মেৰিলা জাৰেই (ফাৰ্চী ভাষা: مریلا زارعی; জন্ম: ১৪ এপ্ৰিল ১৯৭৪) এগৰাকী ইৰানী অভিনেত্ৰী। তেওঁ এটি চিলভাৰ বিয়েৰ, তিনিটাকৈ ক্ৰিষ্টেল চিমৰ্ঘ বঁটা, চাৰিটা হাফেজ বঁটা, চাৰিটা ইৰান চিনেমা চেলিব্ৰেশ্বন বঁটা আৰু এটা ইৰানছ ফিল্ম ক্ৰিটিক্স এণ্ড ৰাইটাৰ্ছ এছ’চিয়েশ্বন বঁটাকে ধৰি বিভিন্ন সন্মান লাভ কৰিছে।১২
প্ৰাৰম্ভিক জীৱন
তেহৰাণৰ ইছলামিক আজাদ বিশ্ববিদ্যালয়ৰ স্নাতক জাৰেয়ে পঢ়ি থকা সময়ছোৱাতে ইজ্জৎিল্লাহ এন্তেদামীৰ অভিনয় পাঠ্যক্ৰমৰ জৰিয়তে অভিনয়ৰ প্ৰতি আগ্ৰহী হৈ পৰিছিল।৩
তেওঁৰ প্ৰথম চলচ্চিত্ৰ আছিল ১৯৯৪ চনত আলী আছগৰ শ্বাদৰাভানৰদ্বাৰা পৰিচালিত পাতাক। তেওঁ ২৩সংখ্যক ফাজৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত দ্য ফ্ৰাইডেজ চোলজাৰ্ছ (২০০৫, পৰিচালক: মাছৌদ কিমিয়ায়ী) চলচ্চিত্ৰখনৰ বাবে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ক্ৰিষ্টেল চিমৰ্ঘ বঁটা লাভ কৰে।২ ইয়াৰ উপৰি তেওঁ ৩২সংখ্যক ফাজৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ ক্ৰিষ্টেল চিমৰ্ঘ বঁটাও লাভ কৰে।
ব্যক্তিগত জীৱন
তেওঁৰ মেলিকা জাৰেই নামেৰে এগৰাকী কনিষ্ঠ ভগ্নী আছে, যিগৰাকী নিজেও এগৰাকী অভিনেত্ৰী।
চলচ্চিত্ৰপঞ্জী

চলচ্চিত্ৰ:
- পাতাক (পৰিচালক: আলী আছগৰ শ্বাদৰাভান, ১৯৯৪)
- ৰুয়-ই খত-ই মৰ্গ (পৰিচালক: শফী আঘামহম্মদী, ১৯৯৫)
- জান-ই শৰ্ঘী (পৰিচালক: ৰামবদ লতফী, ১৯৯৬)
- খালাবান (পৰিচালক: জামাল শুৰজেহ, ১৯৯৬)
- দো জন (পৰিচালক: তাহমিনেহ মিলানী, ১৯৯৯)
- তেক্যেহ বৰ বাদ (পৰিচালক: দাৰিয়ুছ ফাৰহাং, ১৯৯৯)
- দ্য ফিফথ ৰিয়েকচন (পৰিচালক: তাহমিনেহ মিলানী, ২০০১)
- ইশঘ-ই ফিল্ম (পৰিচালক: ইব্ৰাহিম ৱাহিদজাদেহ, ২০০১)
- হাম নফছ (পৰিচালক: মেহদী ফাখিমজাদেহ, ২০০২)
- মোয়াদেলেহ (পৰিচালক: ইব্ৰাহিম ৱাহিদজাদেহ, ২০০২)
- চিজদাহ গৰ্বেহ ৰুয়-ই শিৰভানী (পৰিচালক: আলী আবদাল আলীজাদেহ, ۲۰۰২)
- সৰ্বাজহায়ে জোমে (পৰিচালক: মাছৌদ কিমিয়ায়ী, ২০০২)
- মুজাৰাধা (পৰিচালক: আছগৰ হাশেমী, ২০০৩)
- দ্য আনৱাণ্টেড ৱমেন (পৰিচালক: তাহমিনেহ মিলানী, ২০০৫)
- জাগ্ৰোছ (পৰিচালক: মহম্মদ আলী নাজাফী, ২০০৪)
- হোক্ম (পৰিচালক: মাছৌদ কিমিয়ায়ী, ২০০৪)
- পাপিতাল (পৰিচালক: আৰ্দেশিৰ শ্বেলীলেহ, ২০০"৫)
- দাস্তাহায়ে খালী (পৰিচালক: আবুল কাছেম তালেবী, ২০০৭)
- ইনভিটেশ্বন (পৰিচালক: ইব্ৰাহিম হাতামিকিয়া, ২০০৮)
- এবাউট ইলী (পৰিচালক: আছগৰ ফাৰহাদী, ২০০৯)
- কেইফৰ (পৰিচালক: হাছান ফাঠী)
- দিগাৰী (পৰিচালক: মেহদী ৰহমানী)
