অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

যোগেন তামুলী

যোগেন তামুলী (১৯৬৯-২০১৯) তেখেত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক। এতিয়ালৈকে ভালেকেইখন গ্ৰন্থ সম্পাদনা কৰাৰ লগেত নিজেও গ্ৰন্থ প্ৰকাশ কৰিছে। তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। সেইখন বিশ্ববিদ্যালয়তে তেওঁ আলোচনী শাখাৰ সম্পাদক আছিল।

হালনাগাদ: ১২ ছেপ্তেম্বৰ ২০২৫ ৩৬১ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

যোগেন তামুলী (১৯৬৯-২০১৯) তেখেত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক।১ এতিয়ালৈকে ভালেকেইখন গ্ৰন্থ সম্পাদনা কৰাৰ লগেত নিজেও গ্ৰন্থ প্ৰকাশ কৰিছে। তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। সেইখন বিশ্ববিদ্যালয়তে তেওঁ আলোচনী শাখাৰ সম্পাদক আছিল। তেখেতে ১৯৮৮ চনৰ পৰা আলোচনী, বাতৰি-কাকত, স্মৃতিগ্ৰন্থ, ভাওনাৰ নাটৰ পাণ্ডুলিপি সংগ্ৰহ কৰি আহিছে আৰু সেইবোৰ মেগাজিয়াম নামেৰে এটা সংগ্ৰহালয়ত সংৰক্ষণ কৰিছে। মেগাজিয়ামত বৰ্তমান প্ৰায় ১৮০০ বিধমান আলোচনী, বাতৰি-কাকত, স্মৃতিগ্ৰন্থ আদি সংগ্ৰহ আৰু সংৰক্ষণ কৰা হৈছে। ২ ৩

জন্ম

যোগেন তামুলীৰ জন্ম হয় ১৯৬৯ চনত পুলিনাহৰণি গাঁৱত, লখিমপুৰ জিলাত। পিতৃৰ নাম বোধেশ্বৰ তামুলী আৰু মাতৃৰ নাম সাৰদা তামুলী।

শিক্ষা

১৯৯৩ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ।

কৰ্মজীৱন

লখিমপুৰ জিলাৰ নাৰায়ণপুৰস্থিত মাধৱদেৱ মহাবিদ্যালয়ত অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা যোগেন তামূলী মহাবিদ্যালয়খনৰ উন্নীতকৰণৰ পিছত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপক হিচাপে মৃত্যুৰ দিনলৈকে কৰ্মৰত আছিল। ৪

সামাজিক জীৱন

  1. ১৯৮৫ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষা দিয়াৰ সময়তে নিজ গাঁৱত নৱজ্যোতি পুথিভঁৰাল আৰু যুৱ সমাজ গঠন কৰি সম্পাদকৰ দায়িত্ব গ্ৰহণ।৫
  2. ১৯৮৮ চনত উত্তৰ পিছলা শাখা সভা প্ৰতিষ্ঠা আৰু শাখাৰ প্ৰতিষ্ঠাপক সম্পাদক।
  3. ১৯৮৯-৯০ চনত শংকৰদেৱ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক।
  4. শংকৰদেৱ মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী আৰু তাৰ্কিক।
  5. ১৯৯২-৯৩ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আলোচনী সম্পাদক।
  6. ১৯৯২-৯৩ চনত নবীন লেখক-লেখিকা আৰু শিল্পী সমিতিৰ অবিভক্ত ডিব্ৰুগড় জিলাৰ সভাপতি।
  7. ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শ্ৰেষ্ঠ সাহিত্য প্ৰতিযোগী।
  8. ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ আলোচনী সম্পাদক।

সাহিত্যচৰ্চা

কবিতা পুথি

  1. তেজীমলা দুখৰ অন্য এখন পৃথিৱী ( কবিতা পুথি), গুৱাহাটী, ২০১৭

সম্পাদনা গ্ৰন্থ

  1. অসমৰ লোক-ঔষধ আৰু লোক-খাদ্য, অমূল্য কুমাৰ হাজৰিকাৰ সৈতে যুতীয়াভাৱে
  2. মহাপুৰুষ মাধৱদেৱ,
  3. বিষয়: শংকৰদেৱ- মাধৱদেৱ, মাধৱদেৱ মহাবিদ্যালয় প্ৰকাশন
  4. পূৰ্ণানন্দ দত্ত স্মাৰক গ্ৰন্থ(মুক্তিযোদ্ধা, মাধৱদেৱ মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক)
  5. অসমীয়া ভাষা আৰু ইয়াৰ প্ৰয়োগ ( গৌতম কাকতীৰ সৈতে যুটীয়া)
  6. অসমীয়া কবিতা আৰু কথা- সাহিত্যৰ আভাস ( ৰাজীৱ বৰাৰ সৈতে যুটীয়া)
  7. অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ চমু বুৰঞ্জী ( গৌতম কাকতীৰ সৈতে যুটীয়া)
  8. ড॰ লোহিন্দ্ৰ কুমাৰ শইকীয়া ৰচনাৱলী (২য় খণ্ড)
  9. পৰাণ-নিগৰে(সত্ৰাধিকাৰ কেশৱ চন্দ্ৰ গোস্বামী স্মাৰক গ্ৰন্থ)
  10. জীৱন-চৰ্যা ( মুক্তিযোদ্ধা নিধিৰাম শইকীয়া স্মাৰক গ্ৰন্থ)
  11. আয়াজতি ( মুক্তিযোদ্ধা যজ্ঞোৰাম হাজৰিকা স্মাৰক গ্ৰন্থ), মধুপুৰ, ২০১০

আলোচনী

  1. পদাতিক (দুমহীয়া আলোচনী ) নগাঁও, ফেব্ৰুৱাৰী-মাৰ্চ, ১৯৯৮, আলোচনী, পদাতিক প্ৰকাশন
  2. স্মৃতিগ্ৰন্থ, দৌলযাত্ৰা উদযাপন, শ্ৰী শ্ৰী শিয়ালমৰা সত্ৰ, ২০০৬, স্মৃতিগ্ৰন্থ, শ্ৰী শ্ৰী শিয়ালমৰা সত্ৰ
  3. দ্ৰোপাং, ২০১০, স্মৃতিগ্ৰন্থ, উত্তৰ পিছলা শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱ সমিতি
  4. পিচ্ছিলা, অসম বিজ্ঞান সমিতিৰ ৫১ সংখ্যক ৰাজ্যিক অধিবেশনৰ মুখপত্ৰ
  5. তত্ত্বমসি, শ্ৰী শ্ৰী মাধৱদেৱ জন্মস্থান, লেটেকুপুখুৰী
  6. মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ জন্মস্থান, লেটেকুপুখুৰী
  7. ঝাপৰিভিটা, কলিতা জনগোষ্ঠী সন্মিলন অসমৰ ৰাজ্যিক মধ্যকালীন অধিবেশনৰ সম্পাদক
  8. পান্থ, অসমীয়া বিভাগ, মাধৱদেৱ মহাবিদ্যালয়

তথ্যসূত্ৰ

  1. ↑ Sri Jogen Tamuli. মাধৱদেৱ মহাবিদ্যালয়
  2. ↑ (২২ অক্টোবৰ, ২০১৯). অসমীয়া ভাষা সাহিত্যৰ নিৰৱ সাধক,গৱেষক, অধ্যাপক যোগেন তামুলীৰ দেহাৱসান, নাৰায়ণপুৰত গভীৰ শোক. অসমীয়া প্ৰতিদিন
  3. ↑ www.youtube.com/watch?v=g8XSwd_scTw
  4. ↑ সোণালী সৌৰভ, সম্পাদনা-দীক্ষিতা ভূঞা, জানুৱাৰী, ২০০৫
  5. ↑ সোণালী সৌৰভ, সম্পাদনা-দীক্ষিতা ভূঞা, জানুৱাৰী, ২০০৫

সম্পৰ্কিত শ্ৰেণী

অসমীয়া সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোগেন তামুলী” প্ৰবন্ধৰ সংশোধন ৫৩৮৪০৬ (১২ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।