অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লʼৰা বেটছ

ল’ৰা কেৰলিন বেটছ BEM FRSL (: Laura Bates, জন্ম ২৭ আগষ্ট ১৯৮৬ )

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২০৩ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

ল’ৰা কেৰলিন বেটছ BEM FRSL (: Laura Bates, জন্ম ২৭ আগষ্ট ১৯৮৬ ) এগৰাকী ইংৰাজী নাৰীবাদী লেখিকা। ২০১২ চনৰ এপ্ৰিল মাহত তেওঁ এভ্ৰিডে চেক্সিজম প্ৰজেক্ট ৱেবছাইট প্ৰতিষ্ঠা কৰে। ২০১৪ চনত তেওঁৰ প্ৰথমখন গ্ৰন্থ এভ্ৰিডে চেক্সিজম প্ৰকাশ পায়।১২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

বেটছৰ মাতৃ হৈছে ফৰাচী ভাষাৰ শিক্ষয়িত্ৰী ডায়েন এলিজাবেথ বেটছ আৰু পিতৃ এজন চিকিৎসক নাম এড্ৰিয়ান কিথ বেটছ। লণ্ডন বৰো অৱ হেকনি আৰু টাউণ্টনত ডাঙৰ-দীঘল হোৱা বেটছৰ এগৰাকী ডাঙৰ ভনীয়েক আৰু এজন সৰু ভাই আছে। বেটছৰ বিশ বছৰ বয়ষত তেওঁৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হৈছিল।৩ বেটছে টাউণ্টনৰ কিংছ কলেজত ব্যক্তিগতভাৱে শিক্ষা গ্ৰহণ কৰিছিল। আৰু তাৰ পিছত কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত ইংৰাজী সাহিত্য অধ্যয়ন কৰে য’ত তেওঁ কেম্ব্ৰিজৰ ছেইণ্ট জনছ কলেজৰ স্নাতক ছাত্ৰী আছিল আৰু ২০০৭ চনত স্নাতক ডিগ্ৰী লাভ কৰে।

কেৰিয়াৰ

স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত বেটছে প্ৰায় আঢ়ৈবছৰ কেম্ব্ৰিজত মনোবিজ্ঞানী চুজান কুইলিয়ামৰ গৱেষক হিচাপে কাম কৰিছিল। চুজান কুইলিয়ামে দ্য জয় অৱ চেক্সৰ এটা আপডেট সংস্কৰণৰ কাম কৰি আছিল।৩ তাৰ পাছত বেট্‌ছ এগৰাকী অভিনেত্ৰী আৰু নেনী (শিশু যত্নকাৰী) হিচাপে কাম কৰিছিল। এই সময়ছোৱাত তেওঁ কৈছিল যে অডিচনৰ সময়ত তেওঁ লিংগভিত্তিক বৈষম্যৰ সন্মুখীন হৈছিল। লগতে তেওঁ লক্ষ্য কৰিছিল যে যিসকল সৰু ছোৱালীক তেওঁ যত্ন লৈছিল, সিহঁত ইতিমধ্যে নিজৰ শাৰীৰিক চেহেৰা বিষয়ে অত্যাধিক মনোযোগ দিছিল আৰু ব্যস্ত হৈ পৰা দেখিছিল।৪৫

এভ্ৰিডে চেক্সিজম প্ৰজেক্ট

২০১২ চনত প্ৰতিষ্ঠা কৰা হৈছিল এভ্ৰিডে চেক্সিজম প্ৰজেক্ট ৱেবছাইট। ৱেবছাইটটোৰ তৃতীয় বৰ্ষপূর্তিৰ সময়ছোৱাত, অৰ্থাৎ ২০১৫ চনৰ এপ্ৰিল মাহত, এভ্ৰিডে চেক্সিজমত ১,০০,০০০ টা প্ৰৱেশ সম্পূৰ্ণ হৈছিল।৬ বেট্‌ছয়ে কৈছে যে তেওঁ অনলাইন মাধ্যমত অপব্যৱহাৰৰ সন্মুখীন হৈছে। ২০২০ চনত তেওঁৰ গ্ৰন্থ মেন হু হেট উইমেন প্ৰকাশৰ পিছত তেওঁ জনায় যে কিছুমানে তেওঁক লক্ষ্য কৰি ডীপফেক অশ্লীল ছবি প্ৰেৰণ কৰিছিল।৭ বেট্‌ছৰ প্ৰথম গ্ৰন্থ এভ্ৰিডে চেক্সিজম, যিটো এই প্ৰকল্পটোৰ ওপৰত ভিত্তি কৰি লিখা হৈছিল, ২০১৪ চনত চাইমন এণ্ড শ্বুষ্টাৰৰৰ লণ্ডন শাখাই প্ৰকাশ কৰিছিল।৮

