জীৱনী
অসম, ভাৰত আৰু বিশ্বৰ মনীষী, শিল্পী, নেতা আৰু চিন্তাবিদসকলৰ জীৱন · ৯,৭৩১ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মুগ্ধা চাপেকাৰ
মুগ্ধা চাপেকাৰ (ইংৰাজী: Mugdha Chaphekar) এগৰাকী ভাৰতীয় অভিনেত্ৰী, যিয়ে মূলতঃ হিন্দী আৰু মাৰাঠী ভাষাৰ দূৰদৰ্শন ধাৰাবাহিক আৰু চলচ্চিত্ৰত কাম কৰে। ষ্টাৰ প্লাছৰ ঐতিহাসিক ধাৰাবাহিক ধৰতী কা বীৰ যোধা পৃথ্বীৰাজ চৌহানত ৰাজকুমাৰী সংযোগিতাৰ চৰিত্ৰত আৰু জি টিভিৰ ৰোমাণ্টিক ড্ৰামা কুমকুম ভাগ্যত প্ৰাচী অৰোৰা…
-
মুচ বুলেঞ্জাৰ
মুচ বুলেঞ্জাৰ (ইংৰাজী: Mousse Boulanger; জন্মতে: বাৰ্থ ছফি নিউয়েনশ্বাণ্ডাৰ; ৩ নৱেম্বৰ ১৯২৬ – ১৬ জানুৱাৰী ২০২৩) এগৰাকী চুইজাৰলেণ্ডৰ কবি, অভিনেত্ৰী আৰু টেলিভিছন প্ৰযোজক আছিল।
-
মুছাৰাট শ্বাহীন
মুছাৰাট শ্বাহীন হৈছে খাইবাৰ পখতুনখোৱাৰ এগৰাকী পাকিস্তানী অভিনেত্ৰী-ৰাজনীতিবিদ। তেওঁ পাকিস্তান তেহৰিক-ই-মাছাৱতৰ অধ্যক্ষা। ৰাজনীতিৰ বাহিৰেও তেওঁ পশতু চিনেমাৰ এগৰাকী উল্লেখযোগ্য অভিনেত্ৰী আছিল। তেওঁ পাকিস্তানৰ পশতু ভাষাৰ চিনেমাৰ প্ৰথম নায়িকা হিচাপে পৰিচিত।
-
মুজি মেই
মুজি মেই (ইংৰাজী: Muzi Mei; জন্ম: ১৯৭৮) চীনৰ গুৱাংঝৌৰ এগৰাকী সাংবাদিক আৰু ব্লগাৰ, যিগৰাকী ২০০৩ চনৰ শেষৰফালে এগৰাকী ইণ্টাৰনেট চেলিব্ৰিটি হিচাপে পৰিগণিত হৈছিল। তেওঁৰ ব্লগত বিভিন্ন পুৰুষৰ সৈতে থকা যৌন সম্পৰ্কৰ স্পষ্ট বৰ্ণনা আছিল, যিটো সেই সময়ৰ চীনৰ বাবে প্ৰথম বুলি বিশ্বাস কৰা হয়।
-
মুন গা-ইয়ং
মুন গা-ইয়ং (কোৰিয়ান: 문가영; জন্ম: ১০ জুলাই, ১৯৯৬) হৈছে এগৰাকী দক্ষিণ কোৰিয়ান অভিনেত্ৰী আৰু মডেল। ২০০৫ চনত তেওঁ শিশু মডেল হিচাপে কেৰিয়াৰ আৰম্ভ কৰে। ২০০৬ চনত তেওঁ চলচ্চিত্ৰ ব্লাডি ৰিইউনিয়নৰ জৰিয়তে শিশু অভিনেত্ৰী হিচাপে আত্মপ্ৰকাশ কৰে।
-
মুনাৱৰ চুলতানা
মুনাৱৰ চুলতানা (Munawar Sultana; ১৯২৪-২০০৭) হিন্দী-উৰ্দু চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী আছিল। ১৯৪০ আৰু ১৯৫০ৰ দশকৰ এগৰাকী অন্যতম জনপ্ৰিয় অভিনেত্ৰী হিচাপে নুৰজাহান, স্বৰণ লতা, ৰাগিনী আদিৰ সৈতে তেওঁকো উল্লেখ কৰা হয়।
-
মুনিয়া গাংগুলী
মুনিয়া গাংগুলী (Munia Ganguli) এগৰাকী ভাৰতীয় বায়'কেমিষ্ট, বায়'টেকনোলজিষ্ট আৰু জিনোমিক্স এণ্ড ইণ্টিগ্ৰেটিভ বায়'লজি ইনষ্টিউটৰ বিজ্ঞানী (IGIB). তেওঁ ড্ৰাগ সৰবৰাহৰ অ-আক্ৰমণাত্মক প্ৰ’টোকলবিলাকৰ বিকাশৰ বাবে পৰিচিত আৰু তেওঁৰ নেতৃত্বাধীন দলটো ছালৰ ৰোগ বিলাকৰ বাবে এটা ঔষধ বিতৰণৰ ব্যৱস্থা কৰি সফল হৈছিল,…
