য়িয়ুন লি (Yiyun Li, জন্ম:৪ নৱেম্বৰ, ১৯৭২) হৈছে আমেৰিকাত অধ্যাপনা কৰি থকা চীনত জন্মা এগৰাকী লেখক। অলেখ পুৰস্কাৰ আৰু প্ৰশংসাৰে তেওঁৰ গল্প আৰু উপন্যাসে ইতিমধ্যে স্বীকৃতি লাভ কৰিছে। ইয়াৰ ভিতৰত তেওঁৰ উপন্যাস ‘আ থাউজেণ্ড য়েৰচ্ অৱ গুড প্ৰেয়াৰ্চ্’ লৈ আগবঢ়োৱা ‘পেন/হেমিংৱে এৱাৰ্ড আৰু গাৰ্ডিয়েন ফাৰ্ষ্ট বুক এৱাৰ্ড’,১২ ‘হোৱেৰ ৰিজনচ্ এণ্ড’লৈ ২০২০ চনৰ ‘পেন/জিন ষ্টেইন বুক এৱাৰ্ড’৩ আৰু ‘দ্য বুক অৱ গুচ’লৈ ২০২৩ চনত কল্প সাহিত্যৰ বাবে আগবঢ়োৱা ‘পেন/ফল্কনাৰ বঁটা’ উল্লেখযোগ্য।৪ য়িয়ুন লিৰ ‘ৱেডনেচ ডেজ চাইল্ড’ শীৰ্ষক চুটি গল্প সংকলনটিয়ে ‘পুলিৎজাৰ বঁটা’ৰ চূড়ান্ত মনোনয়ন লাভ কৰিছিল।৫ তেওঁ ব্ৰুকলিন স্থিত সাহিত্য আলোচনী আ পাব্লিক স্পেচৰ সম্পাদক।৬
সংক্ষিপ্ত জীৱনী
চীনৰ বেইজিঙত লিৰ জন্ম হৈছিল আৰু তাতে তেওঁ ডাঙৰ-দীঘল হৈছিল।৭৮ তেওঁৰ মাকে এগৰাকী শিক্ষয়িত্ৰী হিচাপে আৰু পিতৃয়ে পাৰমাণৱিক পদাৰ্থবিজ্ঞানী হিচাপে কাম কৰিছিল।৯ ডিয়েৰ ফ্ৰেণ্ড ফ্ৰম মাই লাইফ আই ৰাইট টু ইউ ইন ইউৰ লাইফত লিয়ে নিজৰ প্ৰাৰম্ভিক জীৱনত মাকৰ দ্বাৰা নিৰ্যাতিত হোৱাৰ কিছুমান মুহূৰ্তৰ কথা অন্তৰ্ভুক্ত কৰিছে।১০
১৯৯১ চনত লিয়ে কলেজীয়া শিক্ষা গ্ৰহণ কৰাৰ আগতে নিজৰ দায়িত্বৰ অংশ হিচাপে জিনিয়াঙত থকা পিপলছ লিবাৰেচন আৰ্মী৭ত এক বছৰ বাধ্যতামূলক সেৱা আগ বঢ়াইছিল।১১ ১৯৯৬ চনত পেকিং বিশ্ববিদ্যালয়ৰপৰা বিজ্ঞান শাখাত স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ আমেৰিকালৈ গুচি যায়।১ ২০০০ চনত আইৱা বিশ্ববিদ্যালয়ৰপৰা ইমিউনলজি বিষয়ত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।১২ ২০০৫ চনত তেওঁ আইৱা বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত আইৱা লেখক সন্থাৰ কৰ্মশালাত সৃষ্টিশীল সাহিত্য (ক্ৰিয়েটিভ ননফিকচন) আৰু কল্পকাহিনীত ফাইন আৰ্টচৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।
য়িয়ুনৰ গল্প আৰু ৰচনাসমূহ ‘নিউ য়ৰ্কাৰ’‘’১৩, ‘দ্য পেৰিছ ৰিভিউ’,‘হাৰপাৰচ্ আলোচনী’ আৰু ‘জট্ৰুপচ্: অল ষ্টৰি’ত প্ৰকাশ পাইছে। ‘আ থাউজেণ্ড য়েৰচ্ অৱ গুড প্ৰেয়াৰ্চৰ (চুটি গল্প সংকলন)’ৰ দুটা গল্প পৰিচালক ৱেইন ৱাঙ আৰু লিৰ দ্বাৰা চলচ্চিত্ৰলৈ ৰূপান্তৰিত কৰা হৈছিল।
২০০৫ চনৰ পৰা ২০০৮ চনলৈকে লিয়ে স্বামী আৰু তেওঁলোকৰ দুটি ল’ৰাৰ সৈতে কেলিফৰ্ণিয়াৰ অকলেণ্ডত বাস কৰিছিল। সেই সময়ছোৱাত তেওঁ মিলচ্ কলেজত অধ্যাপনা কৰিছিল।১৪ ২০০৮ চনত তেওঁ অকলেণ্ডৰ পৰা ওলাই আহি ডেভিছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত অধ্যাপক হিচাপে যোগদান কৰে।১৪ ২০১৭ চনৰ পৰা তেওঁ প্ৰিন্সটন বিশ্ববিদ্যালয়ত সৃষ্টিশীল লেখা বিষয়ত (ক্ৰিয়েটিভ ৰাইটিং) অধ্যাপনা কৰি আহিছে।১৪
