মেহৰং বালোচ (জন্ম: ১ জানুৱাৰী ১৯৯৩) এগৰাকী বালোচ ৰাজনৈতিক কৰ্মী তথা বালোচ ইয়কজেহতি কমিটি (BYC)-ৰ প্ৰতিষ্ঠাপক আৰু নেত্ৰী। তেওঁ পাকিস্তানৰ বালোচিস্তানত বলপূৰ্বক নিখোজকৰণ (enforced disappearances), বিচাৰবহিৰ্ভূত হত্যাকাণ্ড (extrajudicial killings) আৰু অন্যান্য মানৱ অধিকাৰ উলংঘনৰ অভিযোগৰ বিৰুদ্ধে চলোৱা আন্দোলনৰ বাবে পৰিচিত।
জীৱনৰ প্ৰাৰম্ভ
মেহৰং বালোচৰ জন্ম ১৯৯৩ চনত বালোচিস্তানৰ মাংগোচেৰ (Mangocher) অঞ্চলত লাংগোভে (Langove) জনজাতিৰ এটা বালোচ পৰিয়ালত হৈছিল। তেওঁৰ পিতৃ আব্দুল গাফ্ফাৰ লাংগোভে এগৰাকী ৰাজনৈতিক কৰ্মী আছিল আৰু বালোচিস্তানত মানৱ অধিকাৰ উলংঘনৰ বিৰুদ্ধে সৰৱ আছিল১। তেওঁৰ এজন ভাতৃ নাছিৰ বালোচ, আৰু ইক্ৰা বালোচকে ধৰি কেইবাগৰাকীও ভগ্নী আছে। ২৩৪
মেহৰং বালোচে কোৱেটাস্থিত (Quetta) বোলান মেডিকেল কলেজৰ (Bolan Medical College) পৰা চিকিৎসা বিজ্ঞান আৰু শল্য চিকিৎসা (MBBS) ডিগ্ৰী লাভ কৰে। ৫
আন্দোলন
২০০৯ চনৰ ১১ ডিচেম্বৰত মেহৰং বালোচৰ পিতৃ আব্দুল গাফ্ফাৰ লাংগোভেক কৰাচীলৈ চিকিৎসাৰ বাবে যোৱাৰ পথত পাকিস্তানৰ নিৰাপত্তা বাহিনীয়ে আটক কৰে যদিও পিছত তেওঁক মুকলি কৰি দিয়া হয়। ৬১৭ ১৬ বছৰ বয়সতে মেহৰঙে ইয়াৰ প্ৰতিবাদ কৰি আন্দোলনত অংশগ্ৰহণ আৰম্ভ কৰে আৰু ছাত্ৰ আন্দোলনৰ এগৰাকী পৰিচিত মুখ হৈ পৰে। ৬৭৮ ২০১১ চনৰ জুলাই মাহত তেওঁৰ পিতৃক পুনৰ আটক কৰা হয়। পিছত নিৰ্যাতনৰ চিন থকা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হয়। (৮)(৯)৬৭
২০১৭ চনৰ ডিচেম্বৰত তেওঁৰ ভাতৃ নাছিৰ বালোচকো আটক কৰা হৈছিল যদিও পিছত মুকলি কৰি দিয়া হয়। ৭৮৯ ইয়াৰ পিছৰে পৰা মেহৰং বালোচ বালোচ নাগৰিক সমাজৰ এজনী অগ্ৰণী কৰ্মী হিচাপে পৰিচিত হয়। তেওঁ [বলপূৰ্বক নিখোজকৰণ]ৰ অভিযোগ আৰু বালোচিস্তানৰ প্ৰাকৃতিক সম্পদৰ বৈষম্যমূলক আহৰণৰ বিৰুদ্ধে আন্দোলন চলাই আহিছে। ৮১০ ২০২০ চনত তেওঁ বোলান মেডিকেল কলেজত দূৰৱৰ্তী অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে সংৰক্ষিত আসনৰ কোটা ব্যৱস্থা বাতিলৰ প্ৰস্তাৱৰ বিৰুদ্ধে ছাত্ৰ আন্দোলনৰ নেতৃত্ব দিয়ে। আন্দোলনকাৰীসকলৰ প্ৰতিবাদ আৰু অনশন কাৰ্যসূচীৰ পিছত প্ৰস্তাৱটো প্ৰত্যাহাৰ কৰা হয়। (৮)৬
মেহৰং বালোচে বালোচ ইয়কজেহতি কমিটি (BYC)-ৰ নেতৃত্ব দিয়ে। ১১১২ ২০২৪ চনৰ ২৮ জুলাইত তেওঁ গোৱাদৰত অনুষ্ঠিত বালোচ ৰাজি মুচি (বালোচ ৰাষ্ট্ৰীয় সমাৱেশ)-ত অংশগ্ৰহণ কৰে। এই সমাৱেশৰ উদ্দেশ্য আছিল বালোচসকলৰ ওপৰত হোৱা বিভিন্ন নিৰ্যাতনৰ বিৰুদ্ধে বালোচ সমাজক ঐক্যবদ্ধ কৰা। ১৩৫
