মেৰী ওপল ওৱলানিন ( Mary Opal Wolanin);( ১ নৱেম্বৰ, ১৯১০ – ২২ মে', ১৯৯৭) এগৰাকী আমেৰিকান নাৰ্ছ আৰু বাৰ্ধক্যযত্নৰ বিশেষজ্ঞ।১ আমেৰিকাত জেৰ’ণ্ট’লজিকেল নাৰ্ছিঙৰ অন্যতম পথ প্ৰদৰ্শক আছিল আৰু বৃদ্ধসকলৰ দীৰ্ঘম্যাদী যত্নৰ ওপৰত গৱেষণা কৰিছিল, যাৰ ফলত তেওঁ “ৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত হৈছিল।”২১৩ ইউনিভাৰ্চিটি অৱ এৰিজোনা স্কুল অৱ নাৰ্চিংত কাৰ্যনিৰ্বাহ কৰাৰ সময়ছোৱাত তেওঁ আমেৰিকাত প্ৰথমবাৰৰ বাবে জেৰ’ণ্ট’লজিকেল নাৰ্ছিঙৰ স্নাতক কাৰ্যসূচী আৰম্ভ কৰিছিল। যক্ষ্মা ৰোগত আক্ৰান্ত আমেৰিকাৰ থলুৱা লোকসকলৰ যত্নৰ বাবেও কাম কৰিছিল। ১৯৯৬ চনত তেওঁ এৰিজোনাৰ প্ৰথমগৰাকী নাৰ্ছ হিচাপে পৰিগণিত হয় আৰু তেওঁক আমেৰিকান নাৰ্ছ এছ'চিয়েচনৰ হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়।২৪
জীৱনী
১৯১০ চনৰ ১ নৱেম্বৰত আমেৰিকাৰ ইণ্ডিয়ানাৰ ক্ৰীছনীত আৰ্ল এডউইন আৰু ফ্লৰেন্স এবট ব্ৰাউনৰ ঘৰত জন্মগ্ৰহণ কৰিছিল মেৰী ওপল ব্ৰাউনৰ। ১৮৪৮ চনত তেওঁৰ পিতৃৰ পৰিয়াল জাৰ্মানীৰ পৰা আমেৰিকালৈ আহিছিল।৫ কেনছাছৰ চেজ মাউণ্ড স্কুল আৰু কেনছাছৰ ৱেষ্টফেলিয়াৰ ৱেষ্টফেলিয়া গ্ৰামাৰ স্কুলৰ পৰা হাইস্কুলীয়া পৰা প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰে। চেণ্ট লুইছৰ ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।২ ১৯৩১ চনত মিছৌৰীৰ কেনছাছ চিটিৰ মিউনিচিপাল জেনেৰেল হস্পিতাল স্কুল অৱ নাৰ্ছিঙৰ পৰা ডিপ্লমা লাভ কৰে আৰু তাৰ পিছত ১৯৩২ চনত ইলিনয়ৰ চিকাগোৰ কুক কাউন্টি হাস্পতালত মানসিক নাৰ্চিং পাঠ্যক্ৰম সম্পূৰ্ণ কৰে।২৪
১৯৩৫ চনত কেনছাছ চিটিৰ মিউনিচিপাল জেনেৰেল হস্পিতাল স্কুল অৱ নাৰ্চিংত নাৰ্ছ হিচাপে পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰে। ১৯৪১ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাবাহিনীৰ নাৰ্ছ কৰ্পছত দ্বিতীয় লেফটেনেণ্ট হিচাপে নামভৰ্তি কৰে আৰু মিছৌৰীৰ জেফাৰচন বেৰেকত নিয়োজিত হয়।৩২ From 1941 to 1943, she served as a second lieutenant in the United States Army Nurse Corps.২৬ ১৯৪১ চনৰ পৰা ১৯৪৩ চনলৈকে তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনা নাৰ্ছ কৰ্পছত দ্বিতীয় লেফটেনেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[2][6] ১৯৪২ চনৰ ২৯ অক্টোবৰত দ্বিতীয় লেফটেনেণ্ট এইচ জে টাইগাৰ ৱলানিনৰ সৈতে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ পিছত তেওঁক সন্মানজনকভাৱে সেৱাৰ অব্যাহতি দিয়া হয়।.২ ১৯৪৪ চনৰ পৰা ১৯৫১ চনৰ ভিতৰত তেওঁ স্বামীৰ সামৰিক নিযুক্তিৰ সময়ত মিচিচিপি, লুইজিয়ানা, অহাইঅ’, এৰিজোনা, নেব্ৰাস্কা আদি বিভিন্ন ঠাইলৈ গৈছিল। তেওঁ এগৰাকী অসামৰিক নাৰ্ছ, তত্বাৱধায়ক আৰু প্ৰশিক্ষক হিচাপে কাম কৰিছিল। মিচিচিপিৰ বিলোক্সিত তেওঁ কেডেট নাৰ্চিং প্ৰগ্ৰেমত প্ৰশিক্ষক হিচাপে শিক্ষকতা কৰাৰ প্ৰথম সুযোগ পাইছিল।.২