এভ্ৰিডে চেক্সিজমৰ পিছত বেটছে যৌনতাবাদৰ বিষয়ে আৰু কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰে। বেটছ দ্য গাৰ্ডিয়ান,৯ দ্য ইণ্ডিপেণ্ডেণ্ট১০ দ্য ফাইনেন্সিয়েল টাইমছ আৰু অন্যান্য সংবাদমাধ্যমত নিয়মীয়াকৈ লিখে।। নিউয়ৰ্কস্থিত উইমেন আণ্ডাৰ ছিজ প্ৰজেক্টততো অৱদান আগবঢ়ায় আহিছে।১১

সন্মান আৰু বঁটা

  • ২০১৩: ২০১৩ চনত কচমোপলিটান আলোচনীৰ আলটিমেট নিউ ফেমিনিষ্ট বঁটা।৪
  • ২০১৪: বিবিচিৰ ১০০ গৰাকী মহিলা।১২
  • ২০১৫: লিংগ সমতাৰ সেৱাৰ বাবে ২০১৫ চনৰ জন্মদিনৰ সন্মানত ব্ৰিটিছ এম্পায়াৰ মেডেল (BEM) লাভ কৰা হয়।১৩
  • ২০১৮: ৰয়েল ছ'চাইটি অৱ লিটাৰেচাৰ (FRSL)ৰ "৪০ বছৰৰ তলৰ ৪০" পদক্ষেপত ফেলো নিৰ্বাচিত হয়।১৪
  • ২০২০: কেম্ব্ৰিজৰ ছেইণ্ট জন কলেজৰ সন্মানীয় ফেলো।১৫

ব্যক্তিগত জীৱন

২০১৪ চনত বেটছে নিক টেইলৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৩১৬

তথ্যসূত্ৰ

  1. ↑ The Everyday Sexism Project
  2. ↑ EverydaySexism on Twitter
  3. ↑ Bates, Hannah. (12 April 2014). Rape Threats, Groping and Perverts – Everyday Sexism: Why Laura Bates Is Shouting Back. The Daily Telegraph
  4. ↑ Hines, Sophie. (5 December 2013). Laura Bates Wins Ultimate New Feminist 2013
  5. ↑ BBC Radio 4: Woman's Hour Power List 2014 – Top Ten Revealed: 9. Laura Bates, Campaigner. BBC
  6. ↑ Sanghani, Radhika. (16 April 2015). A Day in the Life of the Everyday Sexism Hashtag. The Daily Telegraph
  7. ↑ Saner, Emine. (31 January 2024). Inside the Taylor Swift deepfake scandal: 'It's men telling a powerful woman to get back in her box'. The Guardian
  8. ↑ Bates, Laura. (2014). Everyday Sexism. Simon & Schuster. ISBN 9781471131578
  9. ↑ Laura Bates - contributor page. The Guardian
  10. ↑ Laura Bates - contributor page. The Independent
  11. ↑ Laura Bates - contributor page. Women Under Siege Project
  12. ↑ (2014-10-26). Who are the 100 Women 2014?. BBC News
  13. ↑ Bates, Laura. (12 June 2015). Queen's Birthday Honours List: Knights Outnumber Dames Five to One. The Guardian
  14. ↑ Flood, Alison. (28 June 2018). Royal Society of Literature Admits 40 New Fellows to Address Historical Biases. the Guardian
  15. ↑ (9 May 2020). Everyday Sexism activist and founder of Raspberry Pi elected as Honorary Fellows of St John's. St John's College, University of Cambridge
  16. ↑ Bates, Laura. (28 June 2014). How to Have a Feminist Wedding. theguardian.com. The Guardian

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লʼৰা বেটছ” প্ৰবন্ধৰ সংশোধন ৬৩১৯৬৪ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।