন আৰু জাপানলৈ যোৱা ভাৰতীয় লেখকৰ চৰকাৰী প্ৰতিনিধি দলৰ অংশও আছিল।১১
তথ্যসূত্ৰ
- ↑ Prof. Lalit Kumar Mangotra - Padma Awards Citation. Government of India
- ↑ (January 26, 2025). J&K's Farooq Ahmad, Lalit Kumar conferred Padma Shri Awards. Greater Kashmir
- ↑ (2025-05-28). Farooq Ahmad Mir, Prof Lalit Mangotra receive Padma Shri. The News Now
- ↑ Editor, Online. (2025-01-25). J&K Secures Two Padma Awards in Art and Literature. onlykashmir.in/
- ↑ (February 25, 2026). 17th Prakriti Intl Documentary Film Festival concludes. Daily Excelsior
- ↑ (January 26, 2025). Lalit Mangotra, Mir get Padma Shri Awards. State Times
- ↑ (February 24, 2026). 17th Prakriti International Documentary Film Festival Concludes at JU. Rising Kashmir
- ↑ Sahitya Akademi Awards. Sahitya Akademi
- ↑ Excelsior, Daily. (2020-07-11). Remembering a stalwart of Dogri. Daily Excelsior
- ↑ (January 25, 2025). Padma Awards 2025 Press Note. Ministry of Home Affairs, Government of India
- ↑ (January 25, 2025). Padma Awards 2025 announced. Press Information Bureau
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ললিত কুমাৰ মংগোত্ৰ” প্ৰবন্ধৰ সংশোধন ৬১৪৬৯৫ (২৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।