অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

যামিনী ৰেড্ডী

যামিনী ৰেড্ডী ভাৰতৰ এগৰাকী কুচিপুড়ী নৃত্যশিল্পী, শিক্ষয়িত্ৰী, নৃত্য পৰিচালক আৰু কুচিপুড়ীৰ পাঠদানৰ বাবে নিবেদিত বিদ্যালয় “নাট্য তৰংগিণী’’ৰ সঞ্চালক। এওঁ ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বিদেশৰো বহু ঠাইত নৃত্য পৰিৱেশন কৰিছে।

হালনাগাদ: ২৮ মাৰ্চ ২০২৪ ৪০৮ শব্দ · ২ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

যামিনী ৰেড্ডী ভাৰতৰ এগৰাকী কুচিপুড়ি নৃত্যশিল্পী, শিক্ষয়িত্ৰী, নৃত্য পৰিচালক আৰু কুচিপুড়ীৰ পাঠদানৰ বাবে নিবেদিত বিদ্যালয় “নাট্য তৰংগিণী’’ৰ সঞ্চালক। এওঁ ভাৰতৰ বিভিন্ন ঠাইৰ লগতে বিদেশৰো বহু ঠাইত নৃত্য পৰিৱেশন কৰিছে।

প্ৰাৰম্ভিক জীৱন

কুচিপুড়ীৰ বিখ্যাত সাধক ড° ৰাজা আৰু ৰাধা ৰেড্ডীৰ ঘৰত জন্মগ্ৰহণ১ কৰা যামিনীয়ে কম বয়সতে নৃত্য শৈলীৰ দীক্ষা লাভ কৰিছিল। মাক-দেউতাকৰ অধীনত এই কলাৰ প্ৰশিক্ষণ লৈছিল। কুচিপুড়ী নৃত্য জগতৰ এগৰাকী যুৱ তাৰকা হিচাপে তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, ৩ বছৰ বয়সতে অনুষ্ঠান পৰিৱেশন কৰিছিল। তেতিয়াৰ পৰাই তেওঁ নৃত্য পৰিৱেশনৰ বাবে বিভিন্ন ঠাই ভ্ৰমণ কৰি আহিছে।

নতুন দিল্লীৰ লেডী শ্ৰীৰাম কলেজৰ পৰা কমাৰ্চ বিষয়ত স্নাতক ডিগ্ৰী (অনাৰ্ছ) আৰু নতুন দিল্লীৰ ফ’ৰ স্কুলৰ পৰা আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে।২

কেৰিয়াৰ

যামিনীয়ে যুক্তৰাজ্য, ইউৰোপ, আমেৰিকা, ইউ এ ই আৰু দক্ষিণ-পূব এছিয়াত বেছিকৈ ভ্ৰমণ কৰিছে। ২০১১ চনত লণ্ডনৰ প্ৰতিষ্ঠিত উইগম’ৰ হলত অনুষ্ঠান পৰিৱেশন কৰা যামিনীয়ে ৰাছিয়া আৰু পূব ইউৰোপতো সফল ভ্ৰমণ কৰিছিল, য’ত ২০০৯ চনত ব্ৰিক আৰু এছচিঅ’ শীৰ্ষ সন্মিলনত বিভিন্ন ৰাষ্ট্ৰপতিৰ অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰাৰ সুযোগ পাইছিল। হাংগেৰীৰ ৰাষ্ট্ৰপতি, স্লোভেনিয়াৰ প্ৰথম মহিলা আৰু ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড° এ.পি.জে আব্দুল কালামৰ দৰে বিশিষ্ট ব্যক্তিত্বৰ আগত তেওঁৰ শিল্পকৰ্ম উপস্থাপন কৰিছে।

সমালোচক আৰু দৰ্শকৰ মাজত যামিনীৰ নৃত্য পৰিৱেশনৰ সাধনাৰ বিষয়ে সদায় উচ্চ প্ৰশংসিত হৈ আহিছে৷ নিউয়ৰ্কৰ আধুনিক নৃত্যশিল্পী লিয়া কাৰ্টিছৰ সৈতে তেওঁৰ প্ৰযোজনা ‘হাৰমনি’ চোৱা দৰ্শকৰ সমাদৰ লাভ কৰাৰ লগতে কেৰালাৰ নিশাগন্ধি উৎসৱত সেই অনুষ্ঠান পৰিৱেশন কৰিবলৈ আমন্ত্ৰণ লাভ কৰে। তেওঁ ভাৰতৰ পৰিৱেশ্য কলাৰ বাবে ‘দৰ্শক বিকাশ’ শীৰ্ষক গৱেষণা পত্ৰও লিখিছে।

যামিনীয়ে ভাৰতত যুগ যুগৰে চলি অহা পৌৰাণিক কাহিনীসমূহক নৃত্যৰ আধাৰত জন-মানসত উদ্ভাসিত কৰাৰ পৰিকল্পনা কৰিছে৷৩

নাট্য তৰংগিণী

১৯৭৬ চনত পদ্মভূষণ বঁটা বিজয়ী ৰাজা আৰু ৰাধা ৰেড্ডীয়ে প্ৰতিষ্ঠা কৰা নাট্য তৰংগিনীয়ে উত্তৰ ভাৰতত কুচিপুড়ী শৈলীৰ শাস্ত্ৰীয় নৃত্য জনপ্ৰিয় কৰি তুলিবলৈ আৰম্ভ কৰিছিল। তাৰ পিছৰ পৰাই ই কলা গঠনৰ লগত জড়িত সকলো কাৰ্য্যকলাপ সামৰি এক অনন্য কলা প্ৰতিষ্ঠানলৈ পৰিণত হৈছে।

ৰাজা আৰু ৰাধাই নতুন দিল্লীৰ সাকেট স্থানীয় অঞ্চলত অৱস্থিত কুচিপুড়ী নৃত্যৰ নাট্য তৰংগিনী প্ৰতিষ্ঠান আৰম্ভ কৰে।৪ ইয়াৰ লক্ষ্য আৰু অধিক প্ৰচাৰ কৰি নিজকে পুনৰ শিপাবলৈ ৰাজা ৰাধা আৰু কৌশল ৰেড্ডীয়ে আৰম্ভ কৰে নাট্য তৰংগিনী হায়দৰাবাদ শাখা, যিটো তেওঁলোকৰ জ্যেষ্ঠ কন্যা যামিনী ৰেড্ডীয়ে পৰিচালনা কৰি আছে। হায়দৰাবাদত প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা এই বিদ্যালয়খনৰ কাম-কাজৰ হাৰ তীব্ৰ গতিত বৃদ্ধি পাইছে আৰু বছৰি হায়দৰাবাদ শাখাত এশৰো অধিক ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ দিয়া হয়। নিয়মীয়া নৃত্য প্ৰশিক্ষণৰ উপৰি নাট্য তৰংগিণীয়ে নৃত্য আৰু সংগীতৰ ক্ষেত্ৰৰ সুপৰিচিত শিল্পীসকলৰ মাজত কৰ্মশালা আৰু অধিৱেশনো সক্ৰিয়ভাৱে পৰিচালনা কৰি নিজৰ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ উন্নতি সাধন কৰি আহিছে।

তদুপৰি, যামিনীয়ে প্ৰতিবছৰে এজন শিল্পীক সমৰ্থন কৰে, যিয়ে তেওঁৰ প্ৰাপ্য স্বীকৃতি বা আৰ্থিক সা-সুবিধা লাভ কৰা নাই অথচ অমূল্য কৰ্ম সৃষ্টি কৰিছে৷ ৩ এনে শিল্পীসকলক লৈ তেওঁৰ এই প্ৰশংসনীয় পদক্ষেপে তেওঁলোকলৈ স্বীকৃতি আনিব বুলি ভবা হৈছে৷

তথ্যসূত্ৰ

  1. ↑ Jamini
  2. ↑ Samyuktha K · Updated: May 3, 2017, 6:00 IST. (2017-05-03). Yamini Reddy: Moving to Hyderabad got me out of the shadow of Raja and Radha Reddy | Hyderabad News - Times of India. Timesofindia.indiatimes.com
  3. ↑ নাট্য-তৰংগিণী
  4. ↑ (31 August 2012). Constant change. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় নৃত্যশিল্পী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যামিনী ৰেড্ডী” প্ৰবন্ধৰ সংশোধন ৪১৫১২৭ (২৮ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।