অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

মেৰিয়ান কাট্টোপো

হেনৰিয়েট মেৰিয়ান কাট্টোপো (ইংৰাজী: Henriette Marianne Katoppo; জন্ম: ৯ জুন ১৯৪৩ – ১২ অক্টোবৰ ২০০৭) এগৰাকী ইণ্ডোনেছিয়ান ঔপন্যাসিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত এগৰাকী এছিয়ান নাৰীবাদী ধৰ্মতত্ত্ববিদ আছিল। তেওঁ এছ.ই.এ. ৰাইট এৱাৰ্ড লাভ কৰিছিল।

হালনাগাদ: ২ এপ্ৰিল ২০২৬ ২৪১ শব্দ · ১ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

হেনৰিয়েট মেৰিয়ান কাট্টোপো (ইংৰাজী ভাষা: Henriette Marianne Katoppo; জন্ম: ৯ জুন ১৯৪৩ – ১২ অক্টোবৰ ২০০৭) এগৰাকী ইণ্ডোনেছিয়ান ঔপন্যাসিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পৰিচিত এগৰাকী এছিয়ান নাৰীবাদী ধৰ্মতত্ত্ববিদ আছিল। তেওঁ এছ.ই.এ. ৰাইট এৱাৰ্ড লাভ কৰিছিল।

কৰ্মজীৱন

১৯৪৩ চনৰ ৯ জুনত উত্তৰ চুলাৱেচিৰ টমহনত জন্মগ্ৰহণ কৰা কাট্টোপোৱে ১৯৬৩ চনৰপৰা জাকাৰ্টা থিঅ'লজিকেল চেমিনাৰী (Sekolah Tinggi Teologi)-ত ধৰ্মতত্ত্ব অধ্যয়ন কৰিছিল।১

১৯৭৯ চনত শ্ৰীলংকাত অনুষ্ঠিত প্ৰথম এছিয়ান থিঅ'লজিকেল কনফাৰেন্সত কাট্টোপোৱে "এছিয়ান ধৰ্মতত্ত্ব: এগৰাকী এছিয়ান মহিলাৰ দৃষ্টিকোণ" শীৰ্ষক বিষয়ত ভাষণ দিছিল। তেওঁ ইকুইমেনিকাল এছ’চিয়েশ্যন অৱ থাৰ্ড ৱৰ্ল্ড থিঅ’লজিয়ানছৰ (EATWOT) সদস্য হিচাপে সেৱা আগবঢ়াইছিল আৰু ইণ্ডোনেচিয়ান নেচনেল কাউন্সিল অৱ চাৰ্চেছৰ (PGI) কাৰ্যবাহী সমিতিৰ অংশ আছিল।১ তেওঁক "স্বতন্ত্ৰ, স্পষ্টবাদী আৰু ডজনমান এছিয়ান তথা ইউৰোপীয় ভাষাত পাৰদৰ্শী" হিচাপে বৰ্ণনা কৰা হৈছে আৰু এগৰাকী মহিলা ধৰ্মতত্ত্ববিদ হিচাপে তেওঁ আন্তঃৰাষ্ট্ৰীয় স্তৰত পৰিচিত আছিল।২

