জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মেহতাব চাৰ্ভাটী
মেহতাব চাৰ্ভাটী (ফাৰ্চী: مهتاب ثروتی; জন্ম ২২ জানুৱাৰী, ১৯৯২) হৈছে এগৰাকী ইৰানী অভিনেত্ৰী। ৭০সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত গ’ল্ডেন বিয়েৰ বঁটা লাভ কৰা দেয়াৰ ইজ নো ইভিল বোলছবিখনত কৰা অভিনয়ৰ বাবে তেওঁ আটাইতকৈ বেছি পৰিচিত।
-
মেহবুবে অব্লেশ
মেহবুবে অব্লেশ (ইংৰাজী: Mehbube Ablesh; জন্ম ১৯৭৯ – অন্তৰ্ধান আগষ্ট ২০০৮) এগৰাকী উইগুৰ সাংবাদিক, যিয়ে ২০০৮ চনত চাকৰিৰ পৰা বৰ্খাস্ত আৰু গ্ৰেপ্তাৰ হোৱালৈকে চীন চৰকাৰৰ দ্বাৰা পৰিচালিত চিনজিয়াং পিপলছ ব্ৰডকাষ্টিং ষ্টেচনত কাম কৰিছিল।
-
মেহমুদা আলী শ্বাহ
মেহমুদা আহমেদ আলী শ্বাহ (Mehmooda Ali Shah; ১৯২০–২০১৪), মিছ মেহমুদা নামেৰেও পৰিচিত, এগৰাকী ভাৰতীয় শিক্ষাবিদ, সমাজ কৰ্মী আৰু শ্ৰীনগৰৰ এম.এ. ৰোডত অৱস্থিত মহিলা চৰকাৰী মহাবিদ্যালয়ৰ অধ্যক্ষ।
-
মেহুলী ঘোষ
মেহুলী ঘোষ (ইংৰাজী: Mehuli Ghosh; জন্ম: ২০ নৱেম্বৰ ২০০০) এগৰাকী ভাৰতীয় ক্ৰীড়া শ্বুটাৰ। তেওঁ বিশ্বজুৰি অনুষ্ঠিত হোৱা আন্তৰ্জাতিক জুনিয়ৰ শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰে।
-
মেহেৰ আফ্ৰজ শাওন
মেহেৰ আফ্ৰজ শাওন(:Meher Afroz Shaon জন্ম: ১২ অক্টোবৰ ১৯৮১) এগৰাকী বাংলাদেশী অভিনেত্ৰী, পৰিচালক, নৃত্যশিল্পী আৰু প্লেবেক গায়িকা। কৃষ্ণোপখো (২০১৬) ছবিত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ মহিলা প্লেবেক গায়িকাৰ বাংলাদেশ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। লেখক আৰু পৰিচালক হুমায়ুন আহমেদৰ পত্নী আছিল।
-
মেহৰ জাচিয়া
মেহৰ জাচিয়া (ইংৰাজী: Mehr Jesia; জন্ম: ৩০ নৱেম্বৰ ১৯৭০) এগৰাকী ভাৰতীয় প্ৰযোজক, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ১৯৮৬ চনত 'ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছ' খিতাপ জয় কৰিছিল আৰু 'মিছ ইউনিভাৰ্ছ ১৯৮৬'ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।
-
মেহৰং বালোচ
মেহৰং বালোচ (জন্ম: ১ জানুৱাৰী ১৯৯৩) এগৰাকী বালোচ ৰাজনৈতিক কৰ্মী তথা বালোচ ইয়কজেহতি কমিটি (BYC)-ৰ প্ৰতিষ্ঠাপক আৰু নেত্ৰী। তেওঁ পাকিস্তানৰ বালোচিস্তানত বলপূৰ্বক নিখোজকৰণ (enforced disappearances), বিচাৰবহিৰ্ভূত হত্যাকাণ্ড (extrajudicial killings) আৰু অন্যান্য মানৱ অধিকাৰ উলংঘনৰ অভিযোগৰ বিৰুদ্ধে…
-
মেহৰংগিজ মনোচেহৰিয়ান