২০১২ চনত লি হতাশাত ভুগিছিল আৰু দুবাৰকৈ আত্মহত্যাৰ চেষ্টা কৰিছিল।১৫১০ সুস্থ হৈ চিকিৎসালয় এৰি অহাৰ পিছত তেওঁ কল্পকাহিনী লেখাৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলাইছিল আৰু গোটেই বছৰ ধৰি কেইবাখনো জীৱনী, স্মৃতিগ্ৰন্থ, ডায়েৰী আৰু জাৰ্নাল পঢ়াত মনোনিৱেশ কৰিছিল। লিৰ মতে, আনৰ জীৱনৰ বিষয়ে পঢ়িবলৈ পোৱাটো হ’ল একধৰণৰ মানসিক সকাহ।১৫ ২০১৭ চনত প্ৰকাশিত তেওঁৰ স্মৃতিকথা ডিয়েৰ ফ্ৰেণ্ড১৫ আছিল তেওঁৰ সেই মানসিক হতাশাৰ সময়খিনিত লাভ কৰা অভিজ্ঞতাৰ ফচল। কিতাপখন প্ৰকাশৰ কেইমাহমানৰ পিছত তেওঁৰ ১৬ বছৰীয়া পুত্ৰ ভিনচেণ্টে নিজকে হত্যা কৰে।১০১২ ২০১৯ চনৰ উপন্যাস হোৱেৰ ৰিজনচ্ এণ্ড আছিল পুত্ৰশোকৰ ফলশ্ৰুতি।১৬''১৭
২০২২ চনত ঝুম্পা লাহিড়ীৰ পিছত লিয়ে প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ সৃষ্টিশীল লেখন কাৰ্যসূচীৰ সঞ্চালক হিচাপে নিযুক্তি লাভ কৰে। এই ভূমিকাত তেওঁ বিশ্ববিদ্যালয়খনৰ উচ্চাকাংক্ষী লেখকসকলৰ বাবে এক সজীৱ সম্প্ৰদায় গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছিল।১৮
২০২৪ চনৰ ১৬ ফেব্ৰুৱাৰীত, প্ৰিন্সটন টাউনশ্বিপত লিৰ ১৯ বছৰীয়া পুত্ৰ জেমছক এখন ৰেলে মাৰাত্মকভাৱে খুন্দিয়ায়।১৯ লিৰ ব্যক্তিগত জীৱনত ঘটিত ই আছিল আন এটি অপ্ৰত্যাশিত ঘটনা। মিডলএক্স কাউণ্টি মেডিকেল একজামিনাৰ অফিচে এই মৃত্যুক আত্মহত্যা বুলি ৰায় দিছিল।২০
গ্ৰন্থপঞ্জী
উপন্যাস
- লি, য়িয়ুন. (২০০৯). দ্য ভেগ্ৰেণ্টচ্. ৰেণ্ডম হাউচ. ISBN 978-1-4000-6313-0
- লি, য়িয়ুন. (২০১৪). কাইণ্ডাৰ ডেন চলিটিউড. ৰেণ্ডম হাউচ. ISBN 978-1-4000-6814-2
- লি, য়িয়ুন. (২০১৯). হোৱেৰ ৰিজনচ্ এণ্ড. ৰেণ্ডম হাউচ. ISBN 978-1-984817-37-2
- লি, য়িয়ুন. (২০২০). মাষ্ট আই গ’. ৰেণ্ডম হাউচ. ISBN 978-0-399-58912-6
- লি, য়িয়ুন. (২০২২). দ্য বুক অৱ গুছ. Farrar, Straus and Giroux. ISBN 978-0-374-60634-3
স্মৃতিকথা
লি, য়িয়ুন (২০১৭), ডিয়েৰ ফ্ৰেণ্ড, ফ্ৰম মাই লাইফ আই ৰাইট টু ইউ ইন ইৱৰ লাইফ; ৰেণ্ডম হাউচ
চুটি কল্প সাহিত্য
সংকলন লি, য়িয়ুন (২০০৫), আ থাউজেণ্ড য়েৰচ্ অৱ গুড প্ৰেয়াৰ্চ; ৰেণ্ডম হাউচ
- (২০১০), গল্ড বয়, এমাৰেল্ড গাৰ্ল; ৰেণ্ডম হাউচ
- (২০২৩), ৱেডনেচ ডেচ্ চাইল্ড; Farrar, Straus and Giroux.
