জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মেৰী পুনেন লুকোস
মেৰী পুনেন লুকোস (Mary Poonen Lukose; ২ আগষ্ট ১৮৮৬ - ২ অক্টোবৰ ১৯৭৬) এগৰাকী ভাৰতীয় স্ত্ৰীৰোগ বিশেষজ্ঞ, প্ৰসূতি বিশেষজ্ঞ আৰু ভাৰতৰ প্ৰথম মহিলা চাৰ্জন জেনেৰেল।
-
মেৰী ফেণ্টন
মেৰী ফেণ্টন বা মেহেৰবাই (Mary Fenton; ১৮৫৪-১৮৯৬) এগৰাকী ইউৰোপীয় মূলৰ গুজৰাটী, পাৰ্চী আৰু উৰ্দু থিয়েটাৰৰ অভিনেত্ৰী আছিল। ব্ৰিটিছ সেনা বাহিনীৰ এজন আয়াৰলেণ্ড দেশীয় সেনা মেথিউ ফেণ্টনৰ জীয়ৰী আছিল। তেওঁ পাৰ্চী অভিনেতা, পৰিচালক কাভাছজী পালানজী খাটাউৰ সৈতে তেওঁৰ প্ৰেমবিবাহ হৈছিল।
-
মেৰী বক্সেইন
মেৰী লাৰ্চেন বক্সেইন এগৰাকী আমেৰিকান বায়’মেকানিকেল ইঞ্জিনিয়াৰ আৰু এগৰাকী অস্থিৰোগ গৱেষক। তেওঁ আমেৰিকান ছ’চাইটি ফৰ ব’ন এণ্ড মিনাৰেল ৰিচাৰ্চৰ সভানেত্ৰী, বেথ ইজৰাইল ডিকনেছ মেডিকেল চেণ্টাৰৰ চেণ্টাৰ অৱ এডভান্সড অৰ্থপেডিক ষ্টাডিজৰ পৰিচালক, হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ অৰ্থপেডিক চাৰ্জাৰী বিভাগৰ অধ্যাপিকা।
-
মেৰী বাৰ্কেট কাৰ্ড
মেৰী বাৰ্কেট কাৰ্ড ( Mary Birkett Card; ২৮ ডিচেম্বৰ ১৭৭৪–১৮১৭), এগৰাকী আইৰিছ মূলৰ ব্ৰিটিছ কবি, বিলোপবাদী আৰু নাৰীবাদী আছিল, সোতৰ বছৰ বয়সত প্ৰকাশিত তেওঁৰ দাসত্ব বিৰোধী কবিতা এ পয়েম অন দ্য আফ্ৰিকান স্লেভ ট্ৰেডৰ বাবে তেওঁ সৰ্বাধিক স্মৰণ কৰা হয়।
-
মেৰী বাৰ্ৰা
মেৰী টেৰেছা বাৰ্ৰা ( Mary Teresa Barra; জন্ম: ২৪ ডিচেম্বৰ, ১৯৬১) এগৰাকী আমেৰিকান ব্যৱসায়ী যিয়ে ২০১৪ চনৰ ১৫ জানুৱাৰীৰ পৰা জেনেৰেল মটৰ্ছৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া (CEO) হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। তেওঁ 'বিগ থ্ৰী' অটো নিৰ্মাতা কোম্পানীৰ প্ৰথমগৰাকী মহিলা চিইঅ'।
-
মেৰী-কেট আৰু এছলী অলচেন
মেৰী-কেট অলচেন আৰু এছলী ফুলাৰ অলচেন (জন্ম ১৩ জুন, ১৯৮৬), যাক অলচেন যমজ সন্তান বুলিও কোৱা হয়, আমেৰিকাৰ ফেশ্বন ডিজাইনাৰ আৰু প্ৰাক্তন অভিনেত্ৰী। টেলিভিছনৰ চিটকম ফুল হাউচ (১৯৮৭–১৯৯৫)ত মিচেল টেনাৰৰ চৰিত্ৰত অভিনয় কৰি কেঁচুৱা অৱস্থাত মেৰী-কেট আৰু এছলীয়ে অভিনয়ত আত্মপ্ৰকাশ কৰে।
-
মৈত্ৰেয়ী ভট্টাচাৰ্য
মৈত্ৰেয়ী ভট্টাচাৰ্য এগৰাকী ভাৰতীয় পদাৰ্থবিজ্ঞানী তেওঁ জগদীশ বসু ৰাষ্ট্ৰীয় বিজ্ঞান প্ৰতিভা অনুসন্ধান, কলকাতাৰ (JBNSTS) অধ্যাপক আৰু সঞ্চালক
-
মৈথিলী ঠাকুৰ