মেহৰাংগিজ মানুচেহৰিয়ান ( Mehrangiz Manuchehrian); (জন্ম,১৯০৬ – ৫ জুলাই ২০০০) এগৰাকী মহিলা ইৰাণী অধিবক্তা,সংগীতজ্ঞ, নাৰীবাদী আৰু নিৰ্বাচিত চিনেটৰ আছিল। ইৰাণৰ মহিলা সংগঠনৰ কাৰ্যকলাপৰ সৈতে তেওঁ জড়িত আছিল। তেওঁ ইৰানৰ পৰিয়াল সুৰক্ষা আইনখনৰ খচৰা প্ৰস্তুত কৰাত তেওঁ অংশগ্ৰহণ কৰিছিল।
-
মেহৰীন পীৰজাদা
মেহৰীন কৌৰ পীৰজাদা (Mehreen Kaur Pirzada; জন্ম: ৫ নৱেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ তেলুগু, তামিল, হিন্দী আৰু পঞ্জাবী চলচ্চিত্ৰত অভিনয় কৰে। পীৰজাদাই ২০১৬ চনত তেলুগু চলচ্চিত্ৰ কৃষ্ণ গাদী বীৰ প্ৰেম গাধাৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে।
-
মেহৱিশ মুছতাক হাকাক
মেহৱিশ মুছতাক হাকাক (: Mehvish Mushtaq Hakak উৰ্দু: مہوش مشتاق) জন্ম ১৯৮৯) এগৰাকী এপ্লিকেচন আৰু চফ্টৱেৰ ডেভেলপাৰ, যিয়ে ২০১৩ চনত কাশ্মীৰ উপত্যকাৰ বাবে কাশ্মীৰৰ বাবে "ডায়েল কাশ্মীৰ" নামৰ এটা বিজনেছ ডাইৰেক্টৰী এপ তৈয়াৰ কৰিছিল, যাৰ ফলত তেওঁ এণ্ড্ৰইড এপ প্ৰস্তুত কৰা প্ৰথম কাশ্মীৰী মহিলা হিচাপে…
-
মেৰবাই আৰ্দেছীৰ ৱকীল
মেৰবাই আৰ্দেছীৰ ৱকীল, ( Merbay Ardesir Vakil) জন্ম: ২৫ মে ১৮৬৮ চন – মৃত্যু: ৯ এপ্ৰিল ১৯৪১ চন; এগৰাকী ভাৰতীয়-পাৰ্চী চিকিৎসক আৰু তেওঁ স্কটিছ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হোৱা প্ৰথম এছিয়ান মহিলা।
-
মেৰাভ মিকেলি
মেৰাভ মিকেলি (מרב מיכאלי) এগৰাকী ইজৰাইলী ৰাজনীতিবিদ, সাংবাদিক, টিভি এংকৰ, ৰেডিঅ' সম্প্ৰচাৰক, নাৰীবাদী আৰু সমাজকৰ্মী৷ তেওঁ বৰ্তমান লেবাৰ আৰু মেৰেটজৰ একত্ৰীকৰণৰ ফলত গঠন হোৱা নেচেট ফৰ দ্য ডেম'ক্ৰেটৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
-
মেৰি ৰিট্টাৰ বাৰ্ড
মেৰি ৰিট্টাৰ বাৰ্ড (Mary Ritter Beard) এগৰাকী আমেৰিকান ইতিহাসবিদ, লেখিকা, মহিলা ভোটাধিকাৰৰ কৰ্মী আৰু মহিলা ইতিহাসৰ আৰ্কাইভিষ্ট আছিল; যি আজীৱন সামাজিক ন্যায়ৰ সমৰ্থকো আছিল। প্ৰগতিশীল যুগৰ সংস্কাৰক হিচাপে বাৰ্ড শ্ৰমিক আৰু নাৰী অধিকাৰ আন্দোলন দুয়োটাতে সক্ৰিয় আছিল।
-
মেৰিছা কফলান
মেৰিছা কফলান (ইংৰাজী: Marisa Coughlan; জন্ম: ১৭ মাৰ্চ, ১৯৭৪) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু লেখিকা। তেওঁৰ প্ৰথমটো উল্লেখযোগ্য চৰিত্ৰ আছিল কেভিন উইলিয়ামছনৰ টিচিং মিচেছ টিংগেল (১৯৯৯)।
-
মেৰিনা তবচ্চুম
