মেৰিনি ডি লিভেৰা এগৰাকী শ্ৰীলংকাৰ অধিবক্তা আৰু সমাজ কৰ্মী যিয়ে শ্ৰীলংকাত ৰাষ্ট্ৰীয় শিশু সুৰক্ষা কৰ্তৃপক্ষৰ (এনচিপিএ) প্ৰাক্তন অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।১ ২০১৯ চনত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ে তেওঁক আন্তৰ্জাতিক সাহসী মহিলা বঁটা প্ৰদান কৰে।২৩৪
কেৰিয়াৰ
মেৰিনি ডি লিভeৰাই মানৱ অধিকাৰ বিষয়ত স্নাতকোত্তৰ ডিপ্লমা লাভ কৰাৰ লগতে লণ্ডনৰ ট্ৰিনিটি কলেজৰ পৰা স্পিচ এণ্ড ড্ৰামা বিষয়তো ডিগ্ৰী লাভ কৰিছে। বিশেষকৈ অপৰাধমূলক কাৰ্যকলাপৰ ফলত ক্ষতিগ্ৰস্ত হোৱা মহিলা আৰু শিশু ভুক্তভোগীসকলক সহায় কৰাৰ বাবে শ্ৰীলংকাত তেওঁৰ গুৰুত্বপূৰ্ণ সামাজিক সেৱাৰ বাবেও তেওঁক কৃতিত্ব দিয়া হয় আৰু শ্ৰীলংকা সেনাবাহিনীৰ মানৱ অধিকাৰ প্ৰশিক্ষক হিচাপেও তেওঁ কম সময়ৰ বাবে কাম কৰিছিল।৫ দৃশ্য কলা আৰু নাটক ব্যৱহাৰ কৰি জনসাধাৰণৰ মাজত আইনী সাক্ষৰতা সৃষ্টি কৰে। তেওঁৰ নিজাকৈ বাটৰ নাটৰ নাট্যগোষ্ঠীও আছে যিয়ে দেশৰ বিভিন্ন ঠাই ভ্ৰমণ কৰি মানৱ অধিকাৰৰ বিষয়ৰ সৈতে জড়িত নাটক প্ৰদৰ্শন কৰে। তেওঁ শ্ৰীলংকা, ব্ৰিটেইন, ছিচেলছ আদি দেশত আইনৰ বক্তৃতা প্ৰদান কৰিছে।
২০১৭ চনৰ এপ্ৰিল মাহত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈত্ৰিপলা ছিৰিসেনাই ব্যক্তিগত কাৰণত চাকৰিৰ পৰা পদত্যাগ কৰা নাটাছা বেলেন্দ্ৰনৰ ঠাইত তেওঁক ৰাষ্ট্ৰীয় শিশু সুৰক্ষা কৰ্তৃপক্ষৰ নতুন অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে।৫
২০১৯ চনৰ ৮ মাৰ্চত তেওঁক আন্তৰ্জাতিক সাহসী মহিলা বঁটা প্ৰদান কৰা হয়, (এটা বঁটা যিটো মহিলাসকলক তেওঁলোকৰ উল্লেখযোগ্য কৃতিত্বৰ বাবে প্ৰদান কৰা হয়। এই বঁটা আন্তৰ্জাতিক মহিলা দিৱসত দিয়া হয়, যিটো প্ৰায়ে লক্ষ্য নকৰাকৈ থকা যায়) শ্ৰীলংকাৰ মহিলাসকলৰ মানদণ্ড উন্নত কৰাৰ বাবে তেওঁৰ গুৰুত্বপূৰ্ণ অৱদানৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰই প্ৰদান কৰে কাৰণ তেওঁ এই বঁটাৰ বাবে ১০ গৰাকী প্ৰাপকৰ ভিতৰত অন্যতম হিচাপে মনোনীত হৈছিল।৬৭
তথ্যসূত্ৰ
- ↑ Sri Lanka: Sri Lankan lawyer named a recipient of U.S. State Department\'s 2019 International Women of Courage Award. www.colombopage.com
- ↑ Sri Lanka: Sri Lankan lawyer Marini de Livera honored with U.S. State Department\'s 2019 International Women of Courage Award. www.colombopage.com
- ↑ Sri Lanka's Marini de Livera receives Women of Courage award. Daily News
- ↑ Sri Lankan Marini de Livera honored with International Women of Courage Awards 2019 · Embassy of Sri Lanka – Washington DC USA. slembassyusa.org
- ↑ admin. (2017-04-24). Marini De Livera appointed new Chairperson of NCPA. Colombo Gazette
- ↑ Sri Lankan Marini De Livera bags International honour on International Women's Day. www.adaderana.lk
- ↑ (2019-03-08). Sri Lanka's Marini De Livera awarded the Women of Courage award from Melania Trump - Sri Lanka Latest News. Sri Lanka News - Newsfirst
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰিনি ডি লিভেৰা” প্ৰবন্ধৰ সংশোধন ৫৯৬৬৪২ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।