তেওঁৰ আন্দোলনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সমৰ্থন লাভ কৰিছে। [গ্ৰেটা থুনবাৰ্গ|গ্ৰেটা থুনবাৰ্গে (Greta Thunberg)] সামাজিক মাধ্যমত প্ৰকাশ কৰা এক বিবৃতিত বালোচিস্তানত মানৱ অধিকাৰ উলংঘনৰ বিৰুদ্ধে মেহৰং বালোচ আৰু আন প্ৰতিবাদকাৰীসকলৰ প্ৰতি সমৰ্থন জনায়। ১৪ [মলালা ইউচুফজাই|(মলালা ইউচুফজাই (Malala Yousafzai)]-য়েও বলপূৰ্বক নিখোজকৰণৰ বাবে জবাবদিহি দাবী কৰা বালোচ মহিলাসকলৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰাৰ লগতে শান্তিপূৰ্ণ প্ৰতিবাদৰ অধিকাৰক সমৰ্থন জনায়। ১৫১৬১৭
পৰৱৰ্তী ঘটনাক্ৰম
২০২৩ চনৰ বালোচ লং মাৰ্চ
২০২৩ চনৰ [বালোচ লং মাৰ্চ] আছিল বালোচ ইয়কজেহতি কমিটিৰ সৈতে জড়িত বালোচ আৰু আন কৰ্মীসকলে, মূলতঃ মহিলাসকলে, নেতৃত্ব দিয়া এক প্ৰতিবাদী কাৰ্যসূচী। অংশগ্ৰহণকাৰীসকলে বালোচিস্তানত মানৱ অধিকাৰ উলংঘন আৰু বলপূৰ্বক নিখোজকৰণৰ অভিযোগৰ প্ৰতিবাদত তুৰবাটৰ পৰা ইছলামাবাদলৈ পদযাত্ৰা কৰে। ১৮ বালোচ ইয়কজেহতি কমিটিৰ মতে, ইছলামাবাদ আৰক্ষীয়ে কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰে। ১৯ পিছত কিছু অংশগ্ৰহণকাৰীয়ে জামিন লাভ কৰে যদিও সংবাদ মাধ্যমৰ প্ৰতিবেদন আৰু আইনজীৱীসকলৰ মতে, আন কেইবাজনো লোকৰ সন্ধান পোৱা হোৱা নাছিল। ২০২১২২
২০২৪ চনত টাইম আলোচনীৰ স্বীকৃতি আৰু বিদেশ ভ্ৰমণত বাধা
২০২৪ চনৰ অক্টোবৰ মাহত [টাইম আলোচনী]য়ে বলপূৰ্বক নিখোজকৰণ আৰু বালোচিস্তানৰ মানৱ অধিকাৰ উলংঘনৰ বিৰুদ্ধে তেওঁৰ সক্ৰিয় ভূমিকা উল্লেখ কৰি মেহৰং বালোচক TIME100 Next তালিকাত অন্তৰ্ভুক্ত কৰে। ২৩২৪
ইয়াৰ কিছুদিন পিছতে তেওঁ Time-ৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ New York Cityলৈ যোৱাত বাধাৰ সন্মুখীন হয়। প্ৰতিবেদন অনুসৰি, Jinnah International Airportত তেওঁ আৰু চাম্মী বালোচক Federal Investigation Agency (FIA)-ৰ বিষয়াসকলে ৰখাই তেওঁৰ পাছপ'ৰ্ট আৰু মোবাইল ফোন জব্দ কৰে। তেওঁৰ আইনজীৱীৰ মতে, TIME100 Next তালিকাত অন্তৰ্ভুক্ত হোৱাৰ পিছতে পাকিস্তান চৰকাৰে তেওঁক পাকিস্তান নেচনেল আইডেণ্টিটি লিষ্ট (PNIL)-ত অন্তৰ্ভুক্ত কৰিছিল। এই তালিকাখনত সন্ত্ৰাসবাদ, ধন সৰবৰাহ আৰু প্ৰৱঞ্চনাকে ধৰি বিভিন্ন অপৰাধত জড়িত বুলি সন্দেহ কৰা ব্যক্তিসকলৰ নাম সন্নিৱিষ্ট কৰা হয়। ২৫২৬
Human Rights Commission of Pakistan-এ মেহৰং বালোচৰ অবাধ চলাচলৰ অধিকাৰ নিশ্চিত কৰাৰ আহ্বান জনায়। আনহাতে, Mary Lawlor-এ তেওঁৰ হাৰাশাস্তি আৰু দুৰ্ব্যৱহাৰৰ ঘটনাক লৈ উদ্বেগ প্ৰকাশ কৰে। ২৭
সন্ত্ৰাসবাদ-সংক্ৰান্ত অভিযোগ
