মেৰিছা কফলান (ইংৰাজী ভাষা: Marisa Coughlan; জন্ম: ১৭ মাৰ্চ, ১৯৭৪) এগৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰন অভিনেত্ৰী আৰু লেখিকা। তেওঁৰ প্ৰথমটো উল্লেখযোগ্য চৰিত্ৰ আছিল কেভিন উইলিয়ামছনৰ টিচিং মিচেছ টিংগেল (১৯৯৯)। ইয়াৰ পিছত তেওঁ কমেডী ছবি ছুপাৰ ট্ৰুপাৰ্ছ (২০০১) ত অফিচাৰ উৰ্চুলা হানছন আৰু ফ্ৰেডী গট ফিংগাৰ্ড (২০০১) ত বেটীৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ বষ্টন লিগেল ধাৰাবাহিকত মেলিনা হিউজৰ চৰিত্ৰত অভিনয় কৰিছিল।
প্ৰাৰম্ভিক জীৱন
কফলান মিনেসোটাৰ চেইণ্ট প’লৰ নিবাসী। তেওঁ মিনেসোটাৰ মিনিয়াপলিছত থকা ব্ৰেক স্কুলৰপৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল।১
কৰ্মজীৱন
কফলানে পোনপ্ৰথমবাৰৰ বাবে জনপ্ৰিয়তা অৰ্জন কৰা চলচ্চিত্ৰখন আছিল কেভিন উইলিয়ামছনৰ পৰিচালনাৰে নিৰ্মিত টিচিং মিচেছ টিংগেল (১৯৯৯), য’ত তেওঁ কেটি হোমছ আৰু হেলেন মিৰেনৰ সৈতে অভিনয় কৰিছিল। বাতৰি অনুসৰি, উইলিয়ামছনৰ ধাৰাবাহিক ডাউছনছ ক্ৰীকৰ এটা চৰিত্ৰৰ বাবে প্ৰত্যাখ্যান হোৱাৰ পিছতহে তেওঁক এই বোলছবিখনৰ বাবে নিৰ্বাচিত কৰা হৈছিল।২ ইয়াৰ পিছতে ১৯৯৯ চনত তেওঁ ৱেষ্টলেণ্ড ধাৰাবাহিকত এটা পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰে।৩
তেওঁ অভিনয় কৰা অন্যান্য চলচ্চিত্ৰসমূহৰ ভিতৰত আছিল পাম্পকিন (ক্ৰিষ্টিনা ৰিচিৰ সৈতে সহ-অভিনয়), যিখন আছিল কলেজীয়া ছোৱালীৰ ওপৰত আধাৰিত এখন ড্ৰামা; নিউ চুট, যিখন আছিল হলিউডৰ ভিতৰুৱা কাম-কাজৰ ওপৰত আধাৰিত এখন ব্যংগাত্মক কমেডী; ছুপাৰ ট্ৰুপাৰ্ছ, য'ত তেওঁ অফিচাৰ উৰ্চুলা হানছনৰ চৰিত্ৰত অভিনয় কৰিছিল; আৰু ফ্ৰেডী গট ফিংগাৰ্ড, য'ত তেওঁ বেটীৰ চৰিত্ৰত অভিনয় কৰিছিল।
তেওঁ টেলিভিছন ধাৰাবাহিক বষ্টন লিগেলৰ দ্বিতীয় আৰু তৃতীয় ছিজনত সম্পাদিকা মেলিনা হিউজৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ বিয়ণ্ড বিলিফ: ফেক্ট অৰ ফিকচনৰ এটা প্ৰাৰম্ভিক খণ্ডত এটা উইজা ব’ৰ্ডৰ অংশত অভিনয় কৰিছিল। ২০০৭ চনত তেওঁ লাইফটাইম টেলিভিছনৰ মূল ধাৰাবাহিক চাইড অৰ্ডাৰ অৱ লাইফত জেনি মেকইণ্টায়াৰ হিচাপে অভিনয় কৰে। ২০০৮-২০০৯ বৰ্ষত তেওঁ বোনছ ধাৰাবাহিকৰ তিনিটা খণ্ডত অভিনয় কৰিছিল।
সন্তান-সম্ভৱা হোৱাৰ সময়ত অভিনয়ৰপৰা বিৰতি লৈ কফলানে লিখা-মেলা আৰম্ভ কৰে। ২০১১ চনত তেওঁ এবিচিৰ বাবে তেওঁৰ প্ৰথমটো পাইলট খণ্ড লষ্ট এণ্ড ফাউণ্ড লিখে আৰু প্ৰযোজনা কৰে। ২০১৪ চনত তেওঁ এনবিচিৰ বাবে পিটাৰ এণ্ড ৱেণ্ডীৰ ওপৰত আধাৰিত এখন কমেডী লিখাৰ কাম সম্পূৰ্ণ কৰে।৪ ২০১৬ চনত ভেনিটী আলোচনীয়ে জনাইছিল যে ফক্স নেটৱৰ্কে পুচিং নামৰ এখন কমেডী ধাৰাবাহিক প্ৰস্তুত কৰি আছে, যিখন কফলানে লিখিছিল আৰু গ্ৰেগ বাৰলাণ্টিয়ে প্ৰযোজনা কৰিছিল।৫
২০২২ চনত কফলানে স্বতন্ত্ৰ ড্ৰামা ছবি ডেইজ হোৱেন দ্য ৰেইনছ কেম লিখে আৰু বিউ ব্ৰিজেছৰ বিপৰীতে অভিনয় কৰে। এই ছবিখনৰ দৃশ্যগ্ৰহণ মিনেসোটাত কৰা হৈছিল।৬
ব্যক্তিগত জীৱন
কেলফ’ৰ্ণিয়াৰ ষ্টুডিঅ’ চিটিত বসবাস কৰাৰ পাছত কফলানে ২০১৫ চনত তেওঁৰ ঘৰটো বিক্ৰী কৰি দিয়ে।৭
তথ্যসূত্ৰ
- ↑ Gustafson, Amy Carlson. (July 14, 2007). St. Paul native Marisa Coughlan, Stillwater's Rich Sommer in new TV shows. Twin Cities Pioneer Press
- ↑ Callahan, Maureen. (September 1999). Soul Coughlan. Spin. পৃ. 89
- ↑ (November 1999). Marisa Coughlan. Mademoiselle: The Magazine for the Smart Young Woman. পৃ. 339
- ↑ Andreeva, Nellie. (October 2, 2014). NBC Nabs Peter Pan-Inspired Romantic Comedy 'Wendy And Peter' With Penalty. Deadline Hollywood
- ↑ Wagmeister, Elizabeth. (October 20, 2016). Greg Berlanti Producing Fox Comedy From 'Super Troopers' Writer/Actress Marisa Coughlan (EXCLUSIVE). Variety
- ↑ James, Derek. (November 1, 2022). Minnesota actor brings cameras to home state to film movie starring Beau Bridges. CBS News
- ↑ Beale, Lauren. (August 10, 2015). Marisa Coughlan sells her secluded hillside home in Studio City for above the asking price. Los Angeles Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰিছা কফলান” প্ৰবন্ধৰ সংশোধন ৬০০০৯৪ (৬ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।