২০০৭ চনৰ ১২ অক্টোবৰত বোগোৰত কাট্টোপোৰ মৃত্যু হয়।১

লিখনী

কাট্টোপোৰ খ্ৰীষ্টধৰ্ম ধৰ্মীয় উপন্যাস ৰাউমানেন, যিখন ১৯৭৭ চনত প্ৰকাশ পাইছিল,২ জাকাৰ্টা আৰ্টছ কাউন্সিল নোভেল কম্পিটিচনত প্ৰথম বঁটা লাভ কৰিছিল। তেওঁৰ গ্ৰন্থ কম্পেশ্যনেট এণ্ড ফ্ৰী: এন এছিয়ান উইমেনছ থিঅ'লজী ১৯৮০ চনত অৰ্বিছ বুকছে প্ৰকাশ কৰিছিল আৰু ইয়াক ওলন্দাজ তথা জাৰ্মান ভাষা ভাষালৈ অনুবাদ কৰা হৈছিল। এছিয়ান নাৰীবাদী ধৰ্মতত্ত্ব উপস্থাপন কৰা এইখন অন্যতম প্ৰথম গ্ৰন্থ আছিল, য’ত ধৰ্মতত্ত্বৰ ব্যাখ্যাৰ বাবে এছিয়ান মিথ আৰু কাহিনী ব্যৱহাৰ কৰা হৈছিল। লগতে এই গ্ৰন্থখনে ঈশ্বৰক এগৰাকী মাতৃ হিচাপেও সমৰ্থন কৰে।৩

যিহেতু কাট্টোপোৱে তেওঁৰ কৰ্মৰাজিক অৰাজনৈতিক বুলি গণ্য কৰিছিল আৰু ইয়াক কোনো নাৰীবাদী ৰাজনৈতিক এজেণ্ডা থকা বুলি ভবাটো নিবিচাৰিছিল, সেয়েহে তেওঁ "নাৰীবাদী ধৰ্মতত্ত্ব" (feminist theology) শব্দটো "অতিশয় ভাৰাক্ৰান্ত" বুলি বিশ্বাস কৰিছিল।৪ আটেনিঅ' ডি ম্যানিলা বিশ্ববিদ্যালয়ৰ চুজান ইভানজেলিষ্টাই কাট্টোপোৰ দৃষ্টিকোণক চমুকৈ ব্যাখ্যা কৰি কৈছে যে তেওঁ কুমাৰী মৰিয়মক (যীচুৰ মাতৃ) "মহিলাৰ ধৰ্মতত্ত্ব"ৰ কেন্দ্ৰবিন্দু হিচাপে গণ্য কৰিছিল; কেৱল যীচুৰ কুমাৰী মাতৃৰ ভূমিকাৰ মাজতে সীমাৱদ্ধ নাৰাখি ইভানজেলিষ্টাই বিশ্বাস কৰে যে কাট্টোপোৱে মৰিয়মক এগৰাকী সম্পূৰ্ণ নাৰী হিচাপে দেখিছিল, যিয়ে ঈশ্বৰৰ প্ৰতি আজ্ঞাকাৰী হোৱাৰ লগতে পুৰুষৰ বাবে এক নিখুঁত ভৰসাম্য হিচাপে কাম কৰে।৪

প্ৰকাশিত গ্ৰন্থসমূহ

  • Katoppo, Marianne. (1980). Compassionate and Free: An Asian Woman's Theology. Orbis Books. ISBN 978-0-88344-085-8
  • Katoppo, Marianne. (1978). Terbangnya Punai. Pustaka Sinar Harapan
  • Katoppo, Marianne. (1977). Anggrek Tak Pernah Berdusta. Gaya Favorit Press
  • Katoppo, Marianne. (1977). Raumanen. Gaya Favorit Press
  • Katoppo, Marianne. (1974). Dunia Tak Bermusim. Sinar Harapan

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (2 October 2007). Marianne Katoppo dies at 64. Asian Women's Resource Centre
  2. ↑ Phan, Peter C. (2011). Christianities in Asia. John Wiley & Sons. পৃ. 65. ISBN 9781444392609
  3. ↑ Kärkkäinen, Veli-Matti. (2004). The Doctrine of God: A Global Introduction. Baker Academic. পৃ. 296–297. ISBN 9780801027529
  4. ↑ Evangelista, Susan. (1987). Compassionate and Free: An Asian Woman's Theology. Philippine Studies. Ateneo de Manila University. পৃ. 135–137

সম্পৰ্কিত শ্ৰেণী

ইণ্ডোনেছিয়ান নাৰীবাদীধৰ্ম প্ৰচাৰকলেখিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেৰিয়ান কাট্টোপো” প্ৰবন্ধৰ সংশোধন ৫৯৯৭৩০ (২ এপ্ৰিল ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।