অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

যোগীৰাজ বসু

যোগীৰাজ বসু (YOGIRAJ BASU) হৈছে এগৰাকী সংস্কৃত পণ্ডিত। তেওঁ ১৯৩৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা কলা বিভাগৰ সকলো‌ বিষয়ৰ ভিতৰত সৰ্বাধিক নম্বৰৰ সৈতে আৰু তিনিটাকৈ সোণৰ পদকসহ সংস্কৃতৰ বেদান্ত শাখাত এম.এ উপাধি লাভ কৰে।

হালনাগাদ: ১৩ মে’ ২০২৬ ২৪৪ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

যোগীৰাজ বসু (YOGIRAJ BASU) হৈছে এগৰাকী সংস্কৃত পণ্ডিত। তেওঁ ১৯৩৪ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা কলা বিভাগৰ সকলো‌ বিষয়ৰ ভিতৰত সৰ্বাধিক নম্বৰৰ সৈতে আৰু তিনিটাকৈ সোণৰ পদকসহ সংস্কৃতৰ বেদান্ত শাখাত এম.এ উপাধি লাভ কৰে। ১৯৬৭ চনত যাদৱপুৰ বিশ্ববিদ্যালয়ত, ১৯৬৯ চনত এলাহাবাদৰ গংগাৰাম ঝা গৱেষণা কেন্দ্ৰত সংস্কৃত বিষয়ত বক্তৃতা প্ৰদান কৰিছিল। ১৯৭০চনত ইউৰোপলৈ যায় আৰু পশ্চিম জাৰ্মানীৰ গোৱেটিংগেন, ইংলেণ্ডৰ অক্সফʼৰ্ড আৰু ফ্ৰান্সৰ চৰ্বন বিশ্ববিদ্যালয়ত প্ৰাচীন ভাৰতীয় সংস্কৃতি সম্বন্ধে বক্তৃতা দিয়ে। ক্ৰমে, ১৯৭১ চনত বিশ্বভাৰতীৰ আমন্ত্ৰণ ক্ৰমে সেই বিশ্ববিদ্যালয়ত "দেৱেন্দ্ৰনাথ ঠাকুৰ সোঁৱৰণী বক্তৃতা"প্ৰদান কৰিছিল। ১৯৬৩ চনত অসম সাহিত্য সভাৰ তেজপুৰ অধিৱেশনত আলোচনা চক্ৰৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল। ১

জন্ম আৰু বংশ পৰিচয়

যোগীৰাজ বসুৰ জন্ম হয় ১৯১১চনৰ ২৯ ডিচেম্বৰত ডিব্ৰুগড়ত। পিতৃৰ নাম কালীপ্ৰসন্ন আৰু মাতৃৰ নাম সৰোজিনী।

শিক্ষা

  • ১৯২৮চনত ডিব্ৰুগড় জৰ্জ ইনষ্টিটিউছন হাইস্কুলৰ পৰা অসমৰ ভিতৰত দ্বাদশ স্থান অধিকাৰ কৰি প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।
  • ১৯৩০চনত সংস্কৃতত প্ৰথম বি.এ পৰীক্ষাত উত্তীৰ্ণ হয়।
  • ১৯৩৪চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতৰ বেদান্ত শাখাত এম.এ উপাধি লাভ কৰে।
  • ১৯৩৬চনত সংস্কৃতৰ বেদ শাখাত এম.এ উপাধি লাভ কৰে।
  • ১৯৩৯চনত ইংৰাজীৰ সাহিত্য শাখাত দ্বিতীয় স্থান সহ এম.এ উপাধি লাভ কৰে।
  • ১৯৬৬চনত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃতত পি.এইচ.ডি বিক্ৰী লাভ কৰে। ২

চাকৰি জীৱন

  • ১৯৩৪চনৰ পৰা ১৯৬৪চনলৈকে ডিব্ৰুগড় বিৰাজ ছাত্ৰাবাস টোলৰ অধ্যক্ষৰূপে নিযুক্তি লাভ কৰে।

একেসময়তে ডিব্ৰুগড় কলেজৰ প্ৰতিষ্ঠাপক অধ্যাপক ৰূপে নিযুক্তি লাভ কৰে।

  • ১৯৬৭চনত কটন কলেজত সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে যোগদান কৰে আৰু ১৯৭৩চনত অৱসৰ গ্ৰহণ কৰে। ৩

সৃষ্টিশীল গ্ৰন্থ

  • জৰথুৰশত্ৰ (১৯৬৬, অসমীয়া আৰু বাংলা দুয়োটা ভাষাতে)
  • বেদৰ পৰিচয় (১৯৭২, অসমীয়া আৰু বাংলা দুয়োটা ভাষাতে) ৪
  • বেদান্ত দৰ্শন আৰু বৈষ্ণৱ ধৰ্ম (১৯৭৮)
  • উপনিষদেৰ ভাৱাদৰ্শ ও সাধনা (বাংলা)
  • India in the Age of Brahmaputra (১৯৮৯)
  • Stduies in Vedic Culture (১৭৪,৪৮৩) ৫

তথ্যসূত্ৰ

  1. ↑ অসমীয়া জীৱনী অভিধান,সম্পা: শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯, পৃষ্ঠা নং২০১
  2. ↑ অসমীয়া জীৱনী অভিধান,সম্পা: শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯, পৃষ্ঠা নং২০১
  3. ↑ অসমীয়া জীৱনী অভিধান,সম্পা: শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯, পৃষ্ঠা নং২০১
  4. ↑ আৰ্কাইভ কপি
  5. ↑ অসমীয়া জীৱনী অভিধান,সম্পা: শিৱনাথ বৰ্মন, তৃতীয় সংস্কৰণ ২০০৯, পৃষ্ঠা নং২০২

সম্পৰ্কিত শ্ৰেণী

ভাৰতীয় সাহিত্যিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “যোগীৰাজ বসু” প্ৰবন্ধৰ সংশোধন ৬০৬১৩৪ (১৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।