অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেৰবাই আৰ্দেছীৰ ৱকীল

মেৰবাই আৰ্দেছীৰ ৱকীল, ( Merbay Ardesir Vakil) জন্ম: ২৫ মে ১৮৬৮ চন – মৃত্যু: ৯ এপ্ৰিল ১৯৪১ চন; এগৰাকী ভাৰতীয়-পাৰ্চী চিকিৎসক আৰু তেওঁ স্কটিছ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হোৱা প্ৰথম এছিয়ান মহিলা।

হালনাগাদ: ২৪ ফেব্ৰুৱাৰী ২০২৬ ২৩২ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

মেৰবাই আৰ্দেছীৰ ৱকীল, ( Merbay Ardesir Vakil) জন্ম: ২৫ মে ১৮৬৮ চন – মৃত্যু: ৯ এপ্ৰিল ১৯৪১ চন; এগৰাকী ভাৰতীয়-পাৰ্চী চিকিৎসক আৰু তেওঁ স্কটিছ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হোৱা প্ৰথম এছিয়ান মহিলা।

প্ৰাথমিক জীৱন

১৮৬৮ চনৰ ২৫ মে' মাহত বোম্বাই (বৰ্তমান মুম্বাই নামেৰে জনাজাত)ত মেৰবাইৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আৰ্দেছীৰ ফ্ৰেমজী ৱকিল। আৰ্দেছী ফ্ৰেমজী এগৰাকী পাৰ্চী উকিল আছিল।১ মেৰবাই আৰ্দেছীৰে বম্বেৰ উইলছন হাইস্কুল আৰু তাৰ পিছত বম্বেৰ উইলছন কলেজত পঢ়ি ১৮৮৮ চনত স্নাতক ডিগ্ৰী লাভ কৰে। আৰু তাৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা তেওঁ প্ৰথম মহিলা।১২

চিকিৎসা শিক্ষা

তেওঁ বম্বেৰ গ্ৰাণ্ট মেডিকেল কলেজত শিক্ষা গ্ৰহণ কৰিছিল আৰু তাৰ পিছত লণ্ডন স্কুল অৱ মেডিচিন ফৰ উইমেনত অধ্যয়ন কৰে। তাৰ পৰা তেওঁ ১৮৯৩ চনত গ্লাছগোৰ কুইন মাৰ্গাৰেট কলেজলৈ গুচি যায় আৰু ১৮৯৭ চনৰ ২২ জুলাইত এম বি চিএইচ বি অৰ্থাৎ “চিকিৎসা বিজ্ঞানত স্নাতক, অস্ত্ৰোপচাৰত স্নাতক’’ ডিগ্ৰী লাভ কৰে আৰু তেওঁ স্কটলেণ্ডৰ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক হোৱা প্ৰথমগৰাকী এছিয়ান মহিলা। তাৰ পিছত তেওঁ গ্লাছগোত দুবছৰীয়া স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰে।১২

চিকিৎসা প্ৰেকটিছ

মেৰবাই ৱকীলে বম্বেৰ কামা হস্পিতাল ফৰ উইমেন এণ্ড চিলড্ৰেনত চিকিৎসা সেৱাৰ কাম কৰিবলৈ লয়; বম্বেৰ বাইকুলাৰ প্লেগ হাস্পতাল; আৰু কুমু জাফাৰ চুলেমান ডিচপেনচাৰী, কাপাডোইয়াছ আদিৰ লগতে অন্যান্য চিকিৎসালয় আৰু ডিচপেনচাৰীতো চিকিৎসা সেৱা প্ৰদান কৰে। ১৯৪১ চনৰ মাৰ্চ মাহত তেওঁ এডেনলৈ গুচি যায়, তাত তেওঁ প্ৰথমে ব্ৰিটিছ চৰকাৰৰ বাবে কাম কৰে আৰু তাৰ পিছত ব্যক্তিগত চিকিৎসা সেৱাত যোগদান কৰে।১২

মৃত্যু

স্বাস্থ্যৰ অৱস্থা বেয়া হোৱাৰ বাবে মেৰবাই আৰ্দেছীৰ এডেনৰ পৰা ১৯৪১ চনৰ মাৰ্চ মাহত বম্বেলৈ উভতি আহে। ১৯৪১ চনৰ ৯ এপ্ৰিলত তেওঁৰ মৃত্যু হয়।১২

তথ্যসূত্ৰ

  1. ↑ Ewan. (15 October 2018). The new biographical dictionary of Scottish women. Edinburgh University Press. ISBN 9781474436298
  2. ↑ University of Glasgow:: Story:: Biography of Merbai Ardesir Vakil. www.universitystory.gla.ac.uk

সম্পৰ্কিত শ্ৰেণী

চিকিৎসাবিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰবাই আৰ্দেছীৰ ৱকীল” প্ৰবন্ধৰ সংশোধন ৫৮১৩১৮ (২৪ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।