য়ামিন হাজৰিকা (Yamin Hazarika, ১৯৫৬ - ২৫ জুলাই ১৯৯৯) এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া আছিল। তেওঁ অসম তথা উত্তৰ-পূব ভাৰতৰ প্ৰথম মহিলা আইপিএছ বিষয়া।১ তেওঁক ১৯৭৯ চনত তেওঁ দিল্লী আন্দামান নিকোবৰ দ্বীপপুঞ্জ কেডাৰৰ আৰক্ষী সেৱাৰ বিষয়া হিচাপে নিযুক্ত হৈছিল।
প্ৰাৰম্ভিক জীৱন
১৯৫৬ চনত গুৱাহাটীৰ লাখটকীয়াৰ ৰূপহী আলিত য়ামিন হাজৰিকাৰ জন্ম হৈছিল।১ তেওঁৰ পিতৃ মহম্মদ চিৰাজুল হাজৰিকা আৰু মাতৃ শ্বামীম হাজৰিকা। পাঁচগৰাকী সন্তানৰ ভিতৰত য়ামিন দ্বিতীয় সন্তান আছিল। তেওঁৰ ককাদেউতাক ইকৰাম ৰচুল ঔপনিবেশিক সময়ত আবকাৰী অধীক্ষক আছিল আৰু চিলেটত কৰ্মৰত আছিল। ভাৰতৰ স্বাধীনতা আন্দোলনত জড়িত থকাৰ বাবে তেওঁক চাকৰিৰ পৰা বহিষ্কাৰ কৰা হৈছিল। হাজাৰিকাৰ মাতৃ শ্বামীম গুৱাহাটীৰ প্ৰথম মহিলা গাড়ী চালকসকলৰ ভিতৰত এগৰাকী আছিল। ভাৰতৰ পঞ্চম ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদ তেওঁলোকৰ সম্বন্ধীয় আছিল।
শিক্ষা
য়ামিন হাজাৰিকাই গুৱাহাটীৰ চেইণ্ট মেৰী কনভেণ্টত স্কুলত প্ৰাৰম্ভিক শিক্ষা আৰম্ভ কৰিছিল। তাৰপিছত তেওঁ শ্বিলঙৰ পাইন মাউণ্ট কনভেণ্টৰ পৰা চিনিয়ৰ কেমব্ৰিজ পৰীক্ষাত উত্তীৰ্ণ হৈছিল। তাৰ পিছত তেওঁ উচ্চশিক্ষাৰ বাবে দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত ইন্দ্ৰপ্ৰস্থ কলেজত ইতিহাস পঢ়িবলৈ দিল্লীলৈ ৰাওনা হৈছিল।
ইন্দ্ৰপ্ৰস্থ মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা পিছত হাজাৰিকাই গুৱাহাটীত আইনৰ শিক্ষা গ্ৰহণ কৰিছিল। এইসময়তে তেওঁ ১৯৭৭-৭৮ বৰ্ষ আৰু তাৰ পিছত ১৯৭৮-৭৯ বৰ্ষৰ সংঘ লোক সেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈছিল।
কৰ্মজীৱন
ইউপিএছচি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ ৰাজ্যিক আৰক্ষী সেৱালৈ নিযুক্ত হৈছিল। তেওঁ ১৯৭৯ চনৰ দিল্লী আন্দামান নিকোবৰ দ্বীপপুঞ্জ কেডাৰৰ আৰক্ষী সেৱাৰ বিষয়া আছিল।২ হাজৰিকায়ে পঞ্জাবৰ ফিল্লাউৰত অৱস্থিত মহাৰাজ ৰঞ্জিত সিং পঞ্জাব আৰক্ষী একাডেমীত আৰক্ষীৰ প্ৰশিক্ষণ সমাপ্ত কৰিছিল। ইয়াতে তেওঁ তেওঁৰ ভৱিষ্যতৰ স্বামী হাৰিয়ানা কেডাৰৰ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া ৰাজীৱ সাগৰক লগ পাইছিল।
তেওঁ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ সুৰক্ষা বাহিনীৰ অংশ আছিল। হাজাৰিকাক দিল্লীৰ চাণক্যপুৰীত সহকাৰী আৰক্ষী আয়ুক্ত হিচাপে কিছুসময় নিযুক্ত কৰা হৈছিল। তাৰ পিছত তেওঁক দিল্লীৰ মহিলা কোষৰ বিৰুদ্ধে অপৰাধ বিভাগৰ আৰক্ষী উপায়ুক্ত পদলৈ উন্নীত কৰা হৈছিল। ১৯৯৮ চনত তেওঁক তিনি মাহৰ বাবে ৰাষ্ট্ৰসংঘ শান্তিৰক্ষণ বাহিনীৰ অংশ হিচাপে বচনিয়ালৈ প্ৰেৰণ কৰা হৈছিল।৩
ব্যক্তিগত জীৱন
হাৰিয়ানা কেডাৰৰ আইপিএছ বিষয়া ৰাজীৱ সাগৰৰ সৈতে য়ামিন হাজৰিকাৰ বিবাহ হৈছিল। বিবাহৰ কিছুবছৰ পিছত ধৰ্ম ভিন ভিন হোৱাৰ বাবে তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। তেওঁলোকৰ এগৰাকী কন্যা হুমা এজন এজন পুত্ৰ বিক্ৰম আছিল। বিবাহ বিচ্ছেদৰ পিছত য়ামিন হাজৰিকায়ে দুই সন্তান আৰু সংসাৰৰ দায়িত্বৰ লগতে আৰক্ষী সেৱাৰ দায়িত্বও সুচাৰুভাৱে পৰিচালনা কৰিছিল।৩
মৃত্যু
১৯৯৮ চনত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষণ বাহিনীৰ অংশ হিচাপে বচনিয়াত থাকোঁতে তেওঁ লিউকেমিয়াত আক্ৰান্ত হৈছিল।২ ভাৰতলৈ উভতি আহি হাজাৰিকাই মুম্বাইৰ টাটা মেমৰিয়েল চেণ্টাৰ আৰু দিল্লীৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত চিকিৎসা লাভ কৰিছিল। ১৯৯৯ চনৰ ২৫ জুলাই তাৰিখে কৰ্কট ৰোগত মাত্ৰ ৪৩ বছৰ বয়সতে তেওঁ মৃত্যুবৰণ কৰে।৩
প্ৰতিবছৰে তেওঁৰ স্মৃতিত য়ামিন হাজৰিকা বঁটা আগবঢ়োৱা হয়। ২০১৫ চনৰ পৰা মহিলা পেছাদাৰীসকলৰ এক সমূহৰ দ্বাৰা প্ৰতি বছৰে এই বঁটা প্ৰদান কৰি অহা হৈছে।২
তথ্যসূত্ৰ
- ↑ (20 October 2016). Facts about Yamin Hazarika, the first lady IPS officer from Assam. thenortheasttoday.com
- ↑ (23 September 2020). Historian Rana Safvi gets Yamin Hazarika award. deccanherald.com
- ↑ Yamin Hazarika: Assam’s First Lady cop, A Single Mom to 2 Kids & Icon to Millions. thebetterindia.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “য়ামিন হাজৰিকা” প্ৰবন্ধৰ সংশোধন ৪৩০১২২ (৩০ আগষ্ট ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।