২০২৪ চনৰ ১১ অক্টোবৰ তাৰিখে মালিৰৰ কায়েদাবাদ আৰক্ষী থানাত এগৰাকী স্থানীয় ব্যৱসায়ীয়ে মেহৰং বালোচৰ বিৰুদ্ধে সন্ত্ৰাসবাদ-সংক্ৰান্ত এটা গোচৰ দাখিল কৰে। গোচৰখনত তেওঁ মেহৰং বালোচে অঞ্চলটোত হিংসাত্মক কাৰ্যকলাপত উচটনি দিয়াৰ অভিযোগ আনে। অৱশ্যে, সংবাদ প্ৰতিবেদন অনুসৰি, সংশ্লিষ্ট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই মেহৰং বালোচ বা তেওঁৰ সহযোগীসকলৰ এনে কোনো কাৰ্যকলাপৰ বিষয়ে নিশ্চিত কৰিব নোৱাৰিলে। ২৭২৮ মেহৰং বালোচে অভিযোগসমূহ অস্বীকাৰ কৰি ইয়াক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰে। ২৭
২০২৫ চনৰ গ্ৰেপ্তাৰ
২০২৫ চনৰ ২২ মাৰ্চত কুৱেটাত অনুষ্ঠিত এক ধৰ্ণাস্থলীত আৰক্ষীৰ অভিযান চলোৱাৰ সময়ত মেহৰং বালোচক গ্ৰেপ্তাৰ কৰা হয়। বালোচিস্তান চৰকাৰে অভিযোগ কৰে যে, ২০২৫ চনৰ জাফ্ফাৰ এক্সপ্ৰেছ অপহৰণৰ সৈতে সম্পৰ্কিত সামৰিক অভিযানত নিহত লোকসকলৰ মৃতদেহ ঘূৰাই দিয়াৰ দাবীত অনুষ্ঠিত প্ৰতিবাদৰ পিছত তেওঁ আৰু বালোচ ইয়কজেহতি কমিটিৰ আন নেতাসকল কুৱেটা চিভিল হাস্পতালত হোৱা আক্ৰমণৰ আঁৰৰ মূল সংগঠক আছিল আৰু হিংসাত্মক কাৰ্যকলাপত উচটনি দিছিল। আৰক্ষীৰ প্ৰতিবেদন অনুসৰি, প্ৰতিবাদকাৰীসকলে হাস্পতালত প্ৰৱেশ কৰি বলপূৰ্বকভাৱে উগ্ৰপন্থীসকলৰ মৃতদেহ লৈ যায়। ২৯৩০৩১৩২৩৩
মেহৰং বালোচ আৰু তেওঁৰ সমৰ্থকসকলে চৰকাৰৰ এই বৰ্ণনা খণ্ডন কৰি প্ৰতিবাদসমূহ শান্তিপূৰ্ণ আছিল বুলি দাবী কৰে আৰু অভিযোগসমূহ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি উল্লেখ কৰে। ৩৪৩৫ কেইবাটাও মানৱ অধিকাৰ সংগঠনেও এই অভিযোগসমূহক লৈ প্ৰশ্ন উত্থাপন কৰে। ৩৬
২০২৫ চনৰ জুলাই মাহত তেওঁক কুৱেটাৰ সন্ত্ৰাসবাদ-বিৰোধী আদালতত হাজিৰ কৰোৱা হয়। আদালতে আৰক্ষীক তেওঁক দহ দিনৰ বাবে শাৰীৰিক জিম্মালৈ লোৱাৰ অনুমতি দিয়ে। ৩৭ ১৮ জুলাইত এই জিম্মাৰ ম্যাদ আৰু ১৫ দিন বৃদ্ধি কৰা হয়। ইয়াৰ পিছতো তেওঁক একাধিকবাৰ জিম্মাত লোৱা হয়। ৩৮
২০২৫ চনৰ অক্টোবৰ মাহত বালোচ ইয়কজেহতি কমিটিয়ে জনায় যে, মেহৰং বালোচ আৰু সংগঠনটোৰ আন নেতাসকলৰ বিৰুদ্ধে চলি থকা গোচৰৰ শুনানি মুকলি সন্ত্ৰাসবাদ-বিৰোধী আদালতৰ পৰিৱৰ্তে কুৱেটা জিলা কাৰাগাৰৰ ভিতৰত অনুষ্ঠিত হ'ব। সংগঠনটোৱে এই ব্যৱস্থাক "প্ৰাতিষ্ঠানিক দমন" (institutionalised repression) বুলি বৰ্ণনা কৰে। ৩৯ কেইবাজনো আইনজীৱী আৰু মানৱ অধিকাৰ পৰ্যবেক্ষকেও ন্যায়িক প্ৰক্ৰিয়া অনুসৰণ কৰা হৈছে নে নাই, সেই বিষয়ে উদ্বেগ প্ৰকাশ কৰে। ৪০
আন্তঃৰাষ্ট্ৰীয় প্ৰতিক্ৰিয়া