চুটি গল্প
| + | ||
| শীৰ্ষক | প্ৰকাশন | সংকলন |
|---|---|---|
| ইমৰটেলিটি | দ্য পেৰিছ ৰিভিউ (ফল ২০০৩) | আ থাউজেণ্ড য়েৰচ্ অৱ গুড প্ৰেয়াৰ্চ |
| এক্সট্ৰা | দ্য নিউ য়ৰ্কাৰ (২২-২৯ ডিচেম্বৰ, ২০০৩) | |
| পাৰ্চিমনচ্ | দ্য পেৰিছ ৰিভিউ (ফল ২০০৪) | |
| দ্য প্ৰিঞ্চেচ্ নেব্ৰাস্কা | প্ল’শ্বেয়াৰচ্ (ৱিনটাৰ ২০০৪) | |
| ডেথ ইজ নট আ বেড জ’ক ইফ ট’ল্ড দ্য ৰাইট ৱে | গ্লিমাৰ ট্ৰেইন (স্প্ৰীং ২০০৫) | |
| আফটাৰ আ লাইফ | প্ৰচ্পেক্ট (এপ্ৰিল ২০০৫) | |
| দ্য প্ৰপ্ৰাইট্ৰেচ | জট্ৰুপ:অল ষ্টৰি নাইন পইণ্ট থ্ৰী (ফল ২০০৫) | গল্ড বয়, এমাৰেল্ড গাৰ্ল |
| লাভ ইন দ্য মাৰ্কেটপ্লেচ | আ থাউজেণ্ড ইয়েৰচ্ অৱ গুড প্ৰেয়াৰচ্ (ফল ২০০৫) | আ থাউজেণ্ড ইয়েৰচ্ অৱ গুড প্ৰেয়াৰচ্ |
| চান | ||
| দ্য এৰেঞ্জমেণ্ট | ||
| আ থাউজেণ্ড ইয়েৰচ্ অৱ গুড প্ৰেয়াৰচ্ | ||
| প্ৰিজন | টিন হাউচ ২৮ (চামাৰ ২০০৬) | গল্ড বয়, এমাৰেল্ড গাৰ্ল |
| Souvenir | চান ফান্সিস্ক’ ক্ৰনিকেল (৯ জুলাই, ২০০৬) | |
| হাউচ ফায়াৰ | গ্ৰাণ্টা ৯৭ (স্প্ৰিং ২০০৭) | |
| চুইপিং পাষ্ট | দ্য গাৰ্ডিয়েন (১০ আগষ্ট, ২০০৭) | |
| আ মেন লাইক হিম | দ্য নিউ য়ৰ্কাৰ (১২ মে ২০০৮) | |
| গল্ড বয়, এমাৰেল্ড গাৰ্ল | দ্য নিউ য়ৰ্কাৰ (১৩ অক্টোবৰ, ২০০৮) | |
| নাম্বাৰ থ্ৰী, গাৰ্ডেন ৰ’ড | ৱেভিং এট দ্য গাৰ্ডেনাৰ: দ্য অচম এৱাৰ্ড চৰ্ট ষ্ট’ৰি কলেকচন (২০০৯) | |
| এল’ন | দ্য নিউ য়ৰ্কাৰ (১৬ নৱেম্বৰ, ২০০৯) | ৱেডনেচ ডেচ্ চাইল্ড (চুটি গল্প সংকলন) |
| কাইণ্ডনেচ | আ পাব্লিক স্পেচ ১০ (২০১০) | গল্ড বয়, এমাৰেল্ড গাৰ্ল |
| দ্য চায়েঞ্চ অৱ ফ্লাইট | দ্য নিউ য়ৰ্কাৰ (৩০ আগষ্ট, ২০১০) | - |
| দ্য ৰিইউনিয়ন | দ্য ৱাচিংটন প’ষ্ট (২৭ নৱেম্বৰ, ২০১১) | - |
| আ চেলটাৰ্ড ৱুমেন | দ্য নিউ য়ৰ্কাৰ (১০ মাৰ্চ, ২০১৪) | ৱেডনেচ ডেচ্ চাইল্ড (চুটি গল্প সংকলন) |
| অন দ্য ষ্ট্ৰীট হোৱেৰ য়ু লিভ | দ্য নিউ য়ৰ্কাৰ (৯ জানুৱাৰী, ২০১৭) | |
| আ স্মল ফ্লেম | দ্য নিউ য়ৰ্কাৰ (১৮ মে’, ২০১৭) | |
| ডু নট য়েট মাডাৰ ডিয়েৰ ফাইণ্ড আচ* | আ পাব্লিক স্পেচ 26 (2018) | * excerpt from Where Reasons End |
| আ ফ্ললেচ চাইলেন্স | দ্য নিউ য়ৰ্কাৰ (২৩ এপ্ৰিল, ২০১৮) | ৱেডনেচ ডেচ্ চাইল্ড (চুটি গল্প সংকলন) |
| হোৱেন ৱুই ৱেৰ হেপ্পি ৱুই ৱেৰ আডাৰ নেইমচ্ | দ্য নিউ য়ৰ্কাৰ (১ অক্টোবৰ, ২০১৮) | |
| অল ৱিল বি ৱেল | দ্য নিউ য়ৰ্কাৰ (১১ মাৰ্চ, ২০১৯) | |
| লেট মাডাৰচ্ ডাউট | আস্কোৱেৰে (ইউ কে সংস্কৰণ) (জুলাই/আগষ্ট, ২০২০) |- | আণ্ডাৰ দ্য মেগন’লিয়া | | দ্য নিউ য়ৰ্ক টাইমচ্ মেগাজিন (১২ জুলাই, ২০২০) | | - |- | ইফ ইউ আৰ লনলি এণ্ড ইউ ন’ ইট | | এমাজন পাব্লিচিং (২৫ ফেব্ৰুৱাৰী, ২০২১) | | - |- | হেল্ল’ গুডবাই | | দ্য নিউ য়ৰ্কাৰ (নৱেম্বৰ ১৫, ২০২১) | | rowspan=3| ৱেডনেচ ডেচ্ চাইল্ড (চুটি গল্প সংকলন) |- | চাচ কমন লাইফ ১. প্ৰটিন ২. হাইপথেচিছ ৩. কনট্ৰেক্ট | | জট্ৰুপ: অল-ষ্টৰি টুৱেনণ্টি ছিক্স পইণ্ট টু (চামাৰ ২০২২) টুৱেনণ্টি ছিক্স পইণ্ট থ্ৰী (ফল ২০২২) টুৱেনণ্টি ছিক্স পইণ্ট ফ’ৰ (ৱিণ্টাৰ ২০২২) |- | ৱেডনেচ ডেচ্ চাইল্ড | | দ্য নিউ য়ৰ্কাৰ'' (২৩ জানুৱাৰী, ২০২৩) |