-
মুন্নী সাহা
মুন্নী সাহা এগৰাকী বাংলাদেশী সাংবাদিক আৰু দূৰদৰ্শনৰ অনুষ্ঠান সঞ্চালিকা। তেওঁ মূলতঃ এটিএন নিউজত কাম কৰিছিল। তেওঁ এটিএন নিউজৰ সংবাদ বিভাগৰ মুৰব্বী আছিল, যিটো বাংলাদেশৰ এটা সংবাদ সম্প্ৰচাৰমূলক দূৰদৰ্শন চেনেল।
-
মুবাৰক বেগম
মুবাৰক বেগম (ইংৰাজী: Mubarak Begum; সম্পূৰ্ণ নাম: মহৰুত্তুন মুবাৰক উল-নিছা বেগম) এগৰাকী ভাৰতীয় তৱাইফ (নৃত্যশিল্পী) আৰু দিল্লীৰ মোগল দৰবাৰৰ প্ৰথম ব্ৰিটিছ ৰেছিডেণ্ট ডেভিদ অক্টাৰলনীৰ ত্ৰয়োদশ পত্নী আছিল।
-
মুভিং ৰ’ব ৱ’মেন
মুভিং ৰ’ব ৱ’মেন (ছিউক্স নাম: Tȟašína Máni), যাক মেৰী ক্ৰ'লাৰ, হাৰ ঈগল ৰ’ব, শ্বি ৱাকছ উইথ হাৰ শ্ব'ল, ৱাকিং ব্লেংকেট ৱ’মেন, মুভছ ৰ’ব ৱ’মেন, ৱাকছ উইথ হাৰ ৰ’ব এণ্ড তাশ্বেনামনি আদি নামেৰেও জনা যায়; তেওঁ আছিল লিটিল বিগ হৰ্ণ যুদ্ধৰ সময়ত জেনেৰেল জৰ্জ কাষ্টাৰৰ বিৰুদ্ধে যুঁজি ভাতৃ ৱান হকৰ হত্যাৰ প্ৰতিশোধ…
-
মুমতাজ
নাগমা খান (ইংৰাজী: Nagma Khan; জন্ম: ৫ জুলাই ১৯৮০), যিগৰাকী কেৱল মুমতাজ নামেৰে অধিক পৰিচিত, এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ তামিল, তেলুগু, হিন্দী, কন্নড় আৰু মালয়ালম ভাষাৰ চলচ্চিত্ৰত কৰা কামৰ বাবে পৰিচিত।
-
মুমতাজ এম. কাজী
মুমতাজ এম. কাজী: Mumtaz M. Kazi; এগৰাকী ভাৰতীয় ৰেল অভিযন্তা। তেওঁ ডিজেল ইঞ্জিনযুক্ত ৰেল চলোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপেও গণ্য কৰা হয়। দৰাচলতে সুৰেখা যাদৱৰ পিছত এছিয়াৰ প্ৰথমগৰাকী মহিলা ইঞ্জিন চালক মুমতাজ।
-
মুমতাজ শান্তি
মুমতাজ শান্তি ( Mumtaz Shanti; ২৮ মে' ১৯২৬ – ১৯ অক্টোবৰ ১৯৮৯) ভাৰত বিভাজনৰ পূৰ্বৰ ভাৰতীয় চলচ্চিত্ৰ এগৰাকী অভিনেত্ৰী আছিল। ১৯৪০ দশক আৰু লগতে ১৯৫০ দশকৰ আগচোৱাত বলীউডী ছবিত কাম কৰি বিভাজনৰ পিছত পাকিস্তানলৈ গুচি যায় আৰু মনোৰঞ্জন জগতৰ পৰা সন্যাস লয়।
-
মুমাইত খান
মুমাইত খান (জন্ম: ১ ছেপ্টেম্বৰ ১৯৮৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল। তেওঁ মূলতঃ তেলুগু, হিন্দী আৰু তামিল ভাষাৰ বহুতো চলচ্চিত্ৰত আইটেম নাম্বাৰত অভিনয় কৰিছে।
-
মুয়েচাৰ আব্দুল্লাহেদ