মেৰিনা তবচ্চুম (জন্ম ১৯৬৮ বা ১৯৬৯) এগৰাকী বাংলাদেশী স্থপতি। তেওঁ মেৰিনা তবচ্চুম আৰ্কিটেক্টছৰ প্ৰধান স্থপতি। তবচ্চুমে দুবাৰকৈ স্থাপত্যৰ বাবে আগা খান বঁটা লাভ কৰে - ২০১৬ চনত ঢাকাৰ বৈত-উৰ-ৰৌফ মছজিদৰ ডিজাইনৰ বাবে আৰু ২০২৫ চনত বাংলাদেশৰ বিভিন্ন স্থানত খুদি বাৰীৰ ডিজাইনৰ বাবে।
-
মেৰিনা বাৰাম্পামা
মেৰিনা বাৰাম্পামা (জন্ম ১৯৬৯) এগৰাকী বুৰুণ্ডিয়ান ৰাজনীতিবিদ। ২০০৬ চনৰ ৮ ছেপ্টেম্বৰত এলিছ এঞ্জোমুকুণ্ডাৰ ঠাইত দ্বিতীয় উপ-ৰাষ্ট্ৰপতি নিৰ্বাচিত হয়। হুছেইন ৰাজাবুক সমৰ্থন কৰাৰ বাবে তেওঁক বৰ্খাস্ত কৰাৰ সময়লৈ ছমাহ ধৰি সেই পদত থাকিল।
-
মেৰিনি ডি লিভেৰা
মেৰিনি ডি লিভেৰা এগৰাকী শ্ৰীলংকাৰ অধিবক্তা আৰু সমাজ কৰ্মী যিয়ে শ্ৰীলংকাত ৰাষ্ট্ৰীয় শিশু সুৰক্ষা কৰ্তৃপক্ষৰ (এনচিপিএ) প্ৰাক্তন অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ২০১৯ চনত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে তেওঁক আন্তৰ্জাতিক সাহসী মহিলা বঁটা প্ৰদান কৰে।
-
মেৰিয়ান আলডা
মেৰিয়ান আলডা (ইংৰাজী: Mariann Aalda; জন্ম: ১৯৪৮/১৯৪৯) এগৰাকী আমেৰিকান টেলিভিছন, মঞ্চ, চলচ্চিত্ৰ অভিনেত্ৰী, প্ৰদৰ্শন শিল্পী আৰু ষ্টেণ্ড-আপ কমেডিয়ান।
-
মেৰিয়ান কাট্টোপো
হেনৰিয়েট মেৰিয়ান কাট্টোপো (ইংৰাজী: Henriette Marianne Katoppo; জন্ম: ৯ জুন ১৯৪৩ – ১২ অক্টোবৰ ২০০৭) এগৰাকী ইণ্ডোনেছিয়ান ঔপন্যাসিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত এগৰাকী এছিয়ান নাৰীবাদী ধৰ্মতত্ত্ববিদ আছিল। তেওঁ এছ.ই.এ. ৰাইট এৱাৰ্ড লাভ কৰিছিল।
-
মেৰিলা জাৰেই
মেৰিলা জাৰেই (ফাৰ্চী: مریلا زارعی; জন্ম: ১৪ এপ্ৰিল ১৯৭৪) এগৰাকী ইৰানী অভিনেত্ৰী। তেওঁ এটি চিলভাৰ বিয়েৰ, তিনিটাকৈ ক্ৰিষ্টেল চিমৰ্ঘ বঁটা, চাৰিটা হাফেজ বঁটা, চাৰিটা ইৰান চিনেমা চেলিব্ৰেশ্বন বঁটা আৰু এটা ইৰানছ ফিল্ম ক্ৰিটিক্স এণ্ড ৰাইটাৰ্ছ এছ’চিয়েশ্বন বঁটাকে ধৰি বিভিন্ন সন্মান লাভ কৰিছে।
-
মেৰী ইউ নাইলেন
মেৰী ইউছিং নাইলেন (জন্ম ১৩ এপ্ৰিল ১৯২৪) ডেনিছ-আমেৰিকান জীৱবিজ্ঞানী, দন্ত চিকিৎসক, মাইক্ৰস্কোপিষ্ট আৰু বেডমিণ্টন খেলুৱৈ যিয়ে দাঁতৰ ইনামেলৰ আকৃতিৰ ওপৰত গৱেষণা আৰু নেচনেল ইনষ্টিটিউট অৱ ডেণ্টেল এণ্ড ক্ৰেনিঅ'ফেচিয়েল ৰিচাৰ্চ (এন আই ডি আৰ)ৰ দন্ত গৱেষণাৰ সহায়ক হিচাপে ইলেক্ট্ৰন মাইক্ৰস্কোপ পৰিশোধন কৰাত…
-
মেৰী ইয়েটছ
চুজান মেৰী য়েটছ (২৫ আগষ্ট ১৮৬৬ – ৫ জানুৱাৰী ১৯৪৯), লিলি য়েটছ নামেৰে জনাজাত, চেলটিক পুনৰুজ্জীৱনৰ সৈতে জড়িত এগৰাকী এম্ব্ৰয়ডাৰী শিল্পী আছিল। ১৯০৮ চনত তেওঁ কুয়ালা ইণ্ডাষ্ট্ৰীজৰ এম্ব্ৰয়ডাৰী বিভাগ প্ৰতিষ্ঠা কৰে আৰু ১৯৩১ চনত ইয়াৰ ভংগ নোহোৱালৈকে ইয়াৰ সৈতে জড়িত আছিল।
