মেহৰ জাচিয়া (ইংৰাজী ভাষা: Mehr Jesia; জন্ম: ৩০ নৱেম্বৰ ১৯৭০) এগৰাকী ভাৰতীয় প্ৰযোজক, মডেল আৰু সৌন্দৰ্য প্ৰতিযোগিতাৰ খিতাপধাৰী। তেওঁ ১৯৮৬ চনত 'ফেমিনা মিছ ইণ্ডিয়া ইউনিভাৰ্ছ' খিতাপ জয় কৰিছিল আৰু 'মিছ ইউনিভাৰ্ছ ১৯৮৬'ত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল।১২
প্ৰাৰম্ভিক জীৱন আৰু পটভূমি
জাচিয়াৰ জন্ম ১৯৭০ চনৰ ৩০ নৱেম্বৰত এটা পাৰ্চী পৰিয়ালত হৈছিল।৩ তেওঁ মুম্বাইৰ দাদৰত অৱস্থিত 'জে বি বাছা হাইস্কুল ফৰ পাৰ্চী গাৰ্লছ'ত স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰিছিল। তেওঁ মুম্বাইৰ দাদৰ পাৰ্চী কলনীত ডাঙৰ-দীঘল হৈছিল।৩
কেৰিয়াৰ
জাচিয়াই ১৯৮০-ৰ দশকত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল আৰু ১৯৮৬ চনত 'ফেমিনা মিছ ইণ্ডিয়া' খিতাপ জয় কৰিছিল। অতি কম সময়ৰ ভিতৰতে তেওঁ মধু ছাপ্ৰে, ফিৰোজ গুজৰাল, শ্যামোলী বাৰ্মা আৰু আন্না ব্ৰেডমেয়াৰৰ দৰে ভাৰতীয় ছুপাৰ মডেলসকলৰ প্ৰথমটো প্ৰজন্মৰ অংশ হৈ পৰিছিল।৪৫
চলচ্চিত্ৰ কেৰিয়াৰ
জাচিয়া আৰু অৰ্জুন ৰামপালে তেওঁলোকৰ প্ৰযোজনা সংস্থা 'চেচিং গণেশ'ৰ (Chasing Ganesha) জৰিয়তে আই চি ইউ (২০০৬) নামৰ ছবিখন প্ৰযোজনা কৰিছিল। এই ছবিখনত ৰামপাল, বিপাশা আগৰৱাল, সোণালী কুলকাৰ্ণী আৰু বোমান ইৰানীয়ে অভিনয় কৰিছিল।
ব্যক্তিগত জীৱন
তেওঁ ১৯৯৮ চনত প্ৰাক্তন মডেল তথা বলীউডৰ অভিনেতা অৰ্জুন ৰামপালৰ সৈতে বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ দুগৰাকী কন্যা সন্তান আছে। ২০বছৰীয়া বিবাহিত জীৱনৰ অন্তত ২০১৮ চনৰ ২৮ মে'ত দম্পতীটোৱে এক যুটীয়া বিবৃতিৰ জৰিয়তে বিচ্ছেদৰ কথা ঘোষণা কৰে।৬ ২০১৯ চনৰ নৱেম্বৰ মাহত বান্দ্ৰা ফেমিলি ক’ৰ্টে তেওঁলোকক বিবাহ বিচ্ছেদৰ অনুমতি প্ৰদান কৰে। দম্পতীটোৰ দুই কন্যা সন্তান মাতৃৰ সৈতে থাকিব।৭৮
তথ্যসূত্ৰ
- ↑ Catch-Up With The Past Miss Indias. The Times Of India
- ↑ (4 September 2006). Style wise. The Hindu
- ↑ (20 Sep 2008). Life, as Mehr Jesia knows it. DNA
- ↑ Aasheesh Sharma. (21 September 2013). Memories of a master. Hindustan Times
- ↑ Sujata Assomull. (25 April 2009). The magic of Mehr. India Today
- ↑ Arjun Rampal And Mehr Jesia Announce Their Separation After 20 Years Of Marriage. Headlines Today
- ↑ (21 November 2019). Arjun Rampal and Mehr Jesia granted divorce, ending 21 years of marriage. India Today
- ↑ Arjun Rampal and Mehr Jesia Get Divorced After 21 Years of Marriage, Daughters to Live with Mother. news18.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেহৰ জাচিয়া” প্ৰবন্ধৰ সংশোধন ৫৯৯৭২৯ (২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।