মেহৰং বালোচৰ গ্ৰেপ্তাৰৰ পিছত একাধিক আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ সংগঠন আৰু Malala Yousafzaiকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিয়ে ইয়াৰ নিন্দা কৰে আৰু তেওঁৰ তাৎক্ষণিক মুক্তিৰ আহ্বান জনায়। Mary Lawlorয়েও একে আহ্বান জনায়। ৪১
২০২৫ চনৰ ২৬ মাৰ্চত ৰাষ্ট্ৰসংঘৰ একাংশ স্বাধীন মানৱ অধিকাৰ বিশেষজ্ঞই এক বিবৃতি প্ৰকাশ কৰি মেহৰং বালোচৰ আটক কৰাক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁলোকে পাকিস্তান কৰ্তৃপক্ষই শান্তিপূৰ্ণ প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে ইচ্ছামতে আটক, বলপূৰ্বক নিখোজকৰণ আৰু অত্যাধিক বল প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰে। লগতে, আটকাধীনসকলক তাৎক্ষণিকভাৱে মুক্তি দিয়াৰ আহ্বান জনোৱাৰ উপৰি মানৱ অধিকাৰ কৰ্মীসকলৰ বিৰুদ্ধে সন্ত্ৰাসবাদ-বিৰোধী ব্যৱস্থা প্ৰয়োগ নকৰিবলৈ চৰকাৰক আহ্বান জনায়। ৪২
আটককালীন অৱস্থা
২০২৫ চনৰ ২২ মাৰ্চত গ্ৰেপ্তাৰ হোৱাৰ পিছত মেহৰং বালোচক হুদা জিলা কাৰাগাৰত ৰখা হয়। তেওঁৰ পৰিয়াল আৰু আইনজীৱী দলৰ মতে, তেওঁক পৃথক কোঠাত ৰখা হৈছিল, আইনজীৱীৰ সৈতে সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাছিল আৰু আত্মীয়ই অনা খাদ্যও কাৰা কৰ্তৃপক্ষই গ্ৰহণ কৰা নাছিল। তেওঁৰ ভগ্নী নাদিয়া বালোচে চমু পাৰিবাৰিক সাক্ষাতৰ সময়ত মেহৰং বালোচক অসুস্থ যেন লগা বুলি কয়। তেওঁৰ আইনজীৱী ইমৰান বালোচে অভিযোগ কৰে যে, TIME100 Next তালিকাত অন্তৰ্ভুক্তি আৰু ২০২৫ চনৰ শান্তিৰ নোবেল বঁটাৰ বাবে মনোনয়ন লাভ কৰাৰ পিছত ৰাষ্ট্ৰই তেওঁৰ বিৰুদ্ধে ব্যৱস্থা অধিক কঠোৰ কৰি তোলে। ৪১
দোষী সাব্যস্ত আৰু দণ্ডাদেশ
২০২৬ চনৰ ২২ জুনত কুৱেটাৰ এখন সন্ত্ৰাসবাদ-বিৰোধী আদালতে ২০২৪ চনৰ জুলাই মাহত গোৱাদৰত বালোচ ইয়কজেহতি কমিটিৰ নেতৃত্বত অনুষ্ঠিত এক প্ৰতিবাদৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাত ফ্ৰণ্টিয়াৰ কৰ্পছ (FC)-ৰ জোৱান শ্বব্বীৰ আহমদ বালোচৰ হত্যাৰ গোচৰত মেহৰং বালোচক দোষী সাব্যস্ত কৰে। অভিযোগ অনুসৰি, তেওঁ আৰু বালোচ ইয়কজেহতি কমিটিৰ আন এজন নেতা সেই প্ৰতিবাদত উচটনি দিছিল। ৪৩৪৪ একেটা গোচৰতে আদালতে মেহৰং বালোচ আৰু বালোচ ইয়কজেহতি কমিটিৰ নেতা চিবগতুল্লাহ শ্বাহক আজীৱন কাৰাদণ্ডে দণ্ডিত কৰে। ৪৫