মুয়েচাৰ আব্দুল্লাহেদ এগৰাকী উইগুৰ কবি আৰু শিক্ষয়িত্ৰী। তেওঁ চীন চৰকাৰৰ কৰ্তৃপক্ষৰদ্বাৰা উইগুৰ লোকসকলক আবদ্ধ কৰি ৰখাৰ বিৰুদ্ধে সৰৱ ভূমিকা পালন কৰি আহিছে। তেওঁ প্ৰবাসী উইগুৰ শিশুসকলক উইগুৰ ভাষা শিক্ষাদান কৰে।
-
মুস্তাফা আব্দুল্লাহী
মুস্তাফা আব্দুল্লাহী (১৯৫৫ – ২১ মে', ২০১৫) আছিল এজন অত্যন্ত প্ৰভাৱশালী ইৰানী মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা, থিয়েটাৰ পৰিচালক, কণ্ঠশিল্পী আৰু থিয়েটাৰ প্ৰশিক্ষক।
-
মুহাম্মাদী বেগম
মুহাম্মাদী বেগম (ইংৰাজী: Muhammadi Begum; জন্ম: ২২ মে' ১৮৭৮ – মৃত্যু: ২ নৱেম্বৰ ১৯০৮) এগৰাকী ভাৰতীয় ছুন্নী মুছলিম পণ্ডিত, উৰ্দু লেখিকা আৰু নাৰী শিক্ষাৰ অধিবক্তা আছিল। তেওঁ ইছলামিক সাপ্তাহিক আলোচনী তেহজীব-ই-নিছৱানৰ সহ-প্ৰতিষ্ঠাপক আছিল আৰু ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদিকা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
-
মুহিবুল্লাহ বাবুনগৰী
শ্বাহ মহম্মদ মুহিবুল্লাহ বাবুনাগৰী (শাহ মোহম্মদ মুহিব্বুল্লাহ বাবুনগব়ী, জন্ম ১৫ ফেব্ৰুৱাৰী ১৯৩৪) এজন দেওবন্দী ইছলামিক পণ্ডিত, ৰাজনীতিবিদ আৰু শিক্ষাবিদ। তেওঁ হেফাজাত-ই-ইছলাম বাংলাদেশৰ বৰ্তমান আৰু তৃতীয় আমিৰ, আল-জামিয়াতুল ইছলামিয়া আজিজুল উলুম বাবুনগৰৰ ৰেক্টৰ।
-
মুৰাসুৰ
মুৰাসুৰ হিন্দু শাস্ত্ৰত উল্লেখ কৰা অতি শক্তিশালী অসুৰ (দানৱ), যিয়ে নৰকাসুৰৰ সৈন্যবাহিনীত সেনাপতি হিচাপে কাম কৰে। প্ৰাগজ্যোতিষৰ দুষ্ট দানৱ ৰজা নৰকাসুৰ আৰু শ্ৰীকৃষ্ণৰ সৈতে যুদ্ধৰ সময়ত মুৰাৰ মৃত্যু হয়
-
মুৰুগাশঙ্কৰী লিও
মুৰুগাশঙ্কৰী লিও (ইংৰাজী: Murugashankari Leo) হৈছে এগৰাকী ভাৰতনাট্যম নৃত্যশিল্পী, নৃত্য শিক্ষক, নাট্য অভিনেতা, আৰু গৱেষক পণ্ডিত। ভাৰতনাট্যম হৈছে সৌন্দৰ্য্য, কৃপা আৰু স্বকীয়তাৰ বাবে পৰিচিত এক প্ৰাচীন ভাৰতীয় শাস্ত্ৰীয় নৃত্য।
-
মূছা খাঁ
মূছা খান (মূসা খাঁ(১৫৯৯–১৬১০)) আছিল বংগৰ বাৰ ভূঞাসকলৰ নেতা। পিতৃ ইছা খানৰ মৃত্যুৰ পিছত তেওঁ এই পদ লাভ কৰে৷
-
মৃণাল পাণ্ডে
মৃণাল পাণ্ডে (জন্ম: ২৬ ফেব্ৰুৱাৰী,১৯৪৬) এগৰাকী ভাৰতীয় দূৰদৰ্শন ব্যক্তিত্ব, সাংবাদিক আৰু লেখিকা, আৰু ২০০৯ চনলৈকে হিন্দী দৈনিক বাতৰি কাকত 'হিন্দুস্তান'ৰ মুখ্য সম্পাদিকা।
-
মৃণালিনী ৰবি
