মেৰী এন টড লিংকন (জন্ম:১৩ ডিচেম্বৰ, ১৮১৮ – মৃত্যু:১৬ জুলাই, ১৮৮২) ১৮৬১ চনৰ পৰা ১৮৬৫ চনত তেওঁৰ স্বামী ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ হত্যালৈকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম মহিলা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। মেৰী টডৰ জন্ম কেণ্টুকীৰ এটা ডাঙৰ আৰু ধনী দাস-মালিক পৰিয়ালত হৈছিল, যদিও মেৰীয়ে কেতিয়াও দাসৰ গৰাকী হোৱা নাছিল আৰু প্ৰাপ্তবয়স্ক অৱস্থাত দাসত্ত্ব প্ৰথাৰ বিৰুদ্ধে বিৰোধিতা কৰিবলৈ ধৰিছিল। সুশিক্ষিত হৈ কিশোৰ অৱস্থাত স্কুল শেষ কৰাৰ পিছত মেৰীয়ে ইলিনয়ৰ ৰাজধানী স্প্ৰিংফিল্ডলৈ গুচি যায়। তেওঁ তাত তেওঁৰ বিবাহিত ভগ্নী এলিজাবেথ টড এডৱাৰ্ডছৰ সৈতে বাস কৰিছিল। তেওঁৰ ভগ্নী ইলিনয়ৰ এগৰাকী কংগ্ৰেছ সদস্যৰ পত্নী আছিল। আব্ৰাহাম লিংকনক বিয়া কৰাৰ আগতে মেৰীক তেওঁৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক প্ৰতিদ্বন্দ্বী ষ্টিফেন এ. ডগলাচে প্ৰেৰিত কৰিছিল।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
টডৰ জন্ম হৈছিল ১৮১৮ চনৰ ১৩ ডিচেম্বৰত কেণ্টুকীৰ লেক্সিংটনত এজন বেংকাৰ ৰবাৰ্ট স্মিথ টড আৰু এলিজাবেথ "এলিজা" (পাৰ্কাৰ) টডৰ সাতটা সন্তানৰ ভিতৰত চতুৰ্থ সন্তান হিচাপে। মেৰীৰ ছয় বছৰ বয়সত মাক প্ৰসৱকালত মৃত্যু হৈছিল। দুবছৰৰ পিছত মেৰীৰ দেউতাকে এলিজাবেথ "বেটছী" হামফ্ৰিজক বিয়া কৰায় আৰু তেওঁলোকৰ একেলগে নটা সন্তান আছিল। তাইৰ প্ৰপিতামহ চেমুৱেল মেকডৱেলৰ জন্ম স্কটলেণ্ডত হৈছিল, আৰু পেনচিলভেনিয়ালৈ প্ৰব্ৰজন কৰিছিল। অন্যান্য টড পূৰ্বপুৰুষসকল ইংলেণ্ডৰ পৰা আহিছিল।১
বিবাহ আৰু পৰিয়াল
মেৰী টডে ১৮৪২ চনৰ ৪ নৱেম্বৰত আব্ৰাহাম লিংকনক তেওঁৰ ভগ্নী এলিজাবেথৰ স্প্ৰিংফিল্ডত থকা ঘৰত বিয়া কৰায়। বিবাহৰ সময়ত মেৰীৰ বয়স আছিল ২৩ বছৰ আৰু আব্ৰাহম লিংকনৰ বয়স আছিল ৩৩ বছৰ। তেওঁলোকৰ চাৰিজন পুত্ৰ, যিসকলে ইলিনয়ৰ স্প্ৰিংফিল্ডত জন্মগ্ৰহণ কৰিছিল, তেওঁলোক আছিল:
- ৰবাৰ্ট টড লিংকন (১৮৪৩-১৯২৬), উকীল, কূটনীতিবিদ,আমেৰিকা যুক্তৰাষ্ট্ৰৰ যুদ্ধ সচিব, ব্যৱসায়ী
- এডৱাৰ্ড বেকাৰ লিংকন যাক "এডি" (১৮৪৬-১৮৫০) বুলি জনা যায়, যক্ষ্মা ৰোগত মৃত্যু বৰণ কৰে।
