অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেৰী জিন ক্ৰিক

মেৰী জিন ক্ৰিক (: Mary Jeanne Kreek ৯ ফেব্ৰুৱাৰী ১৯৩৭ – ২৭ মাৰ্চ ২০২১) এগৰাকী আমেৰিকান নিউৰ’বায়’লজিস্ট আছিল, যিয়ে আসক্তি অধ্যয়ন আৰু চিকিৎসাৰ ক্ষেত্ৰত বিশেষত্ব লাভ কৰিছিল।

হালনাগাদ: ১৩ মে’ ২০২৫ ১৮৫ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

মেৰী জিন ক্ৰিক (: Mary Jeanne Kreek ৯ ফেব্ৰুৱাৰী ১৯৩৭১ – ২৭ মাৰ্চ ২০২১) ২এগৰাকী আমেৰিকান নিউৰ’বায়’লজিস্ট আছিল, যিয়ে আসক্তি অধ্যয়ন আৰু চিকিৎসাৰ ক্ষেত্ৰত বিশেষত্ব লাভ কৰিছিল।৩

তেওঁ মেৰী নাইস্বাণ্ডাৰ আৰু ড° ভিনচেণ্ট ডোলৰ সৈতে একেলগে কাম কৰি হেৰ’ইন আসক্তিৰ চিকিৎসাৰ বাবে মেথাডোন থেৰাপি বিকাশ কৰাত বিশেষভাৱে পৰিচিত।৪

শিক্ষা

১৯৫৮ চনত ক্ৰিকে ৱেলেছলি কলেজৰ পৰা বি.এ. আৰু,৫ ১৯৬২ চনত কলম্বিয়া ইউনিভাৰ্চিটি কলেজ অৱ ফিজিচিয়ান এণ্ড চাৰ্জনৰ পৰা ৰসায়ন বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে।৬

কেৰিয়াৰ

এম.ডি সম্পূৰ্ণ কৰাৰ পিছত ক্ৰিকে নিউয়ৰ্ক হাস্পতাল-কৰ্নেল মেডিকেল চেণ্টাৰত গেষ্ট্ৰ'এণ্টেৰ'লজীত ফেল'শ্বিপ সম্পূৰ্ণ কৰে। তেওঁ কৰ্নেল মেডিকেল কলেজত চিকিৎসা বিজ্ঞানৰ অধ্যাপনা কৰে।৭

২০০০ চনত ক্ৰিকক নিউয়ৰ্ক একাডেমী অৱ চাইন্সেছৰ ফেলো হিচাপে নিযুক্তি দিয়া হয় আৰু ২০০৪ চনত তেওঁ কলম্বিয়া ইউনিভাৰ্চিটি কলেজ অৱ ফিজিচিয়ান এণ্ড চাৰ্জনৰ পৰা "চিকিৎসা বিজ্ঞানৰ জীৱনজোৰা উৎকৃষ্টতা"ৰ বাবে প্ৰাক্তন ছাত্ৰ সোণৰ পদক বঁটা লাভ কৰে৮ ২০১৪ চনত ক্ৰিকক নেচনেল ইনষ্টিটিউট অন ড্ৰাগ এবিউজৰ পৰা লাইফটাইম এচিভমেণ্ট বঁটাৰে সন্মানিত কৰা হয়।৬

২০১৫ চনৰ নৱেম্বৰ মাহলৈকে তেওঁ এগৰাকী জ্যেষ্ঠ এটেণ্ডিং চিকিৎসক, পেট্ৰিক ই আৰু বিট্ৰাইচ এম হেগাৰ্টিৰ অধ্যাপিকা আৰু দ্য ৰকফেলাৰ বিশ্ববিদ্যালয়ৰ নিচাযুক্ত ৰোগৰ জীৱবিজ্ঞান পৰীক্ষাগাৰৰ মুৰব্বী আছিল।৬

ক্ৰিকে ১৯৭৯ চনৰ পৰা ২০১৫ চনলৈকে ৱেষ্ট ইণ্ডিজৰ গ্ৰেনাডাৰ ছেইণ্ট জৰ্জ বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক হিচাপে কাম কৰাৰ লগতে কেম্পাছ ভিত্তিক গৱেষণা প্ৰতিষ্ঠান উইণ্ডৱাৰ্ড দ্বীপপুঞ্জৰ গৱেষণা আৰু শিক্ষা ফাউণ্ডেশ্যন (WINDREF)ৰ পৰিচালনা সমিতিৰ সদস্য হিচাপেও কাম কৰিছিল।৯

ব্যক্তিগত জীৱন

তেওঁৰ পিতৃ লুই ফ্ৰান্সিছ ক্ৰিক এজন মুখ্য পৰীক্ষক আছিল আৰু আমেৰিকাৰ পেটেণ্ট আৰু ট্ৰেডমাৰ্ক কাৰ্যালয়ৰ ব'ৰ্ডত কাৰ্যনিৰ্বাহ কৰিছিল।৭ ১৯৭০ চনৰ ২৪ জানুৱাৰীত তেওঁ ডাঃ ৰবাৰ্ট এ শ্বেফাৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়।৭

২০২১ চনৰ ২৭ মাৰ্চত ৮৪ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।২

তথ্যসূত্ৰ

  1. ↑ Mary Kreek Obituary - New York, NY
  2. ↑ (2021-03-29). Mary Jeanne Kreek, pioneer in studies of addiction, has died. The Rockefeller University
  3. ↑ Mantsch, John R; Bart, Gavin; Unterwald, Ellen M. (15 May 2021). In Memoriam. International Journal of Neuropsychopharmacology. পৃ. 533–534
  4. ↑ Wren, Christopher. (3 October 1998). Holding an Uneasy Line In the Long War on Heroin; Methadone Emerged in City Now Debating Its Use. The New York Times
  5. ↑ Mary Jeanne Kreek '58. Wellesley College
  6. ↑ MARY JEANNE KREEK, M.D.. Rockefeller University
  7. ↑ (24 January 1970). Dr. R.A. Schaefer Weds List of Entertainment Benefit Parties; Dr. Mary Jeanne Kreek. The New York Times
  8. ↑ Macpherson, Calum. (11 February 2005). Sixth Annual WINDREF Lecture. SGU Gazette
  9. ↑ 'Rockefeller University obituary'. Rockefeller University

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰী জিন ক্ৰিক” প্ৰবন্ধৰ সংশোধন ৫০৮৩৩০ (১৩ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।