অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ল

ল অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৮ নং আখৰ। ই এক পাৰ্শ্ব বা পাৰ্শ্বিক ধ্বনি৷ এনে ধ্বনি উচ্চাৰণ কৰোঁতে আগ জিভাৰ দাঁতিৰ জিহ্বাদল দুটা চেপেটা হৈ নাথাকি গোটা হৈ আগদাঁতৰ অন্তৰ্ভাগত স্পৰ্শ কৰি বায়ুপ্ৰবাহক ভেটা দি, জিহ্বাৰ একাষে বা দুয়োকাষে ওলাই যাবলৈ দি “ল’’ উচ্চাৰণ কৰা হয়৷ ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাওঁফাওঁৰ…

হালনাগাদ: ২৩ নৱেম্বৰ ২০২৪ ১৪৫ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

ল অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৮ নং আখৰ। ই এক পাৰ্শ্ব বা পাৰ্শ্বিক ধ্বনি৷ এনে ধ্বনি উচ্চাৰণ কৰোঁতে আগ জিভাৰ দাঁতিৰ জিহ্বাদল দুটা চেপেটা হৈ নাথাকি গোটা হৈ আগদাঁতৰ অন্তৰ্ভাগত স্পৰ্শ কৰি বায়ুপ্ৰবাহক ভেটা দি, জিহ্বাৰ একাষে বা দুয়োকাষে ওলাই যাবলৈ দি “ল’’ উচ্চাৰণ কৰা হয়৷১২ ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।৩ 'ল'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ল' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।

স্বৰবৰ্ণৰ লগত যোগ হ'লে

স্বৰবৰ্ণ'ল'ৰ লগত যোগ হ'লে
অল
আলা
ইলি
ঈলী
উলু
ঊলূ
ওলো
ঔলৌ

যুক্তবৰ্ণ (ল যোগ)

ল + ক = ল্ক = বল্কল

ল্ + গ= ল্গ = বল্গা

ল্ + ট = ল্ট = উল্টা

ল্ + প = ল্প = অল্প

ল্ + ব = ল্ব = বাল্ব

ল্ + ম = ল্ম = গুল্ম

ল্ + য় = ল্য = বাল্য

ল্ + ল = ল্ল = মল্ল

'ল'ৰে আৰম্ভ শব্দৰ উদাহৰণ

তথ্যসূত্ৰ

  1. ↑ বৰুৱা, ড° ভীমকান্ত. (২০০২). ভাষাৰ ইতিবৃত্ত. বনলতা. পৃ. ৭-৮. ISBN 81-7339-338-9
  2. ↑ গোস্বামী, ড° উপেন্দ্ৰনাথ. (২০০২). ভাষা-বিজ্ঞান. মণি-মাণিক প্ৰকাশ. পৃ. ১০০
  3. ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ

সম্পৰ্কিত শ্ৰেণী

অসমীয়া ব্যঞ্জনবৰ্ণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ল” প্ৰবন্ধৰ সংশোধন ৪৪৭৪৮৭ (২৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।