তথ্যসূত্ৰ
- ↑ Interview with Yiyun Li, 2006 PEN/Hemingway Award Winner. The Hemingway Society
- ↑ Guardian Staff. (2006-12-06). Interview with Guardian First Book Award winner Yiyun Li. The Guardian
- ↑ (2020-03-03). Yiyun Li receives PEN/Jean Stein Book Award for originality, merit and impact. Princeton University
- ↑ (April 4, 2023). Yiyun Li's 'The Book of Goose' wins PEN/Faulkner award. AP News
- ↑ admin. (2024-05-07). 2024 Pulitzer Prize Finalists include Yiyun Li and Ed Park. Lewis Center for the Arts
- ↑ A Public Space
- ↑ Altmann, Jennifer. Creative Writing: Life, By the Book. Princeton Alumni Weekly
- ↑ Thompson, Bob. (28 December 2005). Proving the extraordinary. Los Angeles Times
- ↑ Laity, Paul. (24 February 2017). Yiyun Li: 'I used to say that I was not an autobiographical writer – that was a lie'. The Guardian
- ↑ Armitstead, Claire. (2022-09-18). Yiyun Li: 'I'm not that nice friendly Chinese lady who writes… Being subversive is important to me'. The Observer
- ↑ admin. (2022-06-08). Yiyun Li Named Director of Princeton University’s Program in Creative Writing. Lewis Center for the Arts
- ↑ Strong, Lynn Steger. (2022-09-20). How novelist Yiyun Li learned to capture shadows. Los Angeles Times
- ↑ Yiyun Li. The New Yorker
- ↑ Yiyun Li – The Oakland Artists Project
- ↑ Laity, Paul. (2017-02-24). Yiyun Li: 'I used to say that I was not an autobiographical writer – that was a lie'. The Guardian
- ↑ (2019-10-18). Yiyun Li navigates the loss of a child in her heartbreaking new novel. CBC Radio
- ↑ Sehgal, Parul. (2019-01-22). A Mother Loses a Son to Suicide, but Their Dialogue Continues. The New York Times
- ↑ admin. (2022-06-08). Yiyun Li Named Director of Princeton University’s Program in Creative Writing. Lewis Center for the Arts
- ↑ The Office of Communications of Princeton University. (20 Feb 2024). The University community mourns the loss of undergraduate James Li. Princeton University
- ↑ Princeton Student Struck by Train Was Creative Writing Director's Son. Princeton Alumni Weekly
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়িয়ুন লি” প্ৰবন্ধৰ সংশোধন ৬৩২৮১৮ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।