অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

য়ুয়ানয়ুয়ান ঝৌ

য়ুয়ানয়ুয়ান (YY) ঝৌ এগৰাকী চীনা আৰু আমেৰিকান কম্পিউটাৰ বিজ্ঞানী আৰু উদ্যোগী। তেওঁ ছান ডিয়েগোৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ অধ্যাপিকা। তেওঁ ম'বাইল কম্পিউটিঙত কোৱালকম এনডাউড চেয়াৰ পদ লাভ কৰিছে।

হালনাগাদ: ৬ ছেপ্তেম্বৰ ২০২৬ ২২৯ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

য়ুয়ানয়ুয়ান (YY) ঝৌ এগৰাকী চীনা আৰু আমেৰিকান কম্পিউটাৰ বিজ্ঞানী আৰু উদ্যোগী। তেওঁ ছান ডিয়েগোৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগৰ অধ্যাপিকা। তেওঁ ম'বাইল কম্পিউটিঙত কোৱালকম এনডাউড চেয়াৰ পদ লাভ কৰিছে। তেওঁৰ গৱেষণা মূলত চফ্টৱেৰ নিৰ্ভৰযোগ্যতাৰ সৈতে জড়িত, য'ত চফ্টৱেৰ বাগ স্বয়ংক্ৰিয়ভাৱে ধৰা পেলাবলৈ ডাটা মাইনিঙৰ ব্যৱহাৰ আৰু বিভিন্ন হাৰ্ডৱেৰ প্লেটফৰ্মৰ সৈতে খাপ খুৱাব পৰা নমনীয় চিস্টেম ডিজাইন অন্তৰ্ভুক্ত। তেওঁ তিনিটা ষ্টাৰ্ট-আপ কোম্পানী এম্ফোৰা, পেটাৰ্ণ ইনচাইট আৰু হোভাৰ প্ৰতিষ্ঠাপক।১২

শিক্ষা আৰু কৰ্মজীৱন

ঝৌৱে ১৯৯২ চনত পেকিং বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰে।১ তাৰ পিছত ১৯৯৬ চনত প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰা এম.এ. ডিগ্ৰী লাভ কৰে। তাৰ পিছত তেওঁ ২০০১ চনত প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পৰাই পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে, কাই লিৰ তত্বাৱধানত।

তাৰ পিছত দুবছৰ তেওঁ প্ৰিন্সটনত অৱস্থিত এনইচি ৰিচাৰ্চ ইনষ্টিটিউটত কাম কৰে।৩ ইয়াত থাকোঁতে তেওঁ ডাটা সংৰক্ষণ প্ৰযুক্তিৰ ক্ষেত্ৰত এম্ফোৰা নামৰ এটা ষ্টাৰ্ট-আপ প্ৰতিষ্ঠা কৰে। তাৰ পিছত ২০০২ চনত তেওঁ ইলিনয় বিশ্ববিদ্যালয় আৰ্বানা-চেম্পেইনত অধ্যাপক হিচাপে যোগদান কৰে। তাত থকা সময়ছোৱাত ২০০৭ চনত তেওঁ বৃহৎ চফ্টৱেৰ প্ৰকল্পৰ বাবে স্বয়ংক্ৰিয় বাগ চিনাক্ত আৰু আঁতৰোৱাৰ কাম বাণিজ্যিকীকৰণ কৰিবলৈ পেটাৰ্ণ ইনচাইট নামৰ দ্বিতীয়টো ষ্টাৰ্ট-আপ প্ৰতিষ্ঠা কৰে।৩ তেওঁ এতিয়াও পেটাৰ্ণ ইনচাইটৰ মুখ্য কাৰিকৰী বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।১

২০০৯ চনত তেওঁ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, ছান ডিয়েগোলৈ গুচি যায়,৩ মোবাইল কম্পিউটিঙৰ প্ৰথমগৰাকী কোৱালকম অধ্যাপিকা হিচাপে।৪ ২০১২ চনত তেওঁ তৃতীয়টো ষ্টাৰ্ট-আপ, ইভেণ্ট ব্যৱস্থাপনা চফ্টৱেৰ কোম্পানী হোভা প্ৰতিষ্ঠা কৰে।১২৫

ঝৌ প্ৰগ্ৰেমিং ভাষা আৰু অপাৰেটিং চিস্টেমৰ বাবে স্থাপত্য সমৰ্থনৰ ২১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মিলন (ASPLOS 2016) ৰ কাৰ্যসূচীৰ অধ্যক্ষ আছিল।৬ তেওঁ অপাৰেটিং চিস্টেম নীতিৰ ওপৰত ২৭ সংখ্যক এচিএম চিম্পোজিয়াম (SOSP 2019) ৰ সহ-কাৰ্যসূচী অধ্যক্ষো আছিল।৭

বঁটা আৰু সন্মান

২০০৫ চনত ঝৌৱে কম্পিউটিং ৰিচাৰ্চ এছ’চিয়েচনৰ অনিতা বৰ্গ আৰলি কেৰিয়াৰ বঁটা লাভ কৰে।৮ ২০০৭ চনত তেওঁ স্ল’ন ফেল’শ্বিপ লাভ কৰে।১৯ ২০১৩ চনত তেওঁ কম্পিউটিং মেচিনেৰী এছ’চিয়েচনৰ ফেলো হিচাপে নিৰ্বাচিত হয়।১০ ২০১৪ চনত তেওঁ আইইইই ফেলো হিচাপে নিৰ্বাচিত হয়।১১ ২০১৫ চনত তেওঁ ACM SIGOPS মাৰ্ক ৱেইজাৰ বঁটা লাভ কৰে।১২

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2 December 2014). Two Computer Scientists, One Electrical Engineer Named IEEE Fellows. California Institute for Telecommunications and Information Technology
  2. ↑ (8 October 2015). The CEO of the Whova Event App Wins The 2015 ACM SIGOPS Mark Weiser Award. whova.com
  3. ↑ Fox, Tiffany. (September 9, 2010). Computer Scientist Puts NSF Funding to Work for More Reliable Computing. California Institute for Telecommunications and Information Technology
  4. ↑ UCSD Jacobs School of Engineering Faculty Profiles, retrieved 2018-10-11
  5. ↑ Whova event management software. whova.com
  6. ↑ ASPLOS 2016 organization, retrieved 2015-06-17
  7. ↑ SOSP 2019 organization, retrieved 2018-10-11
  8. ↑ 2005 - Yuanyuan Zhou, Computing Research Association, retrieved 2015-06-17
  9. ↑ Fellows Database. Alfred P. Sloan Foundation
  10. ↑ "Yuanyuan Zhou" ACM Fellows, retrieved 2015-06-17
  11. ↑ Pattern Insight CTO and Co-Founder Named IEEE Fellow, Pattern Insight, December 5, 2014, retrieved 2015-06-17
  12. ↑ The Mark Weiser Award, retrieved 2018-10-11

সম্পৰ্কিত শ্ৰেণী

চীনৰ ব্যক্তিআমেৰিকা যুক্তৰাষ্ট্ৰৰ ব্যক্তিকম্পিউটাৰ বিজ্ঞানীউদ্যোগপতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়ুয়ানয়ুয়ান ঝৌ” প্ৰবন্ধৰ সংশোধন ৬৩৪৪১০ (৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।