মৃণালিনী ৰবি (লগতে, মৃণালিনী ৰবি) এগৰাকী ভাৰতীয় অভিনেত্ৰী যিয়ে তামিল আৰু তেলুগু চলচ্চিত্ৰত কাম কৰে। তেওঁ ২০১৯ চনৰ তামিল ছবি ছুপাৰ ডিল্যাক্সৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰে।
-
মৃদু মৌচম বৰা
মৃদু মৌচম বৰা (জন্ম: ১ জুলাই, ১৯৮০) অসমৰ সংস্কৃতি সংৰক্ষণকাৰী, পাণ্ডুলিপি চিত্ৰশিল্পী, নাট্য আহাৰ্য বিশেষজ্ঞ, শিক্ষক আৰু গবেষক। তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ নামত গঠিত “Society for Srimanta Sankaradeva” অনুষ্ঠানৰ সাধাৰণ সম্পাদক আৰু পৰম্পৰাগত শিল্পসংস্কৃতিৰ সংস্থাপনাৰ লক্ষ্যৰে প্ৰতিষ্ঠিত “CIHNA: The Ethos…
-
মৃদুল শৰ্মা
মৃদুল শৰ্মা একাধাৰে ঔপন্যাসিক, সমালোচক, নাট্যকাৰ আৰু অধ্যাপক৷ অসমৰ পৰা প্ৰকাশিত ই-আলোচনী ‘অন্যযুগ’ৰ সম্পাদক৷ বৰ্তমান তেওঁ ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ কলেজত সহযোগী অধ্যাপক ৰূপে কৰ্মৰত৷
-
মৃদুল ৱাধৱা
মৃদুল মচিন্দ্ৰ ৱাধৱা (Mridul Machindra Wadhwa, জন্ম ১৯৭৮) ভাৰতত জন্মগ্ৰহণ কৰা স্কটিছ মহিলাৰ অধিকাৰ, ট্ৰেন্স অধিকাৰ, আৰু ঘৰুৱা হিংসা বিৰোধী অভিযানকাৰী। তেওঁ এডিনবাৰ্গ ধৰ্ষণ সংকট কেন্দ্ৰৰ মুখ্য কাৰ্যবাহী বিষয়া হিচাপে কাম কৰে।
-
মৃদুলা ভাটকাৰ
মৃদুলা ভাটকাৰ (Mridula Bhatkar; জন্ম ২৮ মে' ১৯৫৭) ভাৰতৰ মহাৰাষ্ট্ৰৰ বম্বে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ। তেওঁ ২০০৯ চনৰ পৰা ২০১৯ চনলৈকে ন্যায়ালয়ত কাৰ্যনিৰ্বাহ কৰিছিল।
-
মৃদুলা সিনহা
মৃদুলা সিনহা (: Mridula Sinha ২৭ নৱেম্বৰ ১৯৪২ – ১৮ নৱেম্বৰ ২০২০) এগৰাকী ভাৰতীয় লেখিকা আৰু ৰাজনীতিবিদ যিয়ে ২০১৪ চনৰ আগষ্টৰ পৰা ২০১৯ চনৰ অক্টোবৰলৈকে গোৱাৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।তেওঁ গোৱাৰ প্ৰথম মহিলা ৰাজ্যপাল আছিল। মৃদুলা সিনহা বিজেপি মহিলা মৰ্চাৰ প্ৰাক্তন সভাপতিও আছিল।
-
মে ৰত্নায়েকে
মে ৰত্নায়েকে (১৮৯২–১৯৮৮) এগৰাকী শ্ৰীলংকাৰ চিকিৎসক, সেই দেশৰ দ্বিতীয়গৰাকী মহিলা চিকিৎসা বিজ্ঞানৰ ছাত্ৰী আৰু ইয়াৰ প্ৰথম মহিলা চিকিৎসক হিচাপে পৰিচিত।
-
মেইড আৰেল
মেইড আৰেল ( Maide Arel; জন্ম: ১৯০৭–মৃত্যু: ১৯৯৭) মায়দে ফেৰুহান নামেৰেও জনাজাত, তুৰ্কীত জন্মগ্ৰহণ কৰা আৰ্মেনিয়ান চিত্ৰশিল্পী আছিল। বিমূৰ্ত আৰু ষ্টাইলাইজড ফিগাৰ, কিউবিজমৰ দৰেই আৰু প্ৰায়ে নিস্তেজ ৰঙৰ কামৰ বাবেই তেওঁ সু-পৰিচিত।