দণ্ডাদেশৰ পিছত মেহৰং বালোচে তেওঁৰ আইনজীৱীৰ জৰিয়তে এক বিবৃতি প্ৰকাশ কৰে। তেওঁৰ আইনজীৱী ইছৰাৰ জট্টকে কয় যে, মেহৰং বালোচৰ বক্তব্য অনুসৰি আদালতে "আইনক অস্ত্ৰ হিচাপে ব্যৱহাৰ" কৰিছে। তেওঁ লগতে কয়, "এই ৰায়ৰ জৰিয়তে আদালত আৰু ন্যায়িক ব্যৱস্থাই নিজকে উন্মোচিত কৰিলে।" আনহাতে, পাকিস্তানৰ মানৱ অধিকাৰ আয়োগে এই ৰায় পুনৰীক্ষণ কৰাৰ আহ্বান জনাই কয় যে, ৰাষ্ট্ৰই মৌলিক অধিকাৰৰ পোষকতাক উগ্ৰপন্থাৰ সৈতে একে দৃষ্টিৰে চোৱাৰ নীতি অব্যাহত ৰাখিছে, যাৰ ফলত একপক্ষীয় আৰু পক্ষপাতদুষ্ট প্ৰশাসনিক আৰু ন্যায়িক সিদ্ধান্ত লোৱা হৈছে। ৪৬
বঁটা আৰু স্বীকৃতি
- ২০২৪ চনৰ অক্টোবৰ মাহত Time আলোচনীয়ে বিভিন্ন ক্ষেত্ৰৰ উদীয়মান প্ৰভাৱশালী ব্যক্তিসকলক স্বীকৃতি জনোৱা TIME100 Next তালিকাত মেহৰং বালোচক অন্তৰ্ভুক্ত কৰে। ২৩৪৭
- ২০২৪ চনৰ ডিচেম্বৰ মাহত তেওঁ BBC-ৰ 100 Women তালিকাত স্থান লাভ কৰে। ৪৮
- ২০২৫ চনৰ মাৰ্চ মাহত মেহৰং বালোচে সামাজিক মাধ্যম X-ত প্ৰকাশ কৰা এক পোষ্টযোগে দাবী কৰে যে তেওঁ ২০২৫ চনৰ শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত হৈছে। ৪৯
বহিঃ সংযোগ
- Short documentary on Deutsche Welle
তথ্যসূত্ৰ
- ↑ Feroz, Hajra Komal. (29 August 2011). Balochistan: One Province, Two Wars. Newsline
- ↑ (27 March 2025). Fears for Mahrang's safety. Dawn
- ↑ Baloch, Mahrang. (8 February 2024). A new chapter in the Baloch struggle for justice in Pakistan. Al Jazeera
- ↑ Zehri, Abdullah. (26 April 2025). Mahrang's sister seeks CJP's 'urgent intervention' against alleged mistreatment of detained BYC leaders. Dawn
- ↑ Ebrahim, Zofeen T. (31 August 2024). 'She has won our hearts and minds': can one woman unite the Baloch people in peaceful resistance?. The Guardian
- ↑ Baloch, Shah Meer. (18 February 2021). Mahrang Baloch and the Struggle Against Enforced Disappearances. South Asian Avant-Garde
- ↑ Veengas. (28 May 2022). The Assault by Pakistan on Baloch People's Rights Has Now Reached Women. The Wire India
- ↑ Baloch, Shah Meer. (12 November 2021). Women lead fight against extrajudicial killing in Pakistan. The Guardian
- ↑ Balochistan: Son of slain Baloch political activist abducted from Quetta. Balochwarna
- ↑ (24 January 2024). Pakistan: Activist Mahrang urges IOPC's 'undivided attention' to sufferings of Baloch people. Lokmat Times
- ↑ Bin Javaid, Osama. (4 May 2022). Why are people disappearing in Balochistan?. The Take by Al Jazeera
- ↑ Hussain, Zahid. (31 July 2024). Trouble in Balochistan. Dawn
