অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেৰি ৰিট্টাৰ বাৰ্ড

মেৰি ৰিট্টাৰ বাৰ্ড (Mary Ritter Beard) এগৰাকী আমেৰিকান ইতিহাসবিদ, লেখিকা, মহিলা ভোটাধিকাৰৰ কৰ্মী আৰু মহিলা ইতিহাসৰ আৰ্কাইভিষ্ট আছিল; যি আজীৱন সামাজিক ন্যায়ৰ সমৰ্থকো আছিল। প্ৰগতিশীল যুগৰ সংস্কাৰক হিচাপে বাৰ্ড শ্ৰমিক আৰু নাৰী অধিকাৰ আন্দোলন দুয়োটাতে সক্ৰিয় আছিল।

হালনাগাদ: ১৫ আগষ্ট ২০২৬ ৩০৯ শব্দ · ২ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

মেৰি ৰিট্টাৰ বাৰ্ড (Mary Ritter Beard) এগৰাকী আমেৰিকান ইতিহাসবিদ, লেখিকা, মহিলা ভোটাধিকাৰৰ কৰ্মী আৰু মহিলা ইতিহাসৰ আৰ্কাইভিষ্ট আছিল; যি আজীৱন সামাজিক ন্যায়ৰ সমৰ্থকো আছিল। প্ৰগতিশীল যুগৰ সংস্কাৰক হিচাপে বাৰ্ড শ্ৰমিক আৰু নাৰী অধিকাৰ আন্দোলন দুয়োটাতে সক্ৰিয় আছিল। ইতিহাসত নাৰীৰ ভূমিকা সম্পৰ্কে কেইবাখনো গ্ৰন্থ লিখিছিল, য'ত তেওঁৰ প্ৰধান গ্ৰন্থ অন আণ্ডাৰষ্টেণ্ডিং ৱমেন (১৯৩১),১ আমেৰিকা থ্ৰু ৱমেনছ আইজ (সম্পাদক, ১৯৩৩), আৰু ৱমেন এজ ফৰ্চ ইন হিষ্ট্ৰী: এ ষ্টাডি ইন ট্ৰেডিচনছ এণ্ড ৰিয়েলিটিজ (১৯৪৬) আদি। ইয়াৰ উপৰিও তেওঁ স্বামী ইতিহাসবিদ চাৰ্লছ অষ্টিন বিয়াৰ্ডৰ সৈতে সাতখন পাঠ্যপুথিৰ সহলেখক হিচাপে সহযোগিতা কৰে, তাৰ ভিতৰত উল্লেখযোগ্য হ’ল দ্য ৰাইজ অৱ আমেৰিকান চিভিলাইজেচন (১৯২৭), দুটা খণ্ড আৰু আমেৰিকা ইন মিডপেচেজ: এ ষ্টাডি অৱ দ্য আইডিয়া অৱ চিভিলাইজেচন (১৯৩৯) আৰু দ্য আমেৰিকান স্পিৰিট (১৯৪২), দ্য ৰাইজ অৱ আমেৰিকান চিভিলাইজেচন ছিৰিজৰ তৃতীয় আৰু চতুৰ্থ খণ্ড। বেচিক হিষ্ট্ৰী অৱ দ্য ইউনাইটেড ষ্টেটছ নামৰ এখন স্বতন্ত্ৰ কিতাপ তেওঁলোকৰ সৰ্বাধিক বিক্ৰী হোৱা গ্ৰন্থ আছিল।

বিংশ শতিকাৰ আৰম্ভণিৰ দশকবোৰত বিয়াৰ্ডে ঊনবিংশ সংশোধনী গৃহীত কৰাত সক্ৰিয়ভাৱে সমৰ্থন কৰিছিল ২আৰু মহিলাৰ ট্ৰেড ইউনিয়ন লীগ, ইকুৱেলিটি লীগ অৱ চেল্ফ-ছাপৰ্টিং ৱমেন (পিছলৈ ইয়াৰ নাম সলনি কৰি ৱমেনছ পলিটিকেল ইউনিয়ন), নিউয়ৰ্ক চিটি ছফ্ৰেজ পাৰ্টি আৰু ৱেজ ইয়াৰনাৰ্ছ ছাফ্ৰেজ লীগ আদি কেইবাটাও মহিলা ভোটাধিকাৰ সংগঠনৰ সৈতে জড়িত আছিল। তেখেতে কংগ্ৰেছী ইউনিয়ন ফৰ ৱমেন ছফ্ৰেজ (পিছলৈ নেচনেল ৱমেনছ পাৰ্টি বুলি কোৱা হয়)ৰ পৰামৰ্শদাতা মণ্ডলীৰ সদস্য আছিল। কিছুদিনৰ বাবে তেওঁ ভোটাধিকাৰৰ প্ৰকাশন দ্য ৱমেন ভোটাৰ আৰু দ্য ছাফ্ৰেজিষ্ট সম্পাদনা কৰিছিল।.৩

নাৰী ইতিহাসৰ প্ৰতি বিয়াৰ্ডৰ আগ্ৰহৰ বাবেই তেওঁ ১৯৩৫ চনত নিউয়ৰ্ক চহৰত ৱৰ্ল্ড চেণ্টাৰ ফৰ ৱমেনছ আৰ্কাইভছ স্থাপনৰ কাম আৰম্ভ কৰে। যদিও ১৯৪০ চনত কেন্দ্ৰটো বন্ধ হৈ যায়, মূলতঃ আভ্যন্তৰীণ সমস্যা আৰু ধনৰ অভাৱৰ বাবে, তেওঁৰ প্ৰচেষ্টাই কেইবাখনো কলেজ আৰু বিশ্ববিদ্যালয়ক মহিলাৰ ইতিহাসৰ একেধৰণৰ অভিলেখ সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিবলৈ উৎসাহিত কৰিছিল। বিয়াৰ্ড ৰেডক্লিফ আৰু স্মিথ কলেজৰ মহিলা ইতিহাসৰ আৰ্কাইভৰ প্ৰাৰম্ভিক বিকাশৰ পৰামৰ্শদাতা আছিল, যাৰ ফলত অৱশেষত হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ ৰেডক্লিফ ইনষ্টিটিউট ফৰ এডভান্সড ষ্টাডিত আমেৰিকাৰ মহিলাৰ ইতিহাসৰ ওপৰত আৰ্থাৰ আৰু এলিজাবেথ শ্বলেচিংগাৰ লাইব্ৰেৰী আৰু স্মিথ কলেজৰ ছফিয়া স্মিথ সংগ্ৰহ স্থাপন কৰা হয়।৪৫

তথ্যসূত্ৰ

  1. ↑ Mary Ritter Beard. Indiana Commission for Women
  2. ↑ Turoff, page 51
  3. ↑ Weber, pages 9–10
  4. ↑ Mary Ritter Beard. New Jersey Women’s History
  5. ↑ Sarah Bair, "Mary Ritter Beard," in Margaret Smith Crocco and O.L. Davis Jr. (2002). Building a Legacy: Women in Social Education, 1787–1984. National Council for the Social Studies. পৃ. 41–42

সম্পৰ্কিত শ্ৰেণী

আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাৰী অধিকাৰ কৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰি ৰিট্টাৰ বাৰ্ড” প্ৰবন্ধৰ সংশোধন ৬২৭৩৫৯ (১৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।