অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

য়ু জুয়ান

য়ু জুয়ান (ইংৰাজী: Yu Juan; জন্ম: ১৯৭৯ – ১৯ এপ্ৰিল, ২০১১) চীনৰ ফুডান বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰখ্যাত শিক্ষয়িত্ৰী আৰু এন আনফিনিশ্বড লাইফ (অসমীয়া অৰ্থ: এক অসম্পূৰ্ণ জীৱন; মূল চীনা শিৰোনাম: 此生未完成) নামৰ গ্ৰন্থখনৰ লেখিকা আছিল। মাত্ৰ ৩০ বছৰ বয়সতে য়ু জুয়ানৰ দেহত স্তন কেন্সাৰ ধৰা পৰিছিল।

হালনাগাদ: ২৫ এপ্ৰিল ২০২৬ ৩০১ শব্দ · ২ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

য়ু জুয়ান (ইংৰাজী ভাষা: Yu Juan; জন্ম: ১৯৭৯ – ১৯ এপ্ৰিল, ২০১১) চীনৰ ফুডান বিশ্ববিদ্যালয়ৰ এগৰাকী প্ৰখ্যাত শিক্ষয়িত্ৰী আৰু এন আনফিনিশ্বড লাইফ (অসমীয়া অৰ্থ: এক অসম্পূৰ্ণ জীৱন; মূল চীনা শিৰোনাম: 此生未完成) নামৰ গ্ৰন্থখনৰ লেখিকা আছিল।১ মাত্ৰ ৩০ বছৰ বয়সতে য়ু জুয়ানৰ দেহত স্তন কেন্সাৰ ধৰা পৰিছিল। কৰ্কট ৰোগৰ সৈতে তেওঁ কৰা যুঁজ আৰু কেন্সাৰ প্ৰতিৰোধৰ বাবে জনসাধাৰণক সজাগ কৰিবলৈ তেওঁ চলোৱা নিৰন্তৰ প্ৰচেষ্টাই তেওঁৰ জনপ্ৰিয় ব্লগ টু লাইভ ইজ দ্য পাৰমানেন্ট ট্ৰুথৰ জৰিয়তে লাখ লাখ মানুহৰ হৃদয় স্পৰ্শ কৰিছিল।২৩

ব্যক্তিগত জীৱন

য়ু জুয়ানৰ জন্ম চীনৰ শ্বানডং প্ৰদেশৰ জিনিঙত হৈছিল। তেওঁ নৰৱেৰ অছল' বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল আৰু পৰৱৰ্তী সময়ত ফুডান বিশ্ববিদ্যালয়ৰ পৰা পিএইচডি ডিগ্ৰী অৰ্জন কৰিছিল। তেওঁ নিজৰ স্বামী আৰু পুত্ৰৰ সৈতে এক সুখী পাৰিবাৰিক জীৱন অতিবাহিত কৰিছিল। যেতিয়া তেওঁ নিজৰ কেৰিয়াৰৰ চৰম শিখৰত আছিল, ঠিক সেই সময়তে তেওঁৰ দেহত মাৰাত্মক স্তন কেন্সাৰ ৰোগ ধৰা পৰে।৪

চিকিৎসালয়ত ৰোগৰ সৈতে যুঁজি থকাৰ সময়ত তেওঁ টু লাইভ ইজ দ্য ট্ৰুথ (活着就是王道) নামৰ এটা ব্লগ খুলিছিল। তেওঁ জীৱনৰ প্ৰতি থকা নিজৰ গভীৰ চিন্তাধাৰাসমূহৰ বিষয়ে এখন ডায়েৰী লিখিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ মতে, এজন কেন্সাৰ ৰোগীৰ দৃষ্টিত জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ হ’ল মানসিক আশাবাদ আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ সময় হ’ল পৰিয়ালৰ সৈতে কটোৱা মুহূৰ্তবোৰ। জীৱনৰ প্ৰতি তেওঁৰ প্ৰবল ইচ্ছা আৰু সমাজৰ প্ৰতি তেওঁৰ অৱদানে পাঠসকলক অনুপ্ৰাণিত কৰিছিল। এগৰাকী অত্যন্ত দয়ালু ব্যক্তি হিচাপে তেওঁ নিজৰ আৰোগ্যৰ সময়খিনি ডায়েৰী লিখাত ব্যৱহাৰ কৰিছিল যাতে মানুহক অস্বাস্থ্যকৰ জীৱনশৈলীৰ ফলত হ'ব পৰা কেন্সাৰৰ বিপদৰ বিষয়ে সজাগ কৰিব পাৰে।৫

সামাজিক প্ৰভাৱ

প্ৰায় ডেড় বছৰ ধৰি ৰোগৰ সৈতে যুঁজাৰ পিছত ২০১১ চনৰ ১৯ এপ্ৰিলত য়ু জুয়ানৰ মৃত্যু হয়। এই খবৰে সমগ্ৰ চীনদেশতে সংবাদ মাধ্যমৰ ব্যাপক চৰ্চা লাভ কৰিছিল আৰু হাজাৰ হাজাৰ মানুহে তেওঁৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছিল। তেওঁৰ অন্তিম ইচ্ছা আছিল উত্তৰ-পূব চীনৰ শক্তি বনসমূহ (energy forests) সংৰক্ষণ কৰা। তেওঁৰ মৃত্যুৰ পিছত পৰিয়ালে তেওঁৰ লেখাসমূহ একত্ৰিত কৰি তেওঁৰ স্মৃতিত এন আনফিনিশ্বড লাইফ গ্ৰন্থখন প্ৰকাশ কৰে। এই গ্ৰন্থখনে আজিও কেন্সাৰৰ বিৰুদ্ধে যুঁজ দিয়া লোকসকলক মানসিক শক্তি যোগাই আহিছে।

তথ্যসূত্ৰ

  1. ↑ "An Unfinished Life" (此生未完成 (豆瓣)
  2. ↑ Yu Juan.net An Unfinished Life Yu Juan.net. Retrieved 4 January 2012
  3. ↑ Review of The Things Unfinished in this Life China Daily.com.cn. Retrieved 4 January 2012
  4. ↑ Yu Juan cancer death in women teachers' life diary published in June
  5. ↑ Bravely Blogging about Breast Cancer Asiatoday.com. Retrieved 4 January 2012

সম্পৰ্কিত শ্ৰেণী

চীনৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়ু জুয়ান” প্ৰবন্ধৰ সংশোধন ৬০২৬৬০ (২৫ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।