মৈথিলী ঠাকুৰ (Maithili Thakur; জন্ম:-২৫ জুলাই ২০০০) ভাৰতীয় শাস্ত্ৰীয় সংগীত আৰু লোকসংগীতৰ প্ৰশিক্ষণপ্ৰাপ্ত নেপথ্য কণ্ঠশিল্পী আৰু এগৰাকী ভাৰতীয় ৰাজনীতিক।তেওঁ হিন্দী, মৈথিলী, ভোজপুৰী, আৱাধি, মগাহী আৰু অন্যান্য ভাৰতীয় ভাষাৰ মৌলিক গীত, কাভাৰ আৰু পৰম্পৰাগত লোকসংগীত গায়।
-
মৈথেলী শিৱৰমণ
মৈথিলী শিৱৰমণ (Mythili Shivaraman) সৰ্বভাৰতীয় মহিলা সন্মিলন সহ-প্ৰতিষ্ঠাপক আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)ৰ নেত্ৰী আছিল। তেওঁৰ লেখা আৰু সক্ৰিয়তাৰ জৰিয়তে তেওঁ ১৯৬৮ চনৰ কীজভেনমানী হত্যাকাণ্ড আৰু ১৯৯২ চনৰ ভাচাটি গণ ধৰ্ষণৰ গোচৰৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছিল।
-
মোজতাবা আমানি
মোজতাবা আমানি (ইংৰাজী: Mojtaba Amani; জন্ম ২১ মাৰ্চ ১৯৬৩) এজন ইৰানী কূটনীতিবিদ, যিয়ে ২০২২ চনৰ পৰা ২০২৬ চনলৈ লেবাননত ইৰানৰ ৰাষ্ট্ৰদূত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ২০০৯ চনৰ পৰা ২০১৪ চনলৈ মিছৰত ইৰানৰ স্বাৰ্থ ৰক্ষা শাখাৰ মুৰব্বী আছিল।
-
মোজন হাছান
মোজন হাছান (Mozn Hassan; জন্ম: ১৯৭৯) এগৰাকী ইজিপ্তৰ মহিলা অধিকাৰ কৰ্মী। নাজৰা ফৰ ফেমিনিষ্ট ষ্টাডিজৰ প্ৰতিষ্ঠাপক হাছানে ২০১১ চনৰ ইজিপ্তৰ বিপ্লৱৰ প্ৰতিবাদত অংশগ্ৰহণ কৰিছিল আৰু সেই সময়ত যৌন নিৰ্যাতিত হোৱা লোকসকলৰ হকে কাম কৰিছিল।
-
মোজেজা আশ্ৰফ মনালিছা
মোজেজা আশ্ৰফ মনালিছা (বাংলা: মোজেজা আশব়ফ মোনালিসা; জন্ম: ৫ অক্টোবৰ ১৯৮৪) এগৰাকী বাংলাদেশী মডেল, অভিনেত্ৰী আৰু নৃত্যশিল্পী। তেওঁ ২০০০ চনত মিছ ফটোজেনিক খিতাপ লাভ কৰে।
-
মোনা আম্বেগাঁওকাৰ
মোনা আম্বেগাঁওকাৰ (ইংৰাজী: Mona Ambegaonkar; জন্ম: ৫ মাৰ্চ ১৯৭০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ মূলতঃ হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ ধাৰাবাহিকত অভিনয় কৰে। তেওঁ ১৫খনতকৈও অধিক নাটক, ১৮খন বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ, ৩৮টা টেলিভিছন প্ৰকল্প আৰু ৩৭টা বিজ্ঞাপন অভিযানত অভিনয় কৰিছে।
-
মোনাল গজ্জৰ
মোনাল গজ্জৰ (Monal Gajjar) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ গুজৰাটী আৰু তেলুগু চলচ্চিত্ৰৰ লগতে কেইখনমান তামিল ছবিত অভিনয় কৰে। তেওঁ ২০১২ চনৰ তেলুগু চলচ্চিত্ৰ সুদিগাডুৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে।
-
মোহন সোণোৱাল
মোহন সোণোৱাল (জন্ম-১৯৫১) টেঙাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষ আৰু সাহিত্যিক।
