য়ায়ই কুচামা (草間 彌生, Yayoi Kusama, জন্ম ২২ মাৰ্চ ১৯২৯) এগৰাকী জাপানী সমসাময়িক শিল্পী যি মুখ্যতঃ ভাস্কৰ্য আৰু ইনষ্টলেচনৰ কাম কৰে। তেওঁ চিত্ৰাংকন (পেইণ্টিং), পাৰ্ফমেঞ্চ, ভিডিঅ’ কলা, ফেশ্বন, কবিতা, কল্পকাহিনী আৰু অন্যান্য কলাতো সক্ৰিয়। তেওঁৰ কাম ধাৰণামূলক কলাৰ ওপৰত আধাৰিত আৰু ই নাৰীবাদ, মিনিমেলিজম, অতিবাস্তৱবাদ, আৰ্ট ব্ৰুট, পপ আৰ্ট, আৰু বিমূৰ্ত অভিব্যক্তিবাদৰ কিছুমান গুণ প্ৰদৰ্শন কৰে; লগতে এই সৃষ্টিসমূহ আত্মজীৱনীমূলক, মানসিক আৰু যৌন সমলৰ সৈতে সংযোজিত। তেওঁক জাপানৰ পৰা ওলাই আহি কাম কৰা আটাইতকৈ গুৰুত্বপূৰ্ণ জীৱিত শিল্পী হিচাপে পৰিগণিত হৈছে।১ তেওঁ বিশ্বত সৰ্বাধিক বিক্ৰী হোৱা মহিলা শিল্পী২ আৰু লগতে বিশ্বৰ আটাইতকৈ সফল জীৱিত শিল্পী।
তেওঁৰ কামে তেওঁৰ সমসাময়িক এণ্ডি ৱাৰহোল আৰু ক্লেছ ওল্ডেনবাৰ্গ আদি শিল্পীৰ কামৰ ওপৰত প্ৰভাৱ পেলাইছে।
কুচামা মাৎসুমোটোত ডাঙৰ দীঘল হৈছিল, আৰু নিহোঙ্গা নামৰ পৰম্পৰাগত জাপানী চিত্ৰকলা শৈলীত এবছৰৰ বাবে কিয়োটো চিটি ইউনিভাৰ্চিটি অফ আৰ্টছত প্ৰশিক্ষণ লৈছিল।৩ তেওঁ আমেৰিকান এবষ্ট্ৰেক্ট ইম্প্ৰেছনিজমৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। ১৯৫৮ চনত তেওঁ নিউয়ৰ্ক চহৰলৈ যায় আৰু ১৯৬০ৰ গোটেই দশকজুৰি তেওঁ নিউয়ৰ্কৰ এভাণ্ট-গাৰ্ডৰ পপ-আৰ্ট আন্দোলনৰ অংশ আছিল।৪
১৯৬০ৰ দশকৰ শেষৰ ফালে হিপ্পি প্ৰতিসংস্কৃতিক আঁকোৱালি লৈ ইয়াৰ সৈতে মিল ৰাখি তেওঁ কেইবাটাও অনুষ্ঠানৰ শৃংখলা আয়োজন কৰিছিল, য’ত উলংগ অংশগ্ৰহণকাৰীসকলৰ শৰীৰত উজ্জ্বল ৰঙৰ পোলকা ডট অংকন কৰি তেওঁ জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰিছিল।৫৬ তেওঁ ৭০ৰ দশকত এনে এটা সময়ৰ অভিজ্ঞতাৰ সন্মুখীন হৈছিল, য’ত তেওঁৰ কাম মানুহে পাহৰি গৈছিল, কিন্তু ১৯৮০ৰ দশকত আগ্ৰহৰ পুনৰুজ্জীৱিত হোৱাৰ ফলত তেওঁৰ কলা পুনৰ জনসাধাৰণৰ দৃষ্টিগোচৰ হৈছিল। কুচামাই ১৯৫০-ৰ দশকৰপৰা ২০২০লৈ বিশ্বৰ বিভিন্ন সংগ্ৰহালয়ত কলা সৃষ্টি অব্যাহত ৰাখিছে।৭
কুচামাই মানসিক স্বাস্থ্য বিষয়ত মুকলিকৈ আলোচনা কৰে। তেওঁ ১৯৭০ চনৰপৰা এটি মানসিক স্বাস্থ্য কেন্দ্ৰত বাস কৰি আহিছে, প্ৰতিদিনে এই স্থান এৰি তেওঁ ইয়াৰ ওচৰতে থকা নিজৰ ষ্টুডিঅ’লৈ যায়। তেওঁৰ মতে, কলা তেওঁৰ মানসিক সমস্যাবোৰ প্ৰকাশ কৰাৰ সৰ্বোত্তম মাধ্যম।৮ ২০১২ চনৰ এটি সাক্ষাৎকাৰত তেওঁ কৈছে; মই প্ৰতিদিনে দুখ, উদ্বেগ আৰু ভয়ৰ সৈতে যুঁজ দিওঁ, আৰু মোৰ ৰোগৰ পৰা সকাহ পোৱাৰ একমাত্ৰ উপায় হৈছে মই সৃষ্টিশীল হৈ থকা। তেওঁ পুনৰ কৈছে; মই কলাৰ সৈতে এটি যোগসংযোগ স্থাপন কৰিছিলোঁ; আৰু কেনেবাকৈ এটা পথ আৱিষ্কাৰ কৰিছিলো যিয়ে মোক জীয়াই থাকিবলৈ প্ৰেৰণা দিছে।৯
তথ্যসূত্ৰ
- ↑ Yamamura, Midori (2015), Yayoi Kusama: Inventing the Singular. Cambridge, MA: MIT Press
- ↑ Tran, John L. (2019-11-07). Yayoi Kusama: The underdog story of a Japanese art maverick. The Japan Times
- ↑ Yayoi Kusama. guggenheim.org
- ↑ Griselda, Pollock. (2006). Psychoanalysis and the image: transdisciplinary perspectives. Blackwell Publishers. পৃ. 127–160
- ↑ Yayoi Kusama, Harry Shunk, János Kender. The Anatomic Explosion, New York. 1968 · MoMA. The Museum of Modern Art
- ↑ Yayoi Kusama, Harry Shunk, János Kender. Mirror Performance, New York. 1968 · MoMA. The Museum of Modern Art
- ↑ Taylor, Kate. (28 February 2018). How Yayoi Kusama's Infinity Mirrors pushed pop art into the new age
- ↑ Yayoi Kusama Biography, Life & Quotes. The Art Story
- ↑ Swanson, Carl. (6 July 2012). The Art of the Flame-Out. New York
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়ায়ই কুচামা” প্ৰবন্ধৰ সংশোধন ৩৯১০৫৭ (১০ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।