স্বামীয়ে সামৰিক বাহিনীৰ পৰা অৱসৰ লোৱাৰ পিছত তেওঁ ইউনিভাৰ্চিটি অৱ এৰিজোনা স্কুল অৱ নাৰ্চিঙৰ অধ্যাপকত যোগদান কৰে। পিছলৈ ১৯৬৩ চনত এৰিজোনা বিশ্ববিদ্যালয়ৰ পৰা এম এছ এন ডিগ্ৰী সম্পূৰ্ণ কৰে।.৪ অৱশেষত তেওঁ সহযোগী অধ্যাপিকা হয়, ১৯৮৭ চনত অৱসৰ লোৱালৈকে তেওঁ এই পদত অধিষ্ঠিত হয়।২৭
১৯৭২ চনত এৰিজোনাত নতুনকৈ প্ৰতিষ্ঠিত আঞ্চলিক চিকিৎসা কাৰ্যসূচীৰ সৈতে এপইণ্টমেণ্ট লাভ কৰাৰ পিছত তেওঁ এৰিজোনাত নাৰ্চিং হোমৰ প্ৰয়োজনীয়তা আৰু বৃদ্ধসকলৰ দীৰ্ঘম্যাদী যত্নৰ বিষয়ে অধ্যয়ন কৰিবলৈ আৰম্ভ কৰে।৪ গোটেই কেৰিয়াৰটোত তেওঁ ডিমেনচিয়াত আক্ৰান্ত লোকসকলৰ নাৰ্চিং যত্নৰ উন্নতিৰ কামো কৰিছিল।৮ তেখেতে আমেৰিকান নাৰ্ছ এছ'চিয়েচনৰ জেৰ'ণ্ট'লজিকেল প্ৰগ্ৰেম (১৯৬৬), আৰু নেচনেল জেৰন্ট'লজিকেল নাৰ্ছিং এছ'চিয়েচন (১৯৮৪) স্থাপনৰ সৈতেও জড়িত আছিল।৪৬
১৯৮৬ চনত এৰিজোনা বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় ডক্টৰেট ডিগ্ৰী (DSc) প্ৰদান কৰে।২
নাৰ্চিংৰ ক্ষেত্ৰত তেওঁৰ অৱদানক স্বীকৃতি দিবলৈ ১৯৯৬ চনত তেওঁক আমেৰিকান নাৰ্ছ হল অৱ ফেমত অন্তৰ্ভুক্ত কৰা হয়।২৪
১৯৯৭ চনৰ ২২ মে'ত ছান এণ্টনিঅ'ত “শ্বাস-প্ৰশ্বাসজনিত বিকলতা”ত তেওঁৰ মৃত্যু হয়।৬
তথ্যসূত্ৰ
- ↑ Touhy, Theris A. (April 7, 2021). Ebersole and Hess' Gerontological Nursing & Healthy Aging - E-Book. Elsevier Health Sciences. পৃ. 3. ISBN 978-0-323-69804-7
- ↑ Bullough, Vern L. (2004). American Nursing: A Biographical Dictionary: Volume 3. Springer Publishing Company. পৃ. 295. ISBN 978-0-826-11747-2
- ↑ Judd, Deborah. (October 25, 2010). A History of American Nursing: Trends and Eras. Jones & Bartlett Publishers. পৃ. 152. ISBN 978-1-449-61807-0
- ↑ (14 November 2017). Mary Opal Wolanin. nursingworld.org
- ↑ Bullough 2004, পৃ. 294
- ↑ (June 2, 1997). Mary Wolanin, 86; Studied Care for Elderly. The New York Times. nytimes.com
- ↑ Linton, Adrianne Dill. (2007). Matteson & McConnell's Gerontological Nursing: Concepts and Practice. Saunders, Elsevier. পৃ. 13. ISBN 978-1-416-00166-9
- ↑ Bullough 2004, পৃ. 294
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰী ওপল ওৱলানিন” প্ৰবন্ধৰ সংশোধন ৪৮৭৬৪৫ (৫ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।