- উইলিয়াম ৱালেছ লিংকন, যাক "উইলি" (১৮৫০-১৮৬২) বুলি জনা যায়, টাইফইড জ্বৰত মৃত্যু বৰণ কৰে যেতিয়া লিংকন ৰাষ্ট্ৰপতি আছিল।
- থমাছ লিংকন, তেওঁক "টেড" (১৮৫৩-১৮৭১) বুলি জনা যায়, ১৮ বছৰ বয়সত মৃত্যু বৰণ কৰে।
লিংকনৰ কৰ্মজীৱন আৰু ঘৰুৱা জীৱন
এইট এণ্ড স্প্ৰিংফিল্ড, ইলিনয়ত জেকচন ষ্ট্ৰীটছত, য'ত আব্ৰাহাম আৰু মেৰী টড লিংকনে 1844 চনৰ পৰা 1861 চনত হোৱাইট হাউচলৈ ৰাওনা হোৱালৈকে বাস কৰিছিল]]
আব্ৰাহম লিংকনে স্প্ৰিংফিল্ডৰ উকীল হিচাপে তেওঁৰ ক্ৰমবৰ্ধমান সফল কেৰিয়াৰ অনুসৰণ কৰাৰ সময়ত, মেৰীয়ে তেওঁলোকৰ বৰ্ধিত পৰিয়ালৰ তত্ত্বাৱধান কৰিছিল। তেওঁলোকৰ ঘৰ, য'ত তেওঁলোকে ১৮৪৪ চনৰ পৰা ১৮৬১ চনলৈকে বাস কৰিছিল সেই ঘৰটো এতিয়াও স্প্ৰিংফিল্ডত আছে আৰু বৰ্তমান লিংকন হোম নেচনেল হিষ্টোৰিক চাইট হিচাপে মনোনীত কৰা হৈছে। লিংকনৰ ইলিনয় চাৰ্কিট উকীল হিচাপে থকা সময়ছোৱাত মেৰীয়ে সন্তান ডাঙৰ-দীঘল কৰিবলৈ আৰু ঘৰ চলাবলৈ একেসময়তে কেইবা মাহৰ বাবে অকলশৰীয়াকৈ থাকিছিল।২মেৰীয়ে তেওঁৰ স্বামীক সামাজিক আৰু ৰাজনৈতিকভাৱে সমৰ্থন কৰিছিল।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম মহিলা
মেৰী লিংকন সুশিক্ষিত মহিলা আছিল। তাই ৰাজহুৱা বিষয়তো আগ্ৰহী আছিল। তাই তাইৰ স্বামীৰ উচ্চাকাংক্ষাও ভাগ বতৰা কৰিছিল। কেতিয়াবা, তাই স্পৰ্শকাতৰ আৰু বিৰক্ত হৈ পৰিছিল। বাতৰি কাকতবোৰে কেতিয়াবা হোৱাইট হাউচৰ বাবে নতুন আচবাব কিনিবলৈ চৰকাৰৰ ধন খৰচ কৰাৰ বাবে তাইক সমালোচনা কৰিছিল। তাই এই সময়ছোৱাত আঘাতপ্ৰাপ্ত সৈনিকসকলক সহায় কৰিবলৈ চিকিৎসালয়লৈ গৈছিল।
আব্ৰাহাম লিংকনৰ হত্যা
১৮৬৫ চনৰ ১৪ এপ্ৰিলৰ সন্ধিয়া ৱাশ্বিংটন ডি.চি.-ৰ ফৰ্ড থিয়েটাৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ষোল্লতম ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ ওপৰত হত্যাকাৰীয়ে আক্ৰমণ কৰি আব্ৰাহাম লিংকনক হত্যা কৰে। কনফেডাৰেটৰ সহানুভূতিশীলজন ৱিল্কেছে বুথৰ মূৰত গুলী চালনা কৰাত লিংকনৰ পিছদিনা ৰাতিপুৱা মৃত্যু হয়। জেনেৰেল ৰবাৰ্ট ই লীৰ এপ্পোমেটক্স ক'ৰ্ট হাউচ আৰু উত্তৰ ভাৰ্জিনিয়াৰ সেনাই আমেৰিকাৰ গৃহযুদ্ধৰ কাৰ্যকৰী সমাপ্তিৰ সংকেত দিয়া কেন্দ্ৰীয় বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰাৰ কেইদিনমানপিছতহে এই হত্যাকাণ্ড সংঘটিত হৈছিল। লিংকনৰ মৃত্যুয়ে দেশখনৰ বেছিভাগ অংশ হতাশাত ডুবাই দিছিল, আৰু সেই তাৰিখলৈকে আমেৰিকাৰ ইতিহাসত বুথ আৰু তেওঁৰ সহযোগীসকলৰ সন্ধান আছিল আটাইতকৈ ডাঙৰ অভিযান।৩