- এ চেপাৰেচন (পৰিচালক: আছগৰ ফাৰহাদী, ২০১১)
- আই ফিল শ্লিপী (পৰিচালক: ৰেজা আত্তাৰেণ, ২০১২)
- বিয়েৰ (পৰিচালক: খোছৰো মাছুমী)
- হাচ! গাৰ্লছ ডোণ্ট স্ক্ৰীম (পৰিচালক: পুৰাণ দেৰাখ্শান্দেহ, ২০১২)
- গোল্ডেন ৰিজিম (পৰিচালক: ৰেজা সোবহানী)
- এভ্ৰিথিং ফৰ চেল (পৰিচালক: আমিৰ হোছেইন ছাঘাফী, ২০১২)
- চে (পৰিচালক: ইব্ৰাহিম হাতামিকিয়া, ২০১২)
- ট্ৰেক ১৪৩ (পৰিচালক: নৰ্গিছ আবিয়াৰ, ২০১৩)
- দ্য লিটল ব্লেক ফিচ (পৰিচালক: মজিদ ইছমাইলী, ২০১৫)
- বডীগাৰ্ড (পৰিচালক: ইব্ৰাহিম হাতামিকিয়া, ২০১৬)
- আণ্ডাৰ দ্য স্মোকী ৰুফ (২০১৭)
- হেনাছ (২০২২)
দূৰদৰ্শন ধাৰাবাহিক:
- দ্য চি পিপল (পৰিচালক: চিৰুছ মোকাদ্দাম)
- মানেকুইন (পৰিচালক: হোছেইন ছোহেইলিজাদেহ)
- জেইৰান (পৰিচালক: হাছান ফাঠী)
বঁটা আৰু মনোনয়ন
- ক্ৰিষ্টেল চিমৰ্ঘ শ্ৰেষ্ঠ অভিনেত্ৰী বঁটা লাভ — ৩২সংখ্যক ফাজৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (২০১৪), ৩৫সংখ্যক ফাজৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (২০১৭)
- ট্ৰেক ১৪৩ চলচ্চিত্ৰৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে মনোনীত — ৮ম এছিয়া পেচিফিক স্ক্ৰীন বঁটা (২০১৪)৫
২০২৬ চনৰ ইৰান যুদ্ধ সন্দৰ্ভত দৃষ্টিভংগী
২০২৬ চনৰ ইৰান যুদ্ধৰ সময়ত ইৰানৰ প্ৰতি তেওঁৰ সমৰ্থন ব্যক্ত কৰি তেওঁ লিখিছিল: "এই দেশৰ ৰক্ষকসকলক কওক যে আপোনালোক ইৰানৰ প্ৰকৃত সন্তান, আমি আপোনালোকক লৈ গৌৰৱিত। ঈশ্বৰক ধন্যবাদ জনাও যে মই এনে এটা সময়ত জীয়াই থকাৰ সৌভাগ্য লাভ কৰিছোঁ য’ত আপোনালোকৰ দৰে মহান পুৰুষে এনে এক মহাকাব্য সৃষ্টি কৰিছে। এই দেশৰ ইতিহাসত আপোনালোকৰ সাহসিকতা আৰু বিশ্বাসৰ কথা অনাগত প্ৰজন্মক শিক্ষা দিয়া হ’ব। মই আশা কৰোঁ যে মই যেতিয়ালৈকে জীয়াই থাকিম, এই গৌৰৱময় শ্ৰেণীৰ এজন ছাত্ৰ হৈয়েই ৰম।" ৬
বাহ্যিক সংযোগ
- Merila Zarei On SourehCinema (in Persian)
তথ্যসূত্ৰ
- ↑ Full biography and biography of Marila Zarei. Namnak News
- ↑ Merila Zarei. IranActor.com
- ↑ Biography of Merila Zarei. Tabnak News
- ↑ Merila Zarei on Soureh Cinema
- ↑ (December 14, 2014). Iranian actress Merila Zarei wins award at the 2014 Asia Pacific Screen Awards. Iran Front Page
- ↑ مریلا زارعی نوشت: فرزندان واقعی ایران مدافعانش هستند Retrieved 23 March 2026
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰিলা জাৰেই” প্ৰবন্ধৰ সংশোধন ৬১৩৮৪৭ (২৩ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।