য়ুৰেই নাগাচিমা (Yurie Nagashima, 長島 有里枝, জন্ম ১৯৭৩) এগৰাকী জাপানী ফটোগ্ৰাফাৰ, সমসাময়িক শিল্পী আৰু লেখিকা যি আত্ম-প্ৰতিকৃতি (self-portraiture), প্ৰতিকৃতি (portraiture), ষ্ট্ৰীট ফটোগ্ৰাফী, ইনষ্ট’লেচন, গৱেষণা-আধাৰিত আৰু ষ্টিল-লাইফ শৈলীত কাম কৰে। তেওঁ ঘৰ, পাৰিবাৰিক জীৱন আৰু দৈনন্দিন জীৱনৰ ৰ’ (raw আৰু অন্তৰংগ পৰ্ট্ৰেইচাৰৰ বাবে সৰ্বাধিক জনাজাত। এক বহল নাৰীবাদী দৃষ্টিৰে তেওঁ কাম কৰে।
২০০০ চনত নাগাচিমাক সন্মানীয় কিমুৰা ইহেই বঁটা প্ৰদান কৰা হয়। নাগাচিমা টকিঅ’ আৰু মুছাশিনো বিশ্ববিদ্যালয়ৰ প্ৰবক্তা আৰু কিয়োটো আৰ্ট বিশ্ববিদ্যালয়ৰ ভিজিটিং প্ৰফেচাৰ। তেওঁৰ কিতাপ「僕らの女の子写真からわたしたちのガーリーフォトへ」(ফ্ৰম ডেয়াৰ গাৰ্লচ ফটোগ্ৰাফী টু আৱাৰ গাৰ্লি ফটো, ২০২০)-এ ডিচকোৰ্চ বিশ্লেষণেৰে জাপানী কলা সমালোচনাত দেখা পোৱা লিংগ পক্ষপাতিত্বক উদঙাই দেখুৱাইছে।
কৰ্মজীৱন
নিজক আৰু পৰিয়ালৰ সদস্যসকলক নগ্ন ৰূপত অংকন কৰি য়ুৰেই কিছু ফটো তুলিছিল।১ এই আলোকচিত্ৰলানিয়ে ১৯৯৩ চনত ট’কিঅ’ৰ পাৰ্ক’ গেলেৰীয়ে আয়োজন কৰা দ্বিতীয় বাৰ্ষিক আৰবান আৰ্ট বঁটা লাভ কৰিছিল আৰু ই য়ুৰেইলৈ প্ৰচুৰ খ্যাতি কঢ়িয়াই আনিছিল। নাগাচিমাক এই বঁটাৰ বাবে জাপানৰ অন্যতম জনাজাত ফটোগ্ৰাফাৰ নোবুয়োশি আৰাকীয়ে মনোনীত কৰিছিল। সেই সময়ত, নাগাচিমা ট’কিঅ’ৰ মুছাশিনো আৰ্ট বিশ্ববিদ্যালয়ৰ ছাত্ৰী আছিল। এই বিশ্ববিদ্যালয়ৰপৰা তেওঁ ১৯৯৫ চনত ভিজুৱেল কমিউনিকেশ্বন ডিজাইনত স্নাতক ডিগ্ৰী লাভ কৰিছিল।২ ১৯৯৫ চনত ট’কিঅ’ৰ পাৰ্ক’ গেলেৰীত আমেৰিকান ফটোগ্ৰাফাৰ কেথেৰিন অপিৰ সৈতে নাগাচিমাৰ দ্বৈত প্ৰদৰ্শনী অনুষ্ঠিত হয়।২ অপিৰ সৈতে হোৱা এই সংযোগৰ পিছত, নাগাচিমাই তেওঁৰ তত্বাৱধানত কেলিফৰ্ণিয়া ইনষ্টিটিউট অৱ দ্য আৰ্টচ্ত এম এফ এ পঢ়িবলৈ আৰম্ভ কৰে।
মাজে মাজে উত্তেজক, প্ৰৰোচনামূলক ফটোগ্ৰাফেৰে নাগাচিমাই জাপানত অশ্লীলতা আৰু গ্ৰহণযোগ্যতা সম্পৰ্কে সাৰ্বজনিক ধাৰণাক পৰীক্ষা কৰিছে।
২০০০ চনৰ পৰা ২০১৪ চনলৈ, ট’কিঅ’ৰ এছ চি এ আই দ্য বাথহাউচত নাগাচিমাৰ অসংখ্য একক আৰু দলীয় প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল।২ বৰ্তমান মাহো কুবেটা গেলেৰীত তেওঁৰ আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়।
ফটোগ্ৰাফাৰ, কিউৰেটৰ, প্ৰবক্তা আৰু লেখিকা হিচাপে তেওঁৰ কামৰ উপৰিও, ২০১৪ চনৰ আগষ্ট মাহত নাগাচিমাই লাটভিয়াৰ ইণ্টাৰনেচনেল চামাৰ স্কুল অৱ ফটোগ্ৰাফীৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লৈছিল। তেওঁ ফটোগ্ৰাফী এজ আ চাবভাৰচিভ টেক্টিক: বিয়িং দ্য আদাৰ শীৰ্ষক এখন কৰ্মশালাৰ নেতৃত্ব দিছিল।৩
কিউৰেটৰ হিচাপেও নাগাচিমাৰ নাম আছিল আৰু তেওঁ ১৫ অক্টোবৰ, ২০২১ৰপৰা-১৩ মাৰ্চ ২০২২লৈ কাউণ্টাৰমেজাৰছ এগেইনষ্ট অকৱাৰ্ড ডিচকৰ্চেচ: ফ্ৰম দ্য পাৰস্পেক্টিভ অৱ থাৰ্ড ৱেভ ফেমিনিজম শীৰ্ষকেৰে টুৱেণ্টি ফাৰ্ষ্ট চেঞ্চুৰী মিউজিয়ামত এটি আৰ্ট শ্ব কিউৰেট কৰিছিল।
নাগাছিমাই পৰিয়াল, লিংগ, পৰিচয় আৰু যৌনতাৰ সৈতে সম্পৰ্কিত অসংখ্য গুৰুত্বপূৰ্ণ ফটোগ্ৰাফী মনোগ্ৰাফ প্ৰকাশ কৰিছে। ‘মেম’ৰিজ অৱ দ্য বেক’ তেনে এটা ফটো শৃংখলা তেওঁৰ আত্মজীৱনী মূলক আছিল, যি তেওঁৰ শৈশৱৰ সময়ছোৱাক ধৰি ৰাখিছিল।৪
তথ্যসূত্ৰ
- ↑ Warner Marien, Mary (2006). Photography: A Cultural History. London: Laurence King, p. 464
- ↑ "Yurie Nagashima ", SCAI the Bathhouse
- ↑ Yurie Nagashima - Photography as a Subversive Tactic » ISSP
- ↑ Masatsugu Ono, "A Year in Reading", The Millions
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়ুৰেই নাগাচিমা” প্ৰবন্ধৰ সংশোধন ৩৯২০৪৬ (১৬ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।