পৰৱৰ্তী জীৱন
উইলিয়াম এইচ মুমলাৰৰ দ্বাৰা তোলা ছবিত, যদিও মুমলাৰৰ ফটোবোৰ এতিয়া প্ৰৱঞ্চনা বুলি জনা যায়]]
স্বামীৰ মৃত্যুৰ পিছত তেওঁ সমগ্ৰ বিশ্বৰ পৰা শোকৰ বাৰ্তা পাইছিল। কিছুমান তেওঁ ব্যক্তিগতভাৱে উত্তৰ দিবলৈ চেষ্টা কৰিছিল। ৰাণী ভিক্টোৰিয়াৰ প্ৰতি সঁহাৰি জনাই তেওঁ তেওঁ নিজেই লিখিছিল।৪ বিধৱা হোৱাৰ পিছত শ্ৰীমতী লিংকন ইলিনয়লৈ উভতি আহে আৰু তেওঁৰ পুত্ৰসকলৰ সৈতে চিকাগোত বাস কৰে। তেওঁৰ স্বামীয়ে ৮০,০০০ ডলাৰ (২০২৩ চনত ১,৫৯২,৩৪৮ ডলাৰৰ সমান) সম্পত্তি এৰি থৈ গৈছিল যাৰ দ্বাৰা তেওঁ আৰামত থাকিবলৈ যথেষ্ট আছিল।৫
মৃত্যু
১৮৮২ চনৰ ১৫ জুলাইত তেওঁৰ কনিষ্ঠ পুত্ৰৰ মৃত্যুৰ ঠিক এঘাৰ বছৰ পিছত তেওঁ তেওঁৰ ভগ্নীৰ ঘৰত বাগৰি পৰি কোমাত পৰে আৰু পিছদিনা ৰাতিপুৱা ৬৩ বছৰ বয়সত ষ্ট্ৰোকৰ ফলত মৃত্যু বৰণ কৰে। স্প্ৰিংফিল্ডৰ ফাৰ্ষ্ট প্ৰেচবিটেৰিয়ান গীৰ্জাত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সেৱা অনুষ্ঠিত হৈছিল।
জনপ্ৰিয় সংস্কৃতিত
মেৰী লিংকনৰ লগতে তেওঁৰ স্বামী আব্ৰাহম লিংকনৰ ওপৰত জীৱনী লিখা হৈছে। বাৰ্বাৰা হাম্বলীৰ 'দ্য এমাঞ্চিপেটৰ'চ ৱাইফ' (২০০৫) ক এক এখন গৱেষণা লদ্ধ ঐতিহাসিক উপন্যাস বুলি গণ্য কৰা হয়।
তথ্যসূত্ৰ
- ↑ Mary Lincoln . Firstladies.org. Retrieved on 2014-01-11
- ↑ Pearson, Patrick. Understanding Mary Lincoln. Ford's Theatre
- ↑ www.britannica.com/event/assassination-of-Abraha
- ↑ Monaghan, Jay. Abraham Lincoln Deals with Foreign Affairs: A Diplomat in Carpet Slippers, p. 430 (U. Nebraska Press, 1997)
- ↑ Birmingham, Steven. (1967). Our Crowd: The great Jewish families of New York. Open Road Integrated Media, Inc. New York. পৃ. 103–104. ISBN 978-1-5040-2628-4
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰী টড লিংকন” প্ৰবন্ধৰ সংশোধন ৬১২৪৬০ (১৫ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।