- ↑ (31 July 2024). Why protest by ethnic Baloch has put Pakistan's key port of Gwadar on edge. Al Jazeera
- ↑ (23 December 2023). Greta, Malala shower support for Baloch women protesters in Islamabad. Samaa TV
- ↑ (23 December 2023). HRCP demands probe into 'state crackdown' on Baloch protesters. Dawn
- ↑ Mirza, Jaffer. (28 September 2024). How the Baloch Struggle Went Mainstream. The Diplomat
- ↑ Aamir, Adnan. (3 January 2024). Pakistan women protesting disappearances tap anti-establishment mood. Nikkei Asia
- ↑ Baloch, Kiyya. (19 December 2023). Women Are Leading an Unprecedented Protest Movement in Balochistan. The Diplomat
- ↑ Ahmed, Munir. (25 December 2023). Pakistani police free 290 Baloch activists arrested while protesting extrajudicial killings. Associated Press
- ↑ Rao, Shahid. (30 November 2023). 22 out of over 50 missing Baloch students recovered, IHC told. The Nation (Pakistan)
- ↑ Sigamony, Terence J. (30 November 2023). IHC told: 22 out of over 50 missing Baloch students recovered. Business Recorder
- ↑ Jannat, Zarghona. (24 December 2023). Baloch Protesters Released: Islamabad's Bail Approval. Markhor Times
- ↑ Ewe, Koh. (2 October 2024). 2024 TIME100 Next: Mahrang Baloch. TIME
- ↑ (2 October 2024). Dr Mahrang Baloch named one of Time's most influential people of 2024. Dawn
- ↑ Serhan, Yasmeen. (8 October 2024). Pakistan Bars Activist From Traveling to TIME Event Honoring Her. TIME
- ↑ (7 July 2024). Woman Human Rights Defender Dr. Mahrang Baloch Prevented from Traveling. Front Line Defenders
- ↑ Ali, Imtiaz. (12 October 2024). Mahrang Baloch booked in terrorism case days after being 'barred' from flying abroad. Dawn
- ↑ (14 October 2024). Mahrang Baloch booked in case over 'terrorism facilitation'. Samaa TV
- ↑ (22 March 2025). BLA's proxy exploits train attack. The Express Tribune
- ↑ Baloch, Mohammad Zafar. (24 March 2025). Dr Mahrang Baloch among 150 booked for terrorism, rebellion, murder. The News International
- ↑ Zehri, Abdullah; Notezai, Muhammad Akbar; Baloch, Behram. (22 March 2025). BYC leadership arrested over Civil Hospital 'violence': Balochistan govt spokesperson Rind. Dawn