-
মেৰী এন্নে এ’ বেকেট
মেৰী এন্নে এ’ বেকেট ( Mary Anne à Beckett; ২৯ এপ্ৰিল ১৮১৫ – ১১ ডিচেম্বৰ ১৮৬৩) এগৰাকী ইংৰাজ সুৰকাৰ আছিল, প্ৰধানকৈ অপেৰাৰ বাবে পৰিচিত। লেখক গিলবাৰ্ট এ বেকেটৰ পত্নী আছিল, যিয়ে তেওঁৰ দুখন অপেৰাৰ লিব্ৰেট্টি যোগান ধৰিছিল।
-
মেৰী ওপল ওৱলানিন
মেৰী ওপল ওৱলানিন ( Mary Opal Wolanin);( ১ নৱেম্বৰ, ১৯১০ – ২২ মে', ১৯৯৭) এগৰাকী আমেৰিকান নাৰ্ছ আৰু বাৰ্ধক্যযত্নৰ বিশেষজ্ঞ। আমেৰিকাত জেৰ’ণ্ট’লজিকেল নাৰ্ছিঙৰ অন্যতম পথ প্ৰদৰ্শক আছিল আৰু বৃদ্ধসকলৰ দীৰ্ঘম্যাদী যত্নৰ ওপৰত গৱেষণা কৰিছিল, যাৰ ফলত তেওঁ “ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত হৈছিল।” ইউনিভাৰ্চিটি অৱ…
-
মেৰী কে ফৰ্মেড
মেৰী কে ফৰ্মেড ১৯১৮ চনৰপৰা ১৯১৯ চনলৈ প্ৰথম বিশ্বযুদ্ধত ফ্ৰান্সৰ সেনাবাহিনীত অস্ত্ৰোপচাৰ বিশেষজ্ঞ হিচাপে কাৰ্যনিৰ্বাহ কৰা তেখেতে যুদ্ধকালীন সেৱাৰ বাবে ফ্ৰান্স চৰকাৰৰপৰা সাহস আৰু ভক্তিৰ বাবে সন্মানীয় পদক লাভ কৰে।
-
মেৰী ক্ৰুক
মেৰী ক্ৰুক ( fl. 1657–1692) এগৰাকী আইৰিছ মুদ্ৰক আৰু গ্ৰন্থ বিক্ৰেতা আছিল।
-
মেৰী জিন ক্ৰিক
মেৰী জিন ক্ৰিক (: Mary Jeanne Kreek ৯ ফেব্ৰুৱাৰী ১৯৩৭ – ২৭ মাৰ্চ ২০২১) এগৰাকী আমেৰিকান নিউৰ’বায়’লজিস্ট আছিল, যিয়ে আসক্তি অধ্যয়ন আৰু চিকিৎসাৰ ক্ষেত্ৰত বিশেষত্ব লাভ কৰিছিল।
-
মেৰী জেন ৱাৰফিল্ড ক্লে
মেৰী জেন ৱাৰফিল্ড ক্লে (Mary Jane Warfield Clay; ২০ জানুৱাৰী, ১৮১৫ – ২৯ এপ্ৰিল, ১৯০০) আছিল এগৰাকী আমেৰিকান সমাজবাদী, ভোটাধিকাৰবাদী, বিলোপবাদী আৰু ৰাজনৈতিক কৰ্মী। কেণ্টাকিৰ ভোটাধিকাৰ আন্দোলনৰ প্ৰাৰম্ভিক নেত্ৰী হিচাপে ১৮৭৯ চনত ঘৰতে ভোটাধিকাৰ ক্লাব গঠন কৰি আৰম্ভ কৰিছিল।
-
মেৰী টড লিংকন
মেৰী এন টড লিংকন (জন্ম:১৩ ডিচেম্বৰ, ১৮১৮ – মৃত্যু:১৬ জুলাই, ১৮৮২) ১৮৬১ চনৰ পৰা ১৮৬৫ চনত তেওঁৰ স্বামী ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ হত্যালৈকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম মহিলা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মেৰী থমাছ
মাৰিয়া এমিলিয়া থমাছ (১৭ ফেব্ৰুৱাৰী ১৮৯৬ – ১০ অক্টোবৰ ১৯৬৬),বা মেৰী থমাছ নামেৰে বেছি পৰিচিত, ইণ্ডোনেছিয়ান প্ৰথমগৰাকী মহিলা চিকিৎসক। ১৯২২ চনত স্কুল অৱ ট্ৰেইনিং অৱ নেটিভ ফিজিচিয়ান (STOVIA বা School tot Opleiding van Indische Artsen)ৰ পৰা ডিপ্লমা লাভ কৰে।