অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেহৰীন পীৰজাদা

মেহৰীন কৌৰ পীৰজাদা (Mehreen Kaur Pirzada; জন্ম: ৫ নৱেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ তেলুগু, তামিল, হিন্দী আৰু পঞ্জাবী চলচ্চিত্ৰত অভিনয় কৰে। পীৰজাদাই ২০১৬ চনত তেলুগু চলচ্চিত্ৰ কৃষ্ণ গাদী বীৰ প্ৰেম গাধাৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে।

হালনাগাদ: ২৫ মাৰ্চ ২০২৬ ১৯৫ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

মেহৰীন কৌৰ পীৰজাদা (Mehreen Kaur Pirzada; জন্ম: ৫ নৱেম্বৰ ১৯৯৫) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু মডেল যিয়ে প্ৰধানকৈ তেলুগু ভাষা, তামিল ভাষা, হিন্দী ভাষা আৰু পঞ্জাবী ভাষা চলচ্চিত্ৰত অভিনয় কৰে।১ পীৰজাদাই ২০১৬ চনত তেলুগু চলচ্চিত্ৰ কৃষ্ণ গাদী বীৰ প্ৰেম গাধাৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলে।২ তেওঁ ২০১৭ চনত ফিলৌৰীৰ জৰিয়তে হিন্দী আৰু নেনজিল থুনিভীৰুন্ধালৰ জৰিয়তে তামিল চলচ্চিত্ৰ জগতত পদাৰ্পণ কৰে।

পীৰজাদাই মহানুভাৱুডু (২০১৭), ৰাজা দ্য গ্ৰেট (২০১৭) আৰু এফ২: ফান এণ্ড ফ্ৰাষ্ট্ৰেশ্যন (২০১৯) আদিকে ধৰি কেইবাখনো সফল তেলুগু ছবিত অভিনয় কৰিছে। ২০১৯ চনত ডি.এছ.পি. দেৱৰ জৰিয়তে তেওঁ পঞ্জাবী চলচ্চিত্ৰ জগততো খোজ পেলায়।

প্ৰাৰম্ভিক জীৱন আৰু কাম

মেহৰীন পীৰজাদাৰ জন্ম হৈছিল ১৯৯৫ চনৰ ৫ নৱেম্বৰত ভাৰতৰ পঞ্জাবৰ বাথিণ্ডাত।৩৪ তেওঁ এটা শিখ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃ গুৰলাল পীৰজাদা এজন কৃষিবিদ তথা ৰিয়েল্টৰ আৰু মাতৃ পৰমজিৎ কৌৰ পীৰজাদা এগৰাকী গৃহিনী।৫ তেওঁৰ একমাত্ৰ ভাতৃ গুৰফাতে পীৰজাদাও এজন মডেল আৰু অভিনেতা।৬

পীৰজাদাই দহ বছৰ বয়সতে প্ৰথমবাৰৰ বাবে ৰেম্প ৱাক কৰিছিল আৰু এক সৌন্দৰ্য প্ৰতিযোগিতাত 'কাচৌলী প্ৰিন্সেছ' খিতাপ অৰ্জন কৰিছিল। পিছলৈ তেওঁ কানাডাৰ টৰণ্টোত 'মিছ পাৰ্চনেলিটি চাউথ এছিয়া কানাডা ২০১৩' হিচাপে মুকুট পিন্ধিবলৈ সক্ষম হয়। ইয়াৰ পিছত পীৰজাদাই যথেষ্ট বিজ্ঞাপন আৰু মডেলিংৰ কাম লাভ কৰে।৭

ব্যক্তিগত জীৱন

এবছৰীয়া প্ৰেমৰ সম্পৰ্কৰ পিছত ২০২১ চনত ৰাজনীতিবিদ ভৱ্য বিষ্ণয়ৰ সৈতে পীৰজাদাৰ আঙঠি পিন্ধোৱা পৰ্ব সম্পন্ন হৈছিল। অৱশ্যে চাৰি মাহৰ পিছত এই সম্পৰ্কটো ভংগ হয়।৮

তথ্যসূত্ৰ

  1. ↑ Nayak, Elina Priyadarshini. Mehreen Pirzada: I'll celebrate Diwali like a South Indian this time. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  2. ↑ (4 February 2016). Another debut Down South. Deccan Chronicle
  3. ↑ (5 November 2020). Pattas girl Mehreen Pirzada celebrates her birthday in Maldives. দ্য টাইম্‌ছ অৱ ইণ্ডিয়া
  4. ↑ (5 February 2021). Kuldeep Bishnoi's son set to engage with Punjabi model Mehreen Kaur Pirzada on March 13. The Tribune
  5. ↑ Mehreen_Pirzada Mehreen Pirzada looks like a girl next door, magzter.com
  6. ↑ (27 March 2020). Exclusive: Indulge speaks to Guilty star Gurfateh Singh Pirzada who stole the show as the flamboyant anti-hero. indulgexpress.com
  7. ↑ Mehrene K. Pirzada. ModelManagement.com
  8. ↑ (16 December 2025). Mehreen Pirzada denies secret wedding rumours, says she stayed silent for 2 years. ইণ্ডিয়া টুডে

সম্পৰ্কিত শ্ৰেণী

তেলুগু চলচ্চিত্ৰৰ অভিনেত্ৰীতামিল চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰীপঞ্জাবী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেহৰীন পীৰজাদা” প্ৰবন্ধৰ সংশোধন ৫৯৪২৪৪ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।