- ↑ (22 March 2025). Police arrest Baloch activist Mahrang during Quetta protest. Times of Karachi
- ↑ Shahid, Saleem. (24 March 2025). Mahrang, other BYC leaders face terror charges. Dawn
- ↑ (27 February 2025). Islamabad says will engage with prominent Baloch rights movement provided no 'ulterior motive'. Arab News
- ↑ Antonopoulos, Paul. (30 October 2024). Baloch Activist Mahrang Baloch Lambasts Pakistani Govt For Including Her Name In Anti-terror Watchlist. Greek City Times
- ↑ Pakistan: Release All Detained Baloch Activists. Amnesty International UK
- ↑ (8 July 2025). Mahrang remanded in 10-day custody. The Express Tribune
- ↑ Zehri, Abdullah. (18 July 2025). Quetta ATC sends Mahrang Baloch, others on 15-day physical remand again. Dawn
- ↑ Zehri, Abdullah. (12 October 2025). 'Display of institutionalised repression': BYC criticises jail hearing of Mahrang Baloch, other group leaders. Dawn
- ↑ (30 October 2025). Supreme Court Refers Plea Against Mahrang Baloch's Detention to Practice and Procedure Committee. The Balochistan Post
- ↑ Vick, Karl. (25 March 2025). Pakistan Jails Baloch Human Rights Activist. TIME
- ↑ (26 March 2025). UN experts demand release of detained Baloch activists, end to crackdown on protests. Dawn
- ↑ (2026-06-23). Pakistan activist Mahrang Baloch given life sentence over soldier's killing at rally. www.bbc.com
- ↑ Human rights activists sentenced to life in prison over soldier's death. ABC News
- ↑ Shahid, Saleem. (22 June 2026). Quetta ATC finds BYC's Mahrang, another leader guilty in 2024 case. Dawn
- ↑ Balochistan activist's life sentence raises fear of unrest. dw.com
- ↑ Felsenthal, Edward. (13 November 2019). How We Chose the 2019 TIME 100 Next. TIME
- ↑ (3 December 2024). BBC 100 Women 2024: Who is on the list this year?. BBC
- ↑ (7 March 2025). Woman leader of Baloch rights movement says nominated for Nobel Peace Prize. Arab News
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মেহৰং বালোচ” প্ৰবন্ধৰ সংশোধন ৬২১১৬৫ (২৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।