-
মোহন ৰাকেশ
মোহন ৰাকেশ (৮ জানুৱাৰী ১৯২৫ – ৩ ডিচেম্বৰ ১৯৭২) ১৯৫০ চনত ভাৰতৰ হিন্দী সাহিত্যৰ ‘নয়ী কাহিনী’ সাহিত্য আন্দোলনৰ পুৰোধা লেখকসকলৰ ভিতৰত অন্যতম। সংগীত নাটক অকাডেমীৰ আয়োজন কৰা প্ৰতিযোগিতাত বিজয়ী হোৱা প্ৰথম আধুনিক হিন্দী নাট আছাধ কা এক দিন (১৯৫৮) ৰচনা কৰে।
-
মোহনা কেব্ৰাল
মোনা ব্লাছিয়া " মোহানা " কেব্ৰাল (ইংৰাজী : Mona Blasia " Mohana " Cabral; ৩ ফেব্ৰুৱাৰী ১৯২৯ – ১১ ছেপ্টেম্বৰ ১৯৯০), মিছ মোহানা নামেৰেও পৰিচিত, ফ্ৰান্সত বাস কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী, গায়িকা, টেলিভিছন প্ৰযোজক আৰু নৃত্যশিল্পী আছিল তেওঁ হিন্দী চলচ্চিত্ৰ, টেলিভিছন, টিয়াট্ৰ প্ৰডাকচন আদিৰ কামৰ বাবে…
-
মোহনা ভোগাৰাজু
মোহনা ভোগাৰাজু এগৰাকী ভাৰতীয় নেপথ্য গায়িকা। তেওঁ তেলেগু ভাষাৰ চলচ্চিত্ৰৰ গান গোৱাৰ বাবে বিখ্যাত। তেওঁ বাহুবলী: দ্য বিগিনিং চলচ্চিত্ৰৰ "মনোহৰী" গানটোৰ জৰিয়তে স্বীকৃতি লাভ কৰিছে যাৰ বাবে তেওঁ তেলেগু চলচ্চিত্ৰত ৰেডিঅ' মিৰ্চি-মিৰ্চি মিউজিকৰ মহিলা কণ্ঠশিল্পী ২০১৫ বঁটা লাভ কৰে।
-
মোহিত শৰ্মা (সৈনিক)
মেজৰ মোহিত শৰ্মা (১৩ জানুৱাৰী ১৯৭৮ – ২১ মাৰ্চ ২০০৯) এগৰাকী ভাৰতীয় সেনা বিষয়া আছিল। তেওঁ মৰণোত্তৰভাৱে ভাৰতৰ শান্তিকালীন সৰ্বোচ্চ সামৰিক সজ্জা অশোক চক্ৰৰ সন্মান লাভ কৰিছিল। শৰ্মা অভিজাত ১ম পেৰা এছ এফৰ অন্তৰ্গত আছিল।
-
মোহেনা সিং
মোহেনা সিং:Mohena Singh, যিগৰাকীক মোহেনা কুমাৰী সিং বুলিও কোৱা হয়, এওঁ ভাৰতীয় নৃত্যশিল্পী, নৃত্য পৰিচালক, ইউটিউবাৰ আৰু প্ৰাক্তন টেলিভিছন অভিনেত্ৰী আৰু ৰেৱাৰ ৰাজপৰিয়ালৰ সদস্য। ষ্টাৰ প্লাছৰ য়ে ৰিস্তা ক্যা কেহলাতা হ্যায় ছবিত কীৰ্তি গোৱেংকা সিংহানিয়াৰ চৰিত্ৰত অভিনয় কৰি তেওঁ পৰিচিত।
-
মোৎজাৰ্ট
উল্ফগাং আমাডেউছ মোৎজাৰ্ট (Wolfgang Amadeus Mozart; ২৭ জানুৱাৰী ১৭৫৬ – ৫ ডিচেম্বৰ ১৭৯১) এজন অষ্ট্ৰিয়ান সংগীতজ্ঞ আৰু গীতিকাৰ আছিল। তেওঁ ধ্ৰুপদী যুগৰ অন্যতম মহান সংগীতকাৰ হিচাপে পৰিগণিত। তেওঁৰ সংগীতৰ প্ৰভাৱ পশ্চিমী সংগীতৰ ইতিহাসত গভীৰভাৱে পৰিলক্ষিত হয়। তেওঁ ৮০০ৰো অধিক গীত ৰচনাৰ কৰিছিল।
-
মোৰা গীতা
মোৰা গীতা (ইংৰাজী: Moraa Gitaa) কেনিয়াৰ মোম্বাচাত জন্মগ্ৰহণ কৰা এগৰাকী ঔপন্যাসিক। তেওঁ একেলগে এগৰাকী শান্তি অধ্যয়ন আৰু সংঘাত নিৰাময়ৰ গৱেষক, সাংস্কৃতিক অধিবক্তা আৰু কলা কিউৰেটৰ।
-
মোৱেৰো
মোৱেৰো (ইংৰাজী: Moero; Μοιρώ, সক্ৰিয়: ) বা মাইৰো (Μυρώ) বাইজেণ্টিয়াম চহৰৰ এগৰাকী হেলেনিষ্টিক যুগৰ মহিলা কবি আছিল। তেওঁৰ কবিতাৰ অতি কম অংশহে বৰ্তমান পোৱা যায়: তেওঁৰ মহাকাব্য নিমোচিনৰ (Mnemosyne) দহটা শাৰী এথেনিয়াচে উদ্ধৃত কৰিছে আৰু তেওঁৰ দুটা এপিগ্ৰাম (এবিধ চুটি কবিতা) গ্ৰীক এনথ’লজীত সংৰক্ষিত হৈ…
-
মৌচম নূৰ
মৌচম বেনজিৰ নূৰ ( Mausam Noor ) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ যিয়ে পশ্চিম বংগৰ পৰা ভাৰতৰ উচ্চ সদন ৰাজ্যসভাৰ সদস্য আৰু পশ্চিম বংগ মহিলা আয়োগৰ উপাধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৯ চনৰ পৰা ২০১৯ চনলৈকে মালদা জিলা তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী আৰু মালদহ উত্তৰ লোকসভা সমষ্টিৰ সাংসদ আছিল।
-
মৌচুমী মুৰ্মু
মৌচুমী মুৰ্মু (ইংৰাজী: Mousumi Murmu; জন্ম: ২৬ ডিচেম্বৰ ২০০৪) পশ্চিম বংগৰ এগৰাকী ভাৰতীয় পেছাদাৰী মহিলা ফুটবলাৰ। তেওঁ বৰ্তমান ইণ্ডিয়ান উইমেনছ লীগৰ ক্লাব শ্ৰীভূমি এফ চি আৰু ভাৰতীয় মহিলা ৰাষ্ট্ৰীয় ফুটবল দলৰ হৈ খেলি আহিছে।
-
মৌচুমী হামিদ
মৌচুমী হামিদ (ইংৰাজী: Mousumi Hamid; জন্ম: ১২ অক্টোবৰ ১৯৮৮) এগৰাকী জনপ্ৰিয় বাংলাদেশী অভিনেত্ৰী আৰু মডেল। ২০১০ চনত লাক্স চেনেল আই ছুপাৰষ্টাৰ প্ৰতিযোগিতাত প্ৰথম ৰানাৰ্ছ আপ হোৱাৰ পিছত তেওঁ বিশেষ চৰ্চালৈ আহে।
-
মৌড এডিথ ভিক্টোৰিয়া ফ্লে
মৌড এডিথ ভিক্টোৰিয়া গ্ল’ভাৰ ফ্লে (১৮৬৯–১৯৬৫) অষ্ট্ৰেলিয়াৰ প্ৰথম দিশৰ বন্যপ্ৰাণী চিত্ৰশিল্পীসকলৰ মাজৰ এগৰাকী আছিল। তেওঁ অষ্ট্ৰেলিয়ান মাৰ্ছুপিয়াল জন্তুসমূহৰ চিত্ৰাংকনৰ বাবে বিশেষকৈ জনাজাত আছিল।
-
মৌমা দাস
মৌমা দাস ( Mouma Das; জন্ম: ২৪ ফেব্ৰুৱাৰী ১৯৮৪) এগৰাকী ভাৰতীয় টেবুল টেনিছ খেলুৱৈ। পশ্চিম বংগৰ কলকাতাত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা মৌমা দাসে ২০০০ চনৰ আৰম্ভণিৰ পৰাই আন্তঃৰাষ্ট্ৰীয় ইভেণ্টত ভাৰতক প্ৰতিনিধিত্ব কৰি আহিছে।
-
ম্যানমাৰ অৰ্থনৈতিক নিগম
ম্যানমাৰ অৰ্থনৈতিক নিগম (বাৰ্মিজ: မြန်မာ့စီးပွားရေး ကော်ပိုရေးရှင်း; MEC for... short) হৈছে বাৰ্মিজ সামৰিক বাহিনীয়ে পৰিচালনা কৰা দুটা বৃহৎ কোম্পানী, আনটো হৈছে ম্যানমা ইকনমিক হোল্ডিংছ লিমিটেড।
-
মৰাণ জেৰ কেটজেনষ্টেইন
মৰাণ জেৰ কাটজেনষ্টেইন (Moran Zer Katzenstein; জন্ম:-১৩ আগষ্ট ১৯৮২) এগৰাকী ইজৰাইলী মহিলা অধিকাৰ কৰ্মী, প্ৰবক্তা, সমাজ কৰ্মী, কৌশলবিদ আৰু সংবাদ মাধ্যমৰ ব্যক্তিত্ব।