যুক্তি থৰেজা (ইংৰাজী ভাষা: Yukti Thareja; জন্ম: ৫ জানুৱাৰী ২০০২) এগৰাকী ভাৰতীয় মডেল আৰু অভিনেত্ৰী। ২০১৯ চনত তেওঁ এমটিভি ছুপাৰমডেল অফ দ্য য়েৰ নামৰ ৰিয়েলিটি শ্ব’ত অংশগ্ৰহণ কৰিছিল।১ ইয়াৰ উপৰি তেওঁ ৰংগাবলী (২০২৩) আৰু মাৰ্কো (২০২৪) বোলছবিত অভিনয় কৰিছে।২৩
প্ৰাৰম্ভিক জীৱন
থৰেজাৰ জন্ম ২০০২ চনৰ ৫ জানুৱাৰীত হৈছিল। দিল্লীৰ শ্ৰী গুৰু গোবিন্দ সিং কলেজ অফ কমাৰ্চৰপৰা স্নাতক ডিগ্ৰী লাভ কৰি থকাৰ সময়তে তেওঁ "অ’প’ দিল্লী টাইমছ ফ্ৰেছ ফেচ ২০১৭"ৰ জৰিয়তে মডেলিং কেৰিয়াৰ আৰম্ভ কৰিছিল।৪৫
কৰ্মজীৱন

২০১৯ চনত তেওঁ এমটিভি ছুপাৰমডেল অফ দ্য য়েৰত অংশগ্ৰহণ কৰিছিল,৬ য’ত তেওঁ চতুৰ্থ স্থান লাভ কৰি প্ৰতিযোগিতাৰপৰা বাহিৰ হৈছিল।১ ২০২০ চনত তেওঁ এমটিভি এছ দ্য কোৱাৰেণ্টাইনত অংশ লয়।৭ ২০২১ চনত জুবিন নৌটিয়ালে কণ্ঠদান কৰা টি-চিৰিজৰ সংগীত ভিডিঅ’ "লুট গয়ে"ত থৰেজা ইমৰাণ হাছমীৰ বিপৰীতে অভিনয় কৰে।৮ এই ভিডিঅ’টোৱে ইউটিউবত ১.১ বিলিয়নতকৈও অধিক দৰ্শন (views) লাভ কৰিছে।৯
২০২৩ চনত তেওঁ নগা সৌৰ্যৰ বিপৰীতে ৰংগাবলী বোলছবিৰ জৰিয়তে তেলেগু চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।১০ সেই একে বছৰতে তেওঁক নন্দমুৰী কল্যাণ ৰামৰ অভিনীত ডেভিল: দ্য ব্ৰিটিছ ছিক্ৰেট এজেণ্টৰ মুখ্য অভিনেত্ৰী হিচাপে নিৰ্বাচিত কৰা হৈছিল। পিছলৈ তেওঁৰ ঠাইত সংযুক্তা মেননক কাষ্ট কৰা হয়।১১
২০২৪ চনত তেওঁ উন্নি মুকুন্দনৰ বোলছবি মাৰ্কোৰ সৈতে জড়িত হয় আৰু ইয়াৰ জৰিয়তে মালয়ালম চলচ্চিত্ৰ জগতত খোজ পেলায়।১২ এইখন তেওঁৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হয়।১৩ ২০২৫ চনত তেওঁক জিঅ’হটষ্টাৰৰ সংগীতমণ্ডিত ড্ৰামা ছিৰিজ হ্যেয় জুনুন! ড্ৰিম. ডেয়াৰ. ডমিনেট.ত দেখা যায়।১৪ একে বছৰতে তেওঁ কিৰণ আব্বাভৰমৰ বিপৰীতে কে-ৰেম্প নামৰ এখন ৰোমাণ্টিক কমেডী ছবিত অভিনয় কৰে।১৫
থৰেজাৰ আগন্তুক তেলেগু বোলছবিসমূহৰ ভিতৰত দীক্ষিত চেট্টীৰ বিপৰীতে কিং জেকী কুইন আৰু নিখিল কুমাৰস্বামীৰ বিপৰীতে এখন নাম স্থিৰ নোহোৱা ছবি উল্লেখযোগ্য।১৬১৭
তথ্যসূত্ৰ
- ↑ (4 March 2020). Supermodel Of The Year: Malaika Arora and Masaba Gupta school models for not getting the brief in a task. The Times of India
- ↑ (28 June 2023). Rangabali Trailer: Naga Shaurya Clashes With Shine Tom Chacko In A Bitter Turf War. www.filmcompanion.in
- ↑ (13 October 2024). Unni Mukundan has no mercy in Marco teaser. www.dtnext.in
- ↑ (5 September 2017). Rain no pain for fuchchas at Guru Gobind Singh college. The Times of India
- ↑ Fresh Face auditions @ SGGSCC. photogallery.indiatimes.com
- ↑ Shrivastava, Nivi. (26 January 2020). Toxic shows and hosts. www.asianage.com
- ↑ Bhasin, Shriya. (3 July 2020). This unlock, 'Ace the Quarantine' with Varun Sood and Divya Agarwal. Know how. www.indiatvnews.com
- ↑ (18 February 2021). Lut Gaye song: Emraan Hashmi plays a cop in this corny, romantic ballad by Tanishk Bagchi. The Indian Express
- ↑ Ten most stunningly popular songs of singing star Jubin Nautiyal on YouTube · EasternEye. www.easterneye.biz
- ↑ Sundar, Anusha. (22 March 2023). Naga Shaurya's next titled Rangabali. Cinema Express
- ↑ (26 October 2022). Samyuktha Menon replaces Yukti Thareja in Devil. Cinema Express
- ↑ Marco – The Unni Mukundan-starrer will have THIS Telugu actress as a female lead. OTTPlay
- ↑ (4 January 2025). ‘Marco’ box office collections day 15: Action thriller surges past Rs 45 crore mark!. The Times of India
- ↑ (18 April 2025). Hai Junoon: Neil Nitin Mukesh and Jacqueline Fernandez bring musical drama!. The Statesman
- ↑ Nadadhur, Srivathsan. (18 October 2025). ‘K Ramp’ movie review: Kiran Abbavaram film milks a worn-out formula with crude humour. The Hindu
- ↑ Yukti Thareja signs her second Telugu film, the project has a major 'Nani's Dasara' connection, details inside. OTTPlay
- ↑ (24 August 2023). Nikhil Kumaraswamy’s next to be bankrolled by Lyca Productions. The Hindu
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যুক্তি থৰেজা” প্ৰবন্ধৰ সংশোধন ৫৯৮৫৬৩ (৩১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।