অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

য়ুন ঝু

য়ুন ঝু (ইংৰাজী: Yun Zhu; জন্ম: ২৯ জুলাই ১৭১১ – ১ জুন ১৮৩৩), যাক ৱাংলান য়ুন ঝু বা 'লেটাচ লেকৰ পাৰ্গত' (Adept of the Lotus Lake) বুলিও জনা যায়, চীনৰ চিং ৰাজবংশৰ এগৰাকী প্ৰখ্যাত কবি, চিত্ৰশিল্পী আৰু নৈতিকতাবাদী আছিল। তেওঁ শ শ মহিলাই লিখা হাজাৰ হাজাৰ কবিতা সংগ্ৰহ কৰি একত্ৰিত কৰিছিল।

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ৩৫১ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

য়ুন ঝু (ইংৰাজী ভাষা: Yun Zhu; জন্ম: ২৯ জুলাই ১৭১১ – ১ জুন ১৮৩৩), যাক ৱাংলান য়ুন ঝু বা 'লেটাচ লেকৰ পাৰ্গত' (Adept of the Lotus Lake) বুলিও জনা যায়, চীনৰ চিং ৰাজবংশৰ এগৰাকী প্ৰখ্যাত কবি, চিত্ৰশিল্পী আৰু নৈতিকতাবাদী আছিল।১ তেওঁ শ শ মহিলাই লিখা হাজাৰ হাজাৰ কবিতা সংগ্ৰহ কৰি একত্ৰিত কৰিছিল।২

জীৱন

য়ুন ঝুৰ জন্ম ১৭১১ চনত চাংঝৌৰ য়াংহুৰ এক শিল্পানৰাগী পৰিয়ালত হৈছিল। তেওঁৰ মাহীয়েক য়ুন বিং এগৰাকী নিপুণ শিল্পী আছিল আৰু তেওঁৰ আজোককাক য়ুন শ্বৌপিং এজন প্ৰখ্যাত চিত্ৰশিল্পী আছিল।৩ তেওঁৰ জন্মৰ সময়ত আইতাকে এটা সপোন দেখিছিল যে এজন অচিনাকি ব্যক্তিয়ে তেওঁক এটি ডাঙৰ জিলিকি থকা মুকুতা উপহাৰ দিছে। ইয়াক এক শুভ লক্ষণ হিচাপে গণ্য কৰি তেওঁৰ নাম 'ঝু' ৰখা হৈছিল, যাৰ অৰ্থ হৈছে মুকুতা।৪

তেওঁৰ পিতৃ এজন জেলৰ আছিল যদিও তেওঁ মানচু অভিজাত শ্ৰেণীৰ ৱানিয়ান টিংলুৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ চাৰিটা সন্তান আছিল— ১৭৯১ চনত ৱানিয়ান লিনচিং, ১৭৯২ চনত ৱানিয়ান লিনচাং, ১৭৯৪ চনত ৱানিয়ান লিনছু আৰু পৰৱৰ্তী বছৰত এগৰাকী কন্যা সন্তান।৩

য়ুন ঝুৱে নিজে কবিতা লিখাৰ লগতে কবিতা সংগ্ৰহো কৰিছিল। তেওঁৰ প্ৰিয় পুত্ৰ লিনচিঙে আৱিষ্কাৰ কৰিছিল যে তেওঁৰ মাতৃয়ে শৈশৱৰ পৰা যৌৱনলৈকে মহিলাসকলে লিখা ৩,০০০ তকৈও অধিক কবিতা সংগ্ৰহ কৰি থৈছে।৫ সম্ভৱতঃ তেওঁৰ সন্মতি অবিহনেই লিনচিঙে ১৮১৪ চনত সেইসমূহৰ কিছুমান প্ৰকাশৰ ব্যৱস্থা কৰিছিল। য়ুনে এই কথাত অসন্তুষ্টি প্ৰকাশ কৰিছিল কাৰণ তেওঁ অনুভৱ কৰিছিল যে কেৱল উত্তৰ প্ৰজন্মৰ বাবেহে কবিতা প্ৰকাশ কৰিব লাগে। তেওঁৰ কাব্য সংকলন ড্ৰাফ্ট পয়েমছ এণ্ড লিৰিক্স ফ্ৰম হংক্সিয়াং লাইব্ৰেৰী ১৮৬৬ আৰু ১৯২৮ চনত পুনৰ মুদ্ৰণ কৰা হৈছিল।৩

১৮২০ চনত স্বামীৰ মৃত্যুৰ পিছত ৫০ বছৰ বয়সত তেওঁ নিজৰ জীৱনৰ এক নতুন যাত্ৰা আৰম্ভ কৰে। তেওঁ 'লেটাচ লেকৰ পাৰ্গত' ছদ্মনাম গ্ৰহণ কৰে। তেওঁ নিজৰ পুত্ৰৰ সৈতে বাস কৰিবলৈ লৈছিল। তেওঁৰ পুত্ৰ আনহুই প্ৰদেশৰ জল সংৰক্ষণ বিশেষজ্ঞ আছিল। যেতিয়া পুত্ৰই কৰ্মসূত্ৰে স্থান সলনি কৰিছিল, তেতিয়া তেৱোঁ পুত্ৰৰ লগত বিভিন্ন ঠাই ভ্ৰমণ কৰিছিল।৫

তেওঁৰ আটাইতকৈ উল্লেখযোগ্য কৰ্ম আছিল মহিলাৰ কবিতা: এক সঠিক আৰম্ভণিৰ বাবে সংকলন (Women's Poetry: anthology for a Correct Beginning) শীৰ্ষক গ্ৰন্থখন। এই কিতাপখনত ৯৩৩ গৰাকী বেলেগ বেলেগ লেখিকাৰ ১,৭০০ টা কবিতা অন্তৰ্ভুক্ত কৰা হৈছিল। এই কাম সম্পূৰ্ণ কৰিবলৈ ২০ বছৰ সময় লাগিছিল আৰু ইয়াত কোৰিয়া তথা মংগোলিয়াৰ কবিৰ কবিতাও স্থান পাইছিল। গ্ৰন্থখনৰ পৰিশোধনৰ কাম তেওঁৰ নাতিনী আৰু বোৱাৰীসকলে সম্পন্ন কৰিছিল।৩

তেওঁক ৰাজদৰবাৰৰ পৰা "প্ৰথম শ্ৰেণীৰ ডেম ডাউজাৰ" সন্মান প্ৰদান কৰা হৈছিল। ১৮৩৩ চনত মৃত্যুৰ আগলৈকে তেওঁ নিজৰ তিনিজন পুত্ৰ আৰু চৈধ্যগৰাকী নাতি-নাতিনীক শিক্ষা দান কৰিছিল।২ তেওঁৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ লিনচিঙে তেওঁৰ মৃতদেহ সমাধিস্থ কৰিবলৈ বেইজিংলৈ লৈ গৈছিল।৪

তথ্যসূত্ৰ

  1. ↑ Widmer, Ellen. (2008). The Oxford Encyclopedia Women in World History. Oxford Reference. Oxford University Press. ISBN 978-0-19-514890-9
  2. ↑ Yang, Binbin. (2016). Changing Chinese Masculinities: From Imperial Pillars of State to Global Real Men. Hong Kong University Press. পৃ. 122. ISBN 978-988-8208-56-2
  3. ↑ Lee, Lily Xiao Hong; Lau, Clara; Stefanowska, A.D. (2015). Biographical Dictionary of Chinese Women. Taylor & Francis. পৃ. 358. ISBN 978-1-317-47587-3
  4. ↑ Xun, Liu. (2004). Immortals and Patriarchs:The Daoist World of a Manchu Official and His Family in Nineteenth Century China. Asia Major. পৃ. 179
  5. ↑ Mann, Susan. (1997). Precious Records: Women in China's Long Eighteenth Century. Stanford University Press. পৃ. 94–99. ISBN 978-0-8047-2744-0

সম্পৰ্কিত শ্ৰেণী

চীনা মহিলা কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়ুন ঝু” প্ৰবন্ধৰ সংশোধন ৫৯৬৬৮০ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।