অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

য়াছমিন লাফিত্তে

য়াছমিন লাফিত্তে (আৰবী: ياسمين لافيت) এগৰাকী ফৰাচী-মৰক্কোৰ প্ৰাক্তন পৰ্ণগ্ৰাফিক অভিনেত্ৰী, যিয়ে কেৱল য়াছমিন নামেৰে অভিনয় কৰিছিল।

হালনাগাদ: ৮ মে’ ২০২৬ ১৬২ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

য়াছমিন লাফিত্তে (আৰবী: ياسمين لافيت) এগৰাকী ফৰাচী-মৰক্কোৰ প্ৰাক্তন পৰ্ণগ্ৰাফিক চলচ্চিত্ৰৰ অভিনয় শিল্পী, যিয়ে কেৱল য়াছমিন নামেৰে অভিনয় কৰিছিল।১

জীৱন আৰু কেৰিয়াৰ

মৰক্কোৰ এটা সৰু গাঁও থাৰ এছ-চৌকৰ এটা ধৰ্মপৰায়ণ মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰা য়াছমিন মাত্ৰ পাঁচ মাহ বয়সতে পৰিয়ালৰ সৈতে ফ্ৰান্সলৈ গুচি আহে আৰু লিয়নৰ এটা উপনগৰত ডাঙৰ-দীঘল হয়।২১ ১৮ বছৰ বয়সত হাইস্কুলৰ পঢ়া শেষ কৰি তেওঁ পৰিয়াল ত্যাগ কৰে; এই সময়ছোৱাত তেওঁ নাৰ্চৰ প্ৰশিক্ষণ লৈছিল আৰু পঢ়াৰ খৰচ যোগাবলৈ এগৰাকী পৰিচাৰিকা (ৱেইট্ৰেছ) হিচাপে কাম কৰিছিল।২১

২০০৪ চনত তেওঁ তেতিয়াৰ প্ৰেমিকৰ সৈতে প্ৰাপ্তবয়স্ক চলচ্চিত্ৰ উদ্যোগত প্ৰৱেশ কৰে। তেওঁলোকে এটা সৰু প্ৰডাকচন কোম্পানীৰ বিজ্ঞাপন দেখি আবেদন কৰিছিল যিয়ে অপেশাদাৰী দম্পতীৰ সন্ধান কৰি আছিল।২৩ ২০০৬ চনত তেওঁ টিএফৱান টক শ্ব' লা মেথড কাউয়েটৰ এটা খণ্ডত অংশ লৈছিল। ইয়াৰ পিছত তেওঁ বাতৰি কাকতৰ সাক্ষাৎকাৰ, আলোচনীৰ বেটুপাত আৰু বিভিন্ন অনুষ্ঠানত স্থান লাভ কৰে আৰু এফএইচএম আলোচনীৰ এগৰাকী মুখপত্ৰ মডেল (spokesmodel) হৈ পৰে।৩ ২০০৭ চনত তেওঁ প্ৰযোজক মাৰ্ক ডৰচেলৰ সৈতে এক একচেটিয়া চুক্তি স্বাক্ষৰ কৰে।৩৪৫ সেই একে বছৰতে তেওঁ ডেনিয়েল আৰবিডৰ ড্ৰামা ছবি এ লষ্ট মেনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে, যিখন ৬০ সংখ্যক কান চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈছিল।৬৭ ২০০৮ চনত তেওঁ অলিভিয়াৰ মাৰ্চালৰ ক্ৰাইম ড্ৰামা ছবি এম আৰ ৭৩ত এটা সহযোগী চৰিত্ৰত অভিনয় কৰিছিল।২৪১ কেইবাখনো আন্তঃৰাষ্ট্ৰীয় ছবিত কাম কৰাৰ পিছত তেওঁ ২০০৯ চনৰ ফেব্ৰুৱাৰীত কেৱল মূলধাৰাৰ চলচ্চিত্ৰ আৰু প্ৰডাকচনত মনোনিৱেশ কৰিবলৈ পৰ্ণ উদ্যোগৰ পৰা অৱসৰ লয়।২৮

২০০৫ চনত তেওঁ অলিভিয়াৰ লাফিত্তেৰ সৈতে মিলি "আলাকো প্ৰডাকচন" নামৰ নিজা প্ৰডাকচন কোম্পানী আৰম্ভ কৰে।

বঁটা আৰু মনোনয়ন

  • ২০০৭ ভেনাচ বঁটা বিজয়ী - শ্ৰেষ্ঠ ইউৰোপীয় অভিনেত্ৰী৯
  • ২০০৭ এক্স এৱাৰ্ডছ - শ্ৰেষ্ঠ অভিনেত্ৰী
  • ২০০৮ এক্স এৱাৰ্ডছ - শ্ৰেষ্ঠ অভিনেত্ৰী
  • ২০০৮ ইৰ'টিকলাইন এৱাৰ্ড - শ্ৰেষ্ঠ ইউৰোপীয় অভিনেত্ৰী

তথ্যসূত্ৰ

  1. ↑ (5 January 2010). Yasmine: de la blouse blanche au latex noir
  2. ↑ Stéphanie Plasse. (12 December 2009). Yasmine: sexe, islam et blouse blanche. afrik.com
  3. ↑ Mouna Izzdine. (28 September 2007). La nouvelle Dorcel Girl marocaine. Maroc Hebdo
  4. ↑ Jean-Daniel Sallin. (1 April 2008). Zone Yasmine. Tribune de Genève
  5. ↑ Exclusive: Complete 2008 eLINE Award Winners from Venus Berlin. AVN
  6. ↑ Yasmine Lafitte Actrice française. Le Figaro
  7. ↑ Serge Kaganski. (19 September 2007). Un homme perdu. Les Inrocks
  8. ↑ Philippe Vecchi. (9 January 2011). Yasmine, ex-égérie Dorcel: "Maintenant je sais pourquoi je suis devenue hardeuse". Les Inrocks
  9. ↑ (24 October 2007). Venus Award Winners Announced

সম্পৰ্কিত শ্ৰেণী

পৰ্ণষ্টাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়াছমিন লাফিত্তে” প্ৰবন্ধৰ সংশোধন ৬০৫৪৭০ (৮ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।