অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

য়ে চিঅ’লুয়ান

য়ে চিঅ’লুয়ান (ইংৰাজী: Ye Xiaoluan; জন্ম: ১৬১৬ – ১৬৩২) চীনৰ মিং ৰাজবংশৰ এগৰাকী অত্যন্ত প্ৰতিভাশালী কিশোৰী কবি আছিল। তেওঁৰ জন্ম চীনৰ জিয়াংচু প্ৰদেশৰ ৱুজিয়াং কাউণ্টিৰ ফেন হ্ৰদৰ ওচৰত হৈছিল।

হালনাগাদ: ২০ মাৰ্চ ২০২৬ ১,১০৪ শব্দ · ৬ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

য়ে চিঅ’লুয়ান (ইংৰাজী ভাষা: Ye Xiaoluan; জন্ম: ১৬১৬ – ১৬৩২) চীনৰ মিং ৰাজবংশৰ এগৰাকী অত্যন্ত প্ৰতিভাশালী কিশোৰী কবি আছিল। তেওঁৰ জন্ম চীনৰ জিয়াংচু প্ৰদেশৰ ৱুজিয়াং কাউণ্টিৰ ফেন হ্ৰদৰ ওচৰত হৈছিল। তেওঁ এজন বিশিষ্ট পণ্ডিত য়ে শ্বাওয়ুয়ান (১৫৮৯–১৬৪৮) আৰু এগৰাকী কবি, সম্পাদিকা তথা শিক্ষয়িত্ৰী শ্বেন ইক্সিউৰ (১৫৯০–১৬৩৫) তৃতীয় কন্যা আছিল। তেওঁৰ জ্যেষ্ঠ ভগ্নী য়ে ৱানৱানো (১৬১০–১৬৩২) এগৰাকী কবি আছিল।১

য়ে চিঅ’লুয়ানৰ সাহিত্যিক প্ৰতিভা অতি কম বয়সৰ পৰাই ফুটি উঠিছিল। তেওঁক সেই সময়ৰ এগৰাকী 'বিস্ময় শিশু' বুলি গণ্য কৰা হৈছিল। মাত্ৰ ১৭ বছৰ বয়সতে তেওঁৰ অকাল মৃত্যু হয়, যিটো তেওঁৰ পৰিয়াল আৰু সমসাময়িক সাহিত্য জগতৰ বাবে এক ডাঙৰ আঘাত আছিল। তেওঁৰ পিতৃ-মাতৃয়ে তেওঁৰ সাহিত্যিক কৰ্মৰাজি সংৰক্ষণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁৰ চুটি জীৱনকালত তেওঁ যিবোৰ কবিতা লিখিছিল, সেইবোৰত এক গভীৰ আৱেগিক অনুভৱ আৰু ভাষিক নিপুণতা দেখা পোৱা যায়।

তেওঁৰ ৰচনাসমূহৰ মাজত প্ৰকৃতিৰ সুন্দৰ বৰ্ণনা, জীৱনৰ ক্ষণভংগুৰতা আৰু কিশোৰ সুলভ মনৰ অনুভৱবোৰ সুন্দৰকৈ প্ৰকাশ পাইছে। তেওঁৰ পৰিয়ালে তেওঁৰ আৰু তেওঁৰ ভগ্নীৰ কবিতাসমূহ একত্ৰিত কৰি এক বিশেষ সংকলন প্ৰকাশ কৰিছিল, যিয়ে মিং ৰাজবংশৰ শেষৰ ফালৰ মহিলাসকলৰ সাহিত্যিক অৱদানৰ এক গুৰুত্বপূৰ্ণ নিদৰ্শন দাঙি ধৰে। য়ে চিঅ’লুয়ানক আজিও চীনা সাহিত্যৰ ইতিহাসত এগৰাকী দুৰ্ভগীয়া অথচ অসাধাৰণ প্ৰতিভাশালী কবি হিচাপে স্মৰণ কৰা হয়।

চমু জীৱন

য়ে চিঅ’লুয়ান তেওঁৰ মোমায়েক শ্বেন জুনিয়ং আৰু তেওঁৰ সংগী ঝাং কিয়ানকিয়ানৰ ঘৰত ডাঙৰ-দীঘল হৈছিল। ঝাং কিয়ানকিয়ান আছিল তেওঁৰ মাতৃ শ্বেন ইক্সিউৰ আটাইতকৈ নলে-গলে লগা বন্ধু। তেওঁলোকে ন বছৰ ধৰি চিঅ’লুানক নিজৰ সন্তানৰ দৰে পোহপাল দিছিল। চিঅ’লুানৰ দত্তক মাতৃ তথা মাহীয়েক কিয়ানকিয়ানেই তেওঁক কবিতাৰ সৈতে চিনাকি কৰাই দিছিল। কিয়ানকিয়ানৰ ৩৪ বছৰ বয়সত মৃত্যু হোৱাৰ পিছত চিঅ’লুান নিজৰ জন্মদাতা পিতৃ-মাতৃৰ ঘৰলৈ ঘূৰি আহে। চিঅ’লুানে তেওঁৰ কবিতাসমূহৰ জৰিয়তে নিজৰ দত্তক পিতৃ-মাতৃক অতি আদৰেৰে স্মৰণ কৰিছিল।২ চিঅ’লুানৰ বয়স যেতিয়া ১১ বছৰ আছিল, তেতিয়া তেওঁৰ পিতৃ য়ে শ্বাওয়ুয়ানে তেওঁক নানজিঙৰ বিখ্যাত গণিকা ঝুয়ে চুচুৰ প্ৰাক্তন বাসগৃহ 'তাওয়ে ফৰ্ড' দৰ্শন কৰিবলৈ লৈ গৈছিল।৩

য়ে চিঅ’লুানৰ মাত্ৰ ১৭ বছৰ বয়সত, তেওঁৰ বিবাহৰ পাঁচ দিন পূৰ্বে এক চুটি অসুস্থতাৰ অন্তত মৃত্যু হয়। তেওঁৰ জীৱনৰ শেষৰ বছৰটোত লিখা কবিতাসমূহত তেওঁৰ আসন্ন মৃত্যুৰ বহুতো আগজাননী বা ইংগিত পোৱা গৈছিল।৪

বিস্ময়কৰ প্ৰতিভা

"সপোনত পৃথিৱীৰ পৰা আশ্ৰয় ল’বলৈ পাহাৰবোৰ আছে,সাৰ পালে মোৰ দুখবোৰ ডুবাই দিবলৈ কোনো সুৰা বিচাৰি নাপাওঁ।জীৱনত স্বাধীনতা আৰু আজৰি পোৱাটোৱেই আটাইতকৈ কঠিন।" ৫

য়ে চিঅ’লুয়ানৰ মৃত্যুৰ পিছত তেওঁৰ পিতৃ য়ে শ্বাওয়ুয়ানে তেওঁক এজনী বিস্ময় শিশু হিচাপে প্ৰচাৰ কৰিছিল। তেওঁ চিঅ’লুয়ানৰ কবিতাসমূহ প্ৰকাশ কৰাৰ আগতে সেইবোৰ সম্পাদনা কৰাৰ লগতে টোকাও যোগ কৰিছিল।৬ তেওঁক হান য়ু (৭৬৮-৮২৪) আৰু লিউ ঝুঙয়ুয়ানৰ দৰে সাহিত্যিকসকলৰ সৈতে তুলনা কৰা হৈছিল। ইয়াৰ জৰিয়তে এগৰাকী অত্যন্ত প্ৰতিভাশালী কিশোৰী কন্যাক উপস্থাপন কৰা হৈছিল। তেওঁৰ 'মৰ্ণিং মেক-আপ অন এ ডে ইন স্প্ৰিং' (বসন্তৰ এদিনৰ পুৱাৰ প্ৰসাধন) নামৰ কবিতাটোত তাৰ প্ৰতিফলন দেখা যায়:৭

"হাতত আইনাখন লৈ ৰাতিপুৱাৰ বতাহজাক সতেজ অনুভৱ হৈছে,পখিলাৰ দৰে কোমল চেলাউৰিবোৰ কেনেকৈ অংকন কৰি পোৱা যাব?যি মুহূৰ্ততে মই চুলিত ফুল এপাহ গুজি শেষ কৰিলোঁ,উইলো গছজোপাৰ সিপাৰৰ পৰা মই ভাটৌৰ গান শুনিলোঁ।" ৮

সুন্দৰীৰ চেলাউৰিক উইলো গছৰ সৈতে তুলনা কৰি তেওঁ নাৰীত্ব, সৌন্দৰ্য আৰু আবেগৰ এক প্ৰতীক উন্মোচন কৰিছে। ইয়াৰ পূৰ্বে টাং কবি বাই জুয়িয়েও ইয়াং গুইফেইৰ বৰ্ণনাত 'উইলো গছৰ দৰে চেলাউৰি'ৰ কথা উল্লেখ কৰিছিল।৯ কেৱল এই উল্লেখতে আৱদ্ধ নাথাকি য়ে চিঅ’লুয়ানে ১৫৯৮ চনত টাং চিয়ানঝুৱে লিখা ৰোমান্টিক নাটক 'দ্য পিয়নী পেভিলিয়ন'ৰ (The Peony Pavilion) নায়ক আৰু প্ৰেমিকৰ চৰিত্ৰকো ব্যৱহাৰ কৰিছে।১০

এই নাটকখনত নায়ক লুই মেংমেইয়ে দু লিনিয়াঙৰ সপোনত হাতত উইলো গছৰ ডাল লৈ দেখা দিয়ে। চিং ৰাজবংশৰ এজন পণ্ডিত শ্বি ঝেনলিনে লুই মেংমেইৰ বিষয়ে লিখোঁতে উইলো গছক আবেগৰ প্ৰতীক বুলি বৰ্ণনা কৰিছে। মেংমেইক 'বসন্তৰ অধিপতি' বুলিও কোৱা হয়, য’ত 'বসন্ত'ই যৌনতা আৰু আৱেগক প্ৰতিনিধিত্ব কৰা পুৰুষসুলভ (য়াং) উপাদানৰ উত্থানক বুজায়। কবিতাটোৰ শেষত থকা ভাটৌ চৰাইটোৱে এহাল প্ৰেমিকৰ এজনক বুজোৱাৰ লগতে গায়িকা ছোৱালীকো সূচায়। মাত্ৰ ১১ বছৰ বয়সতে লিখা চিঅ’লুয়ানৰ এই কবিতাটো এগৰাকী ছোৱালীৰ ৰাতিপুৱাৰ প্ৰসাধনৰ এক নিস্পাপ আৰু অন্তৰংগ বিৱৰণেৰে আৰম্ভ হ’লেও, ইয়াৰ গভীৰতাত আকৰ্ষণ, আবেগ আৰু আৱেগিক দিশবোৰ সোমাই আছে।১১

চিঅ’লুয়ানে লিখিছিল:

(চেনডছ অৱ ৱাছিং ব্ৰুক সুৰৰ বাবে: মোৰ আৱেগ ব্যক্ত কৰি):

"যেতিয়াই মই আকাশক মাতিবলৈ চেষ্টা কৰোঁ, আকাশখন অধিক দূৰলৈ গুচি যোৱা যেন লাগে।মই উপলব্ধি কৰিছোঁ যে এই জীৱনত মই কেতিয়াও পাহাৰ আৰু নদীৰ ওচৰ পাব নোৱাৰোঁ;কিন্তু স্বভাৱগতভাৱে মই কিয় সদায় কুঁৱলী আৰু ডাৱৰৰ সৈতে এক আত্মীয়তা অনুভৱ কৰোঁ?আঙুলিৰ মূৰত বছৰবোৰ গণি মই তাৰ সংখ্যা দেখি আচৰিত হৈছোঁ:সময়বোৰ বৃথা উটি গৈছে আৰু পাৰ্থিৱ গৌৰৱৰ প্ৰতি মোৰ কোনো ইচ্ছা নাই:মই কেতিয়া সাৰসৰ পিঠিত উঠি অমৰসকলৰ ঘৰলৈ যাব পাৰিম?" ১২

নিজে অতি কম সময় জীয়াই থাকিলেও চিঅ’লুয়ানে অনুভৱ কৰিছিল যে গীতৰ কথা লিখাটো তেওঁৰ প্ৰতিভাৰ বাবে আটাইতকৈ উপযুক্ত। ৩৬ টা বেলেগ বেলেগ সুৰত ৯০ টা গীতৰ কথা লিখি তেওঁ প্ৰায়েই গছ আৰু ফুল ফুলা গছৰ বিষয়ে লিখিছিল। তেওঁৰ পৰৱৰ্তী ৰচনাসমূহত অমৰত্বৰ জগতৰ বৰ্ণনা আৰু সেই স্থানলৈ ভ্ৰমণৰ বিৱৰণ পোৱা যায়, যিটো চীনা কবিতাৰ এক সাধাৰণ বিষয়বস্তু। যিয়েই নহওক, তেওঁৰ পিতৃ-মাতৃয়ে ইয়াক এক প্ৰমাণ হিচাপে দেখিছিল যে তেওঁলোকৰ কন্যা আছিল এগৰাকী অমৰ নাৰী যাক পৃথিৱীত সময় অতিবাহিত কৰিবলৈ নিৰ্বাসিত কৰা হৈছিল। সেইবাবেই তেওঁৰ অকাল মৃত্যু অপৰিহাৰ্য আছিল যাতে তেওঁ পুনৰ স্বৰ্গীয় জগতলৈ ঘূৰি যাব পাৰে।১৩

অমৰ কবি

য়ে শ্বাওয়ুয়ানে নিজৰ কন্যাৰ সাহিত্যিক প্ৰতিভা প্ৰসাৰ কৰাৰ ক্ষেত্ৰত কোনো ব্যতিক্ৰম কৰা নাছিল: এনে কৰিলে সুবিধাজনক বৈবাহিক সম্ভাৱনা বৃদ্ধি হোৱাৰ লগতে পৰিয়ালটোক সমসাময়িক শিক্ষিত সমাজৰ সৈতে একাত্ম কৰাত সহায় হৈছিল। ৰাজহুৱাভাৱে নিজৰ কন্যাৰ খ্যাতি বৃদ্ধি কৰাটো সাংস্কৃতিক মূলধনৰ আদান-প্ৰদানৰ দৰে আছিল, যিয়ে তেওঁৰ মৃত্যুৰ পিছতো পৰিয়ালটোলৈ আৰ্থিক লাভৰ সম্ভাৱনা কঢ়িয়াই আনিছিল। সেই সময়ত য়ে পৰিয়ালটোৱে এক ধৰণৰ ভদ্ৰ দৰিদ্ৰতাৰ মাজত জীৱন কটাইছিল আৰু শ্বাওয়ুয়ানৰ সম্পাদনা কাৰ্য তথা সাহিত্যিক খ্যাতিলৈ চাই তেওঁ প্ৰভাৱশালী লোকৰ মহলত অংশগ্ৰহণ কৰিবলৈ সক্ষম হৈছিল। যেতিয়া দু লিনিয়াং আৰু চিয়াওকিংৰ দৰে চৰিত্ৰসমূহ সাহিত্যিক জগতত চৰ্চাৰ শিখৰত আছিল, তেতিয়াই চিঅ’লুয়ানৰ কাব্যিক দক্ষতাৰ উদয়ে তেওঁৰ পিতৃক কন্যাৰ কৰ্মৰাজিৰ প্ৰকাশক আৰু সম্পাদক হিচাপে বিশেষ মৰ্যাদা প্ৰদান কৰিছিল। মিং ৰাজবংশৰ শেষৰ ফালৰ প্ৰকাশন উদ্যোগে চিঅ’লুয়ানৰ নামত প্ৰকাশিত সাহিত্যিক ৰচনাসমূহৰ ব্যাপক প্ৰসাৰত সহায় কৰিছিল।১৪

চিঅ’লুয়ানৰ পিতৃয়ে আধ্যাত্মিক মাধ্যমৰ (spirit mediums) সহায় লৈ পৰলোকত থকা কন্যাৰ সৈতে যোগাযোগ কৰি তেওঁৰ অমৰ স্থিতি অধিক দৃঢ় কৰিছিল।১৫ তেওঁক তেওঁৰ বাস্তৱ জীৱনৰ ব্যক্তিত্ব আৰু সৌন্দৰ্যৰ সম্প্ৰসাৰিত ৰূপত বিভিন্ন দেৱী হিচাপে উপস্থাপন কৰা হৈছিল। ১৬৩৬ চনত তেনে এক অনুষ্ঠানত চিঅ’লুানক চন্দ্ৰ প্ৰসাদৰ (Moon Palace) এগৰাকী মহিলা গ্ৰন্থাগাৰিক হিচাপে কল্পনা কৰা হৈছিল।১৬

১৬৪২ চনৰ আন এক অনুষ্ঠানত তেওঁক হান বংশৰ পণ্ডিত-শিক্ষক বান ঝাওৰ পুনৰ্জন্ম বুলি ধৰা হৈছিল। চিঅ’লুানক ধৰ্মনিৰপেক্ষ আৰু ৰহস্যময় জ্ঞানৰ অধিকাৰী হিচাপে স্মৰণ কৰা হৈছিল আৰু তেওঁৰ কবিতা সংকলনসমূহ বহু বছৰ ধৰি বিভিন্ন সংকলনত বাৰে বাৰে অন্তৰ্ভুক্ত কৰা হৈছিল। মহিলা চিত্ৰশিল্পীসকলে তেওঁৰ অৱশিষ্ট ছবিসমূহ সযতনে ৰাখিছিল, কবিসকলে তেওঁৰ শ্লোকৰ সৈতে সুৰ মিলাইছিল আৰু উনবিংশ শতিকালৈকে মানুহে তেওঁক আধ্যাত্মিক মাধ্যমত দেখা পোৱা বুলি দাবী কৰিছিল। অতি কম বয়সতে মৃত্যুবৰণ কৰা চিঅ’লুান তেওঁৰ লেখা, চিত্ৰ আৰু মানুহৰ কল্পনাৰ জৰিয়তে এক দেৱীসদৃশ মৰ্যাদালৈ ৰূপান্তৰিত হৈছিল।১৭

এনেদৰে প্ৰতিভাশালী দেৱী সৃষ্টিৰ পৰম্পৰা মিং ৰাজবংশৰ পৰা চিং ৰাজবংশলৈকে চলি আছিল। সেই যুগৰ পণ্ডিতসকলে অকালতে মৃত্যুবৰণ কৰা প্ৰতিভাশালী মহিলা লেখিকাসকলক হয় স্বৰ্গলৈ যোৱা অমৰ ব্যক্তি হিচাপে, নহয় শাস্তি হিচাপে পৃথিৱীলৈ নিৰ্বাসিত হোৱা আৰু অৱশেষত স্বৰ্গীয় জগতলৈ ঘূৰি যোৱা একোজনী 'নিৰ্বাসিত অমৰ' (banished immortal) হিচাপে উপস্থাপন কৰিছিল। য়ে চিঅ’লুয়ান আৰু তেওঁৰ ভগ্নী য়ে ৱানৱান (যি চিঅ’লুয়ানৰ মৃত্যুৰ কেইমাহমান পিছতে মৃত্যুবৰণ কৰিছিল) আছিল আধুনিক যুগৰ প্ৰথমছোৱাৰ চীনৰ আটাইতকৈ বিখ্যাত নিৰ্বাসিত অমৰসকলৰ ভিতৰত অন্যতম। তেওঁলোকৰ পিতৃ-মাতৃ য়ে শ্বাওয়ুয়ান আৰু শ্বেন ইক্সিউৱে নিজৰ কন্যাদ্বয়ক নিজৰ প্ৰকৃত স্থানলৈ ঘূৰি যোৱা অমৰ ব্যক্তি হিচাপে বৰ্ণনা কৰিছিল।১৮

তথ্যসূত্ৰ

  1. ↑ Berg 2013, পৃ. 114-116
  2. ↑ Idema Grant 2004, পৃ. 390
  3. ↑ Berg 2013, পৃ. 144-145
  4. ↑ Ko 1994, পৃ. 211
  5. ↑ Ko 1994, পৃ. 211
  6. ↑ Berg 2013, পৃ. 99-101
  7. ↑ Berg 2013, পৃ. 99-101
  8. ↑ Berg 2013, পৃ. 101-102
  9. ↑ Berg 2013, পৃ. 101-102
  10. ↑ Berg 2013, পৃ. 102-103
  11. ↑ Berg 2013, পৃ. 102-103
  12. ↑ Idema Grant 2004, পৃ. 396-397
  13. ↑ Idema Grant 2004, পৃ. 396-397
  14. ↑ Berg 2013, পৃ. 102-103
  15. ↑ Ko 1994, পৃ. 202
  16. ↑ Ko 1994, পৃ. 202
  17. ↑ Ko 1994, পৃ. 202
  18. ↑ Berg 2013, পৃ. 114-116

সম্পৰ্কিত শ্ৰেণী

চীনা মহিলা কবি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়ে চিঅ’লুয়ান” প্ৰবন্ধৰ সংশোধন ৫